সেইজন মায়ালা পাকিৰ। তেলেগু সাধুকথাৰ পুথিত পোৱা মায়াৱী দানৱ। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ ৰাস্তাত টহল দি ফুৰিছে। মায়াৱী মায়ালাৰ ভাও ধৰা সেইজন কিশোৰ কুমাৰ। স্বৰ্গীয় কিংবদন্তি গায়কজন নহয়, অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ সশস্ত্ৰ সংৰক্ষিত কনিষ্টবল। নগৰখনৰ মধ্যভাগত থকা ক্লক টাৱাৰৰ সমীপত ২ এপ্ৰিলৰ দিনা তেওঁৰ এই আলোকচিত্ৰখন তোলা হৈছিল।

তেলেগুভাষী ৰাজ্যবোৰত আৰক্ষীয়ে সাধাৰণতে কাচিৎহে শাৰীৰিক শাস্তি বিহে, এইবাৰ জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণৰ বাবে তেওঁলোকে আৰু এখোপ আগবাঢ়ি কলাৰ আশ্ৰয় লোৱাৰ অনুমান কৰিবপৰা গৈছে। (আন এখন জিলাৰ এটা ভিডিঅ’ত আৰক্ষীয়ে জনপ্ৰিয় তেলেগু গীত ৰামুলো ৰামালাৰ ছন্দত নাচি-বাগি হাত ধোৱা স্বাস্থ্যবিধি সম্পৰ্কে সজাগতা সৃষ্টিৰ চেষ্টা কৰা দেখা গৈছে)। ‘অনন্তপুৰ আৰক্ষী’ বুলি ফেচবুক পে’জটোত মালায়া পাকিৰ (কিশোৰ কুমাৰৰ)ৰ আলোকচিত্ৰখন পোষ্ট কৰা হৈছে, পিন্ধনত তেওঁৰ সেই ভয়ানক ক’ৰণাভাইৰাছৰ পাগুৰি (অৱশ্যে ক’ৰণা শব্দটোৱেই ‘মুকুট’ বুজায়)।

নীতি-নিয়ম শিথিল কৰি দিয়া সময়ত (যেনে মানুহে অত্যাৱশ্যকীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈ বাহিৰলৈ ওলোৱাৰ সময়ত) এখন গাড়ীৰে এইজন ‘ন-ভাৱৰীয়া’ই সামাজিক দূৰত্ব আৰু আন স্বাস্থ্যবিধি সংক্ৰান্ত নীতি-নিয়মৰ কথা ৰাইজৰ মাজলৈ লৈ যাব বুলি অনন্তপুৰ আৰক্ষীয়ে কয়। এই বাৰ্তা ‘ভীৰ থকা পাচলি বজাৰলৈ, চৰকাৰী হাস্পতাললৈ, বিপনীলৈ আৰু গুৰুত্বপূৰ্ণ ঠাইবোৰলৈ’ লৈ যোৱা হ’ব। নিশ্চয়কৈ ই আৰক্ষীৰ বাবে নতুন বাট মুকলি কৰিছে, নহ’লে জনসাধাৰণক ভয় খুৱাবলৈ আৰক্ষীক কাৰোবাৰ সহায় লাগিছিল জানো।

In Anantapur, Andhra Pradesh, police rope in a mythological sorcerer in the battle against the coronavirus
PHOTO • Police Department, Anantapur
In Anantapur, Andhra Pradesh, police rope in a mythological sorcerer in the battle against the coronavirus
PHOTO • Police Department, Anantapur

অনুবাদঃ পংকজ দাস

Rahul M.

راہل ایم اننت پور، آندھرا پردیش میں مقیم ایک آزاد صحافی ہیں اور ۲۰۱۷ میں پاری کے فیلو رہ چکے ہیں۔

کے ذریعہ دیگر اسٹوریز Rahul M.
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das