“মই বিস্ফোৰণৰ কাণ তাল মৰা শব্দ শুনি আৰু ধোঁৱা ওলোৱা দেখি উধাতু খাই সেইফালে দৌৰিলো। বিস্ফোৰণত কাৰখানাটোৰ বেৰবোৰ খহি গৈছিল আৰু মই দেখিছিলো লিংগচামীয়ে জ্বলি যোৱা কাপোৰেৰে অৰ্ধনগ্ন অৱস্থাত সেই ধোঁৱা আৰু ভগা ইটা-চিমেণ্টৰ মাজৰ পৰা ওলাই দৌৰিছিল। তেওঁক আমি চিকিত্সাৰ বাবে লৈ যোৱাৰ সময়ত তেওঁ মোক বাৰে বাৰে সুধিছিল যে তেওঁ জীয়াই আছে নে নাই, বাচি আছে নে নাই। দুচকীয়া বাহনখনত তেওঁ বহিব পৰা নাছিল। সেয়ে ঠেলা এখনত উঠাই তেওঁক আমি হস্পিতাললৈ লৈ গৈছিলো।” ঘটনাৰ পিছৰ দিনা মোৰেচৰণে পিছদিনা মোৰ সৈতে কথা পাতিছিল। ২০২৫ৰ ১ জুলাইত বিস্ফোৰণ ঘটা শিৱকাশিৰ সেই কাৰখানাটোৰ পৰা সামান্য দূৰত তেওঁ থাকে।
মই এদিন পিছত ঘটনাস্থলীলৈ আহিলো। কাৰখানাৰ গেটবোৰত তলা লগাই থোৱা আছিল। কাৰখানাৰ এটা ইউনিট ধ্বংস হৈ গৈছিল। আশে-পাশে তাৰ পকী ৰাস্তা নাছিল। তালৈ যোৱাৰ বাটটো বিচাৰি উলিয়াওতে মোৰ যথেষ্ট সময় লাগিছিল। মই ভাবি আচৰিত হৈছিলো যে কাৰখানাটোৰ মানুহক ২৫ কিলোমিটাৰ দূৰত থকা হস্পিতাললৈ নিওতে নিশ্চয়কৈ অসুবিধাৰ সৃষ্টি হৈছিল।




















