PHOTO • Purusottam Thakur

ওড়িশাৰ বক্সাইট সমৃদ্ধ নিয়মগিৰি পৰ্বতমালা ৰাজ্যখনৰ ডংগ্ৰিয়া কন্ধ নামৰ আদিবাসী জনগোষ্ঠীটোৰ একমাত্ৰ বাসস্থান

PHOTO • Purusottam Thakur

জাতি-জনগোষ্ঠীবোৰে একলগ হৈ কৰা কামৰ আনন্দ উপভোগৰ বাবে বিয়াবোৰেই হৈছে আটাইতকৈ সৰল আৰু অন্তৰংগ অনুষ্ঠান। ২০০৯ চনত তোলা এই ছবিত চুবুৰীয়া গাঁৱৰ যুৱক-যুৱতীসকলে স্থানীয় জনপ্ৰিয় বাদ্যযন্ত্ৰ ঢাপ বজাবলৈ বিয়াৰ অনুষ্ঠানলৈ গৈ আছে

PHOTO • Purusottam Thakur

গান-বাজনাৰ মাজেৰে বেণ্ডপাৰ্টিৰ সদস্যসকল ৰভাতলি গৈ পালে

PHOTO • Purusottam Thakur

আন বহু সম্প্ৰদায়ৰ লোকে যিদৰে বিয়াৰ ক্ষেত্ৰত কইনাৰ সন্মতি লোৱাৰ কথা নাভাৱে, ডংগ্ৰিয়াসকল এইক্ষেত্ৰত পৃথক। এই জনগোষ্ঠীটোৱে বিবাহোপযুক্তা যুৱতীসকলৰ ইচ্ছাক সততে গুৰুত্ব দি আহিছে। বিয়াৰ বাবে তেলিডি নামৰ এই কইনাজনীয়ে লোডো ছিকাকাক দৰা হিচাপে গ্ৰহণ কৰিছে

PHOTO • Purusottam Thakur

মহিলাসকলে মূৰত পিতলৰ কলহ লৈ তেলিডিৰ লগত গৈ চিৰপ্ৰবাহী পাহাৰীয়া নিজৰাৰ পৰা পানী তোলে। এই পানীৰে ৰন্ধা ভাত কইনাই ধৰণী পেনু (পৃথিৱী দেৱী)ক অৰ্পণ কৰে

PHOTO • Purusottam Thakur

দৰাঘৰীয়া গাঁও লাখপদৰলৈ কইনাৰ গাভৰু বান্ধৱীৰ দল নাচি-বাগি ওলাইছে, আন গাঁৱৰ গঞাই জুমপাতি চাই ৰৈছে

PHOTO • Purusottam Thakur

খোজৰ তালে তালে নাচোনৰ চেও

PHOTO • Purusottam Thakur

ঢাপৰ ছেৱত নাচনিয়ে খৰকৈ নাচিছে

PHOTO • Purusottam Thakur

গাঁৱৰ লোকসকলে লাগি-ভাগি ৰন্ধা বিয়াৰ ভোজ-ভাত; মচুৰ দাইল আৰু তাকৰীয়াকৈ তেল-মছলা দিয়া মাংসৰ আঞ্জা গছৰ পাতেৰে সজা থালত পৰিবেশন কৰা হয়

PHOTO • Purusottam Thakur

ল’ৰা-ছোৱালীহঁতে ভোজলৈ বাট চাই আছে

PHOTO • Purusottam Thakur

বিয়া খাবলৈ পাই  এই অকমানিজনীৰ মনত ৰং


অনুবাদ: নিভা ৰাণী ৰায়

Purusottam Thakur

पुरुषोत्तम ठाकुर, साल 2015 के पारी फ़ेलो रह चुके हैं. वह एक पत्रकार व डॉक्यूमेंट्री फ़िल्ममेकर हैं और फ़िलहाल अज़ीम प्रेमजी फ़ाउंडेशन के लिए काम करते हैं और सामाजिक बदलावों से जुड़ी स्टोरी लिखते हैं.

की अन्य स्टोरी पुरुषोत्तम ठाकुर
Translator : Nibha Rani Roy

Nibha Rani Roy is an independent journalist and a translator based in Guwahati. She has a decade's experience as a reporter and desk editor in both print and electronic media. She reports on women and children, environment and wildlife, literature and culture.

की अन्य स्टोरी निभा रानी रॉय