ফাট !

এটা টুপকিৰ পৰা ওলোৱা বনৰীয়া লতাৰ গুটিৰ সেয়া শব্দ। তেওঁলোকে চত্তীশগড়ৰ জগদলপুৰ চহৰৰ গোঞ্চা উৎসৱত এনেকৈয়ে প্ৰতীকি ৰূপত চালামি আগবঢ়ায়।

টুপকি হৈছে বাঁহৰ পাবেৰে বনোৱা এটা বন্দুক, তাত বনৰীয়া লতাৰ গুটি গুলি হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ সময়ত এই বন্দুক ফুটুওৱা হয়। জুলাই মাহত উদযাপন কৰা এই উৎসৱত ৰাজ্যখনৰ বস্তৰ অঞ্চলৰ হাজাৰ হাজাৰ লোক সমবেত হয়।

“কাষৰ গাঁৱৰ মানুহবোৰ গোঞ্চা উৎসৱলৈ আহে আৰু টুপকি এটা কিনেই,” শোভাযাত্ৰাত টুপকি ব্যৱহাৰ কৰা হোৱা নাই, তেনে সেই কথা জগদলপুৰৰ এগৰাকী বাসিন্দা বনমালি পানিগ্ৰাহীৰ মনতে নপৰে।

গুলি হিচাপে ব্যৱহাৰ কৰা গুটিটো এবিধ ওখ লতাজাতীয় উদ্ভিদ মলকাংগিনীৰ সেউজীয়া-হালধীয়া ফল (গছবিধৰ নাম চেলাষ্ট্ৰাছ পেনিকুলেটাচ ৱাইল্ড), ওচৰৰে হাবিত সেয়া পোৱা যায়।

পুৰিতো গোঞ্চা উৎসৱ উদযাপন কৰা হয় যদিও কেৱল বস্তৰ অঞ্চলতহে টুপকি আৰু গুটিৰে চালামি দিয়া পৰম্পৰা চলি আছে। এটা সময়ত এই বন্দুকেৰে বনৰীয়া জন্তু খেদি পঠিওৱা হৈছিল।

Lord Jagannath being brought down from the rath by priests of the temple in Jagdalpur, Chhattisgarh
PHOTO • Vijaya Laxmi Thakur
Devotees swarm around the rath.
PHOTO • Vijaya Laxmi Thakur
Sonsaay Baghel wrapping palm leaves around the hollow bamboo to decorate a tupki.
PHOTO • Vijaya Laxmi Thakur
Armed with a tupki and a peng, a devotee gets ready to fire!
PHOTO • Vijaya Laxmi Thakur

ওপৰত বাওঁফালে: প্ৰভু জগন্নাথক চত্তীশগড়ৰ জগদলপুৰ মন্দিৰৰ পুৰোহিতে ৰথৰ পৰা নমাইছে। ওপৰত সোঁফালে: ভক্তই ৰথখন আগুৰি ধৰিছে। তলত বাওঁফালে: সোনসাই বাঘেলে বাঁহৰ ফোপোলা পাবটোৰ চাৰিওফালে তালপাত মেৰিয়াই টুপকিটো দেখাত সুন্দৰ কৰি তুলিছে। তলত সোঁফালে: টুপকি আৰু গুটিৰে এজন ভক্ত গুলি চলাবলৈ সাজু হৈছে!

জামাৱাড়া গাওঁ নিবাসী সোনসাই বাঘেল এগৰাকী খেতিয়ক আৰু বাঁহৰ কাম কৰা লোক। ধুৰৱা আদিবাসী সোনসাইয়ে জুলাই মাহত উৎসৱ আৰম্ভ হোৱাৰ আগেয়ে জুন মাহৰ পৰা টুপকিৰ কাম আৰম্ভ কৰে। “উৎসৱৰ আগেয়ে আমি টুপকি বনোৱা আৰম্ভ কৰো। আমি হাবিৰ পৰা বাঁহ সংগ্ৰহ কৰো আৰু সেয়া শুকুৱাও,” তেওঁ কয়।

বাঁহৰ দীঘল পাব এটা কুঠাৰ আৰু চুৰীকটাৰীৰে কাটি ফুটা কৰি টুপকি তৈয়াৰ কৰা হয়। ৰংচঙীয়া পাত আৰু কাগজ লগাই টুপকিটো দেখাত ধুনীয়া কৰি তোলা হয়।

“আমি হাবিৰ পৰা পকা পেংফল বিচাৰি আনো। মাৰ্চ মাহৰ পিছত ফল লাগিবৰ হয় আৰু সেয়া ১০০ টামান ফল থকা এটা থোপা ১০ টকাত বিক্ৰী কৰা হয়,” সোনসাইয়ে কয় আৰু যোগ দিয়ে, “এয়া ঔষধী ফল। ইয়াৰ তেল আৰ্থাৰাইটিছ আৰু গাঁঠিৰ বিষৰ কাৰণে ভাল।” টুপকিৰ গুলিও ভাল হয়।

অঞ্চলটোৰ বহুতৰে বাবে টুপকি বনোৱাটো উপাৰ্জনৰ এক বাৰ্ষিক উৎস। উৎসৱৰ সময়ত প্ৰতিখন গাঁৱতে টুপকি বনোৱা কাম আৰম্ভ হয়। এটা টুপকি ৩৫ৰ পৰা ৪০ টকাত বিক্ৰী হয় আৰু বাঘেলে তেওঁৰ ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ নিজ ঘৰৰ পৰা জগদলপুৰলৈ টুপকি বিক্ৰী কৰিবলৈ আহে। তেওঁ কয় যে তিনি দশক আগতে টুপকি এটা দুটকাত বিক্ৰী হৈছিল।

বাঘেলে বস্তৰ জিলাৰ জগদলপুৰ ব্লকত নিজৰ চাৰি একৰ মাটিত বৃষ্টিনিৰ্ভৰ খেতি কৰে। তেওঁৰ গাওঁ জগদলপুৰৰ ৭৮০ ঘৰ মানুহৰ ৮৭ শতাংশই ধুৰৱা আৰু মাৰিয়া আদিবাসী সম্প্ৰদায়ৰ (২০১১ৰ লোকপিয়ল)।

Women selling panas kua (ripe jackfruit) at the Goncha festival. It’s a popular offering to Lord Jagannath
PHOTO • Vijaya Laxmi Thakur

গোঞ্চা উৎসৱত মহিলাসকলে পকা কঁঠাল বিক্ৰী কৰিছে। এয়া প্ৰভু জগন্নাথলৈ আগবঢ়োৱা জনপ্ৰিয় অৰ্ঘ্য

Craftsmen working on building a new rath (chariot) in Jagdalpur town. Raths are made using sal and teak wood.
PHOTO • Vijaya Laxmi Thakur
As the rath nears Shirasar Bhavan in Jagdalpur, devotees rush towards it
PHOTO • Vijaya Laxmi Thakur

বাওঁফালে: জগদলপুৰ চহৰত নতুন ৰথ বনোৱা কামত ব্যস্ত মিস্ত্ৰী। ৰথবোৰ সাধাৰণতে শাল আৰু চেগুন কাঠেৰে বনোৱা হয়। সোঁফালে: ৰথখন জগদলপুৰৰ চিৰাসৰ ভৱনৰ কাষ চাপোতে ভক্তই আগুৰি ধৰিছে

গোঞ্চা উৎসৱৰ ভগৱান জগন্নাথৰ সৈতে জৰিত এটা কাহিনী আছে। চালুক্য সাম্ৰাজ্যৰ বস্তৰ ৰজা পুৰুষোত্তম দেৱে প্ৰভু জগন্নাথৰ বাবে সোণ-ৰূপ আনিবলৈ পুৰিলৈ গৈছিল। সেই অৰ্ঘ্য পাই সন্তুষ্ট হৈ পুৰুষোত্তমক জগন্নাথ মন্দিৰৰ পুৰোহিতে পুৰিৰ ৰজাৰ নিৰ্দেশত ১৬ চকীয়া ৰথ এখন উপহাৰ দিছিল।

পিছলৈ শাল আৰু চেগুন কাঠেৰে বনোৱা ৰথখন ভাগ কৰি চাৰিটা চকাৰে এটা ভাগ বস্তৰৰ প্ৰভু জগন্নাথলৈ আগবঢ়োৱা হৈছিল। তেনেকৈয়ে সেই ৰথযাত্ৰা আৰম্ভ হৈছিল যাক আজি বস্তৰৰ গোঞ্চা উৎসৱ বুলি কোৱা হয়। (অৱশিষ্ট ১২ চকীয়া ৰথখন মাতা দান্তেশ্বৰীলৈ আগবঢ়োৱা হয়)।

পুৰুষোত্তম দেৱে টুপকি দেখা পাইছিল আৰু সেয়া গোঞ্চা উৎসৱত ব্যৱহাৰ কৰাৰ কথা কৈছিল। এই উৎসৱৰ সময়ত জগন্নাথ প্ৰভুলৈ পানাচ কুৱা (হালবি ভাষাত পানাচ কুৱা মানে পকা কঠাল) আগবঢো়ৱা হয়। জগদলপুৰৰ গোঞ্চা উৎসৱত পকা কঁঠাল আনন্দ-উৎসৱৰ এক অবিচ্ছেদ্য অংশ।

অনুবাদ: পংকজ দাস

Thamir Kashyap

ଥମିର କଶ୍ୟପ ଛତିଶଗଡ଼ରେ ରହୁଥିବା ଜଣେ ରିପୋର୍ଟର, ଡକ୍ୟୁମେଣ୍ଟାରୀ ଫଟୋଗ୍ରାଫର ଓ ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା। ସେ ରାଜ ମୁରିଆ ଆଦିବାସୀ ସମ୍ପ୍ରଦାୟକୁ ପ୍ରତିନିଧିତ୍ୱ କରିଥାନ୍ତି ଏବଂ ଦିଲ୍ଲୀର ଭାରତୀୟ ଜନସଞ୍ଚାର ସଂସ୍ଥାନରୁ ସେ ରେଡିଓ ଓ ଟିଭି ସାମ୍ବାଦିକତାରେ ସ୍ନାତକୋତ୍ତର ଡିପ୍ଲୋମା ପାଠ୍ୟକ୍ରମ ଶିକ୍ଷାଲାଭ କରିଛନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Thamir Kashyap
Photographs : Vijaya Laxmi Thakur

ବିଜୟ ଲକ୍ଷ୍ମୀ ଠାକୁର ଛତିଶଗଡ଼ରେ ଅବସ୍ଥାପିତ ଜଣେ ଫଟୋଗ୍ରାଫର

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Vijaya Laxmi Thakur
Editor : Priti David

ପ୍ରୀତି ଡେଭିଡ୍‌ ପରୀର କାର୍ଯ୍ୟନିର୍ବାହୀ ସମ୍ପାଦିକା। ସେ ଜଣେ ସାମ୍ବାଦିକା ଓ ଶିକ୍ଷୟିତ୍ରୀ, ସେ ପରୀର ଶିକ୍ଷା ବିଭାଗର ମୁଖ୍ୟ ଅଛନ୍ତି ଏବଂ ଗ୍ରାମୀଣ ପ୍ରସଙ୍ଗଗୁଡ଼ିକୁ ପାଠ୍ୟକ୍ରମ ଓ ଶ୍ରେଣୀଗୃହକୁ ଆଣିବା ଲାଗି ସ୍କୁଲ ଓ କଲେଜ ସହିତ କାର୍ଯ୍ୟ କରିଥାନ୍ତି ତଥା ଆମ ସମୟର ପ୍ରସଙ୍ଗଗୁଡ଼ିକର ଦସ୍ତାବିଜ ପ୍ରସ୍ତୁତ କରିବା ଲାଗି ଯୁବପିଢ଼ିଙ୍କ ସହ ମିଶି କାମ କରୁଛନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Priti David
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das