‘প্ৰথমে সিহঁতে ক’লে যে কাৰ্ডত মোহৰ মৰা নাই। তেতিয়া মই মোহৰ মৰাৰ বাবে দৰকাৰ হোৱা সকলো কাগজ-পত্ৰ গোটাই আনিলো। কিন্তু সিহঁতে মোক ৰেচন নিদিলে,’ গায়াবাঈ চৱনে ক’লে।

পুণে পৌৰনিগমৰ ঠিকা শ্ৰমিক গায়াবাঈক মই ১২ এপ্ৰিলত সাক্ষাৎ কৰাৰ সময়ত তলাবন্ধৰ বাবে পৰিয়ালৰ খাদ্য-সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তেওঁ অসুবিধাত পৰিছিল। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বাবে জাৰি কৰা হালধীয়া ৰেচন কাৰ্ডেৰে পি.ডি.এছ. দোকানৰ পৰা সুলভ মূল্যৰ ৰেচন তেওঁ আনিব পৰা নাছিল। পুণেৰ কথৰুড়ৰ শাস্ত্ৰী নগৰ এলেকাত থকা তেওঁৰ ঘৰৰ ওচৰৰ দোকানখনৰ দোকানীজনে ক’লে যে তেওঁৰ কাৰ্ডখনৰ ম্যাদ উকলিছে। ‘তেওঁ কয় যে ৰেচন পাবলগীয়া লোকৰ তালিকাত তেওঁৰ নাম নাই।’

কাম কৰি থাকোতে এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত কাৰখানাত কাম কৰা তেওঁৰ শ্ৰমিক স্বামী ভিকা শাৰীৰিকভাৱে অক্ষম হৈ পৰাৰ এবছৰৰ পিছত অৰ্থাৎ ১৪ বছৰৰ আগতে ৪৫ বছৰ বয়সীয়া গায়াবাঈয়ে পুণে পৌৰনিগমত চাফাই কৰ্মচাৰী হিচাপে কাম পায়। পৰিয়ালত এতিয়া কেৱল তেৱেই একমাত্ৰ উপাৰ্জনকাৰী। তেওঁৰ ডাঙৰ জীয়ৰীৰ বিয়া হৈ গৈছে, কনিষ্ঠ কন্যা আৰু পুত্ৰ দুয়ো স্কুল এৰি দিলে আৰু উপাৰ্জন নাই। মাহে ৮,৫০০ টকা পোৱা দৰমহাৰে গায়াবাঈয়ে ঘৰ চলায়। শাস্ত্ৰী নগৰত থকা তেওঁৰ টিনৰ চালিৰ ঘৰটো মেৰামতি কৰিব পৰা অৱস্থাত নাই। ‘এয়া মোৰ অৱস্থা, তথাপিও মই ৰেচন নাপাও,’ তেওঁ কয়।

ৰেচনৰ দোকানলৈ অৰ্থহীন অহা-যোৱা তেওঁ কেৱল তলাবন্ধৰ বাবেই কৰা নাই। ‘সিহঁতে (দোকানীয়ে) যোৱা ছয় বছৰ ধৰি মোক ৰেচন দিয়া নাই,’ তেওঁ কয়। তেওঁ ভাবিছিল যে অন্ততঃ তলাবন্ধৰ সময়ত সিহঁত অলপ নৰম হ’ব।

২৫ মাৰ্চত তলাবন্ধ আৰম্ভ হোৱাৰ পৰা দুসপ্তাহৰো বেছি গায়াবাঈ থকা কলনিটোৰ বহুতো পৰিয়ালে স্থানীয় পি.ডি.এছ. দোকানৰ পৰা খাদ্য-সামগ্ৰী ক্ৰয় কৰিবপৰা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (২০১৩) সামৰি লোৱা ৰেচন কাৰ্ড থকা সকলোৱে ৰেহাই মূল্যৰ খাদ্য-সামগ্ৰী লাভ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও দোকানীয়ে নানা অজুহাত দেখুৱাই তেওঁলোকক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে।

তলাবন্ধ বলবৎ কৰাৰ পিছত বহু মহিলাই সুলভ মূল্য বা বিনামূলীয়া খাদ্য-সামগ্ৰীৰ আশা কৰিছিল, দিনমজুৰী নাইকিয়া অৱস্থাত তেওঁলোকে খুচুৰা দামত বস্তু কিনাৰ সামৰ্থ্য হেৰুৱাইছিল

ভিডিঅ’ চাব পাৰেঃ কি কাম আছে এই ৰেচন কাৰ্ডৰ?

গায়াবাঈ থকা এলেকাৰ আন বাসিন্দাই যেতিয়া ৰেচনৰ সামগ্ৰী বিচাৰি দোকানলৈ গৈছিল, দোকানীৰ ভাষ্য এনেধৰণৰ আছিলঃ ‘মই দোকানলৈ যাওতে মোক ক’লে যে মই আৰু মাহেকীয়া ৰেচন নাপাম।’ এজন প্ৰতিবেশীয়ে কয়। আন এজনে কয়, ‘মোৰ বুঢ়া আঙুলিৰ চাপ আগৰ ৰেকৰ্ডত থকা চাপৰ লগত মিলা নাই। মোৰ আধাৰ কাৰ্ড ৰেচন কাৰ্ডৰ লগত লিংক কৰা হোৱা নাই।’ ৰেচন কাৰ্ডৰ উপাৰ্জনৰ উচ্চ সীমাতকৈ পৰিয়ালৰ উপাৰ্জন বেছি বুলি ৰেচনৰ দোকানীয়ে এগৰাকী মহিলাক ঘূৰাই পঠিয়ালে। ‘যিসকলে বজাৰৰ পৰা খোৱাবস্তু কিনিব নোৱাৰে, তেওঁলোকে ৰেচন কেনেকৈ পাব?’ তেওঁ কয়।

‘দোকানীয়ে মোক ক’লে যে তেওঁ মোক একো দিব নোৱাৰে। এতিয়াৰে পৰা তিনি বছৰলৈ মই কোনো ৰেচন নাপাম।’ ৪৩ বছৰীয়া অলকা ডাকেই কয়। ওচৰৰে এখন স্কুলত চাফাই কৰ্মচাৰী হিচাপে কাম কৰি তেওঁ মাহে ৫০০০ টকা উপাৰ্জন কৰে।

‘তেওঁৰ হালধীয়া বি.পি.এল. কাৰ্ড থকা সত্ত্বেও তেওঁ ৰেচন নাপায়,’ অলকাৰ পৰিস্থিতি সম্পৰ্কে স্থানীয় সমাজকৰ্মী উজ্বলা হাৱালেই কয়। ‘দোকানীজনে তেওঁক গালি পাৰে আৰু আঁতৰি যাবলৈ কয়। ইয়াৰ উপৰি কাৰ্ডবিলাক বৈধ কৰাৰ প্ৰতিশ্ৰুতি দি দোকানীজনে প্ৰতিগৰাকী মহিলাৰ পৰা ৫০০ টকাকৈ লয়। কিন্তু তেওঁলোকে ৰেচন নাপালে।’

২৬ মাৰ্চত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা সাহায্য হিচাপে বিনামূলীয়াকৈ পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবদ দিয়া ৫ কিলোগ্ৰামকৈ চাউল অলকা আৰু গায়াবাঈয়ে নাপালে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে মাহেকীয়া ৰেচনৰ লগতে বিনামূলীয়া সাহায্যৰ চাউল-দাইল পাবলগীয়া আছিল। ১৫ এপ্ৰিলত যেতিয়া চাউল বিতৰণ আৰম্ভ হয়, ৰেচনৰ দোকানত দীঘলীয়া শাৰি পাতি মানুহবিলাক ৰৈ থাকিল। বিনামূলীয়া চাউলৰ লগতে এক কিলোগ্ৰামকৈ বিনামূলীয়া দাইল দিয়াৰ কথা আছিল যদিও পি.ডি.এছ.ৰ দোকানলৈ আহি নাপালে। ‘বিনামূলীয়া চাউল আহি পালে যদিও আমি দাইলৰ বাবে এতিয়াও বাট চাই আছো,’ কথৰুড়ৰ এজন ৰেচনৰ দোকানী কান্তিলাল দাংগিয়ে কয়।

তলাবন্ধ যেতিয়া বলবৎ কৰা হ’ল, বহুতো মহিলাই শাস্ত্ৰীনগৰত সুলভ মূল্যৰ বা বিনামূলীয়া ৰেচনৰ আশা কৰিলে। দিনমজুৰী নোপোৱা অৱস্থাত খুচুৰা দাত বস্তু কিনা তেওঁলোকৰ বাবে সম্ভৱ নহয়। ৰেচনৰ দোকানৰ পৰা উলিয়াই বাহিৰ কৰি দিয়াৰ পিছত একাংশ মহিলাই ইৰানদ্বানে পি.ডি.এছ. দোকানৰ বাহিৰত প্ৰতিবাদ জনাবলৈ সিদ্ধান্ত ল’লে। ইৰানদ্বানে অঞ্চলটো কথৰুড়ৰ ওচৰতে। তেওঁলোকে হাতত ৰেচন কাৰ্ড লৈ ১৩ এপ্ৰিলত গোট খাই ৰেচনৰ বাবে দোকানীৰ ওচৰত দাবী জনালে।

নেহৰু কলনিত থকা ঘৰুৱা কাম কৰা মহিলা জ্যোতি পাৱাৰে ক্ষুব্ধ হৈ কয়ঃ ‘মোৰ স্বামীয়ে ৰিক্সা চলাব নোৱাৰে (তলাবন্ধৰ সময়ত)। আমি একো নাপাও। মই কাম কৰা ঘৰৰ মালিকনীয়ে মোক দৰমহা নিদিয়ে। কি কৰিম আমি? এইখন ৰেচন কাৰ্ডৰ কি কাম আছে? আমি ল’ৰা-ছোৱালীক খুৱাব পৰা নাই।’

PHOTO • Jitendra Maid
Gayabai Chavan (left) and Alka Dake were turned away by shopkeepers under the pretext that their BPL ration cards were invalid
PHOTO • Jitendra Maid

বি.পি.এল. ৰেচন কাৰ্ডবিলাকৰ বৈধতা নাই বুলি গায়াবাঈ চৱন (বাওঁফালে) আৰু অলকা ডাকেক ৰেচনৰ দোকানৰ পৰা ঘুৰাই পঠিওৱা হ’ল

মানুহবিলাকক কিয় দোকানত নিৰাশ কৰা হৈছে বুলি কথৰুড়ৰ ৰেচনৰ দোকানী সুনীল লখাণ্ডেক সোধোতে কয়, ‘নিৰ্ধাৰিত নিয়ম অনুযায়ী আমি ৰেচন বিতৰণ কৰিছো। আমি যিমান খাদ্য-সামগ্ৰী পাইছো, সেইখিনি বিতৰণ কৰিছো। অতিমাত্ৰা ভিৰৰ কাৰণে (দীঘলীয়া শাৰি) কিছুমান মানুহৰ অসুবিধা হৈছে, কিন্তু ইয়াৰ বাবে আমি একো কৰিব নোৱাৰো।’

‘প্ৰতিখন ৰেচনৰ দোকানক তেওঁলোকৰ প্ৰয়োজন অনুসৰি খাদ্য-সামগ্ৰী যোগান ধৰা হৈছে,’ পুণেৰ ৰাজ্যিক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ বিষয়া ৰমেশ সোণাৱানেই মোক টেলিফোনত কয়। ‘সেয়ে প্ৰতিজন নাগৰিকে পৰ্য়াপ্ত খাদ্য-সামগ্ৰী লাভ কৰিব (তেওঁলোকৰ অধিকাৰ মতে)। এইক্ষেত্ৰত যদি সমস্যা হৈছে, তেন্তে সংশ্লিষ্ট লোকসকলে আমাৰ লগত যোগাযোগ কৰা উচিত,’ তেওঁ কয়।

মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰৰ খাদ্য় আৰু অসামৰিক যোগান মন্ত্ৰী চগন ভূজবলে এক বিবৃতিত ২৩ এপ্ৰিলত খাদ্য-সামগ্ৰী বিতৰণত নিয়ম উলংঘাৰ ঘটনা ঘটাৰ বিষয়ে কয়। তেওঁ কয় যে তলাবন্ধৰ নিয়মৰ লগত সংগতি ৰক্ষা নকৰা আৰু নিয়ম বিৰোধী কাম কৰা ৰেচন দোকানীৰ বিৰুদ্ধে ‘কঠোৰ ব্যৱস্থা’ গ্ৰহণ কৰা হৈছে। মহাৰাষ্ট্ৰত ৩৯ জন ৰেচন দোকানীক আটক কৰা হৈছে আৰু ৪৮ খন ৰেচনৰ দোকানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

পিছদিনা ৰাজ্য চৰকাৰে ঘোষণা কৰিলে যে বি.পি.এল.ৰ উপৰি গেৰুৱা কাৰ্ড থকা (দৰিদ্ৰ সীমাৰ ওপৰৰ বা এ.পি.এল. পৰিয়াল) লোককো চাউল আৰু আটা বিতৰণ কৰা হ’ব। যিকোনো কাৰণত কোনো পৰিয়ালৰ যদি হালধীয়া কাৰ্ড বাতিল হৈছে, তেওঁলোকেও সুলভ মূল্যত তিনিমাহৰ বাবে ৰেচন লাভ কৰিব।

৩০ এপ্ৰিলত অলকাই হালধীয়া কাৰ্ডেৰে ৰেচনৰ দোকানীৰ পৰা দুই কিলোগ্ৰাম চাউল আৰু তিনি কিলোগ্ৰাম আটা ক্ৰয় কৰে। মে’ মাহৰ প্ৰথম সপ্তাহত গায়াবাঈয়ে পৰিয়ালৰ বাবে ৩১ কিলোগ্ৰাম আটা আৰু ১৬ কিলোগ্ৰাম চাউল ক্ৰয় কৰে।

কোন চৰকাৰী আঁচনিৰ অধীনত তেওঁলোকে এই ৰেচন পালে, সেই কথা গায়াবাঈ বা অলকাই নাজানে, সেই ৰেচনেৰে কিমানদিন চলিব, সেয়াও নাজানে।

অনুবাদঃ পংকজ দাস

Jitendra Maid

جتیندر میڈ ایک آزاد صحافی ہیں جو زبانی روایتوں کا مطالعہ کرتے ہیں۔ وہ کئی سال پہلے پونہ کے سنٹر فار کوآپریٹو ریسرچ اِن سوشل سائنسز میں گائی پوئیٹیون اور ہیما رائیرکر کے ساتھ ریسرچ کوآرڈِنیٹر کے طور پر کام کر چکے ہیں۔

کے ذریعہ دیگر اسٹوریز Jitendra Maid
Translator : Pankaj Das

Pankaj Das is a journalist and translator, based in Guwahati. He is the co-founder of newsnextone.com, an Assamese language news portal focused on news related to Assam.

کے ذریعہ دیگر اسٹوریز Pankaj Das