ঘৰতে আবদ্ধ কৰি ৰখা, জোৰ-জবৰদস্তি বিয়া দিয়া, শাৰীৰিক তথা যৌন হিংসা আৰু ‘সংশোধনী’ থেৰাপি আদিকে ধৰি বিভিন্ন ধৰণৰ ভাবুকি আৰু অত্যাচাৰৰ সন্মুখীন হয় ভাৰতৰ এল.জি.বি.টি.কিউ.আই.এ.+ সম্প্ৰদায়ৰ লোকে। এই তথ্য ইণ্টাৰনেচনেল কমিছন অৱ জুৰিষ্টৰ দ্বাৰা ২০১৯ত প্ৰকাশিত লিভিং ৱিথ ডিগনিটি শীৰ্ষক প্ৰতিবেদনৰ এই তথ্য।
আৰুচি আৰু বিধি (নাম সলনি কৰা হৈছে)ৰ উদাহৰণেই লওঁক। তেওঁলোকে একেলগে থাকিবলৈ ক্ৰমে থানে আৰু পালঘৰ জিলাৰ নিজ ঘৰ এৰি মুম্বাইত আহি থাকিবলগীয়া হৈছে। বিধি আৰু আৰুচে (তেওঁ নিজকে ৰূপান্তৰিত পুৰুষ বুলি চিনাকি দিয়ে) মুম্বাইত তেওঁলোকে কোঠালী এটা ভাৰা লৈ থাকে। “মালিকজনে আমাৰ সম্পৰ্কৰ কথা নাজানে। আমি সেয়া লুকাই ৰাখিব লাগিব। ৰুমটো এৰি যাব বিচৰা নাই,” আৰুচে কয়।
এল.জি.বি.টি.কিউ.আই.এ.+ সমাজৰ লোকক প্ৰায়ে ভাৰাঘৰ নিদিয়ে, বলপূৰ্বক ঘৰ খালি কৰায়, পৰিয়ালৰ লোক, ভাৰাঘৰৰ মালিক, চুবুৰীয়া আৰু পুলিচে হাৰাশাস্তি কৰে। বহুতেই গৃহহীন জীৱন কটাবলগীয়া হয়, লিভিং ৱিথ ডিগনিটি শীৰ্ষক প্ৰতিবেদনত এই কথা কোৱা হৈছে।
নিন্দা-গৰিহণা আৰু সীমা চেৰাই যোৱা হাৰাশাস্তি সহ্য কৰিব নোৱাৰি ভাৰতত বহুতেই, বিশেষকৈ গ্ৰামাঞ্চলৰ পৰা ৰূপান্তৰিত লোকে ঘৰ এৰি নিৰাপদ স্থানৰ সন্ধানত ওলাই আহিবলগীয়া হয়। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ২০২১ত পশ্চিমবংগৰ ৰূপান্তৰিত সম্প্ৰদায়ৰ লোকক লৈ প্ৰকাশিত এক অধ্যয়নত কৈছে, “নিজৰ লিংগ পৰিচয় লুকুৱাবলৈ পৰিয়ালৰ লোকে তেওঁলোকক হেঁচা দিয়ে।” তাৰোপৰি পৰিয়াল, বন্ধুবৰ্গ আৰু সমাজৰ হেঁচাত এইসকল লোকৰ অৰ্ধেক অংশই ঘৰ এৰিবলগীয়া হয়।
“ৰূপান্তৰিত লোক হ’লো বুলিয়ে আমাৰ কি ইজ্জত নাই?” ৰাস্তা-ঘাট, স্কুল, কৰ্মস্থলকে ধৰি সকলোতে তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা ৰূপান্তৰিত নাৰী শীতলে কয়। “সকলোৱে কিয় আমাক এনেকৈ অৱজ্ঞাৰ চকুৰে চায়?” 'মানুহে আমালৈ এনেকৈ দৃষ্টি নিক্ষেপ কৰে যেন আমি অমংগলীয়া অপশক্তিহে' শীৰ্ষক ষ্ট’ৰিটোত তেওঁ এনেদৰে প্ৰশ্ন কৰে।






