মই ভেল্ল’ৰ জিলাৰ চৰকাৰী আদৰ্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ কে. মুকেশ। তাত মই ফটোগ্ৰাফী ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰো। কেমেৰা কেনেকৈ চলাব লাগে আৰু কি ফটো কেনেকৈ তুলিব লাগে, সেয়া শিকি আছো। মই শিল কুৱেৰীত কাম কৰা মোৰ ৫১ বছৰীয়া পিতৃ কাথিৰভেলু কে দৰে শ্ৰমিক মানুহৰ সংগ্ৰামবোৰ ফটোৰে তুলি ধৰি আহিছো
দেউতা শিল কুৱেৰীত কাম কৰাৰ বাবে বাহিৰত থকা সময়ত মোৰ মা বাসন্তীয় কে.য়ে ঘৰখন চলায় আৰু মোৰ ১২ বছৰীয়া ভনী দৰ্শিকা আৰু মোৰো যত্ন লয়। দেউতা যতিয়া কামৰ পৰা এদিন বা দুদিনৰ বিৰতি ১৫ দিনৰ মূৰত ঘৰলৈ আহে, তেতিয়াহে তেওঁক আমি লগ পাও। তেওঁ প্ৰায়ে ভাগৰুৱা আৰু নিৰুদ্যম দেখা যায়। আৰু সেই এটা কি দুটা দিনেই তেওঁৰ সৈতে আমি সময় কটাবলৈ পাও।
তেওঁ ঘৰত থাকিলে তেওঁৰ কামৰ বিষয়ে অধিক জানিবলৈ বহু প্ৰশ্ন সোধো। তেওঁ সদায়েই ধৈৰ্য্য সহকাৰে উত্তৰ দি আহিছে। তথাপি তেওঁৰ কামৰ বিষয়ে মই কেতিয়াও ভালদৰে বুজি পোৱা নাছিলো, যেতিয়ালৈকে আমাৰ ফটোগ্ৰাফী ক্লাছৰ প্ৰশিক্ষক শ্ৰীপতিৰ দ্বাৰা উৎসাহিত হৈ আমি এদিন তেওঁৰ কৰ্মস্থলীলৈ লগত যোৱাৰ সিদ্ধান্ত লোৱা নাছিলো। মোৰ লগত মোৰ কেমেৰাটো আছিল।
যি দেখিছিলো, সেয়া লিখি পেলালো। মোৰ পিতৃৰ জীৱনটো কিছু শব্দ আৰু ভালেমান ফটোৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিলো।























