“গাত ৰং কৰাটো বৰ টান কাম হৈ পৰে। গোটেই ৰাতি সাৰে থাকিব লাগে (ৰং কৰা আৰু শুকুওৱাৰ বাবে),” প্ৰথমবাৰৰ বাবে গাত তেল ৰং লগাই থকা আয়ুস নায়কে কয়। “গোটেই গাটো পোৰে। যিমান পাৰি সোনকালে ৰংবোৰ শুকুৱাবলৈ যত্ন কৰোঁ,” ১৭ বৰ্ষীয় আয়ুসে কয়।

দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা (হুলি ভেশা নামেও জনা যায়)ৰ প্ৰস্তুতিৰ সময়ত গাত উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্য প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুসো এজন। এইবিধ নৃত্য প্ৰদৰ্শনৰ সময়ত গুমগুমাই যোৱা টাচাৰ চেৱে চেৱে তেওঁলোকে বাঘৰ মুখা পিন্ধি নাচে আৰু গোঁজৰে।

উপকূলীয় কৰ্ণাটকৰ স্থানীয় টুলু ভাষাত পিলি মানে বাঘ আৰু ভেশা মানে প্ৰসাধন। “কাৰো পৰা একো শিকিবলগীয়া নহয়। এয়া আমাৰ তেজত আছে,” যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি অহা বীৰেন্দ্ৰ শেট্টিগাৰে কয়। “টাচাৰ শব্দ আৰু পৰিৱেশটোৱে সৃষ্টি কৰা প্ৰবল শক্তিয়ে গাত জোৰ আনে আৰু আমি টাচাৰ তালে তালে নাচিবলৈ লওঁ,” তেওঁ কয়। ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল’ৰা-ছোৱালীক এই নৃত্যত ভাগ লোৱাৰ বাবে উৎসাহ যোগায়।

শিল্পীসকলে গোটেই গাত হালধীয়া আৰু মুগা পানীৰঙেৰে পটি বোলাই দেখাত বাঘ, নাহৰফুটুকী আৰু পেন্থাৰৰ দৰে ৰূপ ধৰে। আগতে ছাই, শিপা আৰু ভেঁকুৰ আদিৰ উজ্জ্বল ৰং গাত বোলাই তেওঁলোকে দেখাত বাঘৰ দৰে ৰূপ লৈ নাচিছিল।

আজিকালি এই নৃত্য অধিক জংগী হৈ পৰিছে আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া-কৌশল যেনে পিছফালে আৰু আগফালে শূন্যতে ঘূৰি জাপ মৰা, মূৰত নাৰিকল ভঙা, জুইৰে খেল দেখুওৱা আদি এই নৃত্যৰ অংশ হৈ পৰিছে। এই নৃত্যৰ প্ৰস্তুতি আৰু প্ৰযোজনাত ডাঙৰে কৰিব নোৱাৰা হৈছে, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰা অব্যাহত ৰখাৰ দায়িত্ব দিছে।

Ayush Nayak is one of many young boys and girls in coastal Karnataka who paint their bodies in brightly coloured stripes in preparation for pili vesha , a folk dance performed during the festivals of Dussehra and Janmashtami
PHOTO • Nithesh Mattu

দুৰ্গোৎসৱ আৰু জন্মাষ্টমীৰ সময়ত আয়োজিত পিলি ভেশা নৃত্যৰ বাবে উজ্জ্বল ৰঙৰ পটি আকি বিশেষ লোকনৃত্যৰ বাবে প্ৰস্তুতি চলোৱা কৰ্ণাটকৰ উপকূলীয় অঞ্চলৰ চেঙেলীয়া ল’ৰা-ছোৱালীৰ মাজৰ আয়ুস নায়ক এজন

এই পৰম্পৰাগত নৃত্যৰ প্ৰস্তুতি পৰিৱেশলৰ আগদিনাৰ পৰাই আৰম্ভ হয়। গাত আৰু মুখত ৰং বোলাবলৈ কেবাঘণ্টা লাগে আৰু সেয়া উৎসৱ শেষ নোহোৱালৈকে ৰাখিব লাগে। “প্ৰথমে বৰ টান যেন লাগে। কিন্তু টাচাৰ মাত শুনাৰ পিছত আপোনাৰ গা নিজে নাচিবলৈ ধৰে,” দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আয়ুসে কয়।

টাচা (ঢোলজাতীয় এবিধ বাদ্য)ৰ তালৰ সৈতে মিলাকৈ মানুহে গাত পিলিৰ দৰে দেখাকৈ ৰং সানি লয় আৰু মানুহক মনোৰঞ্জন দিয়াৰ লগতে পৰম্পৰাবিধৰ প্ৰতি ভক্তিভাৱ ৰাখি নাচে। ল’ৰাবোৰে বাঘৰ দৰে দেখিবলৈ গোটেই গাত ৰহন সানে যদিও ছোৱালীবোৰে কেৱল মুখত ৰং সানে আৰু কপাহী কাপোৰেৰে চিলোৱা বাঘৰ কষ্টিউম পিন্ধি লয়। পিলি ভেশাত ছোৱালীৰ অংশগ্ৰহণ শেহতীয়াকৈ বাঢ়িছে।

এই নৃত্য পৰিৱেশন কৰা গোটক দৰ্শকে আগতে চাউল আৰু ধান আদি দিছিল। সেয়া উপকূলীয় কৰ্ণাটকত সততে উপজা ফচল। আজিকালি চাউলৰ ঠাই টকাই লৈছে। প্ৰতিটো গোটৰ নৃত্যশিল্পীয়ে গাইপতি দুদিনীয়া পৰিৱেশনৰ বাবদ ২,৫০০ মান টকা লয়। দুঃসাহসিক ক্ৰীড়া আৰু নৃত্য প্ৰদৰ্শন কৰাসকলে এই দুদিনীয়া উৎসৱত পৰিৱেশন কৰি অতিৰিক্ত ৬,০০০ টকা পায়। “ইমান মানুহে একেলগে পিলি ভেশা নাচি থকা দেখিলে আপোনাৰো গাটো নিজে নিজে নাচিবলৈ ধৰিব,” আয়ুসে কয়।

প্ৰদৰ্শনী সাধাৰণতে হাউছিং কলনিৰ কমিটিয়ে আয়োজন কৰে। আয়ুস আৰু তেওঁৰ লগৰীয়াবোৰ য়ুবা টাইগাৰ্চ মাঞ্চি গোটৰ সদস্য। এই গোটে গোটেই বছৰটোত উডুপিৰ মণিপালত অনুষ্ঠিত হোৱা পিলি ভেশা উৎসৱৰ পূঁজি যোগাৰ কৰে। এই উৎসৱ আয়োজনৰ বাবে ২ লাখৰো অধিক টকাৰ প্ৰয়োজন হয়। চিত্ৰশিল্পী আৰু নৃত্যশিল্পীক পইচা দিব লাগে। তেওঁলোকৰ যাতায়ত, খাদ্য, ৰং যোগান আৰু কষ্টিউম আদিৰো খৰছ তাৰ পৰাই আহে।

দৰ্শকক আনন্দ দিয়াটোৱে নৃত্যশিল্পীসকলৰ মূল উদ্দেশ্য যদিও এই শতিকা পুৰণি পৰম্পৰাৰ ক্ষেত্ৰত নিয়ম-নীতিখিনিও তেওঁলোকে মানি চলে যাতে সেয়া ভৱিষ্যতলৈ সংৰক্ষিত হৈ ৰয়। দিনটোৰ শেষত, “আমাৰ গা বহুত বিষায়, কিন্তু আমি মানুহক মনোৰঞ্জন যোগাই যাওঁ আৰু এই পৰম্পৰাক বচাই ৰাখো,” আয়ুসে কয়।

Ramzan paints Ashwith Poojari ahead of the performance. A clay model artist by profession, Ramzan lends a hand to performances during the season
PHOTO • Nithesh Mattu

নৃত্য পৰিৱেশনৰ আগেয়ে ৰমজানে অশ্বিনীৰ গাত ৰং সানিছে পেছাত এগৰাকী চিত্ৰকৰ ৰমজানে এই বতৰত নৃত্য পৰম্পৰাবিধৰ প্ৰতি এনেকৈ সহায় আগবঢ়াই আহিছে

(Left to right) Nikhil, Krishna, Bhuvan Amin and Sagar Poojari wait for their turns as Jayakar Poojari paints tiger stripes on their bodies
PHOTO • Nithesh Mattu

বাওঁফালৰ পৰা সোঁফাললৈ ) নিখিল, কৃষ্ণ, ভূৱন আমিন আৰু সাগৰ পূজাৰীয়ে গাত বোলাবলৈ ৰৈ আছে, জয়াকৰ পূজাৰীয়ে এফালৰ পৰা ৰং দি গৈছে

(Left to right) Shreyan Shetty , Ashlesh Raj and Karthik Acharya waiting for the first coat of paint to dry. The painting of bodies and faces requires hours of labour
PHOTO • Nithesh Mattu

(বাওঁফালৰ পৰা সোঁফাললৈ) শ্ৰেয়ান শেট্টি, আশ্লেষ ৰাজ আৰু কাৰ্তিক আচাৰ্য্যই প্ৰথমবাৰৰ ৰং শুকুৱালৈ অপেক্ষা কৰিছে গাৰ আৰু মুখৰ ৰংবোৰ শুকাওতে কেবাঘণ্টা লাগে

Dancers paint themselves all over in yellow, white and brown stripes using acrylic paint to resemble tigers, leopards and panthers. Earlier paint was made from charcoal, mud, roots and fungi
PHOTO • Nithesh Mattu

নৃত্যশিল্পীয়ে তেল ৰঙেৰে গোটেই গাত হালধীয়া , বগা আৰু মুগা ৰঙৰ পটি আকি বাঘ, নাহৰফুটুকী, পেন্থাৰ আদিৰ ৰূপ লয় আগতে ছাঁই , বোকা, শিপা, ভেঁকুৰ আদি ব্যৱহাৰ কৰি প্ৰাকৃতিক উপায়ে ৰং কৰা হৈছিল

During pili vesha performance, the dancers growl and dance wearing tiger masks which are also hand painted
PHOTO • Nithesh Mattu

পিলি ভেশা প্ৰদৰ্শনীৰ সময়ত নৃত্যশিল্পীসকলে হাতে ৰং কৰা বাঘৰ মুখা পিন্ধি গুঁজৰি নাচে

Sheep hair is sprinkled on the painted bodies to simulate the texture of a tiger
PHOTO • Nithesh Mattu

গাটো দেখাত বাঘৰ ছালৰ দৰে হৈ পৰিবলৈ তেল ৰং কৰাৰ পিছত তাত ভেড়াৰ নোম ছটিয়াই দিয়া হয়

Sandesh Shetty paints Ashwith Poojari ahead of the performance. Ashwith and his teammates are from the Yuva Tigers Manchi who fund pili vesha celebrations throughout the year in Manipal, Udupi
PHOTO • Nithesh Mattu

সন্দেশ শেট্টিয়ে প্ৰদৰ্শনীৰ আগেয়ে অশ্বিত পূজাৰীৰ গাত ৰং কৰিছে অশ্বিত আৰু তেওঁৰ লগৰীয়াসকল য়ুবা টাইগাৰ্চ মাঞ্চি গোটৰ সদস্য ; এই গোটে গোটেই বছৰটো উডুপিৰ মণিপালত পিলি ভেশা অনুষ্ঠান পৰিৱেশন কৰে

Make-up, vesha in Tulu, is an integral part of this folk art. It is kept on for a couple of days until the festivities are over
PHOTO • Nithesh Mattu

এই লোকনৃত্যৰ বাবে প্ৰসাধন সনাটোক টুলু ভাষাত ভেশা বুলি কোৱা হয় উৎসৱ শেষ নোহোৱালৈকে তেওঁলোকে গাৰ পৰা ৰং আঁতৰাই নেপেলায়

Bhuvan Amin drying paint under the fan. 'This is my eighth time performing pili vesha ,' says the 11-year-old who has been participating in the dance since he was three
PHOTO • Nithesh Mattu

ভূৱন আমিনে ফেনৰ বতাহত গাৰ ৰং শুকুৱাইছে ‘পিলি ভেশাত এয়া অষ্টম বাৰৰ বাবে পৰিৱেশন কৰিবলৈ ওলাইছো,’ তিনি বছৰ বয়সৰ পৰাই লোকনৃত্যবিধ প্ৰদৰ্শনত ভাগ লৈ অহা ১১ বৰ্ষীয় ভূৱনে কয়

The long white cloth – jatti in Tulu – is tied through the waist for balance and support during lengthy performances. The jatti also keeps the costume intact during stunts
PHOTO • Nithesh Mattu

দীঘলীয়া বগা কাপোৰ (টুলু ভাষাত নাম জাট্টি) কঁকালত গাঁঠি লেংটি মাৰি লোৱা হয়, এই কৌপীনে প্ৰদৰ্শনীৰ সময়ত ভাৰসাম্য ৰখা আৰু গাত জোৰ পোৱা সহায় কৰে তাৰোপৰি দুঃসাহসিক নৃত্য -কৌশল প্ৰদৰ্শনৰ সময়ত কষ্টিউম ঠিকে ৰখাতো ই সহায় কৰে

Abhinav Shetty will be performing the dance for the first time. His mother feeding the 10-year-old before the dance begins
PHOTO • Nithesh Mattu

অভিনৱ শেট্টিয়ে এই প্ৰদৰ্শনত প্ৰথমবাৰৰ বাবে ভাগ লৈছে অনুষ্ঠান আৰম্ভ হোৱাৰ আগেয়ে মাকে তেওঁক আহাৰ খুৱাই দিছে

Abhinav posing for a photo with his sister just before the performance
PHOTO • Nithesh Mattu

প্ৰদৰ্শনী আৰম্ভ হোৱাৰ পূৰ্বে ভনীয়েকৰ সৈতে অভিনৱে ফটো উঠিছে

(Left to right) Sagar Poojari, Ranjith Hariharpura, Vishal and Naveen Nitoor getting ready for the performance
PHOTO • Nithesh Mattu

(বাওঁফালৰ পৰা সোঁফাললৈ) সাগৰ পূজাৰী, ৰঞ্জিত হৰিহৰপুৰা, বিশাল আৰু নবীন নিতুৰে নৃত্য প্ৰদৰ্শনৰ বাবে সাজু হৈছে

Amin has painted with oils since this will be his first performance. Other dancers, young but experienced, give instructions to Amin minutes before the show
PHOTO • Nithesh Mattu

প্ৰথমবাৰৰ বাবে প্ৰদৰ্শনীৰ বাবে সাজু হোৱা আমিনে গাত তেল ৰং বোলাইছে। আন নৃত্যশিল্পীসকল বয়সত সৰু হ ’লেও অভিজ্ঞ, প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আগেয়ে তেওঁলোকে আমিনক পৰামৰ্শ দিছে

Yuva Tigers Manchi team posing for a photo – all ready to showcase their tiger dance choreography
PHOTO • Nithesh Mattu

য়ুবা টাইগাৰ্চ মাঞ্চি গোটটোৱে ফটোৰ বাবে প ’জ দিছে – বাঘ-নৃত্যৰ কৌশল প্ৰদৰ্শনৰ বাবে তেওঁলোক সাজু

Prajwal Acharya painted as a black tiger shows his stunt skills. The traditional steps in this dance routine have become acrobatic with more emphasis on stunts
PHOTO • Nithesh Mattu

বাঘৰ বেশত প্ৰাজ্জ্বল আচাৰ্য্যই তেওঁৰ দুঃসাহসিক ক্ৰীড়া -কৌশল দেখুৱাইছে আজিকালি এই পৰম্পৰাগত নৃত্যত দুঃসাহসিক ক্ৰীড়া -কৌশলৰ প্ৰদৰ্শনে অধিক ঠাই পাইছে

The stunts in this performance include forward and reverse flips, breaking coconuts with one’s head, fire breathing and more
PHOTO • Nithesh Mattu

এই চমৎকাৰী ক্ৰীড়া -কৌশলত শূন্যতে আগফালে-পিছফালে জপিওৱা, মূৰত নাৰিকল ভঙা, জুইৰ খেলা আদি অন্তৰ্ভূক্ত

The choreography is so physically demanding that older folks have left it to the young to carry on this traditional dance
PHOTO • Nithesh Mattu

এনে নৃত্যৰ প্ৰযোজনা আজিকালি ডাঙৰবোৰে কৰিব নোৱাৰা হ ’ল, সেয়ে সৰু ল’ৰা-ছোৱালীক এই পৰম্পৰাগত নৃত্য প্ৰদৰ্শনৰ দায়িত্ব দিয়া হৈছে

Set to the resonating beats of the tase (drum), people painted as pili, dance to show their reverence as well as entertain
PHOTO • Nithesh Mattu

গাত বাঘৰ ছালৰ দৰে তেল ৰঙৰ পটি অঁকা নৃত্যশিল্পীয়ে টাচা (এবিধ ঢোলৰ দৰে ঘাতবাদ্য)ৰ তালে তালে নাচি দৰ্শকক মনোৰঞ্জন দিয়ে আৰু কলাবিধৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰে

Performing groups were earlier awarded rice and paddy – crops that are commonly grown in coastal Karnataka – for their show. Today money has replaced foodgrains
PHOTO • Nithesh Mattu

আগতে প্ৰদৰ্শনকাৰীক চাউল আৰু ধান দিয়া হৈছিল - কৰ্ণাটকৰ উপকূলীয় অঞ্চলত কৰা খেতিৰ ধান বা চাউল ; আজিকালি ধানৰ ঠাইত পইচা দিয়া হয়

Each performer can earn about Rs. 2,500 for two days. The dancer who performs stunts earns an extra Rs. 6,000
PHOTO • Nithesh Mattu

প্ৰতিগৰাকী নৃত্যশিল্পীয়ে দুদিনৰ বাবে প্ৰায় ২ ,৫০০ টকা পায় দুঃসাহসিক ক্ৰীড়া -কৌশল প্ৰদৰ্শন কৰাসকলে অতিৰিক্ত ৬,০০০ টকা লাভ কৰে

Sandesh's grandmother, Kamala Shetty and mother, Vijaya Shetty, cheering him as he performs pili vesha . Sandesh is a photographer and painter. 'Since the last four years I have started performing pili vesha and will continue performing in the future too,' says the 21-year-old
PHOTO • Nithesh Mattu

সন্দেশৰ আইতাক কমলা শেট্টি আৰু মাতৃ বিজয়া শেট্টিয়ে সন্দেশৰ নৃত্য প্ৰদৰ্শন দেখি হাততালি দি উৎসাহ যোগাইছে সন্দেশ এগৰাকী আলোকচিত্ৰ শিল্পী আৰু চিত্ৰকৰ ‘যোৱা চাৰিটা বছৰ ধৰি মই পিলি ভেশা প্ৰদৰ্শন কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম,’ ২১ বৰ্ষীয় সন্দেশে কয়

Virendera Shettigar puts on the tiger mask. The one who wears the mask is usually the prime tiger of the group
PHOTO • Nithesh Mattu

বীৰেন্দৰ শেট্টিগাৰে বাঘৰ মুখা পিন্ধি লৈছে বাঘৰ মুখা পিন্ধাজন নৃত্যশিল্পীৰ গোটটোৰ নেতৃত্বধাৰী বাঘটো হয়

Virendra has been performing pili vesha for the last 22 years . ' The sounds of the drums and the energy around will make you dance to the beats,' he says
PHOTO • Nithesh Mattu

বীৰেন্দ্ৰই যোৱা ২২ বছৰ ধৰি পিলি ভেশা প্ৰদৰ্শন কৰি আহিছে ‘টাচাৰ মাত আৰু পৰিৱেশটোৱে দিয়া শক্তিয়ে আপোনাক নাচিবলৈ বাধ্য কৰিব,’ তেওঁ কয়

Villagers lift the young tiger dancers and dance to the drum beats
PHOTO • Nithesh Mattu

সৰুবোৰক কান্ধত লৈ গাঁৱৰ মানুহে টাচাৰ চেৱত নাচিছে

Virendra changing props after the first session of the performance. The 30-year-old works as a distributor at Amazon and encourages young people from his village to perform
PHOTO • Nithesh Mattu

প্ৰদৰ্শনৰ প্ৰথমটো দৰ্শনী শেষ হোৱাৰ পিছত বীৰেন্দ্ৰই কাপোৰ সলাইছে ৩০ বৰ্ষীয় বীৰেন্দ্ৰই আমাজনৰ বিতৰক হিচাপে কাম কৰে আৰু গাঁৱৰ ল ’ৰা-ছোৱালীক এই নৃত্যত ভাগ ল’বলৈ উৎসাহ যোগায়

Although public entertainment is a priority for the dancers, the performance adheres to a number of norms to preserve the discipline of this tradition
PHOTO • Nithesh Mattu

দৰ্শকক মনোৰঞ্জন দিয়াই নৃত্যশিল্পীসকলৰ ঘাই উদ্দেশ্য যদিও তেওঁলোকে এই পাৰম্পৰিক নৃত্যকলাবিধৰ নিয়ম -নীতিখিনি মানি চলে যাতে সেয়া ভৱিষ্যতলৈ সংৰক্ষিত হৈ ৰয়


অনুবাদ: পংকজ দাস

Nithesh Mattu

Nithesh Mattu is a photographer and photo editor based in Udupi, Karnataka.

Other stories by Nithesh Mattu
Text : Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

Other stories by Siddhita Sonavane
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das