নৱেম্বৰ মাহ। অমাৱশ্যাৰ নিশা প্ৰায় ৯ বাজিছে। তামিলনাডু উপকূলৰ কাষৰে পাড়াভেৰকাড় (পুলিকট বুলিও জনা যায়)ৰ মোহনাৰ পানী তেনেই শান্ত হৈ আছে। পানীত নীলা ৰঙৰ নাও এখন দেখা গৈছে, ঢৌৰ সৈতে ছন্দ মিলাই নাওখন মুকলি সাগৰৰ ফালে গতি কৰিছে।
নাওখনত ভৰি মেলি থিয় দি আছে শৰৎ কুমাৰ, অৰুণ কুমাৰ আৰু চেভিথ কুমাৰে। কাষতে আছে সাতডাল কাঠৰ খুঁটি আৰু মেৰিয়াই থোৱা নাইলনৰ মাছ ধৰা জাল। এই পুৰুষকেইজন সাগৰৰ উপকূল ভূমিত অৱস্থিত থোনিৰেভু গাঁৱৰ বাসিন্দা আৰু তেওঁলোকে সৰুৰে পৰাই মাছ ধৰা কাম কৰি আহিছে।
সাগৰৰ পৰা বৰ বেছি এটা দূৰত মই ডাঙৰ-দীঘল হোৱা নাছিলো যদিও সাগৰলৈ যোৱাৰ সপোন সঘনে দেখিছিলো। কিন্তু অকলশৰীয়া মোৰ মাতৃ মোৰ আৰু মোৰ ভনীজনীৰ সুৰক্ষাক লৈ সদায়েই চিন্তাত থাকিছিল। তেওঁৰ উদ্বিগ্নতাৰ বাবেই আমি পানীত নমাটো নিষিদ্ধ আছিল।
পাড়াভেৰকাড়লৈ প্ৰথম গৈছিলো ষোল্ল বছৰ বয়সত। চেন্নাই ক্লাইমেট এক্সন গ্ৰুপৰ আলোকচিত্ৰশিল্পৰ এক কৰ্মশালাত মই ভাগ লৈছিলো। আমাক ফটোগ্ৰাফিৰ দীক্ষা দিছিল ফটো-জাৰ্নেলিষ্ট পালানি কুমাৰে। উপকূল অঞ্চলক নিজৰ ঘৰ বুলি কোৱা মানুহবোৰৰ জীৱনবোৰৰ বিষয়ে জানিবলৈ তেতিয়া মই উৎসুক হৈ আছিলোঁ।



























