য়েহ বতানা মুস্কিল হৌগা কি কৌন হিন্দু হ্যে ঔৰ কৌন মুছলমান (কোন হিন্দু আৰু কোন মুছলমান আপুনি ধৰিবই নোৱাৰিব)।”

৬৮ বছৰীয়া মহম্মদ শ্বাব্বিৰ কুৰেছিয়ে তেওঁৰ আৰু তেওঁৰ চুবুৰীয়া অজয় ছেইনি (৫২)ৰ সম্পৰ্কৰ বিষয়ে এইদৰেই কয়। অযোধ্যা নিৱাসী এই দুই বন্ধুৱে বিগত চাৰিটা দশক সমিলমিলেৰে ৰামকোটৰ দুৰাহী কুঁৱা চুবুৰীত বাস কৰি আহিছে।

দুয়োটা পৰিয়ালৰ সম্পৰ্ক ঘনিষ্ঠ। দৈনন্দিন কথা-বতৰাৰ পৰা ইটো-সিটো বস্তু অনা-নিয়ালৈকে দুয়োটা পৰিয়াল ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰশীল। পুৰণি কথা মনত পেলাই অজয় ছেইনিয়ে কয়, “এবাৰ মই কামৰ বাবে ঘৰৰ পৰা আঁতৰত থাকোঁতে ঘৰৰ পৰা ফোন আহিল যে মোৰ ছোৱালীজনীৰ গা বেয়া। মই ঘৰ আহিবলৈ ওলাইছিলো মাত্ৰ, পত্নীয়ে জনালে যে কুৰেশ্বি পৰিয়ালে আমাৰ ছোৱালীজনীক চিকিৎসালয়লৈ লৈ গৈছে, ঔষধো কিনি দিছে।”

দুজন ভিন্ন ঈশ্বৰৰ আৰাধনা কৰা এই দুই বন্ধু যেতিয়া বহি আছিল, তেতিয়া তেওঁলোকৰ ঘৰৰ পিছফালৰ চোতালত কলৰৱ তুলিছিল ম’হ, ছাগলী আৰু আধা ডজন কুকুৰাই। দুয়োৰে পৰিয়ালৰ ল’ৰা-ছোৱালী কেইটাই তাৰ মাজতে জঁপিয়াই ফুৰিছিল, খেলা-ধূলা কৰিছিল।

২০২৪ চনৰ জানুৱাৰী মাহ, অযোধ্যাৰ ৰাম মন্দিৰৰ ভব্য অভিষেক অনুষ্ঠানৰ বাবে সমগ্ৰ চহৰখন সজাই-পৰাই তোলা হৈছে। নতুন, গধুৰ আৰু দুটা বেৰিকেডযুক্ত লোহাৰ গ্ৰীলৰ বেৰে তেওঁলোকৰ ঘৰবোৰক মন্দিৰৰ চৌহদৰ পৰা পৃথক কৰি ৰাখিছে।

আশীৰ দশকত যেতিয়া তেওঁ আৰু তেওঁৰ পৰিয়ালে কুৰেছিৰ কাষৰ ঘৰটোলৈ থাকিবলৈ আহিছিল, তেতিয়া ছেইনি আছিল এজন চফল ডেকা। তেতিয়াৰ বাবৰি মছজিদ চৌহদত ৰাম মূৰ্তি দৰ্শন কৰা ভক্তসকলক তেওঁ এটকাত ফুলৰ মালা বিক্ৰী কৰিছিল।

কুৰেছিৰ পৰিয়াল প্ৰথমে কচাই আছিল, পৰিয়ালটোৰ অযোধ্যা চহৰৰ বাহিৰত মাংসৰ দোকান আছিল। ১৯৯২ চনৰ পিছত তেওঁলোকৰ ঘৰটো জুইত জাহ যোৱাৰ পিছত পৰিয়ালটোৱে ৱেল্ডিঙৰ ব্যৱসায় আৰম্ভ কৰে।

Left: Ajay Saini (on a chair in green jacket), and his wife, Gudiya Saini chatting around a bonfire in December. They share a common courtyard with the Qureshi family. Also in the picture are Jamal, Abdul Wahid and Shabbir Qureshi, with the Saini’s younger daughter, Sonali (in a red sweater).
PHOTO • Shweta Desai
Right: Qureshi and his wife along with his grandchildren and Saini’s children
PHOTO • Shweta Desai

বাওঁফালে: অজয় ছেইনি (সেউজীয়া জেকেট পিন্ধি), আৰু তেওঁৰ পত্নী গুড়িয়া ছেইনিয়ে ডিচেম্বৰ মাহত জুইৰ তাপ লৈছে। কুৰেছি পৰিয়ালৰ সৈতে তেওঁলোকৰ চোতাল এখনেই। লগতে ছবিখনত আছে জামাল, আব্দুল ৱাহিদ আৰু শ্বাব্বিৰ কুৰেছি, ছেইনিৰ কনিষ্ঠ কন্যা সোণালী (ৰঙা চুৱেটাৰ পিন্ধাগৰাকী)। সোঁফালে: কুৰেছি আৰু তেওঁৰ পত্নীৰ লগতে তেওঁৰ নাতি-নাতিনী আৰু ছেইনিৰ সন্তান

বাওঁফালে: অজয় ছেইনি (সেউজীয়া জেকেট পিন্ধি), আৰু তেওঁৰ পত্নী গুড়িয়া ছেইনিয়ে ডিচেম্বৰ মাহত জুইৰ তাপ লৈছে। কুৰেছি পৰিয়ালৰ সৈতে তেওঁলোকৰ চোতাল এখনেই। লগতে ছবিখনত আছে জামাল, আব্দুল ৱাহিদ আৰু শ্বাব্বিৰ কুৰেছি, ছেইনিৰ কনিষ্ঠ কন্যা সোণালী (ৰঙা চুৱেটাৰ পিন্ধাগৰাকী)। সোঁফালে: কুৰেছি আৰু তেওঁৰ পত্নীৰ লগতে তেওঁৰ নাতি-নাতিনী আৰু ছেইনিৰ সন্তান

“এই ল’ৰা-ছোৱালীকেইটালৈ চাওক... সিঁহত হিন্দু...আমি মুছলমান। তেওঁলোক সকলোৱেই ভাই-ভনী,’’ কুৰেছিয়ে তেওঁলোকৰ চাৰিওফালে খেলি থকা সকলো বয়সৰ চুবুৰীৰ ল’ৰা-ছোৱালীৰ ভিৰলৈ আঙুলিয়াই কয়। “আমাৰ চাল-চলনৰ পৰা কোন হিন্দু আৰু কোন মুছলমান সেয়া আপুনি ক’ব নোৱাৰিব। আমি আমাৰ মাজত বৈষম্য নকৰো,” তেওঁ লগতে কয়। অজয় ছেইনিৰ পত্নী গুড়িয়া ছেইনিয়েও এই কথাত সন্মতি প্ৰকাশ কৰি কয়, “তেওঁলোক বেলেগ ধৰ্মৰ হোৱাটোৱে আমাৰ মাজত বিভাজন আনিব নোৱাৰে।”

এটা দশক আগতে কুৰেছিৰ একমাত্ৰ কন্যা নুৰজেহানৰ বিয়া হৈছিল। সেই সন্দৰ্ভত অজয় ছেইনিয়ে কয়, “আমি উৎসৱৰ লগত জড়িত আছিলো, অতিথিক আদৰণি জনাইছিলো আৰু সেৱা আগবঢ়াইছিলো। আমি ঘৰৰ সদস্যৰ দৰেই সন্মান পাওঁ। আমি জানো যে আমি ইজনে সিজনৰ বাবে আছো।’’

কথাই কথাই ৰাম মন্দিৰৰ কথা ওলাল। তেওঁলোকে বহি থকা ঠাইৰ পৰাই নতুন ৰাম মন্দিৰটো দেখা পোৱা যায়। মন্দিৰৰ বিশাল গাঁথনি, এতিয়াও নিৰ্মাণৰ কাম চলি থকা গগনচুম্বী শিখৰ, কাষে কাষে কাম আৰম্ভ হোৱালৈ বাট চাই ৰোৱা বিশাল ক্ৰেন, সকলোবোৰ এতিয়া ডিচেম্বৰৰ কুঁৱলীয়ে ঢাকি ৰখাৰ চেষ্টা কৰিছে।

কুৰেছিয়ে তেওঁৰ ইটা আৰু মাটিৰে নিৰ্মিত সাধাৰণ ঘৰটোৰ সন্মুখত থিয় হৈ মাত্ৰ কেইফুটমান দূৰত্বত থকা নতুন মন্দিৰটোৰ আকৰ্ষণীয় গঠনটোৰ ফালে আঙুলিয়াই দিয়ে। “তাত এটা মছজিদ আছিল, আৰু তেতিয়া আজানৰ শব্দ শুনি আমি ঘৰত সন্ধিয়াৰ লেম্প-চাকি জ্বলাবলৈ আৰম্ভ কৰিছিলো,” মছজিদটো ভাঙি পেলোৱাৰ আগৰ কথা তেওঁ মনত পেলায়।

কিন্তু ২০২৪ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে আজানৰ নিস্তব্ধতাই কুৰেছিক উদ্বিগ্ন কৰি তুলিছে।

“আমাক জনোৱা হৈছে যে ৰাম মন্দিৰ চৌহদৰ কাষৰ এই সকলোবোৰ ঘৰ ভাঙি পেলোৱাৰ পৰিকল্পনা কৰা হৈছে। এপ্ৰিল-মে’ মাহত [২০২৩] ভূমি ৰাজহ বিভাগৰ জিলা কৰ্তৃপক্ষই অঞ্চলটো পৰিদৰ্শন কৰি ঘৰবোৰৰ জোখ-মাখ কৰিছিল,’’ ছেইনিয়ে এই প্ৰতিবেদকৰ আগত এইদৰে কয়। যিহেতু ছেইনি আৰু কুৰেছিৰ ঘৰটো মন্দিৰৰ চৌহদৰ ডাবল বেৰিকেডযুক্ত দেৱালৰ সৈতে সংলগ্ন, সেয়ে গৃহহাৰা হোৱাৰ দুশ্চিন্তা তেওঁলোকৰ অধিক৷

গুড়িয়াই লগতে কয়, “আমি সুখী যে আমাৰ ঘৰৰ ওচৰত ইমান ডাঙৰ মন্দিৰ এটা নিৰ্মাণ কৰা হৈছে আৰু চাৰিওফালে চলি থকা এই সকলোবোৰ উন্নয়নে আমাক সুখ দিছে। কিন্তু এই উন্নয়নে আমাক সহায় নকৰে। অযোধ্যাৰ ৰূপ সলনি কৰা হৈছে, কিন্তু সেয়া কৰা হৈছে আমাক ওলট-পালট কৰি।”

অলপ দূৰৈৰ জ্ঞানমতী যাদৱে ইতিমধ্যে তেওঁৰ ঘৰখন হেৰুৱাইছে। এতিয়া এটা অস্থায়ী খেৰী জুপুৰীত তেওঁলোকে আশ্ৰয় লৈ আছে। নতুন পৰিৱেশত পৰিয়ালটোক একেলগে ধৰি ৰাখিবলৈ চেষ্টা কৰা বিধৱাগৰাকীয়ে কয়, “আমি কেতিয়াও কল্পনা কৰা নাছিলো যে আমি আমাৰ ঘৰটো এৰি দিব লাগিব যাতে ৰামে নিজৰ মন্দিৰটো পাব পাৰে।” যাদৱসকলে গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে।

Gyanmati (left) in the courtyard of her house which lies in the vicinity of the Ram temple, and with her family (right). Son Rajan (in a blue t-shirt) is sitting on a chair
PHOTO • Shweta Desai
Gyanmati (left) in the courtyard of her house which lies in the vicinity of the Ram temple, and with her family (right). Son Rajan (in a blue t-shirt) is sitting on a chair
PHOTO • Shweta Desai

জ্ঞানমতী (বাওঁফালে) ৰাম মন্দিৰৰ আশে-পাশে থকা তেওঁৰ ঘৰৰ চোতালত, পৰিয়ালৰ সৈতে। নীলা ৰঙৰ টি-চাৰ্ট পৰিহীত পুত্ৰ ৰাজন (সোঁফালে) চকীখনত বহি আছে

ছটা কোঠাৰ তেওঁৰ পকী ঘৰটো আহিৰানা মহল্লাত মন্দিৰৰ সন্মুখৰ প্ৰৱেশদ্বাৰৰ লগত সংলগ্ন আছিল যদিও ২০২৩ চনৰ ডিচেম্বৰ মাহত ভাঙি পেলোৱা হৈছিল। “তেওঁলোকে মাত্ৰ বুলড’জাৰ আনি আমাৰ ঘৰটো ভাঙি পেলালে। আমি যেতিয়া তেওঁলোকক নথি-পত্ৰ, গৃহকৰ আৰু বিদ্যুতৰ বিল দেখুৱাবলৈ চেষ্টা কৰিলোঁ, তেতিয়া বিষয়াসকলে ক’লে যে এইবোৰ দেখাই লাভ নাই,” জ্ঞানমতীৰ ডাঙৰ পুত্ৰ ৰাজনে কয়। সেই নিশা চাৰিটা ল’ৰা-ছোৱালীৰ পৰিয়াল, বৃদ্ধ শহুৰেক আৰু ছয়টা গৰু-ম’হ জাৰত ঠেটুৱৈ লাগি মুকলি আকাশৰ তলত নিশা পাৰ কৰিবলগীয়া হয়। তেওঁ লগতে কয়, “আমাক একো নিব দিয়া নাছিল।’’ ইতিমধ্যে পৰিয়ালটোৱে দুবাৰকৈ বিস্থাপিত হৈছে, আৰু এতিয়া এটা গোহালিসদৃশ জুপুৰীত তেওঁলোকে দিন পাৰ কৰিছে।

“এইটো মোৰ স্বামীৰ পৰিয়ালৰ ঘৰ আছিল। পাঁচ দশকৰো অধিক পূৰ্বে ইয়াত তেওঁ আৰু তেওঁৰ ভাই-ভনীকেইটাৰ জন্ম হৈছিল। কিন্তু আমি কোনো ক্ষতিপূৰণ লাভ কৰা নাছিলো, কাৰণ আমাৰ হাতত আমাৰ মালিকীস্বত্ব প্ৰমাণ কৰিবলৈ নথি-পত্ৰ থকাৰ পিছতো কৰ্তৃপক্ষই এই মাটি নাজুল ভূমি [চৰকাৰী মাটি] বুলি কৈছিল,” জ্ঞানমতীয়ে কয়।

কুৰেছি আৰু তেওঁৰ পুত্ৰকেইজনে কয় যে যদিহে পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া হয়, তেন্তে তেওঁলোকে অযোধ্যা চহৰৰ সীমাৰ ভিতৰত আন এটুকুৰা মাটি বিচাৰি পাব, কিন্তু ইয়াত থকাৰ সুখকণ তাত নাপাব। “ইয়াত আমাক সকলোৱে চিনি পায়; সকলোৰে সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে। ইয়াৰ পৰা ওলাই [মুছলমান প্ৰধান] ফৈজাবাদলৈ যদি যাব লগা হয়, তেন্তে আমি আন সাধাৰণ মানুহৰ দৰে হৈ পৰিম। আমি অযোধ্যাবাসী হৈ নাথাকিম,” শ্বাব্বিৰৰ কনিষ্ঠ পুত্ৰ জামাল কুৰেছিয়ে কয়।

অজয় ছেইনিয়ে তেওঁৰ মনৰ কথা ব্যক্ত কৰি কয়, “এই মাটিত আমাৰ বিশ্বাস নিহিত হৈ আছে। আমাক দূৰলৈ পঠিয়াই দিলে, এই ধৰক ১৫ কিলোমিটাৰ, তেতিয়া আমাৰ এই বিশ্বাস আৰু ব্যৱসায় দুয়োটাই ধূলিস্যাৎহৈ যাব।”

ঘৰ এৰি বহু দূৰলৈ যাবলৈ ছেইনিৰ অনিচ্ছাৰ কাৰণ তেওঁৰ জীৱিকাও। “মই দৈনিক ইয়াৰ পৰা ২০ মিনিট চাইকেল চলাই গৈ নয়া ঘাটৰ সমীপৰ নাগেশ্বৰনাথ মন্দিৰত ফুল বিক্ৰী কৰো। পৰ্যটকৰ ভিৰৰ ওপৰত ভিত্তি কৰি মই দৈনিক ৫০ৰ পৰা ৫০০ টকাৰ ভিতৰত উপাৰ্জন কৰো। পৰিয়াল চলাবলৈ এইটোৱেই মোৰ একমাত্ৰ উপাৰ্জনৰ উৎস। বসতিৰ কিবা ইফাল-সিফাল হোৱা মানে মোৰ অহা-যোৱাৰ সময় আৰু খৰছ বঢ়া,” তেওঁ লগতে কয়।

জামালে কয়, “আমি গৌৰৱান্বিত যে আমাৰ পিছফালে এনে এটা ভব্য মন্দিৰ নিৰ্মাণ হৈ আছে। ইয়াক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিশ্বাসৰ ভিত্তিত অনুমোদন জনাইছে, আৰু ইয়াৰ বিৰোধিতা কৰাৰ কোনো অৰ্থ নাই।”

তেওঁ লগতে কয়, “কিন্তু আমাক ইয়াত থাকিবলৈ দিয়া নহ’ব। আমি উচ্ছেদিত হৈ আছো।”

Left: Workmen for the temple passing through Durahi Kuan neighbourhood in front of the double-barricaded fence.
PHOTO • Shweta Desai
Right: Devotees lining up at the main entrance to the Ram temple site
PHOTO • Shweta Desai

বাওঁফালে: দুৰাহী কুঁৱা চুবুৰীৰ মাজেৰে পাৰ হৈ যোৱা মন্দিৰৰ বাবে শ্ৰমিকসকল দুটা বেৰিকেডযুক্ত ফেঞ্চৰ সন্মুখত। সোঁফালে: ৰাম মন্দিৰ স্থানৰ মূল প্ৰৱেশদ্বাৰত শাৰী পাতি ভক্তসকল

ইতিমধ্যে পৰিয়ালবোৰে সামৰিক কৰি পেলোৱা এনে এটা পৰিৱেশত বাস কৰাৰ হেঁচা অনুভৱ কৰিছে, য’ত সশস্ত্ৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ জোৱানে ইফালে-সিফালে তহল দি ফুৰিছে। তেওঁলোকৰ ঘৰৰ ওচৰতে মন্দিৰৰ পিছফালৰ চৌহদত এটা প্ৰহৰী টাৱাৰো আছে। “প্ৰতিমাহে বিভিন্ন সংস্থাই বাসিন্দাসকলৰ ভেৰিফিকেছন কৰিবলৈ চাৰিবাৰকৈ ইয়ালৈ আহে। যদি আমাৰ অতিথি আৰু আত্মীয় ৰাতিটো ইয়াত কটায়, তেন্তে তেওঁলোকৰ সবিশেষ আৰক্ষীক দিয়াটো বাধ্যতামূলক,’’ গুড়িয়াই কয়।

মন্দিৰৰ ওচৰৰ আহিৰানা গলি আৰু কিছুমান বিশেষ পথত স্থানীয় লোকক গাড়ীত উঠিবলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তাৰ পৰিৱৰ্তে তেওঁলোকক এটা দীঘলীয়া আৰু আওহতীয়া পথেৰে হনুমান গড়ীলৈ যাবলৈ আদেশ দিয়া হৈছে।

২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা ৰাম মন্দিৰৰ ভব্য উদ্বোধনী অনুষ্ঠানৰ বাবে দুৰাহী কুঁৱাত তেওঁলোকৰ ঘৰৰ সন্মুখৰ পথটোৱেই আছিল ৰাজনৈতিক নেতা, মন্ত্ৰী আৰু চেলেব্ৰেটিৰ দৰে ভিআইপিৰ অহা-যোৱাৰ পথ।

*****

২০২৪ চনৰ ৫ ফেব্ৰুৱাৰী, সোমবাৰে ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাজেট উন্মোচন কৰি প্ৰভু ৰামৰ নামত উচৰ্গা কৰে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “বাজেটৰ চিন্তা, অংগীকাৰ আৰু প্ৰতিটো শব্দতে ভগৱান শ্ৰীৰাম আছে।” বাজেটত আযোধ্যাৰ বাবে ১,৫০০ কোটি তকা আন্তঃগাঁথনিৰ বাবে আবণ্টন কৰা হৈছে, তাৰে ১৫০ কোটি টকা পৰ্য্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে আৰু আন্তঃৰাষ্ট্ৰীয় ৰামায়ণ আৰু বৈদিক গৱেষণা প্ৰতিষ্ঠানৰ বাবে ১০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।

মন্দিৰ চৌহদটো ৭০ একৰ ভূমিত বিস্তৃত বুলি কোৱা হৈছে। মূল ৰাম মন্দিৰ ২.৭ একৰ ভূমিত নিৰ্মাণ কৰা হৈছে। সমগ্ৰ প্ৰকল্পটোৱে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস (SRJTKT)ৰ দ্বাৰা লাভ কৰা অনুদানেৰে নিৰ্মাণ কৰা হৈছে। এই ন্যাসটো বিদেশী নাগৰিকৰ পৰা অনুদানৰ অনুমতি দিয়া বিদেশী অৰিহণা নিয়ন্ত্ৰণ আইন (এফচিআৰএ)ৰ অধীনত পঞ্জীয়ন হ’বলগীয়া অনুকূল কেইটামান সংস্থাৰ ভিতৰত অন্যতম; ভাৰতীয় নাগৰিকে ন্যাসলৈ আগবঢ়োৱা অনুদানসমূহ কৰ কৰ্তনৰ বাবে যোগ্য।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত অযোধ্যাৰ উন্নয়নৰ বাবে ধনৰ সোত বোৱা পৰিলক্ষিত হয়। ১১,১০০ কোটি টকাৰ ‘উন্নয়ন’ প্ৰকল্পৰ লগতে ২৪০ কোটি টকাৰে ৰে’লৱে ষ্টেচনৰ নতুন ৰূপ প্ৰদানৰ বাবে দিয়া হৈছে। ইয়াৰোপৰি নতুন বিমানবন্দৰৰ বাবেও ১৪৫০ কোটি টকা ব্যয় কৰা হ’ব।

উদ্বোধনীৰ পিছত অযোধ্যাখনত আৰু অধিক আলোড়ন আহিব। উত্তৰ প্ৰদেশ চৰকাৰৰ প্ৰধান সচিব (পৰ্যটন) মুকেশ মেশ্ৰমে কয়, “মন্দিৰ মুকলি হোৱাৰ পিছত অযোধ্যাত দৈনিক ৩ লাখৰো অধিক পৰ্যটকে ভিৰ কৰাৰ সম্ভাৱনা আছে।”

ইফালে অতিৰিক্ত দৰ্শনাৰ্থীৰ বাবে প্ৰস্তুতিৰ ভিতৰত থাকিব চহৰব্যাপী আন্তঃগাঁথনি সম্প্ৰসাৰণ প্ৰকল্প, যিয়ে একেলগে নিশ্চিহ্ন কৰি পেলাব অযোধ্যাৰ পুৰণি ঘৰ আৰু পুৰণি বন্ধুত্বক।

Left: The Qureshi and Saini families gathered together: Anmol (on the extreme right), Sonali (in a red jumper), Abdul (in white), Gudiya (in a polka dot sari) and others.
PHOTO • Shweta Desai
Right: Gyanmati's sister-in-law Chanda. Behind her, is the portrait of Ram hung prominently in front of the house
PHOTO • Shweta Desai

বাওঁফালে: কুৰেছি আৰু ছেইনি পৰিয়াল সমবেত হোৱাৰ সময়ত: অনমোল (একেবাৰে সোঁফালে), সোণালী (ৰঙা জাম্পাৰ পিন্ধি), আব্দুল (বগা পিন্ধা), গুড়িয়া (শাৰী পিন্ধি) ইত্যাদি। সোঁফালেঃ জ্ঞানমতীৰ ভগ্নী চন্দা। তেওঁৰ পিছফালে ৰামৰ প’ৰ্ট্ৰেইট এখন দেখা গৈছে

Left: Structures that were demolished to widen the main road, 'Ram Path'.
PHOTO • Shweta Desai
Right: the renovated Ayodhya railway station. This week, the state budget announced more than Rs. 1,500 crore for infrastructural development in Ayodhya including Rs. 150 crore for tourism development and Rs. 10 crore for the International Ramayana and Vedic Research Institute
PHOTO • Shweta Desai

বাওঁফালে: ‘ৰাম পথ’ নামে ঘাই পথটো বহলোৱাৰ উদ্দেশ্যে ভাঙি পেলোৱা দোকান-পোহাৰ আৰু ঘৰবোৰ। সোঁফালে: নতুনকৈ সজাই তোলা অযোধ্যা ৰেলৱে ষ্টেচনটো। এই সপ্তাহৰ্যত ঘোষিত ৰাজ্যিক বাজেটত অযোধ্যাৰ বাবে ১,৫০০ কোটিৰো অধিক ধনৰাশি আন্তঃগাঁথনিৰ বাবে আবণ্টন কৰা হৈছে, তাৰে ১৫০ কোটি টকা পৰ্য্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে আৰু আন্তঃৰাষ্ট্ৰীয় ৰামায়ণ আৰু বৈদিক গৱেষণা প্ৰতিষ্ঠানৰ বাবে ১০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে

“পথৰ কাষত বসবাস কৰা মুছলমান পৰিয়ালটোক ইতিমধ্যে ক্ষতিপূৰণ দিয়া হৈছে, যিসকল আমাৰ আত্মীয়। মন্দিৰৰ বেৰখনত লাগি থকাৰ বাবে তেওঁলোকৰ ঘৰটো আংশিকভাৱে ভাঙি পেলোৱা হৈছে,” কুৰেছিৰ পুত্ৰ জামালে লগতে কয়। তেওঁ মন্দিৰৰ প্ৰায় ৭০ একৰ পৰিসৰৰ ভিতৰত বাস কৰা ৫০টা মুছলমান পৰিয়ালকে ধৰি প্ৰায় ২০০টা পৰিয়ালৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এতিয়া এইকেইটা পৰিয়ালক উচ্ছেদ কৰি মন্দিৰ ন্যাসে (এছ.আৰ.জে.টি.কে.টি.) সম্পত্তিসমূহ অধিগ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে।

“মন্দিৰৰ পৰিধিৰ বাটত থকা সেই ঘৰবোৰ ন্যাসটোৱে ক্ৰয় কৰিছে আৰু জনসাধাৰণক প্ৰাপ্য ক্ষতিপূৰণ দিয়া হৈছে। অতিৰিক্ত অধিগ্ৰহণৰ কোনো পৰিকল্পনা নাই,” এইদৰে কয় ভিএইচপিৰ নেতা শৰদ শৰ্মাই। কিন্তু স্থানীয় লোকে কয় যে ন্যাসটোৱে মন্দিৰৰ আশে-পাশে আৱাসিক ঘৰ আৰু মন্দিৰ, মছজিদৰ দৰে ধৰ্মীয় স্থানকে ধৰি মাটি বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰি আছে।

ইফালে ইতিমধ্যে স্থানচ্যুত যাদৱসকলে প্ৰৱেশদ্বাৰত ওলোমাই থৈছে ভগৱান ৰামৰ ফটো। ৰাজনে কয়, “যদি আমি পোষ্টাৰখন প্ৰদৰ্শন নকৰো, তেন্তে তেওঁলোকে আমাৰ ইয়াত জীয়াই থকাটো কঠিন কৰি পেলাব।” ঘৰ হেৰুৱাই হাৰাশাস্তিৰ সন্মুখীন হোৱা পৰিয়ালটোক পোহপাল দিবলৈ মল্লযুঁজৰ প্ৰশিক্ষণ মাজভাগতে এৰি থৈ আহিছে ৰাজনে। “প্ৰতি সপ্তাহত ইয়ালৈ বিষয়া আৰু অচিনাকি লোক আহি আমাক জুপুৰিটো নিৰ্মাণ কৰা ঠাইখিনি খালী কৰিবলৈ বাধ্য কৰাব বুলি ভাবুকি দিয়ে। এই মাটি আমাৰ যদিও পকী ঘৰ আদি সাজিবলৈ আমাক অনুমতি দিয়া নাই,” পাৰিৰ আগত এইদৰে আক্ষেপ ব্যক্ত কৰে ৰাজনে।

*****

“মোৰ ঘৰ জ্বলি আছিল। লুটপাত চলিছিল। আমাক [ক্ষুব্ধ গোটটোৱে] আগুৰি ধৰিছিল!” ১৯৯২ চনৰ ৬ ডিচেম্বৰ আৰু তাৰ পিছত বাবৰি মছজিদটো হিন্দু গোটে ভাঙি পেলোৱা আৰু অযোধ্যাত মুছলমানক লক্ষ্য কৰি লোৱাৰ পৰিঘটনাৰ কথা উল্লেখ কৰি কুৰেছিয়ে এইদৰে কয়।

সেই বিভীষিকাময় ঘটনাৰ ত্ৰিশ বছৰৰ পাছত তেওঁ কয়, “এনে পৰিস্থিতিত মোক স্থানীয় লোকে লুকুৱাই ৰাখিছিল আৰু হিংসাৰ পৰা বচাইছিল। সেই কথা মই আমৃত্যু মনত ৰাখিম।”

হিন্দু অধ্যুষিত দুৰাহী কুঁৱা অঞ্চলত বসবাস কৰা মুষ্টিমেয় মুছলমান লোকৰ ভিতৰত কুৰেছি পৰিয়াল অন্যতম। “আমি কেতিয়াও যোৱাৰ কথা ভবা নাছিলো। এইটো মোৰ পূৰ্বপুৰুষৰ ঘৰ। আমাৰ কিমানজন পূৰ্বপুৰুষে ইয়াত বাস কৰি আহিছে মই নাজানো। মই ইয়াৰ হিন্দুসকলৰ দৰেই থলুৱা বাসিন্দা,”  পিছফালৰ চোতালত লোহাৰ বিচনা এখনত বহি এই প্ৰতিবেদকক এইদৰে কয় কুৰেছিয়ে। তেওঁৰ দুই ভাতৃ আৰু তেওঁলোকৰ পৰিয়ালৰ লগতে নিজৰ আঠজন পুত্ৰ, তেওঁলোকৰ পত্নী আৰু সন্তানকে ধৰি এটা বৃহৎ পৰিয়ালৰ তেওঁ মুৰব্বী। তেওঁ কয় যে তেওঁৰ পৰিয়ালৰ ১৮ জন সদস্যক ৯২ৰ সেই ঘটনাৰ সময়ত ওচৰ-চুবুৰীয়াই লুকুৱাই ৰাখিছিল।

গুড়িয়া ছেইনিয়ে কয়, “তেওঁলোক আমাৰ পৰিয়ালৰ দৰে। সুখে-দুখে আমাৰ কাষত থিয় দিছে। যদি হিন্দু হৈ সংকটৰ সময়ত আমাক সহায় নকৰে, তেন্তে এনে হিন্দুত্বৰ অৰ্থ কি থাকিল?”

কুৰেছিয়ে আৰু কয়, “এইখন অযোধ্যা, ইয়াত হিন্দু-মুছলমানৰ সম্প্ৰীতি আপুনি বুজি নাপাব। মানুহবোৰ কিমান গভীৰভাৱে ইজনে-সিজনৰ লগত মিলি যায়, সেয়া ভাষাৰে বুজাব নোৱাৰি।”

Left: 'They are like our family and have stood by us in happiness and sorrow,' says Gudiya Saini.
PHOTO • Shweta Desai
Right: Shabbir’s grandchildren with Saini’s child, Anmol. ' From our everyday living you cannot tell who belongs to which religion. We don’t discriminate between us,' says Shabbir
PHOTO • Shweta Desai

বাওঁফালে: ‘তেওঁলোক আমাৰ পৰিয়ালৰ দৰে আৰু সুখে-দুখে আমাৰ কাষত থিয় দিছে,’ গুড়িয়া ছেইনিয়ে কয়। সোঁফালে: ছেইনিৰ সন্তান অনমোলৰ সৈতে শ্বাব্বিৰৰ নাতি-নাতিনী

Left: Shabbir Qureshi with sons Abdul Wahid and Jamal inside the family’s New Style Engineering Works welding shop. The family started with the work of making metal cots and has now progressed to erecting watch towers and metal barricades inside the Ram Janmabhoomi temple.
PHOTO • Shweta Desai
Right: Saini’s shop on the left, and on the extreme right is Qureshi shop
PHOTO • Shweta Desai

বাওঁফালে: পৰিয়ালটোৰ নিউ ষ্টাইল ইঞ্জিনিয়াৰিং ৱৰ্কছ নামে ৱেল্ডিঙৰ দোকানৰ ভিতৰত পুত্ৰ আব্দুল ৱাহিদ আৰু জামালৰ সৈতে শ্বাব্বিৰ কুৰেছি। লোহাৰ বিচনা নিৰ্মাণৰ কামৰ পৰা আৰম্ভ কৰি পৰিয়ালটোৱে এতিয়া ৰাম জন্মভূমি মন্দিৰৰ ভিতৰত প্ৰহৰী টাৱাৰ আৰু লোহাৰ বেৰিকেড স্থাপন কৰা কাম পাইছে। সোঁফালে: বাওঁফালে ছেইনিৰ দোকানখন, একেবাৰে সোঁফালে কুৰেছিৰ দোকান

তেওঁলোকৰ ঘৰটো জ্বলি যোৱাৰ পিছত পৰিয়ালটোৱে ঘৰটো সৰুকৈ পুনৰ নিৰ্মাণ কৰিছিল। পৰিয়ালৰ ৬০ জন সদস্যক ৰখাৰ বাবে ঘৰটোৰ মুকলি পিছফালৰ চোতালখনক আগুৰি ধৰিছে তিনিটা সুকীয়া ঘৰে।

আব্দুল ৱাহিদ (৪৫) কুৰেছিৰ দ্বিতীয় জ্যেষ্ঠ পুত্ৰ, আৰু জামাল (৩৫) চতুৰ্থ সন্তান। দুয়ো ৱেল্ডিঙৰ ব্যৱসায় চলাই আছে আৰু নতুন মন্দিৰ নিৰ্মাণ ভালদৰেই দেখিছে। জামালে কয়, “আমি ১৫ বছৰ ধৰি ভিতৰত কাম কৰিছো, পৰিধিৰ চাৰিওফালে ১৩টা নিৰাপত্তা টাৱাৰ আৰু ২৩টা বেৰিকেড স্থাপনকে ধৰি কেইবাটাও ৱেল্ডিঙৰ কাম কৰিছো।” তেওঁলোকে কয় যে তেওঁলোকে আৰ.এছ.এছ., ভি.এইচ.পি. আৰু সকলো হিন্দু মন্দিৰৰ সৈতে কাম কৰে, আৰু আৰ এছ এছ বিল্ডিঙৰ ভিতৰত এটা প্ৰহৰী টাৱাৰ স্থাপন কৰিছে। “এয়াই অযোধ্যাৰ প্ৰকৃত ৰূপ! য’ত হিন্দু আৰু মুছলমানে ইজনে সিজনৰ লগত শান্তিৰে থাকে আৰু কাম কৰে,” জামালে কয়।

তেওঁলোকৰ দোকান নিউ ষ্টাইল ইঞ্জিনিয়াৰিং আচলতে তেওঁলোকৰ ঘৰৰ সন্মুখভাগ। এই সোঁপন্থী সংগঠনবোৰৰ অনুগামীসকলেই তেওঁলোকৰ দৰে মুছলমানক লক্ষ্য কৰি লোৱাক লৈ কুৰেছি পৰিয়ালটো হতাশ হোৱা নাই। জামালে আঙুলিয়াই দি কয়, “বাহিৰৰ মানুহ আহি বিতৰ্কৰ সৃষ্টি কৰিলেহে সমস্যা আৰম্ভ হয়।”

বিশেষকৈ নিৰ্বাচনী বতৰত সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাৰ পৰিৱেশৰ সৈতে পৰিয়ালসমূহ পৰিচিত। “আমি বহুবাৰ এই বিপজ্জনক পৰিস্থিতি দেখিছো। আমি জানো ৰাজনৈতিক লাভালাভৰ বাবে এইবোৰ কৰা হয়। এই খেলবোৰ দিল্লী আৰু লক্ষ্ণৌৰ ক্ষমতাৰ বাবে খেলা হয়। কিন্তু ই আমাৰ এনাজৰী দুৰ্বল কৰিব নোৱাৰে,” কুৰেছিয়ে দৃঢ়তাৰে কয়।

ছেইনিয়ে জানে যে তেওঁৰ হিন্দু পৰিচয়ে তেওঁক হিংসাত্মক গোটৰ সন্মুখত সাময়িকভাৱে সুৰক্ষা দিব পাৰে, যেনেকৈ ১৯৯২ চনৰ ডিচেম্বৰ মাহত তেওঁৰ ঘৰখনে ৰেহাই পাইছিল আৰু কুৰেছিৰ ঘৰত আক্ৰমণ চলিছিল। “যদি তেওঁলোকৰ ঘৰত জুই লাগে, সেই জুই আমাৰ ঘৰলৈকেও বিয়পিব,” ছেইনিয়ে কয়। তেওঁ পুনৰ কয়, “এনে ক্ষেত্ৰত আমি চাৰি বাল্টি অতিৰিক্ত পানী দি জুই নুমুৱাম। আমি জানো যে আমি ইজনে-সিজনৰ বাবে থিয় দিব লাগিব।” ছেইনিৰ মন্তব্যত কুৰেছি পৰিয়ালৰ প্ৰতি থকা তেওঁলোকৰ আন্তৰিকতা প্ৰতিফলিত হয়।

গুড়িয়াই লগতে কয়, “আমি বৰ মৰম-চেনেহেৰে ইয়াত থাকি আহিছো।”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Shweta Desai

Shweta Desai is an independent journalist and researcher based in Mumbai.

यांचे इतर लिखाण Shweta Desai
Editor : Priti David

प्रीती डेव्हिड पारीची वार्ताहर व शिक्षण विभागाची संपादक आहे. ग्रामीण भागांचे प्रश्न शाळा आणि महाविद्यालयांच्या वर्गांमध्ये आणि अभ्यासक्रमांमध्ये यावेत यासाठी ती काम करते.

यांचे इतर लिखाण Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

यांचे इतर लिखाण Dhrubajyoti Dhanantari