প্ৰথম ক’ভিড-১৯ লকডাউন যেতিয়া ২০২০ৰ ২৪ মাৰ্চত আৰম্ভ হয়, হাজাৰ হাজাৰ সাধাৰণ ভাৰতীয় গভীৰ সংকটত পৰে।
“আমাৰ হাতৰ মুঠিত থকা টকাকেইটাও নাইকিয়া হ’ল।” জম্মুত লকডাউনৰ আৰম্ভণিত নিৰ্মাণ ছাইটত কাম কৰা শ্ৰমিক মোহন লাল আৰু তেওঁৰ পত্নী নৰ্মদাবাইয়ে দেখিল যে তেওঁলোকৰ হাতত মুঠে ২০০০ টকা আছে। তেওঁলোকে ৰেচন-পাতি কিনিবলৈ ঠিকাদাৰৰ পৰা টকা ধাৰে ল’বলগীয়া হ’ল।
২০২০ৰ এপ্ৰিল আৰু মে’ মাহত নিবনুৱাৰ হাৰ ২৩ শতাংশ বাঢ়িছিল - সেয়া ২০২০ৰ ফেব্ৰুৱাৰীৰ তুলনাত তিনিগুণ বেছি আছিল (৭.৩ শতাংশ), ষ্টেট অৱ ৰুৰেল এণ্ড এগ্ৰেৰিয়ান ইণ্ডিয়া ৰিপ’ৰ্ট, ২০২০ৰ এই তথ্য। মহামাৰীৰ আগেয়ে (২০১৮-১৯)ত এই হাৰ ৮.৮ শতাংশ আছিল।








