সেয়া আছিল প্ৰথম চাৱনিৰে প্ৰেম, যেতিয়া ২০১৬ত চিত্ৰাই বান্ধৱীৰ বিয়াত মুথুৰাজাক দেখিছিল। মুথুৰাজাৰো মনটো ভালপোৱাৰ আভাৰে পোহৰ হৈ পৰিছিল, যদিওবা তেওঁ চিত্ৰাক দেখা নাছিল, তেওঁৰ চকুৰে নেদেখিছিল। চিত্ৰাৰ মা-দেউতাকে এই প্ৰেমক স্বীকৃতি নিদিলে। ক’লে, চকুৰে নেদেখা মানুহ এজনৰ লগত নিজৰ জীৱনটোও অন্ধকাৰময় কৰি তোলাৰ বাদে তাইৰ একো নহয়। বিয়া হ’লেও তাইৰ উপাৰ্জনতে সিহঁতহাল চলিব লাগিব- এনেদৰে কৈ চিত্ৰাৰ মনটো তেওঁলোকে ঘূৰাবলৈ যত্ন কৰিছিল।

কিন্তু বিয়াৰ এমাহ পাৰ হ’ল, চিত্ৰাৰ পৰিয়ালৰ শংকা অমূলক বুলি প্ৰমাণিত হ’ল। কিয়নো হৃদযন্ত্ৰৰ অসুস্থতাত ভূগি থকা চিত্ৰাক মুথুৰাজাই দিনে-ৰাতি শুশ্ৰুষা কৰিবলৈ ল’লে। তেতিয়াৰে পৰা জীৱনটো বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছে, সময় কেতিয়াবা নিৰ্দয়ো হৈ পৰিছে। কিন্তু তামিলনাডুৰ মাডুৰাই জিলাৰ সেই সোলাংকুৰুণি গাঁৱৰ এম. চিত্ৰা (২৫) আৰু ডি. মুথুৰাজা (২৮)য়ে সাহসেৰে তাৰ মুখামুখি হৈছে, আশা এৰা নাই। এয়া তেওঁলোকৰ প্ৰেমকাহিনী।

*****

চিত্ৰাৰ তেতিয়া বয়স দহ বছৰ। তেওঁৰ দেউতাকে তিনিজনীকৈ এমা-ডিমা জীয়াৰী আৰু ঘৈণীয়েকক অথাই সাগৰত পেলাই আঁতৰি যায়, এৰি যায় এসোপামান ধাৰ। সুদখোৰবোৰে হাৰাশাস্তি কৰিবলৈ ধৰাত মাকে সিহঁতকেইজনীক স্কুলৰ পৰা উলিয়াই আনি চুবুৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশলৈ ওলাই আহে। তাতেই তেওঁলোকে কপাহী সূতা প্ৰস্তুত কৰা কোম্পানী এটাত কাম পায়।

তেওঁলোক দুবছৰ পাছত মাডুৰাইলৈ উভতি আহে। এইবাৰ তেওঁলোকে কুঁহিয়াৰ খেতিৰ পথাৰত কাম কৰিবলৈ ল’লে। তেতিয়া চিত্ৰাৰ বয়স ১২ বছৰ, তেওঁ ১০ শাৰী কুঁহিয়াৰৰ খেতি চাফা কৰি, শুকান পাত গুচাই দিনে ৫০ টকা পাইছিল। সেয়া আছিল কষ্টকৰ কাম। কুঁহিয়াৰৰ পাতে তেওঁৰ হাত কাটিছিল, পিঠিও বিষাইছিল। কিন্তু ইমান কষ্ট কৰিও দেউতাকে কৰি যোৱা ধাৰ পৰিশোধ কৰিব পৰা নাছিল। সেয়ে চিত্ৰা আৰু তেওঁৰ বায়েকে কপাহৰ কল এটাত কাম কৰিবলৈ ল’লে। তাতে দিনে তেওঁ ৩০ টকা উপাৰ্জন কৰিছিল। তিনিবছৰ কাম কৰি তেওঁলোকৰ মজুৰী ৫০ টকা হোৱাত তেওঁ ধাৰ শুজিব পাৰিলে। কিমান টকা পৰিশোধ কৰিবলৈ আছিল বা সুতৰ হাৰ কিমান আছিল চিত্ৰাৰ মনত নাই। কিন্তু ধাৰে তেওঁলোকক পংগু কৰি পেলাইছিল, সেই কথা তেওঁৰ ভালকৈয়ে মনত আছে।

Chitra plucks 1-2 kilos of jasmine flowers (left) at a farm for daily wages. She gathers neem fruits, which she sells after drying them
PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

চিত্ৰাই দিনহাজিৰা কৰি ১-২ কিলো জেচমিন ফুল (বাওঁফালে) তোলে। তেওঁ নিমফল গোটায় আৰু সেইবোৰ শুকাই বিক্ৰী কৰে

এটা ধাৰ পৰিশোধ কৰিছিলহে, আন এটাৰ প্ৰয়োজন আহি পৰিছিল। তেওঁৰ বায়েকৰ বিয়াৰ বাবে ধনৰ প্ৰয়োজন আছিল। চিত্ৰা আৰু তেওঁৰ ভনীয়েকজনীয়ে আকৌ কামলৈ ওলাল, এইবাৰ এটা বস্ত্ৰ উদ্যোগলৈ। ছোৱালীৰ বিয়াৰ খৰছ বহন কৰিব পৰাকৈ উপাৰ্জনৰ বাবে তামিলনাডুত ব্যক্তিগত বস্ত্ৰ উদ্যোগবোৰে মুকলি কৰা বিতৰ্কিত সুমংগলি আঁচনিৰ অধীনত তেওঁলোক দুজনে কাম পালে। এই চুক্তি অনুসৰি অবিবাহিত মহিলা আৰু দৰিদ্ৰ তথা অসুৰক্ষিত সম্প্ৰদায়ৰ মহিলাসকলক তিনি বছৰৰ কাৰণে নিয়োগ কৰা হয় আৰু তিনিবছৰীয়া চুক্তিৰ শেষত পৰিয়ালক মোটামুটিকৈ অলপ ধন দিয়া হয়। চিত্ৰাই বছৰি ১৮,০০০ টকা পাইছিল। কিশোৰী অৱস্থাতে তেওঁ ঋণ পৰিশোধ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। ২০১৬লৈ, ২০ বছৰ বয়সলৈ ঘৰখন তেঁৱেই চলায় আৰু তেতিয়াই মুথুৰাজাক লগ পায়।

*****

চিত্ৰাক লগ পোৱাৰ তিনি বছৰ আগতে মুথুৰাজাই দৃষ্টিশক্তি সম্পূৰ্ণকৈ হেৰুৱাইছিল। সেই সময় আৰু দিনটো তেওঁৰ মনত ৰৈ গৈছে। ২০১৩ৰ ১৩ জানুৱাৰীৰ সন্ধিয়া ৭ বাজিছিল। সেয়া আছিল পোংগল উৎসৱৰ উৰুকা। তেওঁ জানিছিল, তেওঁ ক্ৰমশঃ একো নেদেখা হৈ আহিছে, সেই কথা ভাবিয়ে তেওঁৰ মুৰত সৰগ ভাগি পৰিছিল।

তাৰে পাছৰ বছৰকেইটাত তেওঁ মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। তেওঁ ঘৰৰ পৰা নোলাইছিল। কেতিয়াবা খঙত হিতাহিত জ্ঞান হেৰুৱাইছিল, কেতিয়াবা কান্দিছিল। আপোনঘাতী হোৱাৰো ভাব মনলৈ আহিছিল। কিন্তু তেওঁ বাচি আছিল। চিত্ৰাক লগ পোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২৩ বছৰ, আৰু অন্ধ। তেওঁ “এটা জীয়া শৱহে আছিল,” তেওঁৰ তেনে অনুভৱ হৈছিল। সেয়া আছিল চিত্ৰা, যিয়ে তেওঁক নতুন জীৱন দিছিল, তেওঁ কোমল মাতেৰে কয়।

সম্পূৰ্ণৰূপে দেখা নোপোৱা হোৱাৰ আগেয়ে কেইটামান দুৰ্ভাগ্যজনক ঘটনাই আংশিকভাৱে মুথুৰাজৰ দৃষ্টিশক্তি হৰিছিল। সপ্তমমানত পঢ়ি থাকোতে মাডুৰাইৰ নিজ ফুলৰ বাগিছাত তেওঁলোকে গোলাপ ৰুই থাকোতে তেওঁ উভালি পেলোৱা গোলাপৰ ঠানি এটা ভনীয়েকলৈ আগবঢ়াই দিছিল। কিন্তু ভনীয়েকে ভালকৈ ধৰিবলৈ পোৱাৰ আগতেই ঠানিডাল পোনে পোনে তেওঁৰ মুখমণ্ডলত পৰিল আৰু দুয়োটা চকুতে কাঁইটে বিন্ধিলে।

ছবাৰকৈ শল্যচিকিৎসাৰ পিছত তেওঁ বাওঁ চকুটোৰে সামান্য দেখা হৈছিল। অস্ত্ৰোপচাৰৰ নামত পৰিয়ালে তেওঁলোকৰ ০.০৩ একৰ মাটি বিক্ৰী কৰে আৰু ধাৰত পোত যায়। কিছুদিন পিছত বাইক দূৰ্ঘটনাত তেওঁ আকৌ সেই চকুটোতে আঘাত পায়। স্কুললৈ যোৱা আৰু পঢ়া-শুনা কৰাটো মুথুৰাজাৰ কাৰণে কঠিন হৈ পৰিছিল। তেওঁ ভালকৈ ব্লেকব’ৰ্ডখন দেখা নাছিল আৰু আখৰবোৰো মণিব পৰা নাছিল। কিন্তু শিক্ষকৰ সহায় লৈ তেওঁ ১০ম শ্ৰেণীলৈ পঢ়িলে।

২০১৩ৰ জানুৱাৰীত মুথুৰাজাৰ গোটেই পৃথিৱীখন অন্ধকাৰ হৈ পৰিল যেতিয়া তেওঁ ঘৰৰ সন্মুখৰ ৰাস্তাটোত লোহাৰ ৰড এডালত তেওঁ খুন্দা খায়। তাৰপিছতে তেওঁ চিত্ৰাক লগ পায় আৰু যিয়ে ভালপোৱাৰে তেওঁৰ পৃথিৱীখন পুনৰ পোহৰাই তোলে।

PHOTO • M. Palani Kumar

জেচমিন বাগিছাত চিত্ৰাই দিনটোৰ কাম শেষ কৰাৰ পিছত চিত্ৰা আৰু মুথুৰাজা মাডুৰাইৰ থিৰুপাৰানকুন্দ্ৰম ব্লকৰ সোলাংকুৰুণী গাঁৱৰ ঘৰলৈ উভতি আহিছে

*****

বিয়াৰ এমাহ পিছত, ২০১৭ত চিত্ৰাই উশাহ লোৱাত কষ্ট পাবলৈ ধৰে। তেওঁলোকে মাডুৰাইৰ আন্না নগৰৰ স্থানীয় চৰকাৰী হস্পিতাললৈ যায়। ভালেকেইটা পৰীক্ষা কৰোৱাৰ পিছত তেওঁলোকে জানিবলৈ পায় যে চিত্ৰাৰ হৃদযন্ত্ৰ দুৰ্বল। কিন্তু ইমানদিন তেওঁ জীয়াই থকাটোৱে আচৰিত হ’বলগীয়া কথা, ডাক্তৰে কয়। (চিত্ৰাৰ কি ৰোগ হৈছে, তেওঁ নাম নাজানে। তেওঁৰ ফাইলবোৰ হস্পিতালতে আছে।) তেওঁ গোটেই জীৱনটো কষ্ট কৰি ধৰি ৰখা মাকৰ ঘৰখনেও সহায়ৰ সময়ত পিছ হোঁহকে।

মুথুৰাজাই তেওঁৰ চিকিৎসাৰ বাবে সুদখোৰৰ পৰা বহু বেছি সুতৰ হাৰত ৩০,০০০ টকা ধাৰে ল’লে। চিত্ৰাৰ অ’পেন হাৰ্ট চাৰ্জাৰী কৰা হয় আৰু হস্পিতালতে তেওঁ তিনিমাহ থাকে। ঘৰলৈ উভতাৰ পাছত তেওঁৰ স্বাস্থ্য কিছু ভাললৈ আহে, কিন্তু ইফালে মুথুৰাজাৰ কাণৰ অস্ত্ৰোপচাৰ কৰাবলগীয়া হৈ আছিল। নিৰাশাৰ পাৰ নোপোৱা সেই দিনবোৰত দুয়োৱে আত্মঘাতী হোৱাৰ কথাও ভাবিছিল। কিন্তু চিত্ৰাৰ গৰ্ভত থিতাপি লোৱা নতুন জীৱনটোৱে তেওঁলোকৰ মনত নতুন আশাৰ সঞ্চাৰ কৰিলে। চিত্ৰাই হৃদৰোগ থকা কাৰণে গৰ্ভধাৰণৰ পাছত কষ্ট পাব নেকি বুলি মুথুৰাজাই ডাক্তৰক সুধিছিল, কিন্তু ডাক্তৰে তেওঁলোকক পাৰিব বুলি ক’লে। উৎকণ্ঠা আৰু প্ৰাৰ্থনাৰে মাহবোৰ কটোৱাৰ পিছত তেওঁলোকৰ পুত্ৰসন্তান এটা জন্ম পালে। চাৰি বছৰীয়া বিশ্বন্থ ৰাজাই এতিয়া তেওঁলোকৰ আশা, তেওঁলোকৰ ভৱিষ্যত আৰু সুখৰ থল।

*****

জীৱন নিৰ্বাহ কৰাটো প্ৰতিদিনেই তেওঁলোকৰ বাবে এক প্ৰত্যাহ্বান। চিত্ৰাই হৃদৰোগৰ বাবে একো গধুৰ বস্তু দাঙিব নোৱাৰে। দুটা বাট এৰি থকা দমকলটোৰ পৰা চিত্ৰাই কলহত পানী ভৰায় আৰু মুথুৰাজাই তেওঁৰ কান্ধত হাত দি কলহটো কঢ়িয়াই আনে। চিত্ৰাই মুথুৰাজাৰ বাটৰ সঁহাৰি, তেওঁৰ চকুহালি। চিত্ৰাই পথাৰৰ পৰা আৰু কাষৰে হাবিখনৰ পৰা নিমফল আনি শুকুৱাই এভাগত ৩০ টকাকৈ বিক্ৰী কৰে। কেতিয়াবা তেওঁ আকৌ নুনিও চিঙে আৰু বিক্ৰী কৰে। সেই কৰি তেওঁ এভাগত ৬০ টকাকৈ পায়। বাগিছাৰ পৰা এক-দুই কিলো জেছমিন ফুল চিঙা কাম কৰিও তেওঁ দিনে ২৫-৫০ টকা হাজিৰা পায়।

চিত্ৰাৰ দৈনিক আয় গঢ়ে ১০০ টকা। সেইখিনিৰে তেওঁলোকৰ পৰিয়ালটো চলে। মুথুৰাজাই তামিলনাডু চৰকাৰৰ বিশেষভাৱে সক্ষম লোকৰ পেঞ্চন আঁচনিৰ অধীনত পোৱা ১০০০ টকাৰে দম্পত্তিহালে তেওঁলোকৰ দৰৱ-পাতি ক্ৰয় কৰে। ''মোৰ জীৱনটো এই দৰৱৰ বলতে চলে। দৰৱ নাখালে গাৰ বিষ উঠে,’’ চিত্ৰাই কয়।

ক’ভিড-১৯ লকডাউনৰ ফলত ফল বিক্ৰী কৰি পোৱা সামান্য উপাৰ্জনৰ বাটো মৰিল। আয় নাইকিয়া হৈ অহাত চিত্ৰাই দৰৱ এৰিলে। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিছে। তাই উশাহ লোৱা আৰু খোজ কঢ়াত কষ্ট পায়। তেওঁ গাখীৰ চাহ কৰিবলৈ গাখীৰ কিনিব নোৱাৰে, সেয়ে তেওঁৰ ল’ৰাটোৱে লাল চাহকে খায়। ''কিন্তু মই লাল চাহ খায়ে ভাল পাওঁ,’’ বিশ্বন্থে এনেকৈ কয় যেন মাক-দেউতাকৰ দুখ-কষ্ট আৰু মৰমৰ কথা বুজি পায়।

Chitra’s chest scans from when her heart ailment was diagnosed in 2017. Recently, doctors found another problem with her heart. She needs surgery, but can't afford it
PHOTO • M. Palani Kumar
Chitra’s chest scans from when her heart ailment was diagnosed in 2017. Recently, doctors found another problem with her heart. She needs surgery, but can't afford it
PHOTO • M. Palani Kumar

২০১৭ত চিত্ৰাৰ হৃদৰোগ থকাৰ কথা ধৰা পৰা সময়ৰ বুকুৰ স্কেন। অলপতে ডাক্তৰে তেওঁৰ হৃদযন্ত্ৰৰ আন এক সমস্যা ধৰা পৰা বুলি কৈছে। তেওঁৰ অস্ত্ৰোপচাৰ জৰুৰী, কিন্তু তেওঁলোকে তাৰ খৰছ বহন কৰিব নোৱাৰে

Chitra watches over her four year old son, Vishanth Raja, who was born after anxious months and prayers
PHOTO • M. Palani Kumar
Chitra watches over her four year old son, Vishanth Raja, who was born after anxious months and prayers
PHOTO • M. Palani Kumar

চিত্ৰাই ১০ বছৰ বয়সৰে পৰা দেহা মাৰি দীঘলীয়া সময়ৰ বাবে শ্ৰম কৰিছিল , প্ৰায়ে কৃষিশ্ৰমিক আৰু আৰু কল-কাৰখানাৰ শ্ৰমিক হিচাপে কাম কৰিছিল

PHOTO • M. Palani Kumar

চিত্ৰাই তেওঁৰ চাৰিবছৰীয়া ল ’ৰা বিশ্বন্থ ৰাজাক চকুৰ আঁৰ হ’ব নিদিয়ে, মাহৰ পিছত মাহ ধৰি উৎকণ্ঠা আৰু কত প্ৰাৰ্থনাৰ পাছত বিশ্বন্থক তেওঁলোকে পাইছে

PHOTO • M. Palani Kumar

তেওঁলোকৰ ল ’ৰাটোৱে তেওঁলোকৰ পৃথিৱী, মুথুৰাজাই কয়। নহ’লে কিজানি তেওঁলোক প্ৰচণ্ড হতাশাত আত্মঘাতী হ’লহেঁতেন

PHOTO • M. Palani Kumar

বিশ্বন্থে দেও দি দি ঘৰ সোমাইছে। তেওঁৰ চাৰিওফালে দেখা পোৱাখিনি লাম-লাকটুখিনিয়ে দম্পত্তিহালৰ ঘৰখনৰ সা-সামগ্ৰী

PHOTO • M. Palani Kumar

চিত্ৰাই গা ধুবলৈ কাষ তে থকা শহুৰেকৰ ঘৰলৈ যায়, তেওঁলোকৰ ভাড়াঘৰটোত গা ধুব পৰা ব্যৱস্থা নাই

PHOTO • M. Palani Kumar

চিত্ৰা আৰু মুথুৰাজাৰ ঘৰটো ৰ টিনৰ চালিখন ধুমুহা-বৰষুণে উৰুৱাই নিয়াত তেওঁলোকৰ আত্মীয়ই নতুন চালি এখন সাজি দিছিল

PHOTO • M. Palani Kumar

মুথুৰাজা , চিত্ৰা আৰু বিশ্বন্থে দুটা বাট এৰি থকা দমকলটোলৈ পানী আনিবলৈ গৈছে

PHOTO • M. Palani Kumar

হৃদৰোগ থকা চিত্ৰাই একো গধুৰ বস্তু দাঙিব নোৱাৰে , সেয়ে মুথুৰাজাই পানীৰ কলহটো কঢ়িয়ায় আৰু তেওঁ বাট দেখুৱায়

PHOTO • M. Palani Kumar

সেই জৰাজীৰ্ণ ঘৰটোতে চিত্ৰাই তেওঁলোকৰ চিকিৎসাৰ খৰছৰ কাগজবোৰ সযতনে ৰাখিছে

PHOTO • M. Palani Kumar

মুথুৰাজাৰ পৰিয়ালৰ এখন পুৰণি ফটো , দ্বিতীয় শাৰীৰ একেবাৰে সোঁফালে নীলা চোলা পৰিহিত ল’ৰাজনেই মুথুৰাজা

PHOTO • M. Palani Kumar

নিষ্ঠুৰ ঘটনাপ্ৰৱাহৰ মাজতে চিত্ৰা আৰু মুথুৰাজাৰ জীৱনৰ চকা চলিছে, কিন্তু তেওঁলোকে আশাৰ চাকিগছি কেতিয়াও নিৰ্বাপিত হ’ব দিয়া নাই


প্ৰতিবেদকৰ সহযোগত অপৰ্ণা কাৰ্তিকেয়ানে প্ৰতিবেদনৰ কথাখিনি লিখিছে।

অনুবাদ: পংকজ দাস

M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das