হিমাচল প্ৰদেশ বুলি ক’লে তুষাৰাবৃত পাহাৰৰ কথা মনলৈ আহে। কিন্তু কাংগ্ৰা জিলাৰ পালমপুৰ চহৰত আন এক পাহাৰেহে গা কৰি উঠিছে, সেয়া হৈছে জাবৰ-জোঁথৰৰ পাহাৰ।

দেশৰ পৰ্য্যটনৰ অন্যতম কেন্দ্ৰস্বৰূপ ৰাজ্যখনত ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণৰ তথ্য অনুযায়ী ২০১৯ত ১৭২ লাখ লোকৰ আগমন ঘটিছিল, ২০১১ৰ এই সংখ্যা আছিল ১৪৯ লাখ। ৰাজ্যখনৰ অৰ্থনীতিত পৰ্য্যটনৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। কাংগ্ৰা জিলাখনতে মুঠ ১,০০০ হোটেল আৰু হোমষ্টে আছে। এনেকৈ দিনে দিনে বাঢ়ি অহা পৰ্য্যটকৰ লগতে বৃদ্ধি পাইছে আৱৰ্জনা, সেই আৱৰ্জনা ৰাস্তাৰ কাষৰ পৰা অস্পৰ্শা ভূমি আৰু নদীৰ পাৰ পাইছে। এই অব্যৱস্থিত আৱৰ্জনাই পাহাৰীয়া চহৰখনৰ পৰিস্থিতিতন্ত্ৰৰ অপুৰণীয় ক্ষতি কৰিছে।

“এইখন মুকলি পথাৰ আছিল, ল’ৰা-ছোৱালীয়ে ইয়াত খেলা-ধূলা কৰিছিল,” আৱৰ্জনা পেলোৱা ঠাইখনৰ পৰা অলপ দূৰ বাটত বাস কৰা ৭২ বৰ্ষীয় গালোৰা ৰামে পুৰণি সময়ৰ কথা মনত পেলায়।

“এই গোটেই এলেকাটো আগতে সেউজীয়া এখন চাদৰৰ দৰে আছিল, গছ-গছনিৰে ভৰি আছিল,” শিশু ভৰদ্বাজ (নাম সলনি কৰা হৈছে)য়ে কয়। তেওঁৰ চাহৰ দোকানখনৰ পৰা দেখা পোৱা আৱৰ্জনা পেলোৱা এলেকাটোৰ জাবৰৰ পাহাৰবোৰ দেখা পায়। “সিহঁতে (পৌৰনিগমে) গছবোৰ কাটি ঠাই মুকলি কৰিছে, আৰু বেছি আৱৰ্জনা তাত পেলাব পৰা কৰি তুলিছে,” ৩২ বৰ্ষীয় ভৰদ্বাজে কয়। “বৰ গোন্ধায়! ইমান মাখি উৰে,” ভৰদ্বাজে মুখ বেকেটাই কয়।

তেওঁৰ দোকানখন পালমপুৰৰ আৱৰ্জনা পেলোৱা স্থানৰ কাষতে আছে। আৱৰ্জনা পেলোৱা ঠাইখন প্ৰায় পাঁচ হেক্টৰ ভূমিত বিস্তৃতি হৈ আছে। কাপোৰ, প্লাষ্টিকৰ বেগ, ভগা পুতলা, পেলাই দিয়া কাপোৰ, ঘৰুৱা সামগ্ৰী, পাকঘৰৰ পেলনীয়া সামগ্ৰী, ঔদ্যোগিক আৱৰ্জনা, হস্পিতাল-ক্লিনিকৰ বিপজ্জনক বৰ্জ্য পদাৰ্থৰে আৱৰ্জনা ক্ষেত্ৰখন ভৰি আছে। বৰষুণে ধুই নিব নোৱাৰাকৈ তাত আৱৰ্জনা জমা হৈছে, সকলো সময়তে ভেনা মাখি উৰি আছে।

ভৰদ্বাজে দোকানখন দিছিল ২০১৯ত। তেতিয়া তাত এটা ৰিচাইকল প্লাণ্ট আছিল। তাত তিনিখন পঞ্চায়তৰ আৱৰ্জনা ভাগ ভাগ কৰি পুনৰ্ব্যৱহাৰৰ যোগ্য কৰি তোলা হৈছিল। মহামাৰী অহাৰ সময়ত আৰু তাৰ পিছত আটাইবোৰ আৱৰ্জনা এই ঠাইলৈ অহা হ’ল আৰু কেৱল মানুহে নিজে হাতেৰে আৱৰ্জনাবোৰ ভাগ ভাগ কৰা হ’ল।

Left : Waste dump as visible from Shishu Bhardwaj's tea shop in Palampur, Kangra.
PHOTO • Sweta Daga
Right: (In the background) Ashish Sharma, the Municipal Commissioner of Palampur and Saurabh Jassal, Deputy Commissioner Kangra, surveying the dumpsite
PHOTO • Sweta Daga

বাওঁফালে: কাংগ্ৰাৰ পালমপুৰৰ শিশু ভৰদ্বাজৰ দোকানৰ পৰা পেলনীয়া আৱৰ্জনাৰ পাহাৰবোৰ দেখা যায়। সোঁফালে: (নেপথ্যত) পালমপুৰৰ পৌৰনিগমৰ আয়ুক্ত আশীষ শৰ্মা আৰু কাংগ্ৰাৰ উপায়ুক্ত সৌৰভ জচ্ছলে ডাম্পিং ক্ষেত্ৰখন নিৰীক্ষণ কৰিছে

শেহতীয়াকৈ পৌৰনিগমৰ আয়ুক্তই নতুনকৈ আৱৰ্জনা ভাগ ভাগ কৰা মেচিন বহুৱাইছে আৰু ৰিচাইক্লিঙৰ কাম আৰম্ভ হোৱা বুলি দাবী কৰিছে।

দিনকদিনে বাঢ়ি অহা আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত স্থানীয় প্ৰশাসনে একো কৰা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে। উন্নয়নৰ সমান্তৰালভাৱে বিজ্ঞানসন্মত লেণ্ডফিলিঙৰো পৰিকল্পনা চৰকাৰে কৰা নাই বুলি স্থানীয় লোকে কয়। বৰ্তমানৰ আৱৰ্জনা নিক্ষেপৰ ক্ষেত্ৰখন নিউগাল নদীখনৰ একেবাৰে গাতে লাগি আছে, যিখন নদীৰ পানী অঞ্চলটোৰ পানীৰ এক গুৰুত্বপূৰ্ণ উৎস। সেই নদীখন নামনিৰ ফালে বিয়াছৰ লগত মিলিছে।

সৰু পাহাৰীয়া চহৰখন সাগৰপৃষ্ঠৰ পৰা ১০০০ৰ পৰা ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত যদিও হিমাচল প্ৰদেশত ২০২৩ৰ আগষ্ট মাহত হোৱা ৭২০ মি.মি.ৰ মূষলধাৰ বৃষ্টিপাতৰ ভাগ পালমপুৰে খুব কম পাইছে। বহুতেই এই লৈ চিন্তা ব্যক্ত কৰিছে।

“এনে মূষলধাৰ বৃষ্টিপাতে জাবৰ-জোঁথৰবোৰ তাৰ পৰা কঢ়িয়াই নি নদীখনৰ মাধ্যমেৰে বহু দূৰলৈ প্ৰদূষণ বিয়পাব পাৰে,” কাংগ্ৰা নাগৰিক অধিকাৰ মঞ্চৰ এগৰাকী সদস্য ফাতেমা চপ্পলৱালাই কয়। মুম্বাইৰ পৰা ইয়ালৈ আহি এতিয়া ১২ কিলোমিটাৰ দূৰৈৰ সৰু গাঁও কান্দৱাৰি গাওঁ নিবাসী ফাতেমা আৰু তেওঁ স্বামী মহম্মদে বহু বছৰ ধৰি ডাম্পছাইটৰ পৰা সৃষ্ট সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ স্থানীয় নাগৰিক সমাজৰ সৈতে কাম কৰি আহিছে।

“জাবৰ-জোঁথৰ সকলো ইয়াত পেলোৱা হয়। দুইবছৰমান আগৰ পৰা বহুত বেছি আৱৰ্জনা ইয়াত তেওঁলোকে পেলাবলৈ লৈছে,” ডাম্পছাইটটোৰ পৰা প্ৰায় ৩৫০ মিটাৰমান দূৰত্বত অৱস্থিত উৱৰ্নৰ বাসিন্দা গালোৰা ৰামে কয়। “আমাৰ বেমাৰ-আজাৰ বাঢ়িছে। ল’ৰা-ছোৱালীবোৰে দুৰ্গন্ধ পাই বমি কৰে,” তেওঁ কয়। ৭২ বৰ্ষীয় ৰামে কয় যে ডাম্পছাইটটো সম্প্ৰসাৰণ কৰাৰ পিছৰে পৰা নিকটৱৰ্তী মানুহবোৰ ক্ৰমাৎ অসুস্থ হৈ পৰিছে। “সেই পূতিগন্ধময় পৰিৱেশ সহ্য় কৰিব নোৱাৰি ল’ৰা-ছোৱালীহঁতে স্কুল সলাইছে।”

Cloth waste, kitchen waste, industrial waste, hazardous medical waste and more lie in heaps at the garbage site
PHOTO • Sweta Daga

কাপোৰ-কানি, পাকঘৰৰ পেলনীয়া বস্তু, ঔদ্যোগিক আৱৰ্জনা, মেডিকেলৰ বিপজ্জনক বৰ্জ্য আদিয়ে ইখনৰ পিছত সিখন আৱৰ্জনাৰ পাহাৰ সৃষ্টি কৰিছে

*****

ডাঙৰ ডাঙৰ দুৰ্যোগে সহজেই সকলোৰে মনযোগ আকৰ্ষণ কৰে, কিন্তু এয়া নিত্য-নৈমিত্তিক হৈ পৰা দুৰ্যোগ, তাক আমি সাধাৰণভাবেই মানি ল’বলগীয়া হৈছে, নদীখনৰ পাৰতে পাহাৰ সদৃশ হৈ পৰা আৱৰ্জনাবোৰৰ প্ৰসংগত মানসী আছেৰে কয়। স্থানীয় পৰিৱেশ সংস্থা এটাত গৱেষক হিচাপে কাম কৰা মানসীয়ে কয়, “নদীৰ কাষত যদি আৱৰ্জনা ব্যৱস্থাপনাৰ কেন্দ্ৰ আছে, তেন্তে নদীখনৰ পানী প্ৰদূষিত হোৱাৰ সম্ভাৱনা প্ৰৱল।”

“ঘাইকৈ পাহাৰীয়া গ্ৰামাঞ্চলত নগৰীয়া আৱৰ্জনাবোৰে নদীৰ তল, বনাঞ্চল আৰু চৰণীয়া পথাৰত প্ৰৱেশ কৰে,” তেওঁ লগতে কয়। দূষিত আৰু মিশ্ৰিত আৱৰ্জনাবোৰ মাটিত প্ৰৱেশ কৰে। এনেদৰে ভূগৰ্ভস্থ পানী প্ৰদূষিত হয়, যি পানী সৰহভাগ মানুহৰ খোৱাপানীৰ উৎস। সেই পানীয়েই নামনিৰ পাঞ্জাৱলৈকে শস্যৰ বাবে ব্যৱহাৰ কৰা হয়।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ ২০২১ চনৰ এক প্ৰতিবেদনত প্ৰকাশ যে যে হিমাচল প্ৰদেশত ৫৭টা ডাম্পিং ছাইট আছে যদিও এটাও চেনিটেৰী লেণ্ডফিল নাই। চেনিটেৰী লেণ্ডফিল ডাম্পছাইটৰ সম্পূৰ্ণ বিপৰীত। লেণ্ডফিলৰ ওপৰত এটা কাভাৰ থাকে আৰু অন্যান্য সুৰক্ষা ব্যৱস্থাৰ লগতে ভূগৰ্ভস্থ পানীৰ দূষণ ৰোধ কৰিবলৈ লাইনাৰ আৰু লিচেট সংগ্ৰহ ব্যৱস্থা থাকে। ইয়াত ক্ল’জাৰ আৰু পোষ্ট-ক্ল’জাৰৰ ব্যৱস্থাও থাকে। এই প্ৰতিবেদনে আৱৰ্জনা ব্যৱস্থাপনাৰ মূল্যায়নত ৩৫ খন ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশক ১৮ নম্বৰ স্থানত ৰাখিছে। ২০২০ৰ অক্টোবৰত ১৫টা ৱাৰ্ডেৰে গঠিত নতুন পালমপুৰ পৌৰ নিগমৰ অধীনত ১৪ খন পঞ্চায়তক একত্ৰিত কৰা হৈছিল। মহম্মদ চপ্পলৱালা এই কাংগ্ৰা নাগৰিক অধিকাৰ মঞ্চৰ সদস্য। তেওঁ কয়, “পালমপুৰ পৌৰনিগম হোৱাৰ আগতে বেছিভাগ পঞ্চায়তেই নিজৰ আৱৰ্জনা নিজেই চম্ভালিছিল, কিন্তু আমি পৌৰনিগমত সোমোৱাৰ পিছৰেপৰা আৱৰ্জনা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু আটাইবোৰ একেটা স্থানলৈ অনা হৈছে, আনকি আনকি হস্পিতালৰ আৱৰ্জনাও ইয়ালৈকে অনা হৈছে৷”

নগৰ উন্নয়ন মন্ত্ৰালয়ৰ ২০১৬ত প্ৰকাশিত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ হাতপুথি অনুসৰি লেণ্ডফিল ছাইট থাকিবলৈ কোনো নগৰীয়া স্থানীয় সংস্থা (ইউ.এল.বি.)য়ে তলত দিয়া নিৰ্দেশনাসমূহ মানি চলিব লাগিব: “নগৰ উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি লেণ্ডফিল ছাইট বহুৱাব লাগিব। লেণ্ডফিল ছাইটটো নদীৰ পৰা ১০০ মিটাৰ দূৰত, এটা পুখুৰীৰ পৰা ২০০ মিটাৰ দূৰত, ঘাইপথ, বাসস্থান, ৰাজহুৱা উদ্যান আৰু পানী যোগানৰ উৎসৰ পৰা ২০০ মিটাৰ দূৰত অৱস্থিত হ’ব লাগিব...”

The landfill sprawls across an estimated five hectares of land
PHOTO • Sweta Daga

ডাম্পছাইটটো পাঁচ হেক্টৰ মাটিত বিস্তৃত হৈ আছে

Left: Waste being unloaded at the dump site.
PHOTO • Sweta Daga
Right: Women waste workers sorting through trash for recyclable items
PHOTO • Sweta Daga

বাওঁফালে: ডাম্পছাইটত আৱৰ্জনাবোৰ পেলোৱা হৈছে। সোঁফালে: পেলনীয়া সামগ্ৰী ভাগ ভাগ কৰা মহিলা শ্ৰমিকে জাৱৰৰ মাজত নৱীকৰণযোগ্য সামগ্ৰী বিচাৰি

যোৱাবছৰ স্থানীয় নাগৰিকে এই সন্দৰ্ভত পদক্ষেপ গ্ৰহণৰ বাবে সকলোকে আহ্বান জনাইছিল। সেয়ে আমি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি আয়ুক্তলৈ লিখিছিলো। মহম্মদে কোৱা অনুসৰি আয়ুক্তৰ কাৰ্য্যালয়ে ২০২৩ৰ ১৪ এপ্ৰিলত তথ্য বিচৰা আৰ্জিখন পাইছিল আৰু ১৯ এপ্ৰিলত তাৰ উত্তৰ দিছিল। কিন্তু উত্তৰবোৰ প্ৰকৃত উত্তৰ নাছিল। “আমাৰ বহু প্ৰশ্নৰ উত্তৰ নাছিল,” তেওঁ কয়।

কিমান আৱৰ্জনা সৃষ্টি হৈছে কোনেও নাজানে। “যিমানবাৰ ইয়ালৈ আহো, দেখো যে আৱৰ্জনাৰ পৰিমাণ বাঢ়ি গৈ আছে, ডাম্পছাইটটো বহল হৈ গৈ আছে আৰু এতিয়া আৱৰ্জনাবোৰ নিউগাল নদীখনলৈ প্ৰসাৰিত হৈছে,” মহম্মদে কয়।

শেহতীয়াকৈ ডাম্পছাইটত সাতটা আৱৰ্জনা পৃথকীকৰণ মেচিন বহুওৱা হৈছে আৰু স্থানীয় সাংবাদিক ৰবিন্দৰ চুডে কোৱা মতে ইয়াৰ পাঁচটা কাৰ্য্যক্ষম হৈ আছে। লগতে এটা শ্ৰেডাৰে শুষ্ক আৱৰ্জনাৰ পৰিমাণ কমাবলৈ ব্যৱহাৰ কৰি থকা হৈছে।

নিজৰ চাহৰ দোকানখনৰ পৰা দ্ৰুতগতিত হোৱা পৰিৱৰ্তন ভৰদ্বাজে বাৰুকৈয়ে লক্ষ্য কৰি আছে, তেওঁ কয়, “মেচিনবোৰ আহিছে ঠিকেই, কিন্তু বৰষুণৰ বাবে কোনোটোৱেই কাম কৰা নাই। গতিকে পৰিস্থিতিৰো একো পৰিৱৰ্তনো দেখা নাই। একেই পূতিগন্ধময় অৱস্থা।” তেওঁৰ চুবুৰীয়া ৰামে লগতে কয়, “তেওঁলোকে ডাম্পছাইটটো আন ঠাইত নি আমাৰ লগতে আমাৰ ল’ৰা-ছোৱালীৰ জীৱনবোৰ ভাল কৰাত সহায় কৰক।”

অনুবাদ: পংকজ দাস

Sweta Daga

Sweta Daga is a Bengaluru-based writer and photographer, and a 2015 PARI fellow. She works across multimedia platforms and writes on climate change, gender and social inequality.

यांचे इतर लिखाण श्वेता डागा
Editors : PARI Desk

PARI Desk is the nerve centre of our editorial work. The team works with reporters, researchers, photographers, filmmakers and translators located across the country. The Desk supports and manages the production and publication of text, video, audio and research reports published by PARI.

यांचे इतर लिखाण PARI Desk
Editors : Shaoni Sarkar

Shaoni Sarkar is a freelance journalist based in Kolkata.

यांचे इतर लिखाण Shaoni Sarkar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das