হেচলব্লেড বঁটাপ্ৰাপ্ত আলোকচিত্ৰশিল্পী দয়ানিতা সিঙে পাৰিৰ সৈতে যুটীয়াভাৱে দয়ানিতা সিং-পাৰি তথ্যচিত্ৰমূলক ফটোগ্ৰাফি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছে


SANGUR, PUNJAB
|FRI, SEP 09, 2022
পালানি কুমাৰলৈ দয়ানিতা সিং-পাৰি তথ্যচিত্ৰমূলক ফটোগ্ৰাফি বঁটা
Author
Translator

প্ৰথম দয়ানিতা সিং-পাৰি তথ্যচিত্ৰমূলক ফটোগ্ৰাফি বঁটাৰ ২ লাখ টকা লাভ কৰিছে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ পালানি কুমাৰে।
দয়ানিতাই বিশ্বৰ অন্যতম সন্মানীয় বঁটা বুলি বিবেচিত ২০২২ৰ হেচলব্লেড বঁটা লাভ কৰাৰ পৰাই পাৰিৰ সৈতে লগ লাগি এই বঁটা প্ৰদানৰ কথা চিন্তা কৰিছিল। যুৱ আলোকচিত্ৰশিল্পী পালানি কুমাৰে নিজে শিকি আৰম্ভ কৰা এই আলোকচিত্ৰ শিল্পৰ উদ্দেশ্য, বিষয়বস্তু, উদ্যম আৰু তথ্যচিত্ৰমূলক ফটোগ্ৰাফিৰ দিশত তেওঁৰ প্ৰতিভাই দয়ানিতাৰ মন চুই গৈছিল বুলি তেওঁ কয়।
তেওঁ ভাবে যে পাৰিয়ে তথ্যচিত্ৰমূলক ফটোগ্ৰাফিৰ ক্ষেত্ৰত অৱশিষ্ট দুৰ্গ হিচাপে থিয় দি আছে আৰু উপান্ত শ্ৰেণীৰ জীৱন আৰু জীৱিকাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে। পাৰিৰ সৈতে যুটীয়াভাৱে বঁটা আগবঢ়োৱাৰ ইয়ো এটা কাৰণ।
পালানি কুমাৰ পাৰিৰ পূৰ্ণকালীন আলোকচিত্ৰশিল্পী (আমি তেওঁৰ সৈতে ৬০০ টা কাম কৰিছো)। পাৰিত প্ৰকাশিত তেওঁৰ কামবোৰত ঘাইকৈ অনাময় কৰ্মী, সামূদ্ৰিক উদ্ভিদ সংগ্ৰহকাৰী, কৃষিশ্ৰমিক আদিৰ জীৱন-জীৱিকা প্ৰকাশ পাইছে। তীব্ৰ সামাজিক চেতনা আৰু সহমৰ্মিতাৰে সংপৃক্ত কৌশল আৰু ফটোগ্ৰাফিৰ দক্ষতাৰে উজলি উঠা পালানি কুমাৰৰ কামৰ তুলনা আনৰ সৈতে খুব কমেই কৰিব পাৰি।

M. Palani Kumar
দক্ষিণ তামিলনাডুৰ টুটুকুড়ি জিলাত ২৫,০০০ একৰ মাটিত বিস্তৃত লোণৰ ডোবাত তেনেই নিম্ন মজুৰিত তেজক পানী কৰি হাজিৰা কৰা মহিলা শ্ৰমিকসকলৰ মাজৰ এই ৰাণী। প্ৰতিবেদন: টুটুকুড়িৰ লোণৰ ডোবাৰ ৰাণী

M. Palani Kumar
আঠ বছৰ বয়সৰ পৰাই এ. মূকুপৰিয়ে সামূদ্ৰিক উদ্ভিদ সংগ্ৰহ কৰি আহিছে। এই অগতানুগতিক পাৰম্পৰিক জীৱিকাৰ সৈতে জৰিত তামিলনাডুৰ ভাৰতীনগৰৰ বহু মাছমৰীয়াই এতিয়া জলবায়ু পৰিৱৰ্তনৰ কবলত পৰি জীৱন-জীৱিকা হেৰুওৱাৰ উপক্ৰম হৈছে। প্ৰতিবেদন: তামিলনাডুৰ অশান্ত সাগৰত সামূদ্ৰিক উদ্ভিদ সংগ্ৰহ

M. Palani Kumar
তিনিকুৰি দহ বছৰ বয়সৰ গোবিন্দাম্মাই বাকিংহাম কেনেলত নামি মিছামাছ ধৰিছে, এটা মুখত আছে, আনকেইটা খালৈত। চকুৰে নমনা গোবিন্দাম্মাই পৰিয়াল পোহাৰ কাৰণে কিমান আঁচোৰ খাইছে, দুখ পাইছে, হিচাপ নাই। প্ৰতিবেদন: গোবিন্দম্মা: ‘গোটেই জীৱনটো পানীতে কটালো’

M. Palani Kumar
তামিলনাডুৰ কৰুৰ জিলাৰ পাটি বেতৰ পথাৰত কাম কৰা ভালেমান মহিলা শ্ৰমিকৰ মাজৰ এগৰাকী এ. মৰিয়াইয়ি। পথাৰৰ কামত পইচা কম, কিন্তু পৰিশ্ৰম হাড়ভঙা। এনেকৈয়ে তেওঁলোকৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটে। প্ৰতিবেদন: ‘এই পাটি বেতৰ পথাৰবোৰ মোৰ দ্বিতীয়খন ঘৰ’

M. Palani Kumar
তামিলনাডুৰ টুটুকুড়ি জিলাত প্ৰখৰ ৰ’দত কাম কৰি সকলোৰে পাকঘৰত পোৱা খোৱা নিমখ চপোৱা লোণডোবাৰ এজন শ্ৰমিক, কৰ্মস্থানৰ অৱস্থা তেনেই পুতৌজনক। প্ৰতিবেদন: টুটুকুড়িৰ লোণৰ ডোবাৰ ৰাণী

M. Palani Kumar
তামিলনাডুৰ আঙুলিৰ মুৰত লেখিব পৰা কম্বু শিল্পীৰ মাজৰ এগৰাকী পি. মগৰাজন। হাতীৰ শুঁড়ৰ লেখীয়া এই বায়ুবাদ্যবিধ এতিয়া ৰাজ্যখনৰ পৰা হেৰাই যাবলৈ ধৰিছে, কম্বু শিল্পীসকল কাম আৰু টকাৰ নাটনিত ভুগিছে। প্ৰতিবেদন: মাদুৰাইৰ কম্বু আজি নীৰৱ, কৰ্মহীন শিল্পী

M. Palani Kumar
চেন্নাইৰ অনাময় কৰ্মীসকলে কোনো সুৰক্ষাদায়ী পোছাক আদি অবিহনে আৰু ক’ভিড-১৯ লকডাউনৰ সময়ত তেওঁলোকে এটা দিনো ছুটি নোলোৱাকৈ চহৰখনত বহুদূৰ খোজকাঢ়ি চাফাইৰ কাম কৰি আহিছে। প্ৰতিবেদন: অশলাগী মজুৰী পোৱা অনাময় কৰ্মী

M. Palani Kumar
শাৰীৰিকভাৱে অক্ষম হ’লেও অনাময় কৰ্মী ৰীতা আক্কাই চেন্নাইৰ কট্টুপুৰম অঞ্চলত চাফাই কাম কৰে। কিন্তু তেওঁৰ সন্ধিয়াটো চাৰিঠেঙীয়াক খুওৱা আৰু সিহঁতৰ লগত উমলোতে যায়। প্ৰতিবেদন: কুকুৰ-মেকুৰীৰ সৈতে ওমলি-জামলি ৰীতা আক্কাৰ জীৱন

M. Palani Kumar
পুত্ৰ বিশ্বন্ত ৰাজাৰ সৈতে ডি. মুথুৰাজা। দাৰিদ্ৰ্য, দুৰ্বল স্বাস্থ্য আৰু শাৰীৰিক অক্ষমতা স্বত্ত্বেও জীৱন যুঁজত সাহস আৰু আশাৰে নামি পৰা মুথুৰাজা আৰু তেওঁৰ পত্নী এম. চিত্ৰা। প্ৰতিবেদন: নিষ্ঠুৰ জীৱনৰ সংগ্ৰামেৰে ভৰা চিত্ৰা আৰু মুথুৰাজাৰ অকথিত প্ৰেমৰ কাহিনী

M. Palani Kumar
আৰ. এহলিলআৰচন শিল্পীজনে শিল্প, কলা, থিয়েটাৰ আৰু গীতৰ যোগেদি তামিলনাডুৰ অগণন শিশুৰ মাজত হাঁহি আৰু পোহৰ বিলাইছে। প্ৰতিবেদন: মোক মাটিৰে গঢ়ি তোলা মানুহজন, এহলিল আন্না

M. Palani Kumar
পালানিৰ মাক তিৰুময়ীৰ মুখত হাঁহি বিৰিঙি উঠা এক বিৰল মুহূৰ্তত। প্ৰতিবেদন: ৰাজপথৰ লাইটৰ পোহৰত মোৰ মাতৃৰ জীৱন
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/পালানি-কুমাৰলৈ-দয়ানিতা-সিং-পাৰি-তথ্যচিত্ৰমূলক-ফটোগ্ৰাফি-বঁটা

