“মই তেনে এগৰাকী মাক হ’ব বিচাৰো যিয়ে তাইৰ ল’ৰা-ছোৱালীক পুৱা জগাই দিব, সিহঁতৰ কাৰণে ৰান্ধিব, সিহঁতৰ সৈতে সময় কটাব। কিন্তু সিহঁতে উঠাৰ চাৰি ঘণ্টা আগতে মই ঘৰ এৰিব লাগে আৰু সিহঁত শোৱাৰ পিছতহে আহি ঘৰ পাও। গোটেই সপ্তাহটোত এটাই কথা ভাবি থাকো যে কেতিয়া দেওবাৰটো আহিব আৰু মই ৮ ঘণ্টা শুবলৈ পাম, তিনিসাজ ভাত খাবলৈ পাম আৰু ল’ৰা-ছোৱালীকেইটাৰ সৈতে সময় কটাব পাম,” আমুলুয়ে কয়। কিন্তু এতিয়াও সপ্তাহান্ত পৰা নাই আৰু এই প্ৰতিবেদকে তেওঁৰ লগত চেন্নাইৰ তিৰুবত্ৰিয়ুৰৰ ঠেক গলি এটাৰে খোজকাঢ়ি খোজকাঢ়ি কথা পাতিছো। পাচলিৰে ভৰা ঠেলাখন তেওঁ ঠেলি নিছে আৰু মই কলেজৰ পৰা ঘৰলৈ উভতিছো।
মই কলেজলৈ বুলি ওলাওতে পুৱাই তেওঁক দেখিছিলো আৰু এতিয়া আবেলি মই ঘৰলৈ উভতিব লৈছো, এতিয়াও তেওঁ ৰাস্তাতে আছে। লাহী পুনম শাড়ী এখন গাত মেৰিয়াই তেওঁ ১০০ কিলোমান ওজনৰ ঠেলাখন গোটেই গাৰ জোৰেৰে ঠেলি নি আছে। ২০২৪ৰ গ্ৰীষ্মকাল। তিৰুৱল্লুৰ জিলাখনত উষ্ণতা ৪৪.৩ ডিগ্ৰী চেলছিয়াচ চুইছে। কিন্তু ইবোৰে ৪১ বছৰ বয়সীয়া পাচলি বিক্ৰেতা আমুলুৰ ৰুটিনখন সলনি কৰিব পৰা নাই। আমুলু ৰাস্তাৰ কাষৰ বিক্ৰেতা ১ কোটি মহিলাৰ ৪০ শতাংশ মহিলাৰ মাজৰ এগৰাকী যিয়ে এই উষ্ণতাৰ সৈতে যুঁজি আছে। আৰু ৬৮ শতাংশ ৰাস্তাৰ কাষৰ বিক্ৰেতাৰ দৰে তেঁৱো এই উষ্ণপ্ৰৱাহৰ সময়ত এবাৰো জিৰণি নোলোৱাকৈ আৰু প্ৰায়ে দুপৰীয়াৰ আহাৰ নোখোৱাকৈ কাম কৰি আহিছে।






















