পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে আন কিছুমান শক্তিৰ বিৰুদ্ধেও যুঁজ দিবলগা হৈছিল। ইয়াৰে কিছুমান তেওঁলোকৰ ঠিক ঘৰৰপৰাই আৰম্ভ হৈছিল।

গান্ধীজীৰ অস্পৃশ্যতা বিৰোধী আন্দোলনৰ আহ্বানত উদ্বুদ্ধ হৈ তেওঁলোক আগবাঢ়িছিল।

"এদিনাখন আমি প্ৰায় ৪০০ জন দলিত সম্প্ৰদায়ৰ লোকৰ সৈতে জগন্নাথ মন্দিৰলৈ মিচিল উলিয়াইছিলো," চমাৰুৱে ক'বলৈ ধৰিলে। ব্ৰাহ্মণসকলে এয়া মুঠেই ভাল পোৱা নাছিল। কিন্তু তাৰে মাজৰে কিছুমানে আমাক সমৰ্থনো কৰিছিল। বোধহয় তেওঁলোক বাধ্য হৈ পৰিছিল। সেই সময়ত পৰিস্থিতিয়ে তেনেকুৱা আছিল। মন্দিৰৰ ন্যাসৰ পৰিচালনৰ দায়িত্বত আছিল গৌৱন্তীয়া (গাওঁবুঢ়া)। তেওঁ খঙত একোনাই হৈ গাওঁ এৰি গুছি গৈছিল। কিন্তু তেওঁৰ নিজ পুত্ৰই আমাৰ সৈতে আছিল আৰু পিতৃৰ এনে কাৰ্য্যক গৰিহণা দিছিল।

"ব্ৰিটিছ সামগ্ৰীৰ বিৰুদ্ধে চলা অভিযান দকৈ জনমানসত শিপাইছিল। আমি কেৱল খদ্দৰৰ কাপোৰহে পিন্ধিছিলো। আদৰ্শও ইয়াৰে এটা অংশ আছিল। আমি আচলতে বহুত দুখীয়া আছিলো, সেয়ে তেনে কাপোৰ পিন্ধাটো আমাৰ বাবে ভালেই হৈছিল।"

মুক্তিযুঁজাৰুসকলে খদ্দৰৰ কাপোৰ পিন্ধা অভ্যাস বহুদশকলৈ এৰা নাছিল, যেতিয়ালৈ তেওঁলোকৰ আঙুলিবোৰ অচল হৈ কাপোৰ বব নোৱাৰা হৈ পৰিছিল। "৯০ বছৰ বয়সত হোৱাত মই ভাবিলো যে এই অভ্যাস এৰিবৰ হ’ল," চমাৰুৱে কয়।

ইয়াৰে সূত্ৰপাত ঘটিছিল কংগ্ৰেছৰ দ্বাৰা পৰিচালিত এটা "প্ৰশিক্ষণ" শিবিৰত। শিবিৰটো চম্বলপুৰত ১৯৩০ত আৰম্ভ হৈছিল। "এই শিবিৰবোৰক সেৱা নাম দিয়া হৈছিল। কিন্তু তাতে সেৱাৰ পৰিৱৰ্তে জেলত কটোৱা জীৱনৰ বিষয়ে শিকোৱা হৈছিল। কোৱা হৈছিল তাতে শৌচাগাৰ চাফা কৰা আৰু পুতৌলগা খাদ্যৰ কথা। আমি সকলোৱে জানিছিলো সেই প্ৰশিক্ষণ কি উদ্দেশ্যত দিয়া হৈছিল। আমাৰ গাঁৱৰ নজনক সেই শিবিৰলৈ পঠিওৱা হৈছিল।

"আমাক বিদায় দিয়াৰ বাবে গোটেই গাওঁখন উঠি আহিছিল। ফুলৰ মালা, সেন্দুৰ আৰু ফল-মূলেৰে আমাক বিদায় দিয়া হৈছিল। সেয়া আছিল গাওঁবাসীৰ আমাৰ প্ৰতি থকা উৎসাহ আৰু ৰোমাঞ্চকৰ অনুভূতি।"

ইয়াৰে আঁৰত মহাত্মাৰ যাদুকৰী প্ৰভাৱো নথকা নহয়। "সাধাৰণজনক সত্যাগ্ৰহত যোগদানৰ বাবে তেওঁ জনোৱা আহ্বান জুইৰ দৰে বিয়পি পৰিছিল। আমাক শিকোৱা হৈছিল যে আমাৰ দৰে দৰিদ্ৰ আৰু নিৰক্ষৰ লোকে প্ৰকাশ্যে অবাধ্য হৈ পৃথিৱী সলনি কৰিব পাৰে। অৱশ্যে আমাক নিয়ম হিচাপে অহিংসাৰ আলম লোৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল।" এই নিয়মেৰেই পানীমাৰাৰ বহু মুক্তিযুঁজাৰুয়ে তেওঁলোকৰ জীৱনৰ বাকীচোৱা সময় কটাই দিছিল।

তেওঁলোকে গান্ধীজীক সোঁশৰীৰে দেখা নাছিল। কিন্তু অইন লাখ লাখ লোকৰ দৰে তেওঁৰ আহ্বানত মাৰ বান্ধি থিয় দিছিল। "আমি মনমোহন চৌধুৰী আৰু দয়ানন্দ সতপাঠিৰ দৰে কংগ্ৰেছ নেতাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিলো।" পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে ১৯৪২ চনৰ আগষ্ট মাহৰ আগতেই প্ৰথমবাৰ কাৰাগাৰলৈ গৈছিল। "আমি পণ লৈছিলো। যুদ্ধৰ বাবে (দ্বিতীয় বিশ্বযুদ্ধৰ কথা কোৱা হৈছে) জন অথবা ধনেৰে কৰা সহযোগিতাক একপ্ৰকাৰ বিশ্বাসঘাটকতা বুলি বিবেচনা কৰা হৈছিল। এয়া আছিল পাপ। সকলো ধৰণৰ অহিংস উপায়েৰে যুদ্ধৰ প্ৰতিবাদ কৰা হৈছিল। গাঁৱৰ প্ৰতিজন লোকেই তেওঁক সমৰ্থন কৰিছিল।

"আমি কটকৰ জেললৈ ছমাহৰ বাবে গৈছিলো। ব্ৰিটিছসকলে বেছিদিনৰ বাবে কাকো জেলত ভৰাই থোৱা নাছিল। কিয়নো হাজাৰ হাজাৰ লোকেৰে জেল ভৰি পৰিছিল। বহুতে স্বইচ্ছাই জেললৈ যাব বিচাৰিছিল।"

Jitendra Pradhan, 81, and others singing one of Gandhi's favourite bhajans
PHOTO • P. Sainath

জীতেন্দ্ৰ প্ৰধান (৮১) আৰু আনসকলে গান্ধীজীৰ প্ৰিয় ভজন গাইছে

অস্পৃশ্যতাৰ বিৰুদ্ধে অভিযানে অভ্যন্তৰীণ চাপৰ সৃষ্টি কৰিছিল। আমি বাধা অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলো। "আনকি আজিও আমি আমাৰ প্ৰায়ভাগ বিধিতে বামুণ নামাতো," দয়ানিধিয়ে ক'লে। "মন্দিৰত প্ৰৱেশে তেওঁলোকৰ বহুতকে হতাশ কৰি পেলাইছিল। কিন্তু বহুতেই ভাৰত ত্যাগ আন্দোলনত আমাৰ সৈতে যোগ দিবলৈ বাধ্য হৈ পৰিছিল।"

বহুত ল'ৰা-ছোৱালী হয়তো উৎসুকতাৰ বাবেই মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈছে। কিন্তু এই গাওঁখন স্বাধীনতাৰ অনুভৱেৰে সংপৃক্ত। স্বকীয় গৌৰৱেৰে উজলি থকা ইতিহাস আছে গাওঁখনৰ। স্বাধীনতাৰ যুঁজৰ সেই অদম্য ভাবনাক ধৰি ৰখাৰ দায়িত্ব অন্তঃকৰণেৰে পালন কৰি অহা গাওঁ এইখন।

পানীমাৰাৰ গাওঁখন ক্ষুদ্ৰ খেতিয়কৰ গাওঁ। "তাত প্ৰায় ১০০ ঘৰ কুলতা (খেতিয়কৰ জাতি) পৰিয়াল আছিল। তাতে ৮০ ঘৰ উড়িয়া পৰিয়ালো আছিল (তেওঁলোকো খেতিয়ক)। তাতে ৫০ ঘৰ সৌৰা আদিবাসী, ১০ ঘৰ সোণাৰীৰ পৰিয়াল আছিল। গৌড় (যাদৱ) পৰিয়ালৰ লোকো তাতে আছিল," দয়ানিধিয়ে কয়।

তেনেদৰেই গাওঁখন সমৃদ্ধ হৈ পৰিছে। মুক্তিযুঁজাৰুৰ প্ৰায়ভাগেই খেতিয়কৰ পৰিয়ালৰ সদস্য আছিল। "সঁচা কথা ক'বলৈ গ'লে আমাৰ মাজত আন্তঃজাতিৰ বিয়া-বাৰু কমেই হয়। কিন্তু সেই স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই আমাৰ মাজত সুসম্পৰ্ক বৰ্তি আছে। মন্দিৰটোৰ দুৱাৰ তেতিয়াৰেপৰা সকলোলৈকে খোলা। সকলোৰে অধিকাৰক মৰ্য্যাদা দিয়া হৈছে।

কিছুমানে এতিয়াও ভাবে যে তেওঁলোকৰ অধিকাৰক স্বীকৃতি দিয়া হোৱা নাই। দিবিত্যা ভই তেওঁলোকৰ মাজৰে এজন। "মোৰ বয়স তেতিয়া খুব কম আছিল আৰু মোক ব্ৰিটিছে বেয়াকৈ মাৰধৰ কৰিছিল," তেওঁ ক'লে। ভইৰ বয়স তেতিয়া ১৩ বছৰ আছিল। সেয়ে তেওঁক জেললৈ পঠিওৱা হোৱা নাছিল। সেয়ে তেওঁলোকৰ নাম মুক্তিযুঁজাৰুৰ চৰকাৰী তালিকাত অহা নাছিল। এনেকৈ ব্ৰিটিছৰ হাতত গুৰুতৰভাবে আহত হোৱা আন লোকো আছিল যদিও জেললৈ নিনিয়া বাবে তেওঁলোকৰ নাম চৰকাৰী তালিকাত অহা নাছিল।

মুক্তিযুঁজাৰুৰ স্মৃতিৰক্ষাৰ্থে তেওঁলোকৰ নামৰ তালিকাখন স্তম্ভত জিলিকি আছে। ১৯৪২ত জেললৈ যোৱাসকলৰ নামহে তাত অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু তাত নাম থকাৰ অধিকাৰক লৈ কোনোৱে বিতৰ্ক কৰা নাই। কিন্তু দুখৰ কথা যে "মুক্তিযুঁজাৰু"ৰ চৰকাৰী তালিকাত যোগ্য ভালেকেইজনক স্বীকৃতি দিয়া হোৱা নাই।

জাতিভেদেও বহু সমস্যাৰ সৃষ্টি কৰিছিল। "প্ৰতিবাৰেই আমি জেলৰ পৰা ওলাই অহাৰ পিছত গাওঁবাসীয়ে আমাক শুচি কৰি লৈছিল। কিয়নো আমি অস্পৃশ্যসকলৰ সৈতে একেলগে জেলত আছিলো," দয়ানিধিয়ে ক'লে। (শুচি কৰাৰ এই প্ৰথা এতিয়াও ওড়িশাৰ গ্ৰামাঞ্চলত বিদ্যমান)

ভইয়ে বৰ্ণনা দি ক’লে, "মই জেলৰপৰা ঘুৰি অহাৰ সময়ত আইতাৰ একাদশ মৃত্যুবাৰ্ষিকী আছিল। খুড়াই মোক সুধিলে, মদন, তোক শুচি কৰা হৈছেনে?' মই ক'লো নাই, আমি সত্যাগ্ৰহী হিচাপে ইজনে আনজনক শুচি কৰাও। তেতিয়া মোক পৰিয়ালৰ পৰা নিলগাই বহিবলৈ দিয়া হৈছিল। মোক অকলশৰীয়া কৰি পেলোৱা হৈছিল আৰু অকলেই খোৱা-লোৱা কৰিবলগীয়া হৈছিল।

Showing a visitor the full list of Panimara's fighters
PHOTO • P. Sainath

পানীমাৰাৰ মুক্তিযুঁজাৰুৰ পূৰ্ণ তালিকাখন দৰ্শনাৰ্থী এজনক দেখুৱাইছে

জেললৈ যোৱাৰ আগতেই মোৰ বিয়া থিৰাং কৰি থোৱা আছিল। জেলৰ পৰা ওলাই অহাৰ পিছত সেই বিয়া ভাঙিছিল। ছোৱালীৰ দেউতাকে জেললৈ অহা-যোৱা কৰি থকাজনক জোঁৱায়েক হিচাপে পচন্দ কৰা নাছিল। অৱশেষত, মই চৰন্দপাল্লিত কইনা এজনী পালো, সেই গাওঁখন কংগ্ৰেছ কৰ্মীৰ মজবুত ঘাটি আছিল।"

চমাৰু, জীতেন্দ্ৰ আৰু পুৰ্ণচন্দ্ৰই ১৯৪২ৰ আগষ্টত জেলতে দিন কটোৱাৰ সময়ত শুচিকৰণৰ সমস্যা হোৱা নাছিল।

"সিহতে অপৰাধীক ৰখা জেললৈ আমাক পঠিয়াইছিল। তাত থাকি আমি আমাৰ কাম নেৰিলো," জীতেন্দ্ৰই ক'লে। "সেই দিনবোৰত, ব্ৰিটিছে জাৰ্মানীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সৈন্য মোতায়েন কৰাৰ চেষ্টা চলাই আছিল। সেয়ে সিহঁতে আজীৱন কাৰাদণ্ড বিহা কয়েদীবোৰক লোভনীয় প্ৰতিশ্ৰুতি দিছিল। যুদ্ধৰ বাবে সন্মত হোৱা কয়েদীসকলক ১০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। সিহঁতৰ প্ৰত্যেকৰে পৰিয়ালক ৫০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতিও দিয়া হৈছিল। যুদ্ধৰ পিছত সিহঁতক মুকলি কৰি দিম বুলিও কোৱা হৈছিল।

"আমি কয়েদীবোৰৰ মাজত অভিযান চলালো। ৫০০ টকা এটাৰ কাৰণে এই ব্ৰিটিছ আৰু সিহঁতৰ যুদ্ধত প্ৰাণ দিয়াটো ভাল কথানে? তোমালোকেই প্ৰথমতে মৰিবা, আমি সিহঁতক কৈছিলো। তোমালোক সিহঁতৰ বাবে গুৰুত্বপূৰ্ণ নহয়। তেন্তে সিহঁতৰ টোপৰ বাখৰ হোৱাৰ কি প্ৰয়োজন আছে?

"আমাৰ কথাখিনি বুজি পাবলৈ তেওঁলোকক বেছি সময় নালাগিল। (তেওঁলোকে আমাক গান্ধী বা কংগ্ৰেছী বুলি ক'বলৈ আৰম্ভ কৰিছিল) তেওঁলোকৰ বহুতেই ব্ৰিটিছৰ সেই পৰিকল্পনাৰ অংশ নোহোৱাৰ সিদ্ধান্ত ল’লে। তেওঁলোক বিদ্ৰোহী হৈ উঠিল আৰু যাবলৈ অমান্তি হ’ল। এইক্ষেত্ৰত বেছিকৈ অসন্তুষ্ট হৈছিল ৱাৰ্ডেনজন। 'তোমালোকে সিহঁতৰ মন কিয় ভুলাইছা?' তেওঁ সুধিছিল। 'সিহঁততো এই পৰ্যন্ত যাবলৈ সাজুৱে আছিল।' আমি তেওঁক কৈছিলো যে আমাক অপৰাধীৰ সৈতে একেলগে ৰখাত আমি অসন্তুষ্ট। সিহঁতক দৰাচলতে সত্য কি সেয়া দেখুওৱাৰ ক্ষেত্ৰত আমি সক্ষম হৈছিলো।

"পিছদিনাই আমাক ৰাজনৈতিক বন্দীক ৰখা জেললৈ পঠিওৱা হৈছিল। আমাৰ কাৰাবাসৰ ম্যাদ ছমাহলৈ সলনি কৰা হৈছিল।"

ব্ৰিটিছ শাসকে কি এনেকুৱা অন্যায় কৰিছিল যে তেওঁলোকে ইমান শক্তিশালী সাম্ৰাজ্য এখনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মাৰ বান্ধি থিয় দিছিল?

"ব্ৰিটিছ শাসনত ন্যায় বুলিবলৈ আছিল কি," চমাৰুৱে শান্ত হৈয়ে ক'লে। সেই প্ৰশ্ন তেওঁক সুধিবলগা নাছিল। "তাত যি আছিল সেই আটাইবোৰেই অন্যায় আছিল।

"আমি ব্ৰিটিছৰ দাস আছিলো। সিহঁতে আমাৰ অৰ্থনীতি কোঙা কৰি পেলাইছিল। আমাৰ অধিকাৰ বুলিবলৈ একো নাছিল। আমাৰ কৃষি ব্যৱস্থা ধ্বংস কৰি পেলোৱা হৈছিল। সৰ্বসাধাৰণক দৰিদ্ৰতাৰ গৰাহলৈ ঠেলি দিয়া হৈছিল। ১৯৪২ৰ জুলাই আৰু ছেপ্তেম্বৰ মাহত ৪০০ টাৰো অধিক পৰিয়ালৰ পাঁচ কি ছয় ঘৰ মানুহৰহে খাবলৈ পৰ্যাপ্ত খাদ্য আছিল। বাকীবোৰে দুৰ্ভিক্ষ আৰু গ্লানিৰ জীৱন নিয়াবলগীয়া হৈছিল।

The last living fighters in Panimara at their daily prayers
PHOTO • P. Sainath

পানীমাৰাৰ অন্তিম মুক্তিযুঁজাৰুসকলে দৈনিক প্ৰাৰ্থনা কৰিছে

"এতিয়াৰ শাসকসকলৰো লাজ নাইকিয়া। সিহঁতেও দৰিদ্ৰক লুটি-পুটি খায়। ক্ষমা কৰিব, মই ব্ৰিটিছ শাসনক অইন কোনো শাসনৰ সৈতে তুলনা নকৰো। কিন্তু আমাৰ এতিয়াৰ শাসকো তেনেকুৱাই।"

পানীমাৰাৰ মুক্তিযুঁজাৰুসকলে এতিয়াও জগন্নাথ মন্দিৰলৈ প্ৰতিদিনে পুৱা যায়। তাতে তেওঁলোকে দবা বজায় যিটো তেওঁলোকে ১৯৪২ চনৰ পৰাই পৰম্পৰা হিচাপে কৰি আহিছে। পুৱাৰ ভাগত দবাৰ শব্দ বহু কিলোমিটাৰ দুৰৰ পৰা শুনিবলৈ পোৱা যায়, তেওঁলোকে কয়।

কিন্তু শুকুৰবাৰে, মুক্তিযুঁজাৰুসকলে সন্ধ্যা প্ৰায় ৫ বাজি ১৭ মিনিটত গোট খায়। কিয়নো এই শুকুৰবাৰতে মহাত্মাক হত্যা কৰা হৈছিল। যোৱা ৫৪ বছৰ ধৰি সন্ধ্যা ৫ বাজি ১৭ মিনিটত লগ হোৱাটো গাওঁখনৰ এক পৰম্পৰা হৈ পৰিছে।

আজি শুকুৰবাৰ। আমি তেওঁলোকক মন্দিৰলৈ লগ দিলো। সাতজন মুক্তিযুঁজাৰুৰ চাৰিজন উপস্থিত। চমাৰু, দয়ানিধি, মদন আৰু জীতেন্দ্ৰ। অইন তিনিজন- চৈতন্য, চন্দ্ৰশেখৰ চাহু আৰু চন্দ্ৰশেখৰ পাৰিদা এতিয়া গাঁৱৰ বাহিৰত থাকে।

মন্দিৰৰ প্ৰাংগণ মানুহেৰে ঠাহ খাই পৰিছিল। সকলোৱে গান্ধীজীৰ প্ৰিয় ভজন গাইছিল। ১৯৪৮ চনত মহাত্মাৰ হত্যাৰ খবৰ পোৱাৰ লগে লগে বহু গঞাই মুণ্ডন কৰাইছিল। তেওঁলোকে নিজকে পিতৃহীন যেন অনুভৱ কৰিছিল। আজিৰ দিনটোলৈ বহুতেই শুকুৰবাৰে উপবাসে থাকে।"

২০০২ৰ আগষ্টত, ৬০ বছৰৰ পিছত পানীমাৰাৰ মুক্তিযুঁজাৰুসকল আকৌ সেয়াই কৰিবলগা হৈছে।

আটাইকেইজনৰ ভিতৰত দুখীয়া মদন ভইৰ হাতত মাত্ৰ ডেৰ বিঘামান মাটি আছে। তেওঁলোকৰ লগৰবোৰ ধৰ্ণাতে বহিছে। এয়া চহেলা টেলিফোন কাৰ্যালয়ৰ সমুখত। "কল্পনা কৰক, এই কত দশক বাগৰাৰ পিছতো এই গাওঁখনত এটা টেলিফোন নাই," ভয়ে ক'লে।

এই দাবী লৈয়ে আমি ধৰ্ণাত বহি পৰিলো। খণ্ড উন্নয়ন বিষয়াই আমাৰ গাওঁখনৰ নাম শুনাই নাছিল" কথাখিনি কওঁতে তেওঁ হাঁহিলে। "আপুনি বৰগড়ত থকা মানে অপৰাধেই। মজাৰ কথা যে এইবাৰ আৰক্ষীয়ে হস্তক্ষেপ কৰিলে।"

অৱশ্যে আৰক্ষীয়ে জানিছিল যে এওঁলোক জীৱন্ত কিংবদন্তি। সেয়ে বিষয়াজনৰ অৱজ্ঞাত তেওঁলোক হতবাক হৈছিল। তেওঁলোকে ৮০ বছৰীয়া বৃদ্ধসকলৰ অৱস্থাক লৈ চিন্তিত হৈ পৰিছিল। "দৰাচলতে, কেবাঘণ্টা ধৰ্ণা দিয়াৰ পিছত আৰক্ষী, চিকিৎসাকৰ্মী আৰু অইন লোকো তাত উপস্থিত হৈছিল। তেতিয়া টেলিফোনৰ মানুহে আমাক ১৫ ছেপ্তেম্বৰৰ ভিতৰত এটা মেচিন দিবলৈ সৈমান হ'ল। দেখা যাওঁক কি হয়।

আকৌ এবাৰ, পানীমাৰাৰ যুঁজাৰুসকলে অইন কিহবাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। তেওঁলোকৰ নিজৰ বাবে নহয়। এই সংগ্ৰামবোৰৰ পৰা তেওঁলোকৰ নিজৰ কিবা লাভ হৈছিল নে?

"স্বাধীনতা," চমাৰুৱে উত্তৰ দিয়ে।

আপোনাৰ আৰু মোৰ।

মূল লিখনীটো (দুটা ভাগৰ দ্বিতীয়টো) দা হিন্দু চানডে মেগাজিনত ২৭ অক্টোবৰ, ২০০২ চনত প্ৰকাশ পাইছিল। প্ৰথম ভাগটো ২০ অক্টোবৰ, ২০০২ চনত প্ৰকাশিত হৈছিল।

আলোকচিত্ৰবোৰ: পি সাইনাথ

এই ধাৰাবাহিকত আৰু আছে:

যেতিয়া চালিহানে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিছিল

পানীমাৰাৰ পদাতিক মুক্তিযুঁজাৰুসকল - ১

লক্ষ্মী পাণ্ডাৰ অন্তিমখন যুঁজ

অহিংসাৰ নটা দশক

শ্বেৰপুৰঃ বৃহৎ বলিদান, ক্ষণস্থায়ী স্মৃতি

গোদাবৰীঃ পুলিচে এতিয়াও আক্ৰমণৰ বাবে বাট চায়

সোণাখানঃ য'ত দুবাৰকৈ মৃত্যু হৈছিল বীৰ নাৰায়ন সিঙৰ

কাল্লিয়াছেৰিঃ ৫০ বছৰ বয়সতো সংগ্ৰাম

৫০ বছৰ বয়সতো যুঁজ দিয়া কাল্লিছেৰী

অনুবাদ: ৰশ্মি ৰেখা দাস

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath