২০১৮ত যেতিয়া গাড্ডিমিড়ি ৰাজেশ্বৰী মাটিৰ মালিক হয়, তেওঁ খুবেই আনন্দিত হৈছিল। “মই বৰ উৎসাহিত হৈছিলো! ভাবি ভাল লাগিছিল যে মহিলা হৈ মই মাটিৰ গৰাকী হ’ব পাৰিছিলো।”

নিজৰ নামত থকা পট্টাখন হাতত লৈ তেওঁ গৌৰৱেৰে তেনেকৈ অন্ততঃ ভাবিব পাৰিছিল।

পাঁচ বছৰ পাৰ হৈ গ’ল, এতিয়াও তেওঁ নিজ গাওঁ ইংকেপাল্লেৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ বাৰৱাদত থখা নিজৰ ১,২৮ একৰ মাটিৰ মালিকীস্বত্ত্বৰ চৰকাৰী স্বীকৃতিৰ বাবে ৰৈ আছে। যিখিনি মাটিৰ বাবে তেওঁ ৩০,০০০ টকা পৰিশোধো কৰিছিল।

মাটিখিনি কিনাৰ কেইমাহমানৰ ভিতৰতে ৰাজেশ্বৰীয়ে স্বত্বাধিকাৰীৰ দলিল, ভাৰ প্ৰবিৱৰণ (এনকাম্বেঞ্চ ষ্টেটমেণ্ট) আৰু সকলো নথি-পত্ৰ, যিখিনিৰে পট্টাধাৰীৰ পাছবুকখন পাব পাৰি। কিন্তু সেই কামটোৱে একপ্ৰকাৰ অসম্ভৱ হৈ পৰিল। “পাঁচ বছৰ হৈ গ’ল, এতিয়াও মই মোৰ মাটিৰ পট্টাৰ পাছবুকখন পোৱা নাই। সেইখন নোহোৱাকৈ মাটিখিনি সঁচায়ে মোৰ হৈ আছেনে?”

স্বত্বাধিকাৰীৰ দলিলখনে মাটিৰ মালিকীস্বত্ব হস্তান্তৰ কেনেকৈ হৈছে, সেয়া দৰ্শায়, আনহাতে পট্টাদাৰ পাছবুকখনত মালিকস্বত্বৰ বিষয়ে অধিক তথ্য সম্বলিত হৈ থাকে। পাছবুকত পট্টাধাৰীৰ নাম, চাৰ্ভে নম্বৰ, মাটিৰ প্ৰকৃতি আৰু বিভিন্ন কথা থাকে। তাত মাটিৰ মালিকৰ পাছপ’ৰ্ট ফটো আৰু টেহচিলদাৰ (ৰাজহ বিষয়া)ৰ স্বাক্ষৰো থাকে।

Gaddamidi Rajeshwari holding the title deed for the land she bought in 2018. ' It’s been five years now and I still haven’t received my pattadar [land owner] passbook'
PHOTO • Amrutha Kosuru

ৰাজেশ্বৰীয়ে ২০১৮ত ক্ৰয় কৰা মাটিৰ স্বত্বাধিকাৰীৰ দলিলখন দেখুৱাইছে। ‘পাঁচবছৰ হৈ গ’ল, এতিয়াও মই মোৰ মাটিৰ পট্টাধাৰীৰ পাছবুকখন পোৱা নাই’

তেলাংগনা ভূমি আৰু পট্টাদাৰ পাছবুক অধিকাৰ আইন, ২০২০ৰ অধীনত যেতিয়া ২০২০ৰ অক্টোবৰত ধৰণী প’ৰ্টেল নামে অনলাইন ভূমিৰ ৰেকৰ্ড ব্যৱস্থাপনাৰ সুবিধা মুকলি কৰা হয়, তেতিয়া ৰাজেশ্বৰীৰ মনত আশাৰ সঞ্চাৰ হয়।

মুকলি কৰাৰ সময়ত তেলাংগনাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৱে ইয়াক কৃষক-বন্ধু পদক্ষেপ আখ্যা দি কয়, “এই প্লেটফৰ্মখনে ভূমি পঞ্জীয়ন প্ৰক্ৰিয়াটোক সৰল আৰু দ্ৰুত কৰি তোলে। মানুহে বাৰে বাৰে অফিছলৈ গৈ থাকিব নালাগে।”

ৰাজেশ্বৰীৰ স্বামী ৰামুলুয়ে কয়, “আমি ভাবিছিলো ধৰণীয়ে (প’ৰ্টেলটোৱে) আমাৰ সমস্যা সমাধান কৰিব, আমি পাছবুকখন পাম,” তেওঁ কয়। “২০১৯ৰ শেষলৈকে আমি ৰাজহ বিষয়াৰ অফিছলৈ মাহত অতিকমেও দুবাৰ গৈ আছিলো।”

২০২০ত যেতিয়া মানুহে ধৰণী প’ৰ্টেল খোলে, তেওঁলোকে দেখে যে তেওঁলোকৰ মাটিৰ চাৰ্ভে নম্বৰ প’ৰ্টেলটোত নাছিল। মেনুৱেলী সেয়া যোগ দিয়াৰো তাত বিকল্প নাছিল।

“ধৰণী প’ৰ্টেলৰ এটা গুৰুতৰ ক্ৰুটি হৈছে সেইটোৱে ভুল থাকিলে সেয়া সম্পাদন/সংশোধন (যেনে নাম, একৰ বা চাৰ্ভে নম্বৰ নাথাকিলে)ৰ অপচন তাত সীমাবদ্ধ,” বিকাৰাবাদৰ কিষাণ মিত্ৰৰ জিলা সমন্বয়ক তথা পৰামৰ্শদাতা ভাৰ্গৱী ভুপ্পালাই স্বীকাৰ কৰে।

Left: Ramulu and Rajeshwari spent Rs. 30,000 to buy 1.28 acres of land in Barwad, 30 kilometres from their home in Yenkepalle village.
PHOTO • Amrutha Kosuru
Right: Mudavath Badya in his home in Girgetpalle village in Vikarabad district
PHOTO • Amrutha Kosuru

বাওঁফালে : ৰামুলু আৰু ৰাজেশ্বৰীয়ে তেওঁলোকৰ গাওঁ ইংকেপাল্লেৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ বাৰৱাদত ১.২৮ একৰ মাটি কিনিবলৈ ৩০,০০০ টকা খৰছ কৰিছে সোঁফালে : বিকাৰাৱাদ জিলাৰ গিৰ্গেটপাল্লে গাঁৱৰ নিজ ঘৰত মুৰাৱট বদ্য

মুৰাৱট বদ্যৰ নামটো মাটিৰ নথিত ভুলকৈ থকাৰ বাবে বিকাৰাৱাদ জিলাৰ গিৰ্গেটপাল্লেৰ পৰা ২০ কিলোমিটাৰ দূৰৰ নিজৰ মাটিখিনি আইনগত অধিকাৰ তেওঁ পোৱা নাই। প’ৰ্টেলত তেওঁৰ নামটো বদ্য লাম্বাদা বুলি আছে, পিছৰটো তেওঁৰ সম্প্ৰদায়ৰ নাম, যিটো তেলাংগনাত অনুসূচিত জনজাতি হিচাপে তালিকভুক্ত। তেওঁৰ নামটো হ’ব লাগিছিল মুৰাৱট বদ্য।

বদ্যৰ দুই একৰ মাটি আছে। তেওঁ সেয়া ৪০ বছৰ আগতে ক্ৰয় কৰা। “মই আনৰ খেতিত কাম কৰিছো, কনষ্ট্ৰাকছন ছাইটত, ইটাৰ ভাতীত কিমান যে বছৰ কাম কৰি মাটিখিনি লৈছিলো,” ৮০ বছৰীয়া বৃদ্ধলোকজনে কয়। তেওঁ মাকৈ আৰু জোঁৱাৰৰ খেতি কৰিছিল, কিন্তু তেওঁ কয়, “খেতিৰ পৰা পইচাৰে ঘৰ নচলে। বেছিভাগ খেতি ধাৰাসাৰ বৰষুণে নষ্ট কৰি পেলায়।”

তেওঁৰ নামটো ভুলকৈ থকা কাৰণে তেওঁ ঋতু বন্ধু আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা নাই। তেলাংগনাৰ এই আঁচনিখনৰ অধীনত অতিকমেও ১ একৰ মাটি থকা খেতিয়কক বছৰি প্ৰতি একৰৰ বাবদ দুবাৰকৈ ৰবি শস্য আৰু খাৰিফ শস্যৰ বাবে ৫,০০০ টকাকৈ দিয়া হয়।

বিকাৰাৱাদ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বিষয়াই কয় যে ধৰণীৰ সমস্যাটো এক ৰাজনৈতিক হাতিয়াৰ হৈ পৰিছে, তেওঁলোকে অৱশ্যে ক্ৰুটিবোৰ সমাধান কৰাৰ চেষ্টা নকৰা নহয়। বৰ্তমান ধৰণী প’ৰ্টেলটোত ‘বিশেষ ভূমি বিষয়’ ৰ অধীনত নাম, আধাৰ, ফটো, লিংগ বা জাতিকে ধৰি ১০ টা বিৱৰণ সংশোধন কৰাৰ সুবিধা আছে।

বোপানৱৰম গাঁৱৰ পৰা ৪০ কিলোমিটাৰ দূৰৰ ৰংগায়াৰ নামটো ধৰণী প’ৰ্টেলত শুদ্ধকৈ আছে যদিও ঋতু বন্ধুৰ পৰা পাবলগীয়া পইচাখিনি তেওঁ পোৱা নাই। ৰংগায়াৰ বোপনৱৰমত নিজৰ নামত পাঁচ বিঘা মাটি আছে। মাটিখিনি ১৯৮৯ত তেওঁৰ নামত আবণ্টিত হৈছিল। ৰংগায়া ৰাজ্যখনত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত বেদা জংগম জাতিৰ লোক।

Left: Rangayya suddenly stopped receiving money from the Rythu Bandhu scheme even though his name is spelt perfectly on the Dharani portal
PHOTO • Amrutha Kosuru
Badya bought two acres in Girgetpalle but his name was spelt incorrectly, he has not received the Rythu Bandhu money. Badya with his youngest son Govardhan (black shirt) in their one-room house
PHOTO • Amrutha Kosuru

বাওঁফালে : ৰংগায়াই ঋতু বন্ধু আঁচনিৰ ধন হঠাতে নোপোৱা হ’ল, যদিওবা তেওঁৰ নামটো ধৰণী প’ৰ্টেলত শুদ্ধকৈ আছে সোঁফালে : বদ্যই গিৰ্গেটপাল্লেত দুই একৰ মাটি কিনিছিল যদিও তেওঁৰ নামটো ভুলকৈ পঞ্জীকৃত হৈ আছে, সেয়ে ঋতু বন্ধুৰ পইচাও তেওঁ পোৱা নাই নিজৰ এটা কোঠাৰ ঘৰটোত বদ্যৰ সৰু পুত্ৰ গোৱৰ্দ্ধন (ক’লা চোলা পৰিহীত)

“মই ২০১৯-২০২০ৰ সময়ছোৱাত তিনিটা কিস্তি পাইছো। মোৰ মাটিখিনি ধৰণী প’ৰ্টেলত ডিজিটাইজ কৰাৰ পিছৰে পৰা পইচা নোপোৱা হ’লো,” ৬৭ বছৰ বয়সীয়া ৰংগায়াই সমস্যাটোৰ বিষয়ে বুজাই কয়। তেওঁ প্ৰতিবাৰৰ কিস্তিত ২৫,০০০ টকাকৈ (প্ৰতি একৰৰ বাবদ ৫,০০০ টকা) লাভ কৰিছিল।

“কোনেও স্পষ্ট উত্তৰ নিদিয়ে। আচলতে কি ক’ব লাগে, বা এয়া কেনেকৈ চলি আছে, সেই কথা চাগে সিহঁতেও নাজানে,” লগতে তেওঁ কয়।

ভাৰ্গৱীয়ে কয় যে প’ৰ্টেলত মেনুৱেলী শুধৰণি কৰাৰ অপচন তেনেই কম, নাই বুলিবই পাৰি। উপায়ুক্তৰ কাৰ্য্যালয়ত কাউন্সেলৰ এজনৰ ভাষ্য দাঙি ধৰি তেওঁ কয়, “আবণ্টিত ভূমিৰ ক্ষেত্ৰত প’ৰ্টেলত কেৱল উত্তৰাধিকাৰীৰ নাম সংশোধনৰ অপচন থাকিব।” আবণ্টিত ভূমি বিক্ৰী কৰিব নোৱাৰি, কিন্তু উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰি।

বদ্য তেওঁৰ সৰুজন ল’ৰা গোৱৰ্দ্ধনৰ সৈতে গিৰ্গেটপাল্লেৰ এটা কোঠালীৰ ঘৰটোত থাকে, তেওঁৰ পত্নী ছবছৰ আগতে ঢুকাইছে।

তেওঁ কেৱল ঋতু বন্ধু পুঁজিৰ পইচা নোপোৱাই নহয়, মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত দিনে ২৬০ টকাকৈ পাইছিল যদিও তেওঁলোকৰ গাওঁ গিৰ্গেটপাল্লেখনক বিকাৰাৱাদ পৌৰনিগমৰ অধীনলৈ নিয়াৰ পিছৰে পৰা সেই কামৰো মুধা মৰিল।

তেওঁ ২০২১ত বিকাৰাৱাদ ৰাজহ বিভাগত নামটো শুদ্ধ কৰাৰ বাবে অভিযোগ দাখিল কৰিছিল যদিও একো কৰা হোৱা নাই।

“মোৰ (সৰুজন) ল’ৰাই মাটিখিনি বিক্ৰী কৰি দিবলৈ কৈ থাকে। কয় যে সেইখিনি পইচাৰে কাৰ এখন কিনি ভাৰাত চলাব। কিন্তু মই কৰা নাই। বোধকৰো কৰি পেলোৱা ভাল,” বদ্যই কয়।

*****

'Cotton is the only crop we can plant due to the lack of money and water in the region,' says Ramulu.
PHOTO • Amrutha Kosuru
Rajeshwari making jonne roti in their home in Yenkepalle village
PHOTO • Amrutha Kosuru

‘পইচা আৰু অঞ্চলটোৰ পানীৰ নাটনিৰ ফলত আমি কেৱল কপাহৰ খেতিহে কৰিব পাৰো,’ ৰামুলুৱে কয়। ৰাজেশ্বৰীয়ে ইংকেপাল্লে গাঁৱৰ নিজৰ ঘৰত ৰুটি বনাইছে

শেষত, ২০২২ৰ নৱেম্বৰত ৰাজেশ্বৰী আৰু ৰামুলুৱে বিকাৰাৱাদৰ উপায়ুক্তৰ কাৰ্য্যালয়ত চাৰ্ভে নম্বৰ নথকাক লৈ আৰ্জি দাখিল কৰে।

তেতিয়াৰে পৰা তেওঁলোকে কোটেপাল্লিৰ টেহচিলদাৰৰ অফিছ আৰু বিকাৰাৱাদৰ উপায়ুক্তৰ অফিছলৈ সপ্তাহত এবাৰকৈ গৈছে। বিকাৰাৱাদৰ উপায়ুক্তৰ অফিছটো তেওঁলোকৰ ঘৰৰ পৰা ৩০ কিলোমিটাৰমান দূৰত্বত। তেওঁলোকে বাছত যায় আৰু অহা-যোৱাত ৪৫ টকা খৰছ হয়। তেওঁলোকে সাধাৰণতে পুৱাতেই যায় যাতে পিছবেলা সোনকালে উভতিব পাৰে। “মোৰ ল’ৰা-ছোৱালীহালে স্কুললৈ যায় আৰু আমি পাছবুকখন পোৱাৰ আশাত ওলাই যাও,” ৰাজেশ্বৰীয়ে কয়।

তেওঁলোকে ২০১৮ৰ শেষৰপৰা তেওঁলোকৰ ১.২৮ একৰ মাটিত খেতি কৰি আহিছে। “আমি জুন মাহত কপাহৰ খেতি কৰো আৰু জানুৱাৰীৰ মাজভাগত ফুল ফুলে। পইচা আৰু অঞ্চলটোত পানীৰ অভাৱত আমি কপাহৰ খেতিয়েই কৰিব পাৰো,” ৰামুলুৱে কয়। বছৰত এক কুইণ্টল কপাহ তেওঁলোকে চপায় আৰু সেয়া ৭,৭৫০ টকাত বিক্ৰী কৰে।

মাটিৰ পাছবুকখন নথকাৰ ফলত তেওঁলোকে ঋতু বন্ধুৰ সুবিধা লাভ কৰিব পৰা নাই। তেওঁলোকে প্ৰায় আঠটা কিস্তি হেৰুৱাইছে আৰু সেয়া ৪০,০০০ মান টকা হ’ব।

তেওঁলোকে এৰিয়াৰ পোৱাৰ সম্ভাৱনা নাই, ভাৰ্গৱীয়ে কয়।

Left: Rangayya finds it odd that he doesn't get money under Rythu Bandhu but recieves money under a central government's scheme.
PHOTO • Amrutha Kosuru
Right: Rajeshwari and Ramulu have started herding goats after taking a loan from a moneylender
PHOTO • Amrutha Kosuru

বাওঁফালে: ৰংগায়াই ঋতু বন্ধু আঁচনিৰ অধীনত পাবলগীয়া পইচা নাপায় যদিও কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ পইচা পাই আহিছে, তাকে লৈ তেওঁ আচৰিত হয়। সোঁফালে: ৰাজেশ্বৰী আৰু ৰামুলুয়ে সুদখোৰৰ পৰা পইচা লৈ ছাগলী পালন কৰিবলৈ লৈছে

বোপানৱৰম গাঁৱৰ ৰংগায়াই ঋতু বন্ধুৰ সুবিধাৰ পৰা বঞ্চিত হৈছে আৰু কয় যে কম পইচাৰে তেওঁ জুনৰ পৰা ডিচেম্বৰত কৰিবলগীয়া জোৱাৰ আৰু হালধিৰ খেতি কৰিব নোৱাৰে।

ৰংগায়াৰ বাবে ভাল কথা এইটোৱে যে কেন্দ্ৰীয় চৰকাৰৰ প’ৰ্টেলটোৱে তেওঁক নাকচ কৰা নাই। সেয়ে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি ( পি.এম. কিষাণ )ৰ অধীনত হিতাধিকাৰীৰ ধন লাভ কৰি আহিছে। এই আঁচনিৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কে আধাৰ লিংক থকা বেংকৰ কাতাত বছৰি ৬,০০০ টকা পায়

“কেন্ত্ৰ চৰকাৰে যদি মোক হিতাধিকাৰী হিচাপে চিনাক্ত কৰিছে, তেন্তে ৰাজ্য চৰকাৰে কিয় মোক হিতাধিকাৰীৰ তালিকাৰ পৰা আঁতৰাই পেলালে,” ৰংগায়াই প্ৰশ্ন কৰে। “ধৰণী প’ৰ্টেলটো খোলাৰ পিছত এনেকুৱা হৈছে।”

*****

২০২৩ৰ জানুৱাৰীত আইনীভাৱে মাটিৰ গৰাকী হিচাপে নিজৰ মাটিখিনিৰ স্বীকৃতি লাভ কৰাৰ আশা এৰি ৰাজেশ্বৰীয়ে পশুপালনত নামিছে। তেওঁলোক আকৌ পাৰম্পৰিক গৰখীয়া সম্প্ৰদায়ৰ গোল্লা জাতিৰ। ৰামুলুৱে সুদখোৰ এজনৰ পৰা ১ লাখ টকা ৩ শতাংশ সুতত লৈ ১২ টা ছাগলী কিনিছে। তেওঁ এবছৰৰ বাবে মাহে ৩,০০০ টকা পৰিশোধ কৰিব, কিন্তু এইখিনি কেৱল সুতহে।

“কেইমাহমান পিছত আমি ছাগলীবোৰ বিক্ৰী কৰিম। প্ৰতিটো ছাগলী পোৱালীৰ বাবদ আমি ২ৰ পৰা ৩ হাজাৰ টকা পাম আৰু ডাঙৰবোৰ বিক্ৰী কৰি স্বাস্থ্য চাই ৫ৰ পৰা ৬ হাজাৰ টকা পাম,” ৰামুলুৱে বুজাই কয়।

তেওঁলোকে অহাবছৰলৈ পুনৰাই মাটিৰ নথিৰ বাবে অফিছলৈ তাঁত বাতি কাঢ়িবলৈ সাজু, কিন্তু ৰাজেশ্বৰীয়ে দুখ কৰি কয়, “মই চাগে মাটিৰ গৰাকী হোৱটো ভাগ্যত নাই।”

এই ষ্ট’ৰিটো ৰং দেৰ পৰা প্ৰাপ্ত অনুদানৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Amrutha Kosuru

अमृता कोसुरु २०२२ वर्षाची पारी फेलो आहे. तिने एशियन कॉलेज ऑफ जर्नलिझममधून पदवी घेतली असून ती विशाखापटणमची रहिवासी असून तिथूनच वार्तांकन करते.

यांचे इतर लिखाण Amrutha Kosuru
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

यांचे इतर लिखाण Sanviti Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das