“কিহৰনো ধুন-পেচ মাৰিবলৈ বিউটি পাৰ্লাৰলৈ যাব লাগে? বজাৰলৈ গৈ পইচা এসোপামান খৰছ কৰাৰ এয়া বাহানাহে।”
বিউটি পাৰ্লাৰলৈ গ’লে এনেকুৱা কথাই মণিকা কুমাৰীয়ে শাহুৱেকহঁতৰ পৰা এনেকুৱা কথাই শুনিবলগীয়া হয়। চাৰিজনীয়া পৰিয়ালটো পূৱ বিহাৰৰ এখন সৰু চহৰ জামুইৰ পৰা তিনি কি.মি.মান দূৰৰ খৈৰ্মা গাঁৱত থাকে। এনেবোৰ কথালৈ ভ্ৰুক্ষেপ নকৰি ২৫ বছৰীয়া মণিকাই নিয়মীয়াকৈ মন গ’লে বিউটি পাৰ্লাৰলৈ গৈ চেলাউৰি থ্ৰেডিং কৰা, তাইৰ ওঠৰ ওপৰৰ নোম আঁতৰোৱা আৰু ফেচিয়েল মাচাজ কৰায়। পঞ্চায়ত অফিছত কাম কৰা গিৰীয়েকে আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ নাভাৱে, বৰঞ্চ তাইক পাৰ্লাৰলৈ ড্ৰপ দি আহে।
কেৱল মণিকাই নহয়, বহু ছোৱালী আৰু মহিলাই জামুই আৰু তাৰে আশে-পাশে থকা গাওঁ-চহৰ আদিৰ পৰা ওচৰতে থকা পাৰ্লাৰলৈ আহেই।
“আমি আৰম্ভ কৰাৰ সময়ত ১০ খন মান পাৰ্লাৰ আছিল। এতিয়া হাজাৰখনমান আছে যেন লাগে,” বিউটি পাৰ্লাৰ চলোৱাৰ ১৫ বছৰ অভিজ্ঞতা থকা প্ৰমীলা শৰ্মাই সেইখিনি সময়ত জামুইত ব্যৱসায়বিধৰ উত্থানৰ কথা কয়।
জামুই চহৰৰ মূল পথত থকা বিবাহ লেডিজ বিউটি পাৰ্লাৰৰ গৰাকী হৈছে প্ৰমীলা। ৮৭,৩৫৭ জনসংখ্যাৰ চহৰখনৰ প্ৰায়ভাগেই কৃষি আৰু অনান্য আনুষংগিক কামত জৰিত।
পাৰ্লাৰখনৰ কাষতে আছে এখন চাইকেলৰ দোকান, নাপিত আৰু দৰ্জীৰ দোকান। চুলি কটা, থ্ৰেডিং কৰা, মেহেন্দি কৰা, ৱেক্সিং, ফেচিয়েল আৰু মেক আপ আদি সকলো সুবিধা থকা পাৰ্লাৰখনলৈ প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ আলিগঞ্জ উন্নয়ন খণ্ডৰ লক্ষ্মীপুৰ আৰু ইছলামপুৰ পৰ্য্যন্ত গাঁৱৰ পৰা গ্ৰাহক আহে।
প্ৰমীলাই অংগিকা, মৈথিলি আৰু মগাহী আদি ভাষাত কথা ক’ব পাৰে কাৰণে গ্ৰাহক তেওঁৰ পাৰ্লাৰলৈ আহিলে আশ্বস্ত হয় বুলি প্ৰমীলাই কয়।
বিহাৰৰ এইটো অঞ্চলত বিউটি পাৰ্লাৰ চলোৱা কামটোত পিতৃতান্ত্ৰিক সমাজৰ সৈতে সদায় যুঁজিবলগীয়া হয়। “বিয়াৰ আগতে ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ ইচ্ছামতে জীৱনটো কটায়, বিয়াৰ পিছত গিৰীয়েকৰ ইচ্ছামতে,” প্ৰমীলই কয়। সেয়ে তেওঁৰ পাৰ্লাৰখনত পুৰুষ সোমাব নোৱাৰাকৈ এখন কঢ়া নিৰ্দেশনা বাহিৰত লগোৱা আছে, লিখা আছে- ‘কেৱল মহিলাৰ বাবে’। ভিতৰত সকলো মহিলা, ইয়ে তেওঁলোকক এক সুৰক্ষিত অনুভৱ দিয়ায়। শিশু আৰু ৰেচিপি আদি বাহিৰ কৰি দিয়া হয়, বিয়া ভঙা-পতাৰ কথা হয়, সহানুভূতিশীল দৃষ্টিৰে বিয়াৰ কাৰণে অমান্তি হোৱা কথা বিবেচনা কৰা হয়। “মহিলা এগৰাকীয়ে কেনে অনুভৱ কৰে সেয়া ঘৰত প্ৰায় ক’ব নোৱাৰে, ইয়াত তেওঁলোকে সকলো কথা মুকলিকৈ ক’ব পাৰে,” তেওঁ কয়।
এই সুবিধা আৰু আৱেগিক টানে গ্ৰাহকসকলক আনুগত্যশীল কৰি ৰাখে। “আমি জামুইত পাৰ্লাৰলৈ যাবলগীয়া হ’লে আমি একেখনলৈ যাওঁ,” প্ৰিয়া কুমাৰীয়ে একেধৰণৰ কথাকে ব্যাখ্যা কৰি কয়। বিউটি পাৰ্লাৰৰ গৰাকীয়ে গালি দিয়া, জোকোৱা আদিয়ে পৰিৱেশটো ঘৰুৱা কৰি তোলে। “তেওঁ আমাৰ জীৱনবোৰ জানে আৰু তাকে লৈ আমাৰ লগত ৰগৰ কৰে,” জামুই ব্লকৰ খৈৰ্মা গাঁৱৰ ২২ বছৰ বয়সীয়া প্ৰিয়াই কয়।
মহৰগঞ্জ মেইন ৰোডৰ এটা ব্যস্ত কমাৰ্চিয়েল কমপ্লেক্সৰ ভূমি মহলাত প্ৰমীলা এই পাৰ্লাৰখন। এই সৰু খিৰিকীবিহীন কোঠাটোৰ বাবে তেওঁ মাহে ৩,৫০০ টকা দিয়ে। গোটেই বেৰখনত ডাঙৰ ডাঙৰ আইনা লগোৱা আছে। আইনাৰ ওপৰৰ চেলফবোৰত পিগি বেংক, টেডি বিয়েৰ, চেনিটেৰি পেডৰ পেকেট আৰু বিভিন্ন প্ৰসাধন সামগ্ৰী সজোৱা আছে। চিলিঙৰ পকৰা প্লাষ্টিকৰ ফুল ওলমিছে, তেওঁ কৰা সৌন্দৰ্যচৰ্চাৰ পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰবোৰ সুন্দৰকৈ চকুত লগাকৈ কমলাৰঙৰ বেৰত আঁৰি থোৱা আছে।
সন্মুখৰ হালধীয়া পৰ্দাখন একাষে কৰি গ্ৰাহক এজন সোমাই আহিছে। ৩০ বছৰ বয়সীয়া পৰিপাটিকৈ পোচাক পিন্ধা মহিলাগৰাকীয়ে নৈশ আহাৰৰ বাবে ওলাই যাব আৰু তাৰে আগেয়ে ওঠৰ ওপৰফালে থকা নোম আদি গুচাব খোজে আৰু চেলাউৰি থ্ৰেডিং কৰাব বিচাৰিছে। পাৰ্লাৰ বন্ধ কৰাৰ সময় হৈছে যদিও এইটো ব্যৱসায়ত কোনো নিৰ্দিষ্ট সময় নাথাকে আৰু যিকোনো সময়ত গ্ৰাহক সোমাই আহিব পাৰে। তেওঁক বহিব দি প্ৰমীলাই তেওঁ কি পৰ্ব উপলক্ষে যাব সুধিছে আৰু বন্ধুত্বসুলভ কথা-বতৰা আৰম্ভ হৈছে। “আমি অলপমান হাঁহি-ধেমালী কৰো, তেতিয়া ছালৰ ভিতৰৰ পৰা গ্ৰাহকৰ মুখৰ উজ্বলতা প্ৰকাশ পায়,” তেওঁ পিছত আমাক কয়।
“দিনত মই অতিকমেও ২৫ গৰাকী মহিলা পাওঁ যিয়ে চেলাউৰি থ্ৰেডিং কৰাব আহে। কেতিয়াবা আকৌ পাঁচজনো নাপাও,” প্ৰমীলাই পাৰ্লাৰৰ ব্যৱসায়টোৰ অনিশ্চয়তাৰ কথা দোহাৰি কয়। কইনা সজোৱাৰ বাবে কাম পালে তেওঁৰ উপাৰ্জন ৫,০০০ টকা বা তাতোকৈ বেছি হৈ পৰে। “আগতে আমি বিয়াৰ কইনা সজোৱা কাম বহুত পাইছিলো, কিন্তু এতিয়া ফোনতে চাই (ভিডিঅ’ চাই) বহুতে নিজেই মেকআপ কৰিবলৈ লৈছে,” তেওঁ কয়। গ্ৰাহক পাবলৈ প্ৰমীলাই ভাল এটা অফাৰ বনাই আগবঢ়াইছে, থ্ৰেডিং কৰা আৰু ওঠৰ ওপৰৰ নোম গুচোৱাৰ বাবে ৩০ টকা।
বয়সীয়া মহিলাৰ মনত আগ্ৰহ জন্মোৱাটো টান কাম। মাকহঁতৰ বয়সৰ মহিলাক তেওঁ খুব কমেইহে দেখে, প্ৰিয়াই কয়। “মোৰ মায়ে কেতিয়াও চেলাউৰি থ্ৰেডিং কৰোৱা নাই আৰু চুলিও কটোৱা নাই। কান্ধৰ তলৰ নোম ৱেক্সিং কিয় কৰে, তেওঁ বুজি নাপায় আৰু সোধে, ‘প্ৰাকৃতিকভাৱে মই এনেকুৱা আৰু এনেকৈয়ে মোক ইশ্বৰে সজাইছে, মই কিয় নিজকে সলনি কৰিম?’”
এতিয়া সন্ধিয়া পাঁচ বাজিছে আৰু এগৰাকী মাতৃ দুই কিশোৰী কন্যাৰ সৈতে সোমাই আহিছে। তবচ্চিম মালিক প্ৰমীলাৰ কাষত বহিছে আৰু জীয়ৰী দুয়োজনে নিজৰ হিজাব আঁতৰাই ক”লা ভিনাইল লগোৱা পাৰ্লাৰ চেয়াৰত বহিছে। একন কমলাৰঙী টেবুলত ব্যৱসায়টোৰ সঁজুলি-পাতি যেনে কেঁচী, ফণি, ৱেক্স হিটাৰ, দুই ঠাক ভিজিটিং কাৰ্ড, চেলাউৰি থ্ৰেডিঙৰ সূতা, পাউডাৰৰ বটল আৰু বিভিন্ন লোচন আদি পৰিপাটিকৈ থোৱা আছে।
“আপোনাৰ তিনিজনী ছোৱালী নাই জানো? এজনীৰ বিয়া হৈছে নেকি?” প্ৰমীলাই প্ৰশ্ন কৰে, গ্ৰাহকৰ জীৱনৰ কথা যে তেওঁ জানে সেয়া স্পষ্ট।
“তাই এতিয়া পঢ়ি আছে, পঢ়া শেষ হ’লে এইবিষয়ে ভাবিম,” তবচ্চিমে কয়।
প্ৰমীলাই নিজৰ আসনৰ পৰাই মুৰ দুপিয়ায়। তবচ্চিমৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁ নিজৰ নবিচ দুগৰাকী, টুন্নি আৰু ৰাণীয়ে কেনকৈ ছোৱালীকেইজনীৰ চুলি কাটিব, তাতো নজৰ দি আছে। দুইগৰাকী ষ্টাইলিষ্টে ১২ বছৰ বয়সীয়া জেছমিনে বিচৰা ট্ৰেণ্ডি ইউ কাট দিয়াৰ বাবে চেষ্টা কৰিছে। এই কাটটোৰ দাম ৮০ টকা। “ইউ আকৃতিটো নোহোৱালৈকে কেঁচীখন চুলিৰ পৰা আঁতৰাই নানিবা,” প্ৰমীলাই কয় আৰু টুন্নিয়ে মুৰ দুপিয়াই হয়ভৰ দিয়ে।
প্ৰথমগৰাকীৰ হেয়াৰকাট প্ৰশিক্ষাৰ্থীজনীয়ে কৰিছে যদিও দ্বিতীয়গৰাকীৰ প্ৰমীলাই নিজে কৰিব। ধাতুৰ গধুৰ কেঁচীখন যুৱ প্ৰশিক্ষাৰ্থীগৰাকীৰ পৰা লৈ তেওঁ নিজে চুলি কটা, ট্ৰিম কৰা আৰু ষ্টাইল কৰা আৰম্ভ কৰিছে।
১৫ মিনিটত চুলি কটা হৈ গ’ল আৰু ৰাণীয়ে হাউলি দীঘল চুলিবোৰ তুলিছে। তেওঁ সেয়া ৰাবাৰ বেণ্ড এডালেৰে সাৱধানে বান্ধি থৈছে। পিছলৈ সেয়া কলকাতাৰ ৱিগ নিৰ্মাতা এগৰাকীলৈ ওজন কৰি বিক্ৰী কৰা হ’ব, সেয়া ৰেলেৰে আধা দিনৰ বাট।
“আমি সিহঁতক পৰৱৰ্তী বছৰত লগ পাম,” মাক আৰু জীয়েকহঁতে পাৰ্লাৰ এৰাৰ সময়ত প্ৰমীলাই কয়। “ঈদৰ আগে আগে বছৰত এবাৰ তেওঁলোকে চুলি কটাবলৈ আহে।” গ্ৰাহকক জনা, তেওঁলোকৰ পচন্দ মনত ৰখা আৰু মিলি যাব পৰাকৈ কথা পতা প্ৰমীলাৰ ব্যৱসায়ৰ মূল।
কিন্তু এই ব্যৱসায়টো কেৱল মাস্কাৰা আৰু ব্লাছ সনা নহয়। তেওঁ পুৱা ৪ বজাতে উঠি ঘৰৰ কাম-বন সামৰি ল’ৰা-ছোৱালীহাল - প্ৰিয়া আৰু প্ৰিয়াংশুক সাজু কৰি স্কুললৈ পঠিয়ায়। ঘৰ এৰাৰ আগেয়ে প্ৰমীলাই পাৰ্লাৰলৈ বুলি ১০ লিটাৰ পানী কঢ়িয়াই নিয়ে, কমপ্লেক্সটোৰ তেওঁৰ পাৰ্লাৰ থকা ঠাইত নলৰ পানীৰ সুবিধা নাই। “পানী নোহোৱাকৈ পাৰ্লাৰ এখন কেনেকৈ চলাব?” তেওঁ প্ৰশ্ন কৰে।
বিবাহ লেডিজ বিউটি পাৰ্লাৰখন পুৱা ১০ বজাত খোলে আৰু ৰাতি ১১ বজাৰ পিছত বন্ধ হয়। প্ৰমীলাৰ বেমাৰ হ’লে বা ঘৰত আলহী থাকিলেহে বন্ধ থাকে। প্ৰতিদিনে পুৱা তেওঁ ১০ বজাৰ আগতে ৰাজেশৰ সৈতে ঘৰ এৰে। পাৰ্লাৰত তেওঁক নমাই থৈ তেওঁ এক কিলোমিটাৰমান দূৰত থকা নিজৰ দোকানলৈ বুলি আগবাঢ়ে। “মোৰ স্বামী এগৰাকী শিল্পী,” প্ৰমীলাই গৰ্বৰে কয়। “তেওঁ চাইনব’ৰ্ড, ব্ৰিজ আদিত পেইণ্টিং আৰু বিয়াৰ বেকড্ৰপ আৰু ডিজেৰ টেম্পো আদি সজোৱা আদি বিভিন্ন কাম কৰে,” তেওঁ কয়।
প্ৰমীলাৰ দেৰি হ’লে ৰাজেশে তেওঁৰ পাৰ্লাৰৰ সন্মুখতে বহি বন্ধুবৰ্গৰ লগত কথা পাতি সময় কটাই তেওঁলৈ অপেক্ষা কৰে।
“এই ব্যৱসায়ত দেওবাৰ বুলিবলৈ নাই। চুবুৰীয়াই মোৰ ঘৰলৈ এপইণ্টমেণ্ট লৈ আহে, তেওঁলোকৰ পৰাও পইচা লওঁ!” প্ৰমীলাই কয়। বেছি দৰ-দাম কৰা আৰু নমনা গ্ৰাহকৰ সৈতে কঢ়া ব্যৱহাৰ কৰা হয়। “গ্ৰাহকজন অভদ্ৰ হ’লে আমি তেওঁক কেনেকৈ চম্ভালিব লাগে, জানো।”
বিবাহ লেডিজ বিউটি পাৰ্লাৰখনৰ গৰাকীজন পশ্চিম বংগৰ কয়লাৰ চহৰ দুৰ্গাপুৰত ডাঙৰ-দীঘল হৈছিল। তাতে তেওঁৰ দেউতাক ইষ্টাৰ্ন ক’লফিল্ডচ্ লিমিটেডৰ ফ’ৰমেন আছিল আৰু মাকে আঠজনীয়া পৰিয়ালৰ যত্ন লৈছিল। প্ৰতি বছৰে প্ৰমীলা আৰু তেওঁৰ পাঁচজনী ভাই-ভনী - তিনিজন ভাতৃ আৰু দুজনী ভগ্নীয়ে জামুইত থকা তেওঁলোকৰ মামাকৰ ঘৰলৈ আহিছিল।
২০০০ চনত দ্বাদশ শ্ৰেণীৰ পঢ়া শেষ কৰি প্ৰমীলাই ৰাজেশ কুমাৰৰ সৈতে বিয়াত বহে আৰু জামুইত থাকিবলৈ লয়। তেওঁৰ গিৰীয়েক কামলৈ আৰু ল’ৰা-ছোৱালীকেইটা স্কুললৈ গুছি যায়, এনেকৈয়ে সাতটা বছৰ পাৰ হ’ল। ঘৰত অকলে থাকি আমনি লাগি এদিন তেওঁৰ বিউটি পাৰ্লাৰ খোলাৰ কথা চিন্তা কৰিলে। তেওঁৰ গিৰীয়েকে এই কথাত হয়ভৰ দিলে। “গ্ৰাহক আহিলে আমি তেওঁৰ লগত হাঁহি-মাতি কথা পাতো আৰু চিন্তা-চাপ আদি আঁতৰি যায়,” তেওঁ কয়।
২০০৭ চনত যেতিয়া তেওঁ এই বিদ্যা শিকিছিল, তেতিয়া সৌন্দৰ্য্যচৰ্চাৰ পাঠ্যক্ৰম ইমান নাছিল, কিন্তু প্ৰমীলাই জামুইত দুটা পাঠ্যক্ৰম কৰিবলৈ পালে। তেওঁ আকৰ্শক পাৰ্লাৰত ছমহীয়া পাঠ্যক্ৰম কৰিলে, তাত ৬,০০০ টকা দিলে আৰু ফ্ৰেছ লুকত ২,০০০ টকাত আন এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে।
এতিয়া ১৫ বছৰে এই ব্যৱসায় কৰি প্ৰমীলাই বিহাৰৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰসাধনৰ ব্ৰেণ্ডে পৰিচালনা কৰা কৰ্মশালাবোৰত অংশগ্ৰহণ কৰে। “এনেকৈ শিকি আহি মই ৫০ গৰাকী মহিলাক প্ৰশিক্ষণ দিছো আৰু তেওঁলোকৰ বহুতেই নিজাকৈ পাৰ্লাৰ খুলিছে। কিছুমানে চুবুৰীৰ গাঁৱত খুলিছে।”
আমি সাক্ষাৎকাৰ সামৰো মানে প্ৰমীলাই তেওঁৰ ওঠৰ ৰঙা লিপষ্টিকখিনি এবাৰ ঠিক-ঠাক কৰি ল’লে। তেওঁ ক’লৰ ক্ৰেয়ন এডাল লৈ চকুত সানিলে আৰু পাৰ্লাৰৰ চোফাখনত বহি পৰিল।
“মই ইমান ধুনীয়া নহয়, কিন্তু আপুনি মোৰ ফটো তুলিব পাৰে,” তেওঁ কয়।
অনুবাদ: পংকজ দাস