দক্ষিণে কচ্চৰ বৃহৎ ৰন আৰু উত্তৰে কালো ডুংগাৰ (কৃষ্ণ পাহাৰ)ৰ মাজত অৱস্থিত এছিয়াৰ দ্বিতীয় বৃহত্তম বান্নী তৃণভূমি সংৰক্ষিত বনাঞ্চলখন প্ৰায় ৩,৮৪৭ বৰ্গ কিলোমিটাৰ বিস্তৃত। এসময়ত সিন্ধু নদী এই অঞ্চলৰ মাজেৰে বৈ গৈছিল আৰু বৰ্তমানৰ ইৰান, আফগানিস্তান, সিন্ধ, বেলুচিস্তানক সামৰি লোৱা অঞ্চলৰ পৰা প্ৰব্ৰজন কৰা সম্প্ৰদায়ৰ লোকে ইয়াত শতিকা জুৰি বাস কৰি আহিছে। ১৮১৯ চনত হোৱা এটা ডাঙৰ ভূমিকম্পই সিন্ধু নদীৰ গতিপথ সলনি কৰে আৰু বান্নীক এখন শুকান তৃণভূমিলৈ ৰূপান্তৰিত কৰে। সময়ৰ লগে লগে এই শুষ্ক পৰিৱেশৰ সৈতে খাপ খাবলৈ থিতাপি লোৱা সম্প্ৰদায়ৰ লোকসকলে পশুপালন আৰম্ভ কৰে আৰু আজিও তেওঁলোকে গুজৰাটৰ এই তৃণভূমিসমূহত সিঁচৰতি হৈ থকা ৪৮খন গাঁৱত বাস কৰে।
বান্নী সম্প্ৰদায়টোত অন্তৰ্ভুক্ত জাট, ৰাবাৰী, চামা আদি জনগোষ্ঠীসমূহক সামূহিকভাৱে ‘মালধাৰী’ নামেৰে জনা যায়। কচ্ছি ভাষাত "মাল" মানে জন্তু আৰু "ধাৰী" মানে অধিকাৰী। সমগ্ৰ কচ্ছত মালধাৰী সম্প্ৰদায়ৰ লোকসকলে গৰু, ম’হ, উট, ঘোঁৰা, ভেড়া, ছাগলী আদি বিভিন্ন ধৰণৰ জীৱ-জন্তু পালন কৰে। তেওঁলোকৰ দৈনন্দিন জীৱন আৰু সাংস্কৃতিক পৰম্পৰা তেওঁলোকৰ জীৱ-জন্তুসমূহক কেন্দ্ৰ কৰিয়ে ঘূৰে, আনকি তেওঁলোকৰ গীতসমূহতো প্ৰায়ে পশুপালনৰ প্ৰতিধ্বনি শুনা যায়। কিছুমান মালধাৰীয়ে নিজৰ জীৱ-জন্তুৰ বাবে চৰণীয়া পথাৰ বিচাৰি সাধাৰণতে কচ্ছ অঞ্চলৰ ভিতৰতে ঋতু অনুসৰি প্ৰব্ৰজন কৰে। পৰিয়ালসমূহে এই যাত্ৰা সাধাৰণতে মে’ মাহত আৰু কেতিয়াবা জুন বা জুলাই মাহত আৰম্ভ কৰে আৰু বৰষুণ আৰম্ভ হোৱাৰ আগতে, সাধাৰণতে ছেপ্টেম্বৰৰ শেষৰ ফালে উভতে।
মালধাৰীসকলৰ সামাজিক অৱস্থান তেওঁলোকৰ পশুজাকৰ আকাৰ আৰু গুণগত মানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্ৰতিবছৰে তৃণভূমিত আয়োজন কৰা এখন বৃহৎ মেলাত তেওঁলোকে নিজৰ মৰ্যাদা, সম্প্ৰদায় আৰু সংস্কৃতিক দুদিনীয়াকৈ উদযাপন কৰিবলৈ একত্ৰিত হয়। সাধাৰণতে ডিচেম্বৰ-জানুৱাৰী মাহত হোৱা এই অনুষ্ঠানৰ তাৰিখসমূহ সম্প্ৰদায়টোৱে সামূহিকভাৱে নিৰ্ধাৰণ কৰে। সংলগ্ন ফটোখনত মেলাৰ বাবে স্থাপন কৰা অস্থায়ী টেংকৰ পৰা খোৱাপানী সংগ্ৰহ কৰি থকা অৱস্থাত এগৰাকী মালধাৰী দেখা গৈছে।
অনুবাদ: সৃষ্টি শ্ৰেয়ম