“ক’ভিড-১৯ যদি নোহোৱা নহয়, তেন্তে মোৰ পথাৰত ধানখেতি এইবাৰে শেষবাৰ,” মধ্য কাশ্মীৰৰ গাণ্ডাৰবল জিলাৰ নাগবাল গাঁৱত নিজৰ পৰিয়ালৰ ধাননি পথাৰত দিনটো কটোৱাৰ পিছত পৰিশ্ৰান্ত আব্দুল ৰহমানে পত্নী হালীমাই ষ্টীলৰ পাত্ৰত দিয়া পানী খাই কয়।
১০ বছৰৰ পিছত পৰিয়ালৰ ১ একৰতকৈ কম খেতি মাটিত তেওঁ এইবাৰ ধানখেতি কৰিছে - “মই আজিকালি নিজে কাম নকৰো, কাৰণ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে (মূলতঃ বিহাৰ আৰু উত্তৰ প্ৰদেশৰ) কম সময়তে বেছি কাম কৰে আৰু মোৰ টকা ৰাহি হয়,” তেওঁ কয়। “কিন্তু এতিয়া বাহিৰৰ শ্ৰমিকসকল যদি নাহে, তেন্তে মই ধানখেতি এৰিব লাগিব,” অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী ৬২ বছৰ বয়সীয়া ৰেহমানে কয়।
“প্ৰায় ১৫ বছৰৰ পিছত মই এইবাৰ মোৰ পথাৰলৈ ধান চপোৱাৰ বতৰত আহিলো। আমি আনকি ধান কেনেকৈ কাটে তাকো পাহৰি গৈছো,” ৬০ বছৰীয়া হালীমাই কয়। যোৱা মাহত ধান কটাৰ সময়ত দুই কিলোমিটাৰ দূৰত থকা তেওঁলোকৰ ঘৰৰ পৰা স্বামী আৰু পুত্ৰৰ বাবে তেওঁ আহাৰ লৈ আহিছে। ২৯ বছৰীয়া পুত্ৰ আলি মহম্মদে আন সময়ত বালি মহল আৰু নিৰ্মাণ ক্ষেত্ৰত দিনমজুৰ হিচাপে কাম কৰে।
মধ্য কাশ্মীৰত খেতি পথাৰত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে সাধাৰণতে ১ কানাল মাটিৰ ধান কাটিবলৈ ১০০০ টকা লয় (৮ কানালে ১ একৰ হয়) আৰু ৪-৫ জনৰ শ্ৰমিকৰ একোটা গোটে এদিনত ৪-৫ কানাল মাটিৰ ধান কাটিব পাৰে। স্থানীয় শ্ৰমিকে বেছি মজুৰি বিচাৰে, প্ৰতিজন শ্ৰমিকে দিনে ৮০০ টকা মজুৰি বিচাৰে তথা সাধাৰণতে চাৰিজন স্থানীয় শ্ৰমিকে এদিনত ১ কানাল মাটিৰ ধান কাটিব পাৰে (কেতিয়াবা ১.২ বা ২ কানালৰ ধান কাটে)। ইয়াৰ ফলত প্ৰতি কানালৰ ধান কটাৰ বাবে ৩২০০ টকা ভৰিবলগীয়া হয়।
মাৰ্চত আৰম্ভ হোৱা তলাবন্ধৰ সময়ৰ পৰা ২০১৯ৰ আগষ্টত সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰাৰ বাবে আৰম্ভ হোৱা জম্মু-কাশ্মীৰ বন্ধৰ পিছত ক’ৰনাৰ কাৰণে তলাবন্ধ আৰম্ভ হ’ল। ফলস্বৰূপে ২৪ ঘণ্টাৰ ভিতৰত কাশ্মীৰ এৰি যাবলৈ সকলো অনা-কাশ্মীৰী লোকক নিৰ্দেশ দিয়া হ’ল। গতিকে খেতিপথাৰৰ কাম কৰিবলৈ এজনো প্ৰব্ৰজনকাৰী শ্ৰমিক পাবলৈ নোহোৱা হ’ল। এপ্ৰিল-মে’ৰ সময়ত ধানখেতিৰ বতৰত অ’ত-ত’ত থাকি যোৱা দুই-এজন শ্ৰমিক পোৱা গৈছিল, কিন্তু আগষ্ট-ছেপ্টেম্বৰ মাহত ধান কটাৰ সময়খিনি ইয়াত বৰ কষ্টকৰ হয়, কৃষকসকলে কয়।
নাগবালৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৰ দাৰেন্দ গাঁৱৰ ইশটিয়াক আহমেদ ৰাথেৰৰ সাত কানাল খেতিৰ মাটি আছে আৰু তেওঁ দিন মজুৰ হিচাপে কাম কৰে। তেওঁ কয়, “স্থানীয় চাৰিজন শ্ৰমিকে ১ কানাল মাটিৰ ধান কাটিবলৈ ৩২০০ টকা লয়। আমি ইমানকৈ দিব নোৱাৰো। আৰু এতিয়া আমি ধান কটাৰ কামত অনভিজ্ঞ দিন হাজিৰা কৰা শ্ৰমিককহে কামত লগাব লাগিব। কিন্ত আমি অসহায়, অহা বছৰ ধান খেতিৰ বাবে পথাৰখন সাজু কৰিবলৈ আমি ধান কাটিব লাগিব। একেটা কামৰ বাবে প্ৰব্ৰজনকাৰী শ্ৰমিকে মাত্ৰ ১০০০ টকা লয়।”
ৰবি শস্যৰ বতৰত আহমদ ৰাথেৰ আৰু আন কিছুসংখ্যক খেতিয়কে সৰিয়হ, মটৰমাহ আৰু আন কেইবিধমান শস্যৰ খেতি কৰে। গাণ্ডাৰবলত কম পৰিমাণে খেতিমাটি থকা খেতিয়ক পৰিয়ালে ঘাইকৈ ধানখেতি কৰে। তেওঁলোকে তিনিবিধ ধানৰ খেতি কৰেঃ শালিমাৰ-৩, শালিমাৰ-৪ আৰু শালিমাৰ-৫। কৃষি বিভাগৰ সঞ্চালক ছৈয়দ আলতাফ এজাজ আন্দ্ৰাবিয়ে কয়।
কাশ্মীৰৰ কৃষি বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ তথ্য মতে মুঠ কৃষিভূমি (৪.৯৬ লাখ হেক্টৰৰ)ৰ প্ৰায় ২৮ শতাংশ অৰ্থাৎ ১.৪১ লাখ হেক্টৰ মাটিত ধানখেতি কৰা হয়। “ইয়াত ধান ঘাই খেতি (খাদ্যশস্য) আৰু কাশ্মীৰী ধানৰ সোৱাদ আন ক’তো পোৱা নাযাব,” আন্দ্ৰাবিয়ে কয়। জলসমৃদ্ধ কাশ্মীৰ উপত্যকাত প্ৰতি হেক্টৰ মাটিত প্ৰায় ৬৭ কুইণ্টল ধান উৎপাদন হয়। ধানখেতিয়ে বহুত দিনমজুৰিৰ কামৰ সুযোগ দিছে আৰু ইয়াৰ ধান খেতি কৰা অধিকাংশ পৰিয়ালে উৎপাদিত ধান নিজৰ খাদ্য হিচাপে ব্যৱহাৰ কৰে। বিশেষকৈ হাড় কঁপোৱা জাৰৰ কষ্টকৰ দিনবোৰত এই ধানৰ ওপৰত নিৰ্ভৰ কৰে।
কিন্ত এই বছৰ, ৰহমান আৰু ৰাথেৰৰ দৰে খেতিয়কসকলে - যিসকলৰ কম পৰিমাণৰ খেতি পথাৰ আছে, তেওঁলোকে দুটা পৰ্যায়ত লোকচান ভৰিবলগীয়া হৈছে। তলাবন্ধৰ কাৰণে তেওঁলোকে বা তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ কেইবামাহ ধৰি দিনমজুৰিৰ উপাৰ্জন বন্ধ হৈ আছে। ইয়াত সাধাৰণতে দৈনিক মজুৰি ৬০০ টকা। ইটাভাতী, বালিৰ মহল বা নিৰ্মাণ খণ্ডত এনে কাম পোৱা যায়। শেহতীয়া ধান কটাৰ বতৰৰ এই কেইটামান সপ্তাহত তেওঁলোকৰ উপায় নোহোৱা হৈছে, স্থানীয় শ্ৰমিকক ধান কাটিবলৈ লগালে দিবলগীয়া অতিৰিক্ত মজুৰিও তেওঁলোকে দিব নোৱাৰে।
এনে কঠোৰ সংগ্ৰামৰ মাজত সময় কটোৱাসকলৰ মাজৰ এজন হৈছে ৩৮ বছৰীয়া ৰিয়াজ আহমদ মিৰ, তেওঁৰ ঘৰ মধ্য কাশ্মীৰৰ বুড়গাম জিলাৰ কাৰিপোৰা গাঁৱত। তলাবন্ধৰ কাৰণে তেওঁ বালি খন্দা কাম বাদ দিলে আৰু তেওঁৰ ১২ কানাল মাটিৰ ধান খেতি ভাল হোৱাৰ আশা পালি আছিল। “এতিয়া মোৰ মাটিখিনিৰ ওপৰতে মোৰ আশা-ভৰসা, কিন্তু বৰষুণে (ছেপ্টেম্বৰৰ আগভাগত) মোৰ বেছিভাগ ধান নষ্ট কৰিলে,” কেইবা সপ্তাহমানৰ আগতে তেওঁ মোক কৈছিল। “মই ভাবিছিলো যে প্ৰব্ৰজনকাৰী শ্ৰমিক ইয়ালৈ আহিব, তেওঁলোকৰ খৰতকীয়াকৈ ধান কটাৰ দক্ষতাৰে অলপ ধান বচাব পৰা গ’লেহেঁতেন।”
নিজৰ চাৰি কানাল মাটিত খেতি কৰা দাৰেন্দ গাঁৱৰ ৫৫ বছৰীয়া আব্দুল হামিদ পাৰাইও একে আশা কৰিছিলঃ “প্ৰথমবাৰৰ বাবে এইবাৰ ধান কটাৰ সময়ত কাশ্মীৰত ধাননি পথাৰত প্ৰব্ৰজনকাৰী শ্ৰমিক নাই (সংখ্যাত কম হ’লেও যোৱা বছৰলৈকে প্ৰব্ৰজনকাৰী শ্ৰমিক আছিল)।” “সান্ধ্য আইন, তলাবন্ধ, হৰতালৰ সময়তো আমি কাম কৰিছিলো, কিন্তু ক’ভিডৰ সময়ৰ কথা সুকীয়া। মোৰ আশা যে ভৱিষ্যতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল কাশ্মীৰৰ খেতি পথাৰলৈ ঘৰি আহিব।”
এই আশা নিশ্চয় বাস্তৱায়িত হ’ব। যোৱা দুটা সপ্তাহত আন ৰাজ্যৰ কিছুসংখ্যক শ্ৰমিক কাশ্মীৰ উপত্যকালৈ অহা আৰম্ভ কৰিছে।
অনুবাদ - পংকজ দাস