লক্ষ্মী পাণ্ডাই উৰিষ্যাৰ ৰাজ্যপাল আৰু তেওঁৰ পত্নিৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিছিল। তেওঁক ভুৱনেশ্বৰত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল আৰু ৰাজ ভৱনত চাহমেলতো নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁৰ বাহনখনৰ বাবে তেওঁলোকে এখন বিশেষ আচুতীয়া পাৰ্কিঙৰো ব্যৱস্থা কৰিছিল। কিন্তু লক্ষ্মীয়ে একোৰে উত্তৰ দিয়া নাছিল। আনকি স্বাধীনতা দিৱসৰ সমাৰোহতো উপস্থিত থকা নাছিল তেওঁ।
লক্ষ্মী পাণ্ডাৰ বাহন নাই আৰু তেওঁ কৰাপুট জিলাৰ জয়পোৰ চহৰৰ বস্তি অঞ্চলৰ সৰু জুপুৰী এটাত থাকে। বস্তি অঞ্চলৰ অবৰ্ণনীয় অৱস্থাতে তেওঁ দুটা দশক পাৰ কৰিছে। য়োৱা বছৰত তেওঁ স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিছিল, কিয়নো তেওঁৰ শুভাকাংক্ষীয়ে তেওঁৰ বাবে ৰেলৰ টিকটৰ ব্যৱস্থা কৰি দিছিল। এইবছৰ তেওঁ সেই খৰছ বহন কৰিব নোৱাৰিলে। তেওঁ পাৰ্কিং পাছখনৰ লগতে নিমন্ত্ৰণী পত্ৰখন আমাক দেখুৱাই হাঁহি দিলে। ''চাৰিটামান দশক আগতে মোৰ প্ৰয়াত স্বামী ড্ৰাইভাৰ আছিল''- আৰু বাহনৰ সৈতে তেওঁৰ সম্পৰ্ক ইমানখিনিয়ে আছিল। ইণ্ডিয়ান নেশ্যনেল আৰ্মি (আইএনএ)ৰ মুক্তিযুঁজাৰুগৰাকীয়ে ৰাইফল হাতত লৈ তোলা অৱ্স্থাত তোলা প্ৰকাশিত ফটো এখন দেখুৱাই এতিয়াও গৰ্ব অনুভৱ কৰে।





