কান্দন ঘৰাৰ ঘৰৰ আন্ধাৰ কোঠা এটাৰ একুৱাৰিয়াম, টেংক আৰু বাচনত এঞ্জেল, পিকক, গাপ্পি, মলি আদি মাছে সাতুৰি আছে। “এয়া বৰ আলফুলে কৰিবলগীয়া কাম। সিহঁতক নিজৰ সন্তানৰ দৰে লালন-পালন কৰিব লাগে,” তেওঁ কয়।

কান্দন দক্ষিণ পৰগনা জিলাৰ উদয়ৰামপুৰ গাঁৱৰ এগৰাকী মৎস্যপালক। গাওঁখন পশ্চিমবংগৰ দক্ষিণ কলকাতাৰ পৰা ৩০ কিলোমিটাৰ দূৰত। তেওঁৰ গোটেই পৰিয়ালটো এই ব্যৱসায়ত নিয়োজিত। ৫৪০ টা পৰিয়াল থকা এইখন গাঁৱৰ ঘৰা পাৰা, মণ্ডল পাৰা আৰু মিস্ত্ৰী পাৰা - এই তিনিটা চুবুৰীৰ প্ৰায় ৫০-৬০ টা পৰিয়াল এই কামত জৰিত।

পশ্চিমবংগ, তামিলনাডু আৰু কেৰালাৰ অন্য মৎস্যপালকৰ দৰে তেওঁলোকে ২০০ৰো অধিক ৰং-বিৰঙী থলুৱা আৰু বিদেশী মাছৰ প্ৰজাতিৰ খেতি কৰে, সেয়া আলংকাৰিক মাছৰ ৰাপ থকা মানুহে কিনে।

PHOTO • Barnamala Roy

সৰু সৰু মাটিৰ পাত্ৰত মাছ পোহাৰ পৰা আৰম্ভ কৰি এতিয়া পুখুৰীত আলংকাৰিক মাছ পোহাৰ কান্দন ঘৰা পৰিয়ালৰ এই পৰিক্ৰমা প্ৰায় ২৫ বছৰীয়া

পুখুৰীবোৰৰ পাৰে পাৰে নাৰিকল আৰু তামোলৰ গছ আছে। ঘৰৰ কুকুৰাবোৰে অ’ত-তত খুঁচৰি ফুৰিছে, স্কুলৰ পৰা ল’ৰা-ছোৱালীবোৰ চাইকেলেৰে ঘৰলৈ উভতিছে। কলকাতাৰ গলীফ ষ্ট্ৰীটত মাছ কিনাৰ আগেয়ে ক্ৰেতাই ভালদৰে মাছবোৰ চাই লৈছে, গলীফ ষ্ট্ৰীটতে খুচুৰা বিক্ৰেতাবোৰ দেওবাৰে লগ লাগে।

কান্দনৰ ঘৰৰ পিছফালে থকা মাছৰ পুখুৰীটো জালেৰে বেৰি থোৱা আছে, বাকী মৎস্যপালকৰ পুখুৰীবোৰো তেনেকৈ জালেৰে বেৰি ৰখা হয়। “বাৰিষাৰ সময়ত মাছৰ প্ৰজননৰ চৰম সময়, সেয়ে সেইখিনি সময়ৰ আগেয়ে পুখুৰীবোৰ সাজু কৰি তুলিব লাগে,” তেওঁ কয়। তেওঁ সৰু ঘৰটোৰ এটা কোঠাত কেতবোৰ এনে প্ৰজাতিৰ মাছ পোহা হৈছে যিবোৰ ঘৰৰ ভিতৰতে পুহিব লাগে। মাছৰ কণীবোৰ সহজতে নষ্ট হৈ যায়, সেয়ে কিমান মাছ বজাৰত বিক্ৰী কৰা হয় সেয়া ঠিৰাং নাথাকে। সপ্তাহত প্ৰায় ১৫০০ মান বিক্ৰী হয়। “এই ব্যৱসায়ত লাভৰ কোনো নিশ্চিতি নাই, অৱশ্যে কেতিয়াও ৬-৭ হাজাৰৰ ওপৰত আয় নহয়,” কান্দনে কয়।

মাছ পুহি তাক বজাৰৰ বাবে সাজু কৰাটো উদয়ৰামপুৰত প্ৰজন্মৰ পিছত প্ৰজন্ম বাগৰি অহা এটা বৃত্তি। পৰিয়ালৰ প্ৰত্যেকেই মাছ কেনেকৈ পালন কৰিব লাগে সেয়া জানে। পৰিয়ালৰ প্ৰতিজন সদস্যই মাছৰ বেমাৰৰ লক্ষণ ধৰিব পাৰে। “বেমাৰ লাগিলে মাছবোৰ উপঙিব আৰম্ভ কৰে,” কান্দনে কয়। “খাবলৈও এৰি দিয়ে। কিছুমান ঢেলা পৰি যায় আৰু ফিছাবোৰত বগা ৰং ধৰে।” আমতালাৰ দোকানত মাছৰ ঔষধ পায়। “সিহঁতক সুস্থ কৰি তুলিবলৈ আমি বেমাৰ লগা মাছবোৰ পৃথক বাচনত ৰাখো আৰু সুস্থ নোহোৱালৈ নিয়মিত খাদ্য সলাই দৰৱ আৰু খাদ্য বেলেগকৈ দিয়া হয়।”

PHOTO • Barnamala Roy

পত্নী পুতুল (বাওঁফালে) আৰু জীয়ৰী দিশা (সোঁফালে)ৰ সৈতে কান্দন ঘৰা: ‘মই চাগে ঘৰতে পঢ়ুওৱা কাম কৰিম আৰু মাছবোৰ চোৱাচিতা কৰিম,’ দিশাই কয়

কান্দনৰ পৰিয়ালটোৱে মাছ পোহা আৰম্ভ কৰিছিল প্ৰায় ২৫ বছৰ আগেয়ে, মাটিৰ বাচনত। পিছলৈ মাটিৰ আৰু প্লাষ্টিকৰ টাবত পুহিছিল। তাৰপিছত আহিল পুখুৰী আৰু একুৱাৰিয়াম। কান্দনে মাছ ভাল পাবলৈ শিকিছিল দেউতাকৰ পৰা, তেওঁ কয়। “উপাৰ্জন কৰাৰ আমাৰ এইটোৱে একমাত্ৰ বাট। এৰিব নোৱাৰো। আমাৰ ল’ৰা-ছোৱালীবোৰে চহৰত পঢ়ি আছে, কিন্তু শেষত এই ব্যৱসায়লৈয়ে উভতিব।” তেওঁৰ পত্নী পুতুলে হয়ভৰ দিয়ে, তেঁৱো মৎস্যপালক পৰিয়ালৰ।

তেওঁলোকৰ জীয়ৰী দিশাই বিদ্যানগৰ মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ স্নাতক ডিগ্ৰী কৰি আছে। আমি সাক্ষাৎ কৰোতে তেওঁ নিজৰ কোঠাৰ বাহিৰৰ বাৰান্দাখনত কেইটামান ল’ৰা-ছোৱালীক পঢ়াই আছিল। “মই চাগে ঘৰতে পঢ়োৱা কৰিম আৰু মাছবোৰ চোৱাচিতা কৰিম,” তাই কয়।

PHOTO • Barnamala Roy

উদয়ৰামপুৰৰ বাসিন্দা তৰুবালা মিস্ত্ৰীয়ে মাছৰ আকৃতিৰ সোণৰ কাণফুলি পিন্ধিছে ‘এই জীৱিকাৰ উপাৰ্জনেৰে আমাক নাটে, কিন্তু আন উপায়ো আমাৰ হাতত নাই,’ তেওঁ কয়

আমি গাওঁখনত আৰু আগলৈ গৈ দেখো যে পুখুৰী এটাৰ আঠুৰ সমান পানীত পুৰুষ-মহিলাই নামি সৰু মাছবোৰক খুৱাবলৈ সৰু পোক-পৰুৱা ধৰিছে। মাছবোৰ ডাঙৰ হ’লে সিহঁতে পোক-পতংগবোৰ খাবলৈ ধৰে, পোক-পতংগবোৰো সেই পুখুৰীতে ডাঙৰ হয়। ৰাস্তাত আমি তৰুবালা মিস্ত্ৰীক লগ পালো, তেওঁ খৰি কঢ়িয়াই নি আছিল। “এই জীৱিকাৰে পৰিয়াল নচলে, কিন্তু আমাৰ হাতত আন কোনো উপায়ো নাই,” তেওঁ কয়। তেওঁৰ আৰু গাওঁখনৰ মাছ পোহাসকলৰ মাছৰ প্ৰতি থকা আগ্ৰহ তেওঁৰ উপাৰ্জনৰ পৰাই গম পোৱা যায়।

উত্তম মিস্ত্ৰীৰ ঘৰত আকৌ মাছবোৰ কুঁৱাত পোহা হয়। তেওঁ যুঁজাৰু মাছৰ খেতি কৰে। আনৰ সৈতে যুঁজ নালাগিবলৈ এইবোৰ মাছত নিজা নিজাকৈ ঠাই দিবলগীয়া হয়। সৰুবোৰ মাটিৰ পাত্ৰতে থাকে, কিন্তু প্ৰাপ্তবয়স্কবোৰক ছাঁত শাৰী শাৰীকৈ বটলত ৰখা হয়। আমি উপস্থিত হোৱা সময়ত উত্তমে সেই বটলবোৰত সাপ্তাহিক খাদ্য হিচাপে নৰ্দমাৰ পোক দিছে। “সিহঁতে সঘনাই খালে মৰি থাকিব,” তেওঁ কয়।

বাওঁফালে : উত্তম মিস্ত্ৰীয়ে যুঁজাৰু মাছবোৰক সিহঁতৰ সাপ্তাহিক খাদ্য হিচাপে নৰ্দমাৰ পোক খুৱাইছে সোঁফালে : এটা সৰু যুঁজাৰু মাছ, মাছটোৱে মুখেৰে বুৰবুৰণি উলিয়াইছে

মাছ পোহা এই চুবুৰীটোত কোনে কি মাছ বেছিকৈ পুহিব, তাকে লৈ এক অঘোষিত নিয়ম আছে, যাতে ব্যৱসায়টোৰ ভাৰসাম্য ঠিকে থাকে। ঘৰাৰ দৰে মিস্ত্ৰীয়ে মাছ বিক্ৰী কৰিবলৈ গলীফ ষ্ট্ৰীটলৈ নাযায়। তেওঁ খুচুৰা বিক্ৰেতাৰ হাতত তেওঁৰ মাছবোৰ গতায়।

মণ্ডল পাৰালৈ যোৱা বাটত আমি গোলক মণ্ডলক লগ পালো। তেওঁ ৰাস্তাৰ কাষৰ বন নিৰাই আছিল। কাষতে থকা তেওঁলোকৰ পুখুৰীটোত অমিতা গছ এডাল হাউলি আছে, তাতে মহিলাসকলে জালেৰে পোক ধৰিছে। গোলকে আমাক তেওঁৰ গাপ্পি আৰু মলিৰ সংগ্ৰহ দেখুৱালে। তেওঁ মাছবোৰ টেংকি, কেইটামান পাত্ৰ আৰু পৰিয়ালৰ নিজা পুখুৰীটোত পালন কৰে। তেওঁ সৰু ঘৰটোৰ ছাদত যুঁজাৰু মাছ বটলত পোহা হয়।

PHOTO • Barnamala Roy

উজ্জ্বল কমলাৰঙী মলিকে ধৰি (সোঁফালে) বাপ্পা মণ্ডলে বিভিন্ন প্ৰজাতিৰ মাছ পোহে তেওঁ আৰু অধিক মাটি ক্ৰয় কৰি মাছৰ খেতি বহলাব খোজে

মণ্ডলৰ গ’ল্ড আৰু এঞ্জেল মাছৰ দাম প্ৰতিটোত ৫ আৰু ২ টকা। তেওঁ যুঁজাৰু মাছত ১৫০ টকা লয় আৰু ১০০ টা গাপ্পিৰ এটা পেকেটত ১৫০ টকা লয়। “আমাৰ কি লাভ হ’ব তাৰ একো নিশ্চয়তা নাই, কেতিয়াবা সপ্তাহত ১০০০ টকাও নহয়গৈ,” তেওঁ কয়। “কেতিয়াবা লোকচানতো বিক্ৰী কৰিবলগীয়া হয়।” মণ্ডলে কাষতে আৰু অলপ মাটি কিনি পৰিয়ালৰ ব্যৱসায়টো ভালকৈ বহলাই কৰাৰ কথা চিন্তা কৰিছে।

তেওঁৰ পুত্ৰ বাপ্পাই (২৭) এটা অটোম’বাইল কোম্পানীত অংশকালীন কাম কৰে আৰু মৎস্যপালনৰ ব্যৱসায় ভালকৈ কৰিব বিচাৰে। “অৰ্হতা থকা মানুহে যেতিয়া চহৰত কাম নাপায়, তেতিয়া আমি বেছি আশা কৰি থাকিব নোৱাৰোঁ,” তেওঁ কয়। “অন্ততঃ আমাৰ হাতত কৰিবলৈ এটা ব্যৱসায় আছে।”

অনুবাদ: পংকজ দাস

Barnamala Roy

برن مالا رائے نے کولکاتا کی پریزیڈنسی یونیورسٹی سے انگریزی میں پوسٹ گریجویشن کی پڑھائی کی ہے۔ وہ ایک آزاد صحافی اور ترجمہ نگار ہیں، اور اس سے پہلے ’کنڈل‘ میگزین میں سب ایڈیٹر کے طور پر کام کر چکی ہیں۔

کے ذریعہ دیگر اسٹوریز Barnamala Roy
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das