মোৰ নাম এছ. কীৰ্তি। তেংকাচি জিলাৰ চৰকাৰী মডেল স্কুলত দ্বাদশ শ্ৰেণীত মই পঢ়ি আছো। স্কুলৰ যোগেদি মই ফটোগ্ৰাফিৰ বছৰজোৰা কৰ্মশালাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছিলো। তেতিয়ালৈ মই ভাবিছিলো যে ফটো কেৱল বিয়া-সবাহ বা ডাঙৰ কিবা অনুষ্ঠানত কৰা কাম। প্ৰথমবাৰৰ বাবে বুজিছিলো যে ফটোৰ যোগেদি শ্ৰমিক শ্ৰেণীৰ জীৱন আৰু সংগ্ৰাম নথিবদ্ধ কৰিব পাৰি। আৰু ফটোৰ যোগেদি আমাক মৰ্য্যাদাসহকাৰে তুলি ধৰিব পাৰি।
এদিনাখন আমাৰ কৰ্মশালাৰ সমন্বয়কগৰাকীয়ে ক’লে যে শ্ৰমিক শ্ৰেণীৰ জীৱনক লৈ এখন আলোকচিত্ৰ প্ৰদৰ্শনী হ’ব আৰু এইবুলি কৈ মোৰ হাতত তেওঁ কেমেৰা এটা তুলি দিলে। পৰৱৰ্তী তিনিটা দিনত মই ফটোবোৰ তুলিবলগীয়া আছিল। কিন্তু মই একো উৱাদিহ পোৱা নাছিলো। কেনেকৈ ফটো তুলিম, মোৰ ফটোষ্ট’ৰিৰ বিষয়বস্তু কি হ’ব, সেই লৈ মই একো সিদ্ধান্তত উপনীত হ’ব পৰা নাছিলো। “কাহিনী এটাৰ বাবে দূৰলৈ যাব নালাগে। কাহিনী সদায় তোমাৰ আশে-পাশে থাকে।” প্ৰশিক্ষকে কোৱা এইষাৰ কথা মোৰ মনলৈ আহিছিল।
কৰ্মশালাত মই ৰাজপথৰ লাইটৰ পোহৰত মোৰ মাতৃৰ জীৱন পঢ়া মনত পেলালো। ভাবিলো যে মই মোৰ মাৰেই জীৱনটো আৰু সংগ্ৰামখনক ফটোৰ যোগেদি ফুটাই তুলিবলৈ যত্ন কৰিব পাৰো দেখোন। এইখিনি সময়ত মই মোৰ মাৰ সৈতে কথা পাতিলো আৰু তেওঁৰ দৈনিক কামৰ তালিকাখন কাহিলীপুৱাৰ পৰা ৰাতিলৈকে কৰা চাই থাকিলো। এই তথ্যচিত্ৰখনৰ যোগেদি মই বুজিলো যে মোৰ মাৰ জীৱনটো বৰ কঠিন। মাৰ নাম এছ. মুট্টুলক্ষ্মী আৰু তেওঁৰ বয়স ৪২ বছৰ। তেওঁ এগৰাকী অতিশয় সাহসী আৰু খামিডাঠ মহিলা।
তেওঁ আমাৰ বাবেই নিজৰ সপোনবিলাক বিসৰ্জন দিছে। আগতে আমাৰ দেউতাই গাঁৱত সৰু দোকান এখন চলাইছিল। তেওঁ ডেকাকালত কামৰ সন্ধানত ওলাই গৈছিল। আইতাই তেওঁক ২,০০০ টকা দি নিজৰ গাঁৱতে দোকান এখন আৰম্ভ কৰিবলৈ কৈছিল। তেওঁ নিজৰ চাইকেলখন লৈ কাষৰ গাঁৱলৈ গৈ গেলামালৰ বস্তু চাইকেলতে বোজাই কৰি আনিছিল আৰু দোকানখন আৰম্ভ কৰিছিল। সেয়া আছিল ১৯৯৭ৰ কথা।
কিন্তু তেনেতে অভাৱনীয় ঘটনা এটা ঘটিল। মায়ে কাষৰে গাঁও এখনত এম.এছ. অফিছ শিকিবলৈ যোৱাৰ দুমাহ হৈছিল মাত্ৰ। কলেজলৈ গৈ তামিল ভাষাৰ স্নাতক ডিগ্ৰী কৰাৰ তেওঁৰ মন আছিল। কিন্তু মোৰ দেউতা, মোৰ ভাইটি আৰু মই দুৰ্ঘটনা এটাত আঘাত পালো। দেউতাই ভৰিখনত বৰ বেয়াকৈ আঘাত পালে আৰু অস্ত্ৰোপচাৰ কৰাৰ বাদে আন একো উপায় নাছিল। দেউতাৰ অস্ত্ৰোপচাৰৰ বাবে মাৰ হাতত সিমানখিনি টকা নাছিল। সম্পৰ্কীয়ৰ পৰা ধাৰ ল’লে আৰু গহনা-গাঁঠৰি বন্ধকত থৈ তেওঁ কোনোমতে টকাখিনি যোগাৰ কৰিলে। তেওঁ প্ৰয়োজন হোৱা তিনি লাখ টকা গোটালে। কিন্তু এইখিনি যোগাৰ কৰা মানে তেওঁৰ দায়িত্ব আৰু বঢ়া।
এনেকৈ তেওঁৰ নিজৰ সপোনবোৰত পূৰ্ণযতি পৰিল। কেনে লাগিছিল তেওঁ কেতিয়াও কোৱা নাছিল। তেওঁ সদায় এইবুলিয়ে ভাবিছিল যে পৰিয়ালটোক ভাল পোৱাটো তেওঁৰ কৰ্তব্য। তেওঁ নিজকে অদৃশ্য কৰি তুলিছিল। সেয়ে মই তেওঁৰ জীৱনটো নথিবদ্ধ কৰাৰ সিদ্ধান্ত লৈছিলো। ফটো-ডকুমেণ্টেৰিখন স্কুলত দাখিল কৰাৰ পিছত মই চেন্নাইৰ প্ৰদৰ্শনীৰ বাবে নিৰ্বাচিত হ’লো। মা-দেউতা তাকে লৈ বৰ গৌৰৱবোধ কৰিলে। দেউতাই সদায় বিচাৰিছিল যে মই ফটোগ্ৰাফি শিকো। মোৰ নতুন যাত্ৰা দেখি তেওঁ বৰ আনন্দিত আৰু উত্সাহিত হৈ পৰিছিল।
প্ৰদৰ্শনী গৃহলৈ গৈ মই প্ৰথম দেখিছিলো বেনাৰখনত মোৰ মাৰ ফটোখন। দেখি মই আৱেগিক হৈ পৰিছিলো। বহু শিল্পী, সাংবাদিক আৰু আলোকচিত্ৰ শিল্পী, আনকি কিছুমান বিদেশী লোকেও আহি প্ৰদৰ্শনী চাইছিল। কিছুমানে পোষ্টকাৰ্ডত মোৰ অটোগ্ৰাফ লৈছিল। কিছুমানে মোৰ কামক লৈ অনুপ্ৰাণিত হ’বপৰা বিধৰ কথা কৈছিল। কিন্তু প্ৰদৰ্শনীত মই তোলা ফটোবোৰ চাবলৈ দুগৰাকী ব্যক্তি আহিব পৰা নাছিল। সেয়া আছিল মোৰ মা-দেউতা। প্ৰদৰ্শনী শেষ হোৱাৰ সময়ত মই জানিছিলো যে মায়ে দিনটোৰ হিচাপ লিখি আছে আৰু তেওঁৰ সংগ্ৰামভৰা জীৱনটোৰ এটা দিন শেষ হৈছে।
মোৰ এতিয়াও মনত আছে মই মোৰ হাতত থকা কেমেৰাটোৰে মাৰ ফটো তুলিছিলো, মাৰ মুখখন আনন্দ আৰু আৱেগত উজলি উঠিছিল, যেতিয়া তেওঁ ফটোখন দেখিছিল।
























