পঢ়া-শুনাত আগবাঢ়িবলৈ জছদীপ কৌৰক যেতিয়া এটা স্মাৰ্টফোন লগা হ’ল, মাক-দেউতাকে তেওঁক ১০ হাজাৰ টকা দিলে। কিন্তু সেই ধাৰ শুজিবলৈ ১৮ বছৰীয়া জছদীপে ২০২৩ত গ্ৰীষ্মৰ বন্ধৰ দিনকেইটা কঠিয়া তোলা আৰু পথাৰলৈ নিয়া কাম কৰিবলগীয়া হ’ল।

পাঞ্জাৱৰ শ্ৰী মুক্তছৰ চাহিব জিলাত দলিত পৰিয়ালৰ তেওঁ অকলে এনে কম বয়সীয়া ছোৱালী নহয়, যিয়ে পৰিয়াল চলাত সহায় কৰিবলৈ এনেদৰে পথাৰত কাম কৰিবলগীয়া হৈ আহিছে।

“এনেই চখতে আমি পথাৰত কাম কৰিবলৈ নাযাও, পৰিয়ালৰ অসহায় অৱস্থা দেখিহে সহায় কৰিবলৈ বুলি যাও,” জছদীপে কয়। তেওঁৰ পৰিয়ালটো মজহবি শিখ সম্প্ৰদায়ৰ, পাঞ্জাৱত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত; তেওঁৰ সম্প্ৰদায়ৰ প্ৰায়ভাগৰে নিজা মাটি নাই, উচ্চ জাতৰ লোকৰ ঘৰত তেওঁলোকে দিনহাজিৰা কৰে।

ম’বাইলৰ পইচা তেওঁ পাইছিল মাক-দেউতাকে ক্ষুদ্ৰ বিত্তীয় প্ৰতিস্থান এটাৰ লোৱা ৩৮,০০০ টকা ঋণৰ পৰা। ৪০ টকা প্ৰতিলিটাৰ দৰত গাখীৰ বিক্ৰীৰে তেওঁলোকৰ ঘৰখন চলাত সুবিধা হয়। শ্ৰী মুক্তচৰ চাহিব জিলাৰ খুন্দে হলাল গাঁৱত তেওঁলোকৰ দৰে মানুহৰ উপাৰ্জনৰ সুবিধা সীমিত। গাওঁখনৰ ৩৩ শতাংশ জনসংখ্যাই কৃষিশ্ৰমিক।

জুনত কলেজৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত তেওঁক এই স্মাৰ্টফোনটোৱে বৰ কামত দিলে। তেওঁ কলেজলৈ নগৈ পথাৰতে কাম কৰি থাকিল আৰু কামৰ মাজত দুঘণ্টা বিৰতি লৈ অনলাইনযোগে পৰীক্ষা দিলে। “কাম এৰিব কেনেকৈনো স্কুললৈ যাওঁ? কলেজলৈ গ’লে মোৰ হাজিৰা আধা কটা গ’লহেঁতেন,” তেওঁ সমস্যাটো বুজাই কয়।

Dalit student Jasdeep Kaur, a resident of Khunde Halal in Punjab, transplanting paddy during the holidays. This summer, she had to repay a loan of Rs. 10,000 to her parents which she had taken to buy a smartphone to help with college work
PHOTO • Sanskriti Talwar

পাঞ্জাৱৰ খুন্দে হলালৰ বাসিন্দা দলিত শিক্ষাৰ্থী জছদীপ কৌৰে বন্ধৰ দিনত কঠিয়া তোলে কলেজৰ কামত সহায় হওক বুলি স্মাৰ্টফোন কিনিবলৈ তেওঁ মাক - দেউতাকৰ পৰা লোৱা ১০ হাজাৰ টকা ঘূৰাই দিবলৈ তেওঁ এইবাৰ গ্ৰীষ্মকালত পথাৰত কাম কৰিবলগীয়া হৈছে

'We don’t labour in the fields out of joy, but out of the helplessness of our families ,' says Jasdeep. Her family are Mazhabi Sikhs, listed as Scheduled Caste in Punjab; most people in her community do not own land but work in the fields of upper caste farmers
PHOTO • Sanskriti Talwar
'We don’t labour in the fields out of joy, but out of the helplessness of our families ,' says Jasdeep. Her family are Mazhabi Sikhs, listed as Scheduled Caste in Punjab; most people in her community do not own land but work in the fields of upper caste farmers
PHOTO • Sanskriti Talwar

‘এনেই চখতে আমি পথাৰত কাম কৰিবলৈ নাযাও, পৰিয়ালৰ অসহায় অৱস্থা দেখিহে সহায় কৰিবলৈ বুলি যাও,’ জছদীপে কয়। তেওঁৰ পৰিয়ালটো মজহবি শিখ সম্প্ৰদায়ৰ, পাঞ্জাৱত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত; তেওঁৰ সম্প্ৰদায়ৰ প্ৰায়ভাগৰে নিজা মাটি নাই, উপৰ জাতৰ লোকৰ ঘৰত তেওঁলোকে দিনহাজিৰা কৰে

পাঞ্জাৱৰ শ্ৰী মুক্তচৰ জিলাৰ গভৰ্ণমেণ্ট কলেজ মুক্তচৰৰ বাণিজ্য শাখাৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী জছদীপৰ কাৰণে খেতিপথাৰৰ কাম নতুন কথা নহয়। ১৫ বছৰ বয়সৰ পৰাই তেওঁ মাক-দেউতাকৰ সৈতে খেতিপথাৰত কাম কৰি আহিছে।

“আন ল’ৰা-ছোৱালীয়ে গৰমৰ বন্ধত মামাকহঁতৰ ঘৰলৈ যায়,” তেওঁ মিচিকিয়াই হাঁহি কয়। “আমি ইফালে খেতিপথাৰত কিমান কঠিয়া কঢ়িয়াব পাৰি, তাৰে চিন্তাত থাকো।”

পৰিয়ালে ক্ষুদ্ৰ বিত্তীয় প্ৰতিস্থানৰ পৰা লোৱা ১ লাখ টকাৰ দুটা ঋণ পৰিশোধ কৰিবলৈ কম বয়সীয়া জছদীপে পৰিয়ালৰ সৈতে কঠিয়া পথাৰলৈ নিয়া কাম কৰিবলৈ লয়। দুয়োটা ঋণেই জছদীপৰ পিতৃয়ে ২০১৯ত ক্ৰয় কৰা মটৰ চাইকেল এখনৰ ঋণ পৰিশোধ কৰিবলৈ লৈছিল। পৰিয়ালটোৱে এটা ঋণত ১৭ হাজাৰ টকা আৰু আনটোত ১২ হাজাৰ টকাৰ সুত পৰিশোধ কৰে।

জছদীপৰ ভাই ১৭ বছৰীয়া মংগল আৰু জগদীপে ১৫ বছৰ বয়সৰ পৰাই পথাৰত কাম কৰিবলৈ লৈছিল। তেওঁলোকৰ মাতৃ ৩৮ বৰ্ষীয় ৰাজবীৰ কৌৰে কয় যে তেওঁলোকৰ গাঁৱৰ পৰিয়ালবোৰে ল’ৰা-ছোৱালীক সাত-আঠ বছৰমান বয়সৰ পৰাই পথাৰলৈ তেওঁলোকৰ কাম দেখুৱাবলৈ লৈ যায় যাতে “ল’ৰা-ছোৱালীয়ে দেখি দেখি সেই কাম শিকি পিছলৈ আমাক সহায় কৰিব পাৰে,” তেওঁ বুজাই কয়।

Rajveer Kaur (in red) says families of farm labourers in the village start taking children to the fields when they are seven or eight years old to watch their parents at work.
PHOTO • Sanskriti Talwar
Jasdeep’s brother Mangal Singh (black turban) started working in the fields when he turned 15
PHOTO • Sanskriti Talwar

বাওঁফালে: ৰাজবীৰ কৌৰ (ৰঙা পোচাকত)য়ে কয় যে তেওঁলোকৰ গাঁৱৰ পৰিয়ালবোৰে ল’ৰা-ছোৱালীক সাত-আঠ বছৰমান বয়সৰ পৰাই পথাৰলৈ তেওঁলোকৰ কাম দেখুৱাবলৈ লৈ যায়। সোঁফালে: জছদীপৰ ভায়েক মংগল সিঙে (ক’লা পাগুৰি) ১৫ বছৰ বয়সৰ পৰাই পথাৰত কাম কৰি আহিছে

একেই কাহিনী তেওঁলোকৰ চুবুৰীৰ নীৰুৰ পৰিয়ালটোৰো। তেওঁৰ ভনী তিনিগৰাকী আৰু বিধবা মাক। নীৰুৱে কিয় গাঁৱৰ বাহিৰলৈ কাম বিচাৰি যাব নোৱাৰে, তাৰ কাৰণ বাখ্যা কৰি কয়, “মোৰ মায়ে কঠিয়া কঢ়িয়াব নোৱাৰে, মাৰ কালা পেলিয়া (হেপাটাইটিছ চি) আছে।” এই ৰোগ থকাৰ কাৰণে ৪০ বৰ্ষীয় সুৰীন্দৰ কৌৰ সহজে জ্বৰ, টাইফয়ড আদি ৰোগত পৰাৰ সম্ভাৱনা বেছি। তেওঁ ১,৫০০ টকাৰ বিধবা পেঞ্চন পায় যদিও সেইখিনিৰে ঘৰ চম্ভালা সম্ভৱ নহয়।

সেয়ে ১৫ বছৰ বয়সৰ পৰাই নীৰু আৰু তেওঁৰ ভনীয়েকহঁতে কঠিয়া পথাৰলৈ কঢ়িয়াই নিয়া, বন নিৰোৱা আৰু কপাহ চিঙা আদি কাম কৰিবলৈ লয়। মজহবি শিখ সম্প্ৰদায়ৰ ভূমিহীন পৰিয়ালৰ বাবে আয়ৰ উৎস বুলিবলৈ এয়াই। “আমাৰ বন্ধৰ দিনবোৰ এনেকৈ পথাৰত কাম কৰোতে যায়। আমি মাত্ৰ এসপ্তাহ সময় পাওঁ, যিখিনি সময়ত আমি আমাৰ বন্ধত দিয়া গৃহকৰ্মখিনি কৰোঁ,” নীৰুৱে কয়।

কিন্তু গৰমত, বিশেষকৈ গ্ৰীষ্মৰ তপত ৰ’দত দীঘলীয়া সময়ৰ বাবে কাম কৰাটো বৰ কষ্টকৰ। তাতে আকৌ খেতিপথাৰৰ পানী গৰম হৈ যায়, কাম কৰি থকা মহিলাসকলে দুপৰীয়াৰ তপত ৰ’দত ছাঁ বিচাৰি তাতে অলপ জীৰাই আবেলি ৪ বজাত আকৌ পথাৰত নামে। শাৰীৰিকভাৱে এয়া বৰ কষ্টকৰ কাম, কিন্তু ঘৰখন চলিবলৈ ইমানখিনি কৰিবই লাগিব। জছদীপ আৰু নীৰুহঁতৰ হাতত ইয়াৰ বিকল্প নাই।

“সিহঁতৰ নামত যদি আমাৰ উপাৰ্জনৰ আটাইখিনি খৰছ কৰি পেলাও, ঘৰখন কেনেকৈ চলাম,” প্ৰতিবছৰে দিবলগীয়া হোৱা স্কুলৰ মাচুল, নতুন কিতাপ, ইউনিফৰ্ম আদিৰ প্ৰসংগত ৰাজবীৰে কয়।

“সিহঁতৰ দুজনে স্কুললৈ যাব লাগে!” নিজৰ পকী ঘৰটোৰ চোতালত মাঁঝি (ৰছীৰ বিচনা) এখনত বহি থকা ৰাজবীৰে কয়। জগদীপে লখেৱালিৰ গভৰ্মেণ্ট গাৰ্লছ চিনিয়ৰ ছেকেণ্ডাৰী স্মাৰ্ট স্কুলত পঢ়ে, তাৰ পৰা স্কুলখনলৈ ১৩ কিলোমিটাৰ বাট।

Jasdeep drinking water to cool down. Working conditions in the hot summer months are hard and the labourers have to take breaks
PHOTO • Sanskriti Talwar
Rajveer drinking water to cool down. Working conditions in the hot summer months are hard and the labourers have to take breaks
PHOTO • Sanskriti Talwar

দৰ তাপ সহ্য কৰিব নোৱাৰা হৈ অহাত জছদীপ ( বাওঁফালে ) আৰু ৰাজবীৰে ( বাওঁফালে ) পানী খাইছে গ্ৰীষ্মৰ চোকা ৰ দত কাম কৰাটো বৰ কষ্টকৰ , পথাৰত কাম কৰা শ্ৰমিকে মাজে মাজে বিৰতি ল বলগীয়া হয়

“ছোৱালীজনীৰ স্কুললৈ অহা-যোৱাৰ নামত মাহে আমাৰ ১,২০০ টকা যায়। তাৰোপৰি সিহঁতৰ এচাইনমেণ্টৰ নামত আৰু অলপ পইচা খৰছ কৰিবলগীয়া হয়,” জয়দীপে কয় আৰু অসন্তুষ্টি ব্যক্তি কৰি যোগ দিয়ে, “আন বিভিন্ন খৰছ থাকেই।”

গ্ৰীষ্মৰ বন্ধৰ পিছত, জুলাইত মংগল আৰু জগদীপে স্কুলৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব। পৰিয়ালটোৱে সিহঁতক গ্ৰীষ্মৰ বন্ধৰ শেষৰফালে কেইটামান দিন কামলৈ নিনিয়াৰ কথা চিন্তা কৰিছে, যাতে সিহঁতে পঢ়াত ভালদৰে মনযোগ দিব পাৰে।

জছদীপে বিশ্বাস কৰে যে তেওঁৰ ভনীয়েককেইজনীৰ পৰীক্ষা ভাল হ’ব। কিন্তু গাওঁখনৰ আন বহুতৰে পৰীক্ষা ভাল নহ’বও পাৰে। “পঢ়াত সিহঁতৰ কষ্ট হয় আৰু তাকে লৈ সিহঁতৰ চিন্তা হয়,” মাঁঝিত নিজৰ মাকৰ কাষত বহি জছদীপে কয়। যুৱতীগৰাকীয়ে নিজাকৈ চেষ্টা নকৰা নহয়, কলেজীয়া দলিত ছোৱালীৰ গোট এটা বনাই তেওঁলোকে নিজৰ সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীখিনিক আবেলি সময়ত বিনামূলীয়াকৈ পঢ়ায়। জুন মাহত তেওঁলোকৰ প্ৰায় সকলোৱে পুৱা ৪ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে খেতিপথাৰৰ কামত ব্যস্ত থকা কাৰণে নিয়মীয়াকৈ পাঠদান কৰিব পৰা নাই।

*****

ভূমিহীন কৃষিশ্ৰমিকৰ বাবে কঠিয়া তুলি পথাৰলৈ নিয়াটো বছৰটোৰ নিৰ্দিষ্ট এক ঋতুত কৰা জীৱিকাৰ কেইটামান উপায়ৰ এটা। প্ৰতিটো পৰিয়ালক কঠিয়া তুলি নিয়াৰ হৈ এক একৰ মাটিৰ হিচাপত ৩,৫০০ টকা দিয়া হয়। কঠিয়াতলিখন দুই কিলোমিটাৰমান দূৰত থাকিলে তেওঁলোকক অতিৰিক্ত ৩০০ টকা দিয়া হয়। দুটা বা ততোধিক পৰিয়াল যদি কামটোত থাকে, তেতিয়া তেওঁলোকে দিনে গাইপতি ৪০০ৰ পৰা ৫০০ টকা মজুৰি পায়।

কিন্তু খুন্দে হলালৰ ভালেমান পৰিয়ালে আজিকালি বাৰিষাৰ দিনত কাম কমকৈ পোৱা হৈছে বুলি কয়। উদাহৰণ স্বৰূপে জছদীপ আৰু তেওঁৰ পৰিয়ালটোৱে এইবাৰ ২৫ একৰ মাটিত এইবাৰ কঠিয়া ৰুব পাৰিছে, যোৱা বছৰতকৈ পাঁচ একৰ কম। তেওঁলোক তিনিজনৰ প্ৰত্যেকেই ১৫ হাজাৰ টকাকৈ উপাৰ্জন কৰিছিল। সৰু কেইগৰাকীয়ে বাৰিষা ১০ হাজাৰ টকাকৈ উপাৰ্জন কৰিছিল।

Transplanting paddy is one of the few seasonal occupations available to labourers in this village. As they step barefoot into the field to transplant paddy, they leave their slippers at the boundary
PHOTO • Sanskriti Talwar
Transplanting paddy is one of the few seasonal occupations available to labourers in this village. As they step barefoot into the field to transplant paddy, they leave their slippers at the boundary
PHOTO • Sanskriti Talwar

এইখন গাঁৱত কঠিয়া তুলি নিয়া আৰু পথাৰত ৰোৱা কামটো ( সোঁফালে ) শ্ৰমিকে বছৰটোৰ নিৰ্দিষ্ট কেইটামান ঋতুত পোৱা কেইটামান কামৰ এটা পথাৰত নমাৰ সময়ত তেওঁলোকে চেন্দেলবোৰ আলিত থৈ যায়

Jasdeep’s father Jasvinder Singh loading paddy from the nurseries for transplanting.
PHOTO • Sanskriti Talwar
Each family of farm labourers is paid around Rs. 3,500 for transplanting paddy on an acre of land. They earn an additional Rs. 300 if the nursery is located at a distance of about two kilometres from the field
PHOTO • Sanskriti Talwar

বাওঁফালে : জছদীপৰ পিতৃ জছৱিন্দৰ সিঙে কঠিয়াতলিৰ পৰা কঠিয়াবোৰ গাড়ীত তুলি দিছে সোঁফালে : কৃষিশ্ৰমিকৰ প্ৰতিটো পৰিয়ালক এক একৰ মাটিৰ কঠিয়া ৰোৱাৰ বিনিময়ত ৩ , ৫০০ টকা দিয়া হয় কঠিয়াতলিখন পথাৰৰ পৰা যদি দুই কিলোমিটাৰমান দূৰত হয় , তেতিয়া অতিৰিক্ত ৩০০ টকা পায়

উপাৰ্জনৰ আন এটা উপায় হৈছে শীতকালি কপাহ চিঙা। সেই কামটো আজিকালি নোপোৱা হৈছে, জছদীপে কয়, “কীট-পতগংৰ আক্ৰমণ আৰু ভু-জলৰ পৰিমাণ কমি অহা কাৰণে কপাহৰ খেতি আজি ১০ বছৰমানৰ পৰা মানুহে নকৰা হৈছে।”

কামৰ সুবিধা নথকা কাৰণে বহু কৃষিশ্ৰমিকে আন কিছুমান কাম কৰিবলৈ লৈছে। জছদীপ কৌৰৰ পিতৃ জছৱিন্দৰে ৰাজমিস্ত্ৰীৰ কাম কৰিছিল, কিন্তু দেহৰ নিম্নভাগত বিষ হোৱা কাৰণে তেওঁ সেই কাম এৰিবলৈ বাধ্য হয়। ২০২৩ৰ জুলাইত ৪০ বৰ্ষীয় জছৱিন্দৰে যাত্ৰী অনা-নিয়া কৰিবলৈ ব্যক্তিগত বেংক এটাৰ পৰা মহিন্দ্ৰা বলেৰ’ গাড়ী এখন ক্ৰয় কৰে। তেওঁ এতিয়াও খেতিপথাৰত হাজিৰা কাম কৰে। পৰিয়ালটোৱে গাড়ীখনৰ নামত লোৱা ঋণখিনি পাঁচ বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব।

দুটা বছৰ আগলৈকে নীৰুৰ পৰিয়ালটোৱে গ্ৰীষ্মকালত অতিকমেও ১৫ একৰ মাটিৰ মাটিত ভূঁই ৰুইছিল। এইবছৰ তেওঁলোকে মাত্ৰ দুই একৰ মাটিতহে পশুধনৰ খাদ্যৰ বিনিময়ত কঠিয়া ৰুইছে।

২০২২ত নীৰুৰ ডাঙৰজনী ভনীয়েক ২৫ বৰ্ষীয় শিখাছে ঘৰৰ পৰা ২৬ কিলোমিটাৰ দূৰৰ ডোবাত মেডিকেল লেবৰেটৰি সহায়ক হিচাপে কাম কৰিবলৈ লয়। তেওঁ পোৱা মাহিলী ২৪ হাজাৰ টকা বেতনে পৰিয়ালটোক ভালেখিনি সকাহ দিয়ে। তেনেকৈ তেওঁলোকে এজনী গাইগৰু আৰু ম’হ আনে। ওচৰে-পাজৰে যাবলৈ ছোৱালীকেইজনীয়ে এখন ছেকেণ্ড-হেণ্ড মটৰ চাইকেলো আনে। নীৰুৱে ভনীয়েকৰ দৰেই লেবৰেটৰী সহায়ক হোৱাৰ বাবে পঢ়ি আছে আৰু তেওঁৰ পঢ়াৰ মাচুল গাওঁখনৰ কল্যাণমূলক ছ’চাইটি এখনে বহন কৰে।

তেওঁলোকৰ একেবাৰে সৰুজনী ভনী ১৪ বৰ্ষীয় কমলে খেতিপথাৰৰ কামত সহায় কৰে। একাদশ শ্ৰেণীৰ ছাত্ৰী কমলে জগদীপৰ সৈতে একেখন স্কুলতে পঢ়ে। তেঁৱো নিজৰ পঢ়া-শুনা আৰু পথাৰৰ কামৰ মাজত কোনোমতে ভাৰসাম্য ৰাখি চলাৰ চেষ্টা কৰি আছে।

Sukhvinder Kaur and her daughters Neeru and Kamal (left to right)
PHOTO • Sanskriti Talwar
After Neeru’s elder sister Shikhash began working as a medical lab assistant in 2022, the family bought a cow and a buffalo to support their household expenses by selling milk
PHOTO • Sanskriti Talwar

বাওঁফালে: সুখৱিন্দৰ কৌৰ আৰু তেওঁৰ জীয়ৰী নীৰু আৰু কমলে (বাওঁফালৰ পৰা সোঁফাললৈ) পশুখাদ্যৰ বিনিময়ত দুই একৰ মাটিত ভূঁই ৰুইছে। সোঁফালে: নীৰুৰ ডাঙৰজনী ভনীয়েক শিখাছে মেডিকেল লেবৰেটৰি সহায়ক হিচাপে কাম আৰম্ভ কৰাৰ পিছৰ পৰা পৰিয়ালটোৱে সামান্য সকাহ পাইছে, এটা গাইগৰু আৰু এটা ম’হ অনাত গাখীৰ বিক্ৰী কৰি পৰিয়ালটো চলাত সুবিধা হৈছে

*****

“খেতিয়কে আজিকালি ডি.এছ.আৰ. পদ্ধতি ব্যৱহাৰ কৰিবলৈ লোৱাত গাওঁখনৰ কৃষিশ্ৰমিকে আজিকালি এইটো ঋতুত কেৱল ১৫ দিনমানৰহে কাম পায়,” পাঞ্জাৱ খেত মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তাৰ্ছেম সিঙে কয়। আগতে কৃষিশ্ৰমিকে কেৱল কঠিয়া তুলি পথাৰত ৰোৱা কামটো কৰি খেতিৰ বতৰত ২৫ হাজাৰ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ পাৰিছিল।

কিন্তু এতিয়া, “বহু খেতিয়কে মেচিনেৰে চিধি বিজাই (পোনপটীয়াকৈ ডি.এছ.আৰ. পদ্ধতিৰে বীজ সিচা) কৰিবলৈ লৈছে। এই মেচিনে মজদুৰৰ পেটৰ ভাত মাৰিছে,” জছদীপৰ মাতৃ ৰাজবীৰে দুখেৰে কয়।

নীৰুৱে কয়, “সেয়ে গাঁৱৰ মানুহে দূৰ-দুৰণিৰ গাঁৱলৈ কাম বিচাৰি যাবলৈ লৈছে।” কিছুমান শ্ৰমিকে ভাবে যে ৰাজ্য চৰকাৰে ডি.এছ.আৰ. প্ৰযুক্তি আদৰি লোৱা খেতিয়কক ১,৫০০ টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে মেচিনৰ ব্যৱহাৰ বাঢ়িছে।

খুন্দে হলাল গাঁৱত ৪৩ একৰ খেতিমাটি থকা গুৰপিন্দৰ সিঙে যোৱা দুটা ঋতুত ডি.এছ.আৰ. পদ্ধতি ব্যৱহাৰ কৰি খেতি কৰি আহিছে। তেওঁ আঙুলিয়াই দি কয়, “মেচিনেৰে ধান ৰোৱা আৰু মানুহে ৰোৱাৰ মাজত একো পাৰ্থক্য নাই। পোনপটীয়াকৈ শ্ৰমিকে বীজ সিচিলে কেৱল পানী বাচে, পইচা নাবাচে।”

Gurpinder Singh
PHOTO • Sanskriti Talwar
Gurpinder Singh owns 43 acres of land in Khunde Halal and has been using the DSR method for two years. But he still has to hire farm labourers for tasks such as weeding
PHOTO • Sanskriti Talwar

গুৰপীন্দৰ সিঙৰ (বাওঁফালে) খুন্দে হলাল গাঁৱত ৪৩ একৰ খেতিমাটি আছে, তেওঁ যোৱা দুটা বছৰে ডি.এছ.আৰ পদ্ধতিত খেতি কৰি আহিছে। কিন্তু বন নিৰোৱা আদি কামত তেওঁ এতিয়াও শ্ৰমিক নিয়োগ কৰিবলগা হয়

Mangal, Jasdeep and Rajveer transplanting paddy in the fields of upper caste farmers
PHOTO • Sanskriti Talwar
Mangal, Jasdeep and Rajveer transplanting paddy in the fields of upper caste farmers
PHOTO • Sanskriti Talwar

বাওঁফালে: উচ্চ জাতৰ খেতিয়কৰ খেতিপথাৰত মংগল, জছদীপ আৰু ৰাজবীৰে কঠিয়া ৰুইছে

৫৩ বৰ্ষীয় গুৰপীন্দৰ সিঙে কয় যে ডি.এছ.আৰ. পদ্ধতি ব্যৱহাৰ কৰি তেওঁ বীজৰ পৰিমাণ দুগুণ কৰিব পাৰিছে।

কিন্তু এই পদ্ধতিত খেতিপথাৰ শুকান হৈ পৰে আৰু এন্দুৰ-নিগনিয়ে শস্য নষ্ট কৰাৰ সম্ভাৱনা বাঢ়ি যায়। “ডি.এছ.আৰ. পদ্ধতিত খেতি কৰিলে বনো বেছিকৈ গজে কাৰণে আমি অপতৃণনাশকো বেছিকৈ ছটিয়াব লাগে। শ্ৰমিকে ভূঁই ৰুলে তাত বেছি বন নিৰাবলগীয়া নাথাকে,” তেওঁ কয়।

সেয়ে বন নিৰাবলৈ শেষত গুৰপিন্দৰৰ দৰে খেতিয়কে শেষত শ্ৰমিক লগাবলগীয়া হয়।

“নতুন পদ্ধতিৰে যদি খেতি কৰিলে একো লাভ নহয়, তেন্তে খেতিয়কে কৃষিশ্ৰমিকক নিয়োগ নকৰে কিয়?” মজহবি শিখ সম্প্ৰদায়ৰ তাৰ্ছেমে প্ৰশ্ন উত্থাপন কৰে। খেতিয়কসকলে কীটনাশক বিক্ৰেতাৰ পকেট গৰম কৰিব পাৰে, কিন্তু “মজদুৰাঁ দে টা কল্লা হাথ হি হ্যে, ঔভি য়ে খালি কৰঞ্চে লগ্গে হ্যে (কৃষিশ্ৰমিকক কামৰ পৰা বঞ্চিত কৰিব পাৰিছে),” তেওঁ কয়।

অনুবাদ: পংকজ দাস

Sanskriti Talwar

سنسکرتی تلوار، نئی دہلی میں مقیم ایک آزاد صحافی ہیں اور سال ۲۰۲۳ کی پاری ایم ایم ایف فیلو ہیں۔

کے ذریعہ دیگر اسٹوریز Sanskriti Talwar
Editor : Sarbajaya Bhattacharya

سربجیہ بھٹاچاریہ، پاری کی سینئر اسسٹنٹ ایڈیٹر ہیں۔ وہ ایک تجربہ کار بنگالی مترجم ہیں۔ وہ کولکاتا میں رہتی ہیں اور شہر کی تاریخ اور سیاحتی ادب میں دلچسپی رکھتی ہیں۔

کے ذریعہ دیگر اسٹوریز Sarbajaya Bhattacharya
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das