তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ আন্নাৰাম গাঁৱৰ এটা ইটাভাতীত কাম কৰা কুনি তামালিয়াই সুধিছে, "মোৰ ওচৰত মোবাইল ফোন নাই, মই চৰকাৰৰ ওচৰত কেনেকৈ পঞ্জীয়ন কৰিব পাৰোঁ?" তেওঁলোকে ভাবিছিল যে হয়তো আমি তেওঁলোকক শ্ৰমিক বিশেষ ৰে’লৰ বাবে তেওঁলোকৰ নাম পঞ্জীয়ন কৰাত সহায় কৰিম যাতে তেওঁলোকে তেওঁলোকৰ সন্তানৰ সৈতে ওড়িশাৰ তেওঁলোকৰ ঘৰলৈ উভতি যাব পাৰে।

তেলাংগনা চৰকাৰৰ ৱেবছাইটত প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে পৰিবহণ সম্পৰ্কীয় তেওঁলোকৰ অনুৰোধ পঞ্জীয়ন কৰিবলৈ এটা মোবাইল নম্বৰ দিব লাগে – আৰু ওড়িশা চৰকাৰে সেই প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘূৰাই অনাৰ দাবী জনাইছে।

"আৰু মই তেওঁলোকৰ আধাৰ কাৰ্ডবোৰ গাৱঁত এৰি আহিছিলো। তেওঁলোকক ৰেলত উঠিবলৈ অনুমতি দিয়া হ'ব নে?" তেওঁ নিজৰ ১৫ বছৰীয়া পুত্ৰ ভক্ত আৰু ৯ বছৰীয়া জগন্নাথলৈ উদ্বিগ্নতাৰে চাই সুধিলে। কুনিয়ে কৈছিল যে তেওঁৰ বয়স প্ৰায় ৪০ বছৰ, যদিও তেওঁৰ আধাৰ কাৰ্ড অনুসৰি তেওঁৰ বয়স ৬৪ বছৰ। "কাৰ্ডখনত কি লিখা আছে মই নাজানো; তেওঁলোকে কম্পিউটাৰত কেৱল এইটো ৰাখিছিল।"

তেওঁ ২০১৯ চনৰ নৱেম্বৰৰ পৰা ভাতীত কাম কৰা আৰম্ভ কৰিছিল, আৰু মে’ মাহৰ শেষত তেওঁৰ কাম সমাপ্ত কৰি ওড়িশালৈ উভতি যোৱাৰ কথা আছিল। কিন্তু লকডাউনে প্ৰথমবাৰলৈ ইটা ভাতীৰ কাম হাতত লোৱা বিধৱা কুনিৰ বাবে সকলো অনিশ্চিত কৰি তুলিছিল৷ তেওঁৰ আৰু তেওঁৰ সন্তানক বৌধ জিলাৰ কান্তমাল ব্লকত থকা তেওঁলোকৰ গাওঁ ডেমুহানিৰ পৰা ট্ৰাকেৰে গুম্মাদিদালা মণ্ডলৰ আন্নাৰামলৈ অনা হৈছিল।

কুনিয়ে তেওঁৰ সন্তানৰ সৈতে আন্নাৰামলৈ অহাৰ কেইসপ্তাহমান পিছত ৪২ বছৰীয়া সুমিত্ৰা প্ৰধানে তেওঁৰ ৪০ বছৰীয়া স্বামী গোপাল ৰাউত আৰু তেওঁলোকৰ পাঁচটা সন্তানৰ সৈতে ওড়িশাৰ পৰা তাত উপস্থিত হৈছিল। তেওঁলোকে ৭-৮ বছৰ ধৰি বালাংগীৰৰ তিতলাগড় ব্লকৰ সাগৰঘাট গাঁৱৰ পৰা ভাতীলৈ আহি আছে। তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ ২০ বছৰীয়া ৰাজুৱেও তেওঁৰ পিতৃ-মাতৃৰ সৈতে কাম কৰে। ঘৰ এৰি যোৱাৰ আগতে ঠিকাদাৰে তেওঁলোকক তিনিওজনৰ বাবে ইটা বাহক হিচাপে কাম কৰিবলৈ অগ্ৰীম ধন হিচাপে মুঠ ৭৫,০০০ টকা দিছিল।

Left: Kuni Tamalia and son Jagannadh near their small home made with loosely stacked bricks. Right: Sumitra Pradhan, Gopal Raut and daughter Rinki
Left: Kuni Tamalia and son Jagannadh near their small home made with loosely stacked bricks. Right: Sumitra Pradhan, Gopal Raut and daughter Rinki
PHOTO • Varsha Bhargavi

বাওঁফালে: কুনি তামালিয়া আৰু পুত্ৰ জগন্নাথ৷ আধাভঙা ইটাৰে নিৰ্মিত তেওঁলোকৰ সৰু ঘৰটোৰ কাষত সোঁফালে : সুমিত্ৰা প্ৰধান , গোপাল ৰাউত আৰু জীয়ৰী ৰিংকী

এই ঋতুত কেইমাহমান ভাতীত কাম কৰাৰ পিছত, মাৰ্চত ক’ভিড-১৯-ৰ নতুনকৈ উত্থান হ’বলৈ ধৰাৰ লগে লগে সুমিত্ৰা ভাইৰাছটোৰ বিষয়ে চিন্তিত হৈ পৰে। তেওঁলোকে আশংকা কৰিছিল যে তেওঁলোকৰ সৰু ল'ৰা-ছোৱালী – ৯ বছৰীয়া যুগল, ৭ বছৰীয়া ৰিংকী আৰু ৪ বছৰীয়া ৰূপা সংক্ৰমিত হ'ব। "আমি শুনিছোঁ যে ক’ৰোনাই ১০ বছৰৰ তলৰ শিশুক আক্ৰান্ত কৰে। আমি উভতি যাব বিচাৰো, কিন্তু মালিকে কয় যে আমি ওড়িশালৈ যোৱাৰ পূৰ্বে এতিয়াও এসপ্তাহৰ কাম বাকী আছে। কিন্তু এতিয়া আমি আনকি যাবও নোৱাৰো কাৰণ আমি শুনিছো যে ৰে’লখনৰে যাবলৈ আমি তেলাংগনা চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব," তেওঁ কয়।

২২ মে'ত, যেতিয়া আমি শ্ৰমিকসকলক লগ পাইছিলো, সেই সময়ত আন্নাৰামৰ দেহৰ উষ্ণতা আছিল ৪৪ ডিগ্ৰী চেলচিয়াছ। কুনিয়ে ইটা কঢ়িওৱাৰ কামৰ পৰা এঘণ্টাৰ বাবে বিৰতি লৈছিল। তেওঁ আমাক ইটাৰ টুকুৰাৰে তৈয়াৰ কৰা তেওঁৰ সৰু জুপুৰিটোলৈ লৈ গৈছিল –ক’বলৈ গ’লে জুপুৰিটোৰ ভিতৰত দৰাচলতে কোনো ঠায়েই নাছিল। চালৰ আধা অংশত এখন এচবেষ্টছৰ শ্বীট লগোৱা হৈছিল, আনহাতে চালৰ বাকী আধা অংশ প্লাষ্টিকৰ শ্বীটেৰে ঢাকি থোৱা আছিল, তাৰ ওপৰত শিল ৰখা হৈছিল যাতে ই ইয়াৰ নিজৰ ঠাইৰ পৰা লৰচৰ নকৰে। কিন্তু সেয়া গৰমৰ পৰা ৰক্ষা পৰিবলৈ পৰ্যাপ্ত নাছিল। আমাৰ সৈতে কথা পাতি পাতি কুনিয়ে বাকী থকা চাউলখিনি লৰাই দিছিল যি এতিয়াও মাটিৰ মজিয়াত নিৰ্মিত অস্থায়ী চৌকাৰ জুইত গৰমহৈ আছিল।

তেওঁ কৈছিল যে সপ্তাহত ছয় দিন তেওঁ ইটাভাতীত কাম কৰে, পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ। তেওঁলোকে দিনত দুবাৰকৈ কামৰ পৰা বিৰতি পাইছিল - ৰাতিপুৱা এঘণ্টা আৰু দুঘণ্টা আবেলি- ৰান্ধিবলৈ, গা ধুবলৈ, খাদ্য খাবলৈ আৰু বাচন-বৰ্তন, কাপোৰ ধুবলৈ৷ ভাতীত কাম কৰা আনসকলে কেৱল এবাৰহে বিৰতি পাইছিল। "তেওঁলোক ইটা তৈয়াৰ কৰা শ্ৰমিক। মই কেৱল ইটা কঢ়িওৱা শ্ৰমিক। তেওঁলোকে দীঘলীয়া সময়ৰ বাবে একেৰাহে কাম কৰে য'ত তেওঁলোকে ইটা তৈয়াৰ কৰে। তেওঁলোকে আমাতকৈ ভাল দৰমহা পায়। মোৰ কামটো তেওঁলোকতকৈ সহজ," তেওঁ কৈছিল।

ভাতীৰ পৰা ইটা শুকুওৱা ঠাইখনলৈ যাবলৈ প্ৰায় ১০ মিনিট সময় লাগে। এই সময়ছোৱাতকুনিয়ে ইটাবোৰ তাইৰ মূৰত ৰাখিসেইবোৰ কঢ়িয়াই আনে আৰু তাত আনলোড কৰাৰ পিছত পুনৰ ঘূৰি আহে। ইটা-কঢ়িওৱাসকল এই কামটো বিৰতি নোলোৱাকৈ সোনকালে কৰে। "মহিলাসকলে একে সময়তে কেৱল ১২ৰ পৰা ১৬টা ইটা কঢ়িয়াব পাৰে কিন্তু পুৰুষে ততোধিক ইটা কঢ়িয়াব পাৰে, সেয়েহে তেওঁলোকে অধিক ধন লাভ কৰে," কুনিয়ে ইটা কঢ়িওৱা এগৰাকী মহিলালৈ আঙুলিয়াই কয়। আমি দেখিছিলো যে পুৰুষবোৰে প্ৰতিখন কান্ধত ভাৰসাম্য ৰক্ষা কৰি প্ৰায় ১৭  টাকৈ ইটা কঢ়িয়াই লৈগৈ আছে।

কুনিয়ে কাম কৰা ভাতীটো আন্নাৰামৰ আন ভাতীতকৈ সৰু। সকলো শ্ৰমিক ইটা ভাতীৰ চৌহদত বাস কৰে কিন্তু তেওঁলোকক কোনো সুবিধা দিয়া নহয়। তাত কোনো শৌচালয় নাই আৰু সকলো ধৰণৰ ব্যৱহাৰৰ বাবে চিমেণ্টেৰে নিৰ্মিত পানীৰ কেৱল এটা টেংক আছে। "আমি ইয়াতে টেংকৰ ওচৰত গা ধোও আৰু মুকলি স্থানত শৌচ কৰিবলৈ যাওঁ," কুনিয়ে ওচৰৰ পথাৰলৈ আঙুলিয়াই ক'লে। "আমি খোৱা আৰু ৰন্ধাৰ বাবে টেংকৰ পৰা পানী কঢ়িয়াই আনো। "

The brick carriers moved swiftly despite the blazing heat. Women carried 12 to 16 bricks per trip; men carried up to 34 at a time
PHOTO • Varsha Bhargavi

প্ৰচণ্ড গৰম স্বত্ত্বেও ইটা কঢ়িওৱা শ্ৰমিকসকল দ্ৰুতগতিত আগবাঢ়ে মহিলাসকলে কেৱল ১২ -১৬টা ইটা কঢ়িয়াব পাৰে; পুৰুষসকলে একে সময়তে ৩৪ টা ইটা কঢ়িয়াই নিব পাৰে

নৱেম্বৰত ডেমুহানি এৰাৰ পূৰ্বে কুনিয়ে আগতীয়াকৈ ২৫,০০০ টকা পোৱাৰ কথা আছিল - ইটা নিৰ্মাতাসকলে পোৱাতকৈ ১০,০০০ টকা কম। "কিন্তু তেওঁলোকে মোক মাত্ৰ ১৫,০০০ টকা দিছিল। চৰ্দাৰে [ঠিকাদাৰে] মোক কৈছিল যে যেতিয়া মই মে’ মাহত ভাতীটোৰ সকলো কাম শেষ কৰিম, তেতিয়া বাকী থকা ধনখিনি দি দিয়া হ'ব। ইয়াত তেওঁলোকে মোক খাদ্য আৰু ব্যয়ৰ বাবে প্ৰতি সপ্তাহত ৪০০ টকাকৈ দিয়ে," তেওঁ কয়। "মোৰ স্বামীৰ মৃত্যুৰ পিছত মোৰ সন্তানক খুৱাবলৈ কঠিন হৈ পৰিছিল।"

কুনিৰ স্বামী যোৱা বছৰ কেইদিনমান শয্যাশায়ী হৈ মৃত্যুবৰণ কৰিছিল। "চিকিৎসকে আমাক কৈছিল যে তেওঁৰ আঁঠু সম্পূৰ্ণৰূপে নষ্ট হৈ পৰিছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ কিনিবলৈ বা খুৱাবলৈ আমাৰ ওচৰত টকা নাছিল," ৰন্ধা চাউলৰ পাত্ৰটো এলুমিনিয়ামৰ ডাঙৰ প্লেটেৰে ঢাকি তেওঁ আমাক ক'লে।

আনহাতে গাৱঁত কুনিয়ে ধান বা কপাহৰ পথাৰত শ্ৰমিক হিচাপে কাম কৰি দৈনিক ১৫০ টকাকৈ উপাৰ্জন কৰিছিল। "কিন্তু কামবোৰ নিয়মীয়া নহয়। কাম কেৱল তেতিয়াহে উপলব্ধ হয় যেতিয়া কোনোবাই মোক মাতে। ইয়াত জীয়াই থকাটো বহুত কঠিন কাৰণ মই এই দুয়োটা শিশুক ভৰণ-পোষণ দিব লাগিব। চৰ্দাৰে প্ৰতি বছৰে আমাৰ গাৱঁলৈ মানুহক ইটাভাতীৰ কামলৈ লৈ যাবলৈ আহে," তেওঁ কয়। "মই প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছো।"

কুনি আৰু তেওঁৰ সন্তানসকল মহাৰ সম্প্ৰদায়ৰ, এক অনুসূচীত জাতিৰ লোক। তেওঁলোক সেই জিলাৰ একমাত্ৰ পৰিয়াল আছিল যিয়ে যোৱা ঋতুত আন্নাৰামৰ ভাতীত কাম কৰিছিল। এই বছৰ ভাতীটোত কাম কৰি থকা ৪৮ টা পৰিয়ালৰ বেছিভাগেই ওড়িশাৰ বালাংগীৰ আৰু নোৱাপাড়া জিলাৰ পৰা আহিছিল। কিছুমান কালাহাণ্ডী আৰু বৰগড়ৰপৰা আহিছিল। মুঠ ১১০ জন প্ৰাপ্তবয়স্কই কাম কৰি আছিল, যাৰ সৈতে ৩৭টা শিশুও ২০১৯ৰ নৱেম্বৰৰ পৰা ২০২০ৰ মে’লৈ ভাতীত আছিল।

ঘৰত অনুসূচীত জাতি ঝালা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত সুমিত্ৰা, গোপাল আৰু ৰাজুৱে জুনৰ পৰা নৱেম্বৰ লৈকে ভাড়াতীয়া কৃষক হিচাপে কাম কৰে। "আমাৰ ওচৰত থকা ধনৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি আমি আধি হিচাপে ৩-৪ একৰ খেতিমাটি লওঁ আৰু ইয়াত কপাহ বা ধানৰ খেতি কৰোঁ। কেতিয়াবা আমি দৈনিক কৃষি শ্ৰমিক হিচাপে কাম কৰোঁ আৰু দিনে ১৫০ টকা উপাৰ্জন কৰোঁ, কিন্তু মোৰ পত্নীয়ে মাত্ৰ ১২০ টকা পায় কিয়নো তেওঁলোকে মহিলাসকলক কম মজুৰি দিয়ে। এই মিলিত উপাৰ্জন আমাৰ পৰিয়ালৰ বাবে পৰ্যাপ্ত নহয়," গোপালে কয়।

Children studied at the kiln's worksite school, which was shut during the lockdown. Bottom right: Kuni at the cement tank where the workers bathed and washed clothes, and filled water for drinking and cooking too
PHOTO • Varsha Bhargavi

শিশুসকলে ভাতীটোৰ কাষতে নিৰ্মিত এখন বিদ্যালয়ত অধ্যয়ন কৰিছিল , লকডাউনৰ সময়ত ইয়াক বন্ধ কৰা হৈছিল। তলত সোঁফালে: কুনি চিমেণ্টেৰে নিৰ্মিত এটা টেংকৰ কাষত থিয় হৈছে য'ত সকলো শ্ৰমিকে গা আৰু কাপোৰ ধোৱে, আৰু খোৱা আৰু ৰন্ধাৰ বাবে ইয়াৰ পৰা পানী লয়

ক’ৰোনা ভাইৰাছক লৈ সুমিত্ৰাৰ চিন্তা ভাতীত কাম কৰা আন অভিভাৱকৰ দৰে একে, ৰাজ্যিক শিক্ষা বিভাগ আৰু এটা বেচৰকাৰী সংগঠনৰ দ্বাৰা পৰিচালিত কৰ্মস্থলীৰ কাষৰ বিদ্যালয়ৰ শিক্ষক শৰৎ চন্দ্ৰ মালিকে কয়। "এই [ভাইৰাছ] ইয়াত থকা সকলো অভিভাৱকৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে কিয়নো তেওঁলোকৰ সৰু সৰু ল'ৰা-ছোৱালী আছে। তেওঁলোকে শুনিছে যে ক’ৰোনাই যুৱক-যুৱতীতকৈ শিশু আৰু বৃদ্ধসকলক অধিক আক্ৰান্ত কৰে।বাতৰি আৰু আত্মীয়সকলৰ পৰা দৈনিক ৰোগ বৃদ্ধিৰ তথ্য লাভ কৰি তেওঁলোক ভয় খাইছে," মালিকে কয়।

বিদ্যালয়ত ইটা ভাতী শ্ৰমিকৰ সন্তানে টোকাবহী আৰু দুপৰীয়াৰ আহাৰ লাভ কৰিছিল। কিন্তু যিহেতু লকডাউনৰ বাবে ইয়াক বন্ধ কৰি দিয়া হৈছিল, শিশুসকলৰ অভিভাৱকে মে’ মাহৰ শেষৰ ফালে প্ৰায় দুমাহৰ বাবে তেওঁলোকৰ মজুৰিৰ পৰা অতিৰিক্ত খাদ্যৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল।

কুনিৰ পুত্ৰ ভক্তই মাকৰ সৈতে তেলাংগনালৈ আহিবলৈ অষ্টম শ্ৰেণীতেই বিদ্যালয়ৰ পঢ়া সামৰিছিল; তেওঁৰ সৰু ভায়েক জগন্নাথে এই যাত্ৰাৰ বাবে তৃতীয় শ্ৰেণীৰ পঢ়া আধাতে সামৰিছিল । তেওঁ সন্তান দুটাক গাঁৱত এৰি থৈ আহিব নোৱাৰাৰ বাবে লগত লৈ আহিছিল। "লগতে, চৰ্দাৰে কৈছিল যে মোৰ সন্তানে ইয়াত বিদ্যালয়ত পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে। কিন্তু যেতিয়া আমি ইয়াত উপস্থিত হৈছিলো, তেওঁলোকে ভক্তৰ নামভৰ্তি কৰাবলৈ অস্বীকাৰ কৰিছিল," তেওঁ কয়। কুনিয়ে নাজানিছিল যে কেৱল ১৪ বছৰৰ তলৰ শিশুৱেহে ইটা ভাতী বিদ্যালয়ত নামভৰ্তি কৰে, আনহাতে ভক্তৰ বয়স ১৫বছৰ। সেয়েহে ভক্তই তেওঁৰ মাকক ইটা কঢ়িয়াই নিয়াত সহায় কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু সি নিজৰ কামৰ বাবে টকা পোৱা নাছিল।

সুমিত্ৰাৰ দ্বিতীয় পুত্ৰ সুবলৰ বয়স ১৬ বছৰ, সেয়েহে সিও স্কুললৈ যাব নোৱাৰিলে। "সি ভাতীটোৰ কাষৰ কুকুৰা ফাৰ্মত কাম কৰে। সি এতিয়ালৈকে কোনো ধন লাভ কৰা নাই। কিন্তু মই ভাবো আমি যোৱাৰ আগতে তাপ মালিকে নিশ্চিতভাৱে মজুৰি দিব," গোপালে কৈছিল।

যেতিয়া কুনিয়ে লকডাউনৰ সময়ত সাপ্তাহিক ভাট্টা হিচাপে ৪০০ টকা লাভ কৰিছিল, তেওঁৰ কৰ্মস্থানৰ চৌদিশে সকলো বোৰ বন্ধ হোৱাৰ বাবে তেওঁৰ সামান্য সংসাধনো প্ৰভাৱান্বিত হ'বলৈ আৰম্ভ কৰিছিল। "আগতে এক কেজি ভঙা চাউল ২০ টকাত পোৱা গৈছিল, এতিয়া সেই একে চাউল দোকানত ৩৫ টকাত বিক্ৰী কৰা হৈছে," কুনিয়ে কয়। এপ্ৰিলত, তেওঁলোকে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে ৰাজ্য চৰকাৰৰপৰা সাহায্য সামগ্ৰী হিচাপে প্ৰতিজন ব্যক্তিৰ বাবে নগদ ১২ কিলোগ্ৰাম আৰু ৫০০ টকা লাভ কৰিছিল। কিন্তু মে’ মাহত একো নাহিল।

The 48 families working at the kiln lived on the premises with barely any facilities, and were waiting to return to Odisha
PHOTO • Varsha Bhargavi

ভাতীটোত ৪৮টা পৰিয়াল বাস কৰিছিল কিন্তু তেওঁলোকৰ বাবে কোনো সুবিধা নাছিল আৰু তেওঁলোকে ওড়িশালৈ উভতি যাবলৈ অপেক্ষা কৰি আছিল

সাংগাৰেড্ডী জিলাৰ অতিৰিক্ত উপায়ুক্ত জি বীৰা ৰেড্ডীয়ে আমাক কৈছিল যে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে বিনামূলীয়া চাউল আৰু নগদ ধন বিতৰণ কৰাৰ নিৰ্দেশ এপ্ৰিলত চৰকাৰে জাৰি কৰাৰ পিছত তেওঁ তেলাংগনা চৰকাৰৰ মুখ্য সচিবৰ পৰা এক বিজ্ঞপ্তি লাভ কৰিছিল। "ইয়াত কোৱা হৈছিল যে ইতিমধ্যে মজুৰি লাভ কৰা ইটাভাতীত কাম কৰা শ্ৰমিকসকলৰ বাবে এই সাহায্য সামগ্ৰী প্ৰযোজ্য নহয়। বিনামূলীয়া ৰেচন কেৱল প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে যিসকল লকডাউনৰ সময়ত স্থানচ্যুত হৈছে আৰু যিসকলে তেওঁলোকৰ নিয়োগকৰ্তাৰ পৰা মজুৰি লাভ কৰা নাই," তেওঁ কয়।

ভাতীত বাস কৰা শ্ৰমিকসকলৰ হতাশাজনক অৱস্থাৰ বিষয়ে সোধাত তেওঁ উত্তৰ দিছিল, "শ্ৰমিক আৰু নিয়োগকৰ্তাসকলৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে য’ত জিলা প্ৰশাসনে হস্তক্ষেপ কৰিব নিবিচাৰে।"

২২ মে'ত যেতিয়া আমি ইটাভাতীলৈ গৈছিলো, প্ৰতাপ ৰেড্ডী নামৰ এজন ঠিকাদাৰে আমাক কৈছিল যে শ্ৰমিকসকলৰ ভালদৰে যত্ন লোৱা হৈছে। "তেওঁলোকে নিজৰ কাম শেষ কৰাৰ লগে লগেআমি তেওঁলোকক ঘৰলৈ পঠিয়াম," তেওঁ শ্ৰমিকসকলৰ ঘৰলৈ যোৱাৰ ইচ্ছাৰ বিষয়ে কৈছিল।

কিন্তু সুমিত্ৰা আৰু কুনিয়ে যিমান সম্ভৱ সোনকালে ঘৰলৈ উভতি যাবলৈ বিচাৰিছিল। "আমি নৱেম্বৰত পুনৰ ভাতীলৈ উভতি আহিম। কিন্তু এতিয়া আমি ঘূৰি যাব বিচাৰো কাৰণ ক’ৰোনাই আমাৰ সন্তানবোৰক আক্ৰান্ত কৰিব পাৰে," সুমিত্ৰাই কয়।

লকডাউনৰ সময়ত কুনিক আন এটা উদ্বেগে আতংকিত কৰি তুলিছিল: "বাৰিষা সোনকালেই আৰম্ভ হ'ব। যদি আমি সময়মতে আমাৰ গাৱঁত উপস্থিত নহওঁ, আমি পথাৰত কাম নাপাম আৰু তেতিয়া আমাৰ ওচৰত কোনো কাম বা কোনো উপাৰ্জন নাথাকিব। "

পুনশ্চ: ২৩ মে'ত আমি তেওঁক লগ পোৱাৰ এদিন পিছত, ইটাভাতীত কাম কৰা সকলো শ্ৰমিকক শ্ৰমিক বিশেষ ৰেলৰ দ্বাৰা ওড়িশালৈ উভতাই পঠিওৱা হৈছিল। ২ জুনত, এখন পিআইএলৰ শুনানিৰ পিছত তেলাংগনা উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ওড়িশাৰ সকলো প্ৰব্ৰজনকাৰী শ্ৰমিকক তেওঁলোকৰ ঘৰলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ জাৰি কৰে।

তেলাংগনাৰ শ্ৰম আয়ুক্তই ৯ জুনত আদালতত এক প্ৰতিবেদন দাখিল কৰি কয় যে ইটাভাতীত ১৬,২৫৩ জন শ্ৰমিক আছিল আৰু ভাতীৰ মালিকসকলে তেওঁলোকক সুবিধা প্ৰদান কৰিছিল। ৰাজ্যখনৰ মহাধিবক্তাই আদালতক কৈছিল যে পাঁচখন শ্ৰমিক বিশেষ ৰেল ১১ জুনত ওড়িশালৈ ৰাওনা হ'ব, তেলাংগনাৰ পৰা ৯,২০০ প্ৰব্ৰজনকাৰী শ্ৰমিক প্ৰেৰণ কৰা হ’ব। তেওঁ এইটোও কৈছিল যে ইটাভাতীৰ বাকীথকা শ্ৰমিকসকলক ঘূৰাই পঠিয়াবলৈ ১২ জুনৰ পৰা আৰু অন্য কিছু ৰে’ল চলোৱা হ'ব।

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Varsha Bhargavi

Varsha Bhargavi is a labour and child rights activist, and a gender sensitisation trainer based in Telangana.

کے ذریعہ دیگر اسٹوریز Varsha Bhargavi
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

کے ذریعہ دیگر اسٹوریز Manoranjan Majumder