“আজিকালি শীততাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত কত যে প্ৰদৰ্শনী অনুষ্ঠিত হয়, যিবোৰে আকৌ প্ৰান্তীয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰাৰ দাবী কৰে। অথচ যিসকল লোকৰ জীৱন আৰু অভিজ্ঞতাক কেন্দ্ৰ কৰি সেই শিল্পকর্মসমূহ গঢ়ি উঠিছে, তেওঁলোকৰে সেই ঠাইবোৰত স্থান নাই। মই এবাৰ এটা পাঠ্যক্ৰমৰ প্ৰয়োজনত দিল্লীৰ এক চিত্ৰ প্ৰদৰ্শনীত গৈছিলো। গৈ দেখিলো যে হলঘৰটো জুৰি সজাই থোৱা চিত্ৰশিল্প, ভাস্কৰ্য আৰু আলোকচিত্ৰসমূহত কেৱল বঞ্চিত মানুহৰ কাহিনী। অথচ সমগ্ৰ ঠাইখনতে এক আচহুৱা আভিজাত্যৰ চাপ আছিল। তাত মই নিজকে বিচ্ছিন্ন অনুভৱ কৰিছিলো,” অতি আন্তৰিকতাৰে মনৰ ভাব ব্যক্ত কৰে ২২ বছৰীয়া হাইৰুনিছা কে.য়ে।
“ইতিমধ্যে সমাজৰ পৰা বহিৰ্ভূত কোনো ব্যক্তিয়ে যদি কেনেবাকৈ তেনে এখন প্ৰদৰ্শনীত উপস্থিত হয়, তেন্তে তেওঁৰ অনুভৱ কেনে হ’ব বুলি আপুনি ভাবিছে? মই ভাবো যে তেওঁ সেই ঠাইখনক কেতিয়াও নিজৰ ঠাই বুলি অনুভৱ কৰিব নোৱাৰিব। মই যদি কেতিয়াবা নিজে এখন প্ৰদৰ্শনী আয়োজন কৰো, তেতিয়া মই সুকীয়া এক পদ্ধতিত কৰিম। কেৱল দেৱালত ফটো আঁৰি থৈ কোনোবাই সেইবোৰৰ বিষয়ে কোৱা পদ্ধতি মই অনুসৰণ নকৰো। মই ফটোৰ আঁৰৰ মানুহখিনিক সেই স্থানলৈ আনিম, যাতে তেওঁলোকে আনৰ সৈতে মুখামুখিকৈ কথা পাতিব পাৰে, মত বিনিময় কৰিব পাৰে। তাৰ সমান্তৰালভাবে প্ৰদৰ্শনৰ যি স্থান, তাক আলোকচিত্ৰবোৰে যি মাটি আৰু মানুহৰ জীৱনক তুলি ধৰিছে, তাৰ সৈতে সংযোগ স্থাপন কৰিম।” তেওঁৰ তড়িত গতিত চিন্তা কৰি কথাবোৰ কৈ গৈছে। কেম্পাছত তেওঁ সঞ্চালনা কৰি থকা এটা অনুষ্ঠানলৈ উভতি যোৱাৰ আগতে হাইৰুনিছা কে-ৰ হাতত মাত্ৰ ২০ মিনিট সময় আছে।
নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত গণসংযোগ বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত হাইৰুনিছা উত্তৰ চেন্নাইৰ এটা মুছলমান পৰিয়ালৰ প্ৰথম প্ৰজন্মৰ শিক্ষাৰ্থী। তেওঁ কয়, “মই আমাৰ অঞ্চলৰ পৰা ইমান দূৰলৈ পঢ়িবলৈ অহা প্ৰথমজন। আমাৰ সমাজত মহিলাসকলক ঘৰত থাকিবলৈ কোৱা হয় আৰু কলেজীয়া শিক্ষাখিনিও ল’বলৈ কোনোৱে উৎসাহ নিদিয়ে। মোৰ বয়স ১৮ বছৰ হওতেই বিয়া দিয়াৰ বাবে পৰিয়ালৰ পৰা হেঁচা পৰিছিল। কিন্তু মই ঘৰৰ পৰা পলাই আহিলো। ফটোগ্ৰাফিয়ে মোক বুজাই দিলে যে এই পৃথিৱীত এখন বিশাল জগত আছে।”
















