“এলুমিনিয়া পাতিৰাম (এলুমিনিয়ামৰ বাচন লগা আছে নেকি)!”
“যিমান দীঘলকৈ আৰু ডাঙৰকৈ মই চিঞৰিব পাৰো, মই চিঞৰি গ্ৰাহক বিচাৰো। লাউডস্পীকাৰৰ প্ৰয়োজন মোক নাই। মোৰ মাতটোৱেই যথেষ্ট।”
“মোৰ নাম গণেশ। চাইকেলত এলুমিনিয়াম আৰু প্লাষ্টিকৰ সামগ্ৰী বোজাই কৰি মই সেয়া বিক্ৰী কৰি ঘৰখন চলাও। আজিৰ দিনটো চলিবলৈ হ’লে কেইটামান হ’লেও কলহ বিক্ৰী কৰিবই লাগিব। বলক আগবাঢ়ি গৈ থাকো!”
মই গণেশক লগ পাইছিলো কৰাইকুড়িৰ কানাৰুকথনত। মই মানুহ এজনৰ জীৱন কাহিনী আলোকচিত্ৰৰ জৰিয়তে ধৰি ৰখাৰ বাবে তালৈ গৈছিলো। তাতেই এই ৬১ বছৰ বয়সীয়া গণেশক মই লগ পাওঁ কোটামংগলম গাঁৱত। তেওঁ ডাঙৰকৈ হাঁহি এটা মাৰি থিতাতে মোক ফটো তোলাৰ আৰু তেওঁৰ কাহিনী শুনোৱাৰ বাবে সন্মতি দিলে।






















