৬৫ বছৰীয়া মুনাৱৰ খানে আৰক্ষী থানা পাওতেই ভিতৰৰ পৰা পুত্ৰৰ মৰণকাতৰ চিঞৰ শুনিবলৈ পাইছিল। প্ৰায় ১৫ মিনিট পিছত সেই কান্দোন বন্ধ হৈ পৰিছিল। আৰক্ষীয়ে প্ৰহাৰ কৰিবলৈ এৰা বুলি ভাবি ইজৰাইল খানৰ পিতৃয়ে তেতিয়া স্বস্তিৰ নিশ্বাস এৰিছিল।
আগদিনাখন ইজৰাইলে ধৰ্মীয় সভাত অংশগ্ৰহণ কৰি ভূপালৰ পৰা উভতিছিল। এটা নিৰ্মাণ ক্ষেত্ৰত দিন হাজিৰা কৰা শ্ৰমিক হিচাপে কাম কৰি থকা ঠাইখনৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বত থকা গৃহ গাওঁ গুনালৈ তেওঁ আহি আছিল।
সেইদিনা সন্ধিয়াই (২১ নৱেম্বৰ, ২০২২) তেওঁ গুনা আহি পাইছিল, কিন্তু ঘৰ গৈ নাপালে। নিশা প্ৰায় ৮ মান বজাত বস্তি এলেকাৰ গকুল সিং কা চকত থকাত ঘৰ পাবলৈ আৰু কেই কিলোমিটাৰমান থাকোতেই চাৰিজন আৰক্ষী বিষয়াই ইজৰাইল আহি থকা অটোৰিক্সাখন আগভেটি ৰখাইছিল আৰু তেওঁক ধৰি লৈ গৈছিল।
তেওঁৰ জ্যেষ্ঠ ভগ্নী ৩২ বছৰীয়া বানুৱে জানিবলৈ দিয়া মতে আৰক্ষীয়ে ধৰি লৈ যাবৰ সময়ত ইজৰাইলে ফোনত শাহুৱেকৰ সৈতে কথা পাতি আছিল। বানুৱে কয়, ''তেনেকৈয়ে আমি তাক যে আৰক্ষীয়ে উঠাই লৈ গৈছে সেয়া জানিব পাৰিছিলো।’’
তেওঁক সমীপৱৰ্তী কুস্মুদা আৰক্ষী থানালৈ লৈ যোৱা লৈছিল। তাতেই পিতৃ মুনাৱৰে আৰক্ষীৰ প্ৰহাৰত পুত্ৰই যন্ত্ৰণাত চিৎকাৰ কৰা শুনিবলৈ পাইছিল।
প্ৰায় ৪৫ মিনিট পিছত পিতৃ মুনাৱৰে জানিব পাৰিছিল যে আৰক্ষীয়ে অত্যাচাৰ বন্ধ কৰা বাবে নহয়, আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা বাবেহে পুত্ৰৰ চিৎকাৰ এটা সময়ত বন্ধ হৈ পৰিছিল। মৰণোত্তৰ পৰীক্ষাৰ অন্তত এয়া জানিব পৰা গৈছিল যে ইজৰাইলৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল আৰু মূৰত আঘাত পাইছিল।
পিছত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যে জুৱাৰীক বচাবলৈ চেষ্টা কৰা দল এটাৰ সদস্য শ্ৰমিক হিচাপে কৰ্মৰত ৩০ বছৰীয়া লোক এজনক মধ্য প্ৰদেশ আৰক্ষীয়ে আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হ’বলৈ চেষ্টা চলোৱাৰ পিছত আটক কৰে।
কিন্তু তেওঁৰ পৰিয়ালে সেই কথা অস্বীকাৰ কৰিছে। ইজৰাইলৰ মাতৃ মুন্নি বাঈয়ে কৈছে, ''সি মুছলমান হোৱা বাবেই তাক এনেকৈ উঠাই নিছিল।’’
কথাটো হৈছে ইজৰাইলৰ আৰক্ষীৰ জিম্মাত হোৱা মৃত্যু বিবাদিত নহ’ল। কেনেকৈ মৃত্যু হ’ল সেই লৈয়ো প্ৰশ্ন নুঠিল।
গুনাৰ আৰক্ষী অধীক্ষক ৰাকেশ সাগৰে কয় যে ইজৰাইলে অশোক নগৰত গুনাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত ৰে’লপথত পৰি আহত হৈ থানাত উপস্থিত হৈছিল আৰু আৰক্ষীৰ জিম্মাত মৃত্যুবৰণ কৰিছিল। তেওঁ কয়, ‘বৰ্তমান সংশ্লিষ্ট চাৰিজন কনিষ্টবল নিলম্বিত হৈ আছে। তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা চলি আছে। কিন্তু তেওঁলোকে একো কৰা নাছিল বুলি ওলাই পৰিছে৷ আমাৰ বিচাৰ বিভাগে পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ব।”
সেই ভয়াৱহ নিশাটোত কুস্মুদা থানাৰ আৰক্ষীয়ে মুনাৱৰক জনায় যে ইজৰাইলক কেণ্টৰ থানালৈ লৈ যোৱা হৈছে। কিন্তু তাত উপস্থিত হোৱাৰ পিছত তেওঁলোকে তেওঁক জনাইছিল যে ইজৰাইলৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেওঁক জিলা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বানুৱে কয়, “আমি বুজিছিলো যে কিবা এটা গণ্ডগোল আছে। যেতিয়া আমাৰ দেউতা হাস্পতালত উপস্থিত হৈছিল, তেতিয়া ইজৰাইলক মৃত অৱস্থাত পাইছিল। গোটেই শৰীৰত আঘাতৰ চিন আছিল। নিৰ্দয়ভাৱে তাক সিঁহতে মৰিয়াই মৰিয়াই মাৰি পেলাইছিল।’’
ইজৰাইলৰ মাতৃ মুন্নী বাঈয়ে বস্তি এলেকাত থকা তেওঁলোকৰ সামান্য একোঠলীয়া ঘৰটোৰ এচুকত বহি কথা-বতৰা শুনি চকুপানী লুকুৱাবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ ঘৰটো জপনাযুক্ত চৌহদৰ ভিতৰত চাৰিটা সৰু পকী কোঠাৰ আৰু টয়লেট দুটা আছে।
মুন্নী বাঈয়ে বুকুত দুখ লৈ কথাত ভাগ লয়। প্ৰতিবাৰেই কথা ক’বলৈ লওতে তেওঁ শোকত ভাগি পৰিছে। কিন্তু তেওঁ নিজৰ মনলৈ অহা কথাবোৰ ক’ব বিচাৰিছে। তেওঁ কয়, '‘আজিকালি মুছলমানক লক্ষ্য কৰি লোৱাটো সহজ হৈ পৰিছে। পৰিৱেশ এনে হৈ পৰিছে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক যেন হৈ পৰিছো। আমাক হত্যা কৰিব পাৰি আৰু তাক লৈ কাৰো কোনো ভ্ৰূক্ষেপেই নাই।”
২০২২ চনৰ জুলাই মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লোকসভাক জনাইছিল যে ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে ভাৰতত ৪,৪৮৪ জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে – অৰ্থাৎ এই দুবছৰত প্ৰতি দিনে ছয়জনতকৈ অধিক লোকে আৰক্ষীৰ জিম্মাত প্ৰাণ হেৰুৱাই আহিছে।
মধ্যপ্ৰদেশত ৩৬৪ জন লোকৰ আৰক্ষীৰ জিম্মাত মৃত্যু হৈছে। একেদৰে উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগতো একাধিক এনে ঘটনা সংঘটিত হৈ আহিছে।
গুনাস্থিত সমাজকৰ্মী বিষ্ণু শৰ্মাই কয়, “আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা বেছিভাগ লোকেই পিছপৰা সম্প্ৰদায় বা সংখ্যালঘু। তেওঁলোকে আৰ্থিকভাৱে সংগ্ৰাম কৰি আছে, আৰু তেওঁলোকৰ হৈ মাত মাতিবলৈ কোনো নাই। তেওঁলোকৰ সৈতে এনেধৰণ আচৰণ কৰাটোও একপ্ৰকাৰৰ অপৰাধ বুলিব পাৰি।’’
ইজৰাইলে মজুৰি কৰাৰ বিনিময়ত ঘৰখনলৈ এদিনত ৩৫০ টকাকৈ পাইছিল আৰু মাহটোত ৪,০০০-৫,০০০ টকালৈকে উপাৰ্জন কৰিছিল। সেই উপাৰ্জনেৰে পৰিয়ালটোৱে জীৱন নিৰ্বাহ কৰিছিল। মৃত্যুৰ সময়ত তেওঁ ৩০ বছৰীয়া পত্নী ৰীণা আৰু ক্ৰমে ১২, ৭ আৰু ৬ বছৰীয়া তিনিগৰাকী কন্যা আৰু এবছৰীয়া পুত্ৰক এৰি থৈ যায়। ‘আৰক্ষীয়ে যে ভুল কাম কৰিছে সেয়া উপলব্ধি কৰা উচিত। অকাৰণতে সিহঁতে এটা পৰিয়াল ধ্বংস কৰি পেলাইছে,’’ বানুৱে কয়।
২০২৩ চনৰ ছেপ্টেম্বৰৰ শেষ সপ্তাহত যেতিয়া এই প্ৰতিনিধি দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হৈছিল, তেতিয়া ৰীণাই ল’ৰা-ছোৱালীকেইটিক লৈ গুনা চহৰৰ বাহিৰৰ পিতৃগৃহত আছিল। বানুৱে কয়, “তাই ইয়াতো থাকে, মাজে মাজে ঘৰলৈ যায়। তাই বহুত দুখ পালে। আমি তাইক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰো। তাই নিজৰ ইচ্ছামতে আহিব আৰু যাব পাৰে। এইখনো তাইৰ ঘৰ। সেইখনো তাইৰেই ঘৰ।”
ৰীণাৰ ল’ৰা-ছোৱালী আৰু ৰীণাৰ দায়িত্ব ল’ব পৰাকৈ তেওঁৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা ভাল নহয়। দেউতাকৰ মৃত্যুৰ পিছৰে পৰা আটাইকেইজনী ছোৱালীয়ে স্কুললৈ যাবলৈ বাদ দিছে। বানুৱে কয়, “আমি স্কুলৰ ইউনিফৰ্ম কিনিবলৈ, বেগ আৰু বহী কিনিবলৈকো পইছা মিলাব পৰা নাই। সিহঁতে ভাগি পৰিছে, বিশেষকৈ মেহেকে, তাইৰ বয়স ১২ বছৰ। তাই কথা কৈ বহুত ভাল পায়। কিন্তু এতিয়া তাই কথা ক’বলৈ এৰি দিছে।”
১৯৯৭ চনৰ পৰা ভাৰত ৰাষ্ট্ৰসংঘৰ নিৰ্যাতনৰ বিৰোধী চুক্তিত স্বাক্ষৰ কৰা দেশ হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু দেশখনে ইয়াৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰাত ব্যৰ্থ হৈছে। ২০১০ চনৰ এপ্ৰিল মাহত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোকসভাত নিৰ্যাতন বিৰোধী বিধেয়ক দাখিল কৰিছিল যদিও সেয়া আইনত পৰিণত নহ’ল। ভাৰতত আৰক্ষীৰ জিম্মাত অত্যাচাৰ চলোৱাতো এতিয়াও যেন নিয়মেই হৈ আছে আৰু এইক্ষেত্ৰত অধিক ক্ষতিগ্ৰস্ত হৈছে মুছলমান, দলিত আৰু আদিবাসীসকল।
এইক্ষেত্ৰত খাৰগোনে জিলাৰ খাইৰ কুণ্ডী গাঁৱৰ ৩৫ বছৰীয়া বিছান নামৰ এজন ক্ষুদ্ৰ আদিবাসী খেতিয়ক তথা শ্ৰমিকজনৰ কথাকেই ক’ব পাৰি। বিছানক ২০২১ চনৰ আগষ্ট মাহত আৰক্ষীয়ে ২৯,০০০ টকা চুৰি কৰাৰ সন্দেহত ধৰি নিছিল আৰু নিৰ্মম অত্যাচাৰ চলাইছিল।
গোচৰটোত তেওঁক সহায় কৰা লোকসকলে জনোৱা মতে, তিনিদিন পিছত যেতিয়া ভিল আদিবাসী বিছানক ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয়, তেতিয়া তেওঁ বিষত কেঁকাই আছিল আৰু আনৰ সহায় অবিহনেও থিয় দিব পৰা নাছিল। তথাপিও তেওঁক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আঘাতৰ বাবে জেল কৰ্তৃপক্ষই তেওঁক জেইলত ৰাখিবলৈ অস্বীকাৰ কৰিছিল।
চাৰি ঘণ্টাৰ পাছত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় আৰু তাত তাতেই চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ব্যাপকভাৱে সংক্ৰমিত ঘাঁৰ বাবে চেপ্টিকেমিক শ্বক হৈ মৃত্যু হোৱা বুলি কোৱা হৈছে।
মৃত্যুৰ সময়ত বিছানে পত্নী আৰু পাঁচটা ল’ৰা-ছোৱালীক এৰি থৈ যায়। ইয়াৰে সৰুটোৰ বয়স মাত্ৰ সাত বছৰ।
ৰাজ্যখনৰ এটা বেচৰকাৰী সংস্থা – জাগৃত আদিবাসী দলিত সংগঠনে (JADS) বিছানৰ গোচৰটো চলাই নিছে। মধ্যপ্ৰদেশৰ উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন।
“২৯,০০০ টকা চুৰিৰ সন্দেহত মানুহটোক মৰিয়াই মৰিয়াই কিয় মাৰি পেলোৱা হ’ল?” জাগৃত আদিবাসী দলিত সংগঠনৰ নেত্ৰী মাধুৰী কৃষ্ণস্বামীৰ প্ৰশ্ন। ‘বিছানৰ পৰিয়ালটোক গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে যদিও আমি নিজাববীয়াকৈ ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ সিদ্ধান্ত লৈছো। আৰক্ষীয়ে এন এইচ আৰ চিয়ে দিয়া নিৰ্দেশনা মানি চলা নাই,” মাধুৰীয়ে কয়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এন এইচ আৰ চি) উল্লেখ কৰা নিৰ্দেশনা অনুসৰি, ‘মৰণোত্তৰ পৰীক্ষা, ভিডিঅ’গ্ৰাফ আৰু দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনকে ধৰি সকলো প্ৰতিবেদন ঘটনাৰ দুমাহৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব। জিম্মাত মৃত্যুৰ প্ৰতিটো ক্ষেত্ৰতে আয়োগৰ নিৰ্দেশ অনুসৰি দণ্ডাধীশে তদন্ত কৰিব লাগে আৰু সেয়া যিমান পাৰি সোনকালে সম্পূৰ্ণ কৰিব লাগে। দুমাহৰ সময়সীমাৰ ভিতৰত এই প্ৰতিবেদন উপলব্ধ হোৱাৰ ব্যৱস্থাও কৰিব লাগে।”
ইজৰাইলৰ মৃত্যুৰ সময়ত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নিদিয়াকৈ পৰিয়ালটোক শেষকৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। সেই ঘটনাৰ প্ৰায় এবছৰ হ’ল যদিও তেওঁৰ পৰিয়ালে এতিয়াও দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদনৰ বিষয়ে একোৱেই নাজানে।
তেওঁলোকে চৰকাৰৰ তৰফৰ পৰাও কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই। ইজৰাইলৰ পৰিয়ালৰ লোকসকলে জিলা উপায়ুক্তক সাক্ষাৎ কৰিবলৈ যাওতেও উপায়ুক্তই তেওঁলোকক দুৰ্ব্যৱহাৰ কৰিছিল বুলিও বানুৱে কয়। তেওঁ কয়, “আমাৰ কথা সকলোৱে পাহৰি গৈছে। আমি ন্যায় পোৱাৰ আশা বাদেই দিছো।”
পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী লোকজন নোহোৱা হৈ পৰাত এতিয়া বৃদ্ধ পিতৃ-মাতৃয়ে দুবেলা-দুমুঠিৰ বাবে নিজেই কষ্ট কৰিবলৈ বাধ্য হৈ পৰিছে।
এতিয়া চুবুৰীয়া এঘৰত ম’হৰ গাখীৰ খিৰোৱা কাম হাতত লৈছে মুন্নী বাঈয়ে৷ তেওঁ সৰু ঘৰটো বাৰান্দাখনলৈ ম’হবোৰ আনে আৰু গাখীৰ খিৰায়। কাম শেষ হ’লে তেওঁ ম’হকেইটা গাখীৰৰ সৈতে গৰাকীক ঘূৰাই দিয়ে। এই কামৰ বাবে প্ৰতিদিনে তেওঁ ১০০ টকাকৈ লাভ কৰে। তেওঁ কয়, “এই বয়সত কোনোমতে মই ইমানখিনেকেই টানিব পাৰো।’’
মুনাৱৰৰ বয়সে ষাঠি অতিক্ৰম কৰিছে। গাঁঠিৰ বিষত ভুগি থকাৰ পিছতো তেওঁ পুনৰ হাজিৰা কাম কৰিবলৈ বাধ্য হৈ পৰিছে। কামৰ সময়ত তেওঁ ফোপাই, যাৰ ফলত বাকীসকল লোকে তেওঁৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ পৰে। তেওঁ কাম বিচাৰি নিজৰ ঘৰৰ পৰা বেছি দূৰলৈ নাযায়, আৰু পাঁচ বা দহ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে কাম বিচাৰে যাতে কিবা অঘটন ঘটিলে পৰিয়ালৰ লোকসকলে সহায় কৰিবলৈ লৰালৰিকৈ যাব পাৰে।
পৰিয়ালটোৱে জীৱন নিৰ্বাহৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। ফলত তেওঁলোকৰ বাবে গোচৰটো আগবঢ়াই নিয়াতো একপ্ৰকাৰ অসম্ভৱ সদৃশ হৈ পৰিছে। বানুৱে আক্ষেপেৰে কয়, “উকীলসকলে টকা বিচাৰে। আমি নিজেই চলিব পৰা নাই। গতিকে ক’ৰ পৰা আমি উকীলক ধন দিম? যি দেখিছো ইয়াত টকা থাকিলেহে ন্যায় পোৱা যায়।’’
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি