পুডুছেৰীৰ আটাইতকৈ আকৰ্ষণীয় আৰু বিশ্ববিখ্যাত এলেকা ‘হোৱাইট টাউন’ পৰ্যটকৰ মাজত ইমান জনপ্ৰিয় হোৱাৰ কাৰণ আছে, সেয়া হৈছে ফৰাচী ভাস্কৰ্য-কলাৰে সমৃদ্ধশালী আবাসগৃহসমূহ। ফৰাচীসকলৰ গৌৰৱময়ী ঐতিহ্যৰ ধ্বজাৰ বাহক এই সুন্দৰ অট্টালিকাসমূহৰ প্ৰায়ভাগকেই বৰ্তমান সময়ত হোটেল, ৰেষ্টুৰেণ্ট বা কলা-বীথিকা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হৈছে। পুডুছেৰীৰ এই ঐতিহাসিক অভিজাত কলনিটোত এতিয়াও পিছে কেইটামান ফৰাচী পৰিয়ালে বাস কৰে। গুৰুত্বপূৰ্ণ কথাতো হ’ল হোৱাইট টাউনৰ পৌৰাণিক সৌন্দৰ্য্য আজিও অটুত। আনকি পুডুছেৰীৰ অন্য় এলেকাবোৰৰ তুলনাত ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা যথেষ্ট বেছি ৷ কাৰণ হোৱাইট টাউন জানো কোনোবাদিনা লেতেৰা হ’ব পাৰে?
দৰাচলতে হোৱাইট টাউনৰ স্বচ্ছতাৰ আঁৰত আছে কিছুমান মহিলা চাফাই কৰ্মীয়ে প্ৰতি নিশাই কৰা কঠোৰ পৰিশ্ৰম ৷ যোৱা ৮ মাৰ্চৰ দিনা উপ-ৰাজ্যপাল কিৰণ বেদীয়ে এই মহিলাখিনিৰ লগতেই নাৰী দিৱস উদযাপন কৰিছিল। কিন্তু তাৰ পিছতো তেওঁলোকৰ দৈনন্দিক জীৱন-প্ৰৱাহলৈ বিশেষ পৰিৱৰ্তন অহা পৰিলক্ষিত হোৱা নাই৷ কাৰণ এতিয়াও তেওঁলোকে হোৱাইট টাউনৰ বাট-পথৰ আৱৰ্জনা আঁতৰ কৰা কামত নিশা নিশা কাম কৰিবলগীয়া হয়৷ এই এলেকাটো পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্য়ে চাফাই কৰ্মীসকলে অতি কম সাৰি-শব্দ কৰি অশেষ কষ্টৰে ৰাস্তাৰ আশে-পাশে থকা আৱৰ্জনাবোৰ সংগ্ৰহ কৰে৷ কাৰণ হোৱাইট টাউনক সদায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ-বিন্দু কৰি ৰখাটোৱেই তেওঁলোকৰ কাম।
এই চাফাই কৰ্মীসকল পুডুছেৰীৰ পৌৰনিগমে প্ৰত্যক্ষভাবে নিয়োগ কৰা কৰ্মচাৰী নহয়৷ কাৰণ পৌৰনিগমে এনেধৰণৰ কামৰ বাবে সাধাৰণতে ব্যক্তিগত সংস্থা কিছুমানক দায়িত্ব অৰ্পণ কৰে৷ ফটোত থকা মহিলা কৰ্মীসকল সমগ্ৰ পুডুছেৰীতে কেৱল এই কামৰ বাবে নিয়োজিত কৰা ১০০০ মান ঠিকা-ভিত্তিক শ্ৰমিকৰ ভিতৰত পৰে৷ তেওঁলোকে গড় হিচাপে মাহেকৰ মূৰত প্ৰায় ৬,২০০ টকা পৰ্যন্ত উপাৰ্জন কৰে৷ সাধাৰণতে এই কামবোৰ কৰিবলৈ তিনিটা চিফট্ নিৰ্ধাৰণ কৰা হৈছে যদিও ফটোত দেখা বেছিভাগ মহিলা কৰ্মীয়ে নিশাৰ ভাগতহে কাম কৰিব লাগে।
মই এখন চিনেমাৰ দৃশ্যগ্ৰহণ কৰিবলৈ হোৱাইট টাউনলৈ যাওঁতে পোন প্ৰথমবাৰৰ বাবে এই নৈশ-কৰ্মীসকল মোৰ দৃষ্টিগোচৰ হৈছিল৷ মই তাত এসপ্তাহ আছিলো আৰু সেইকেইদিন প্ৰতি নিশাই মই তেওঁলোকৰ কাম পুংখানুপুংখভাবে পৰ্যবেক্ষণ কৰিবলৈ সুবিধা পাইছিলো৷ হোৱাইট টাউনখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তেওঁলোকৰ স্পৃহা দেখি মই আচৰিত হৈ গৈছিলো যদিও এটা কথাই বাৰে বাৰে মোক আমনি কৰিছিল যে কিহৰ বাবে কামটোৰ প্ৰতি ইমান আগ্ৰহ৷ সেইকেইদিন সদায় ৰাতি মই মনে মনে তেওঁলোকক অনুসৰণ কৰিছিলো আৰু মোৰ কেমেৰাৰ লেন্সত তেওঁলোকক ধৰি কৰাৰ চেষ্টা কৰিছিলো৷ আমাৰ দেশত নিশাবোৰ যে মহিলাৰ কাৰণে যথেষ্ট অসুৰক্ষিত, সেই কথা জানিও এই মহিলাখিনিয়ে মাজনিশাৰ পৰা ৰাতি নুপুৱালৈকে কোনো নিৰাপত্তা অবিহনেই নিজৰ কাম কৰি থাকে৷
অনুবাদ: ডেইটী