পাৰিৰ এই প্ৰতিবেদন ২০১৯ৰ পৰিৱেশ বিষয়ক সাংবাদিকতা শিতানত ৰামনাথ গোৱেংকা পুৰস্কাৰপ্ৰাপ্ত পাৰিৰ জলবায়ু পৰিৱৰ্তন বিষয়ক শৃংখলৰ এটা অংশ।

ডজোমো আমাৰ খুবেই প্ৰিয়, পশ্চিম কামেং জিলাৰ লগাম গাঁৱৰ ৩৫ বৰ্ষীয় যাযাবৰ গৰখীয়া পেম্পা চুৰিঙে কয়।

ডজোমো? ই কি বস্তু? তাতে আকৌ অৰুণাচল প্ৰদেশৰ ৯ হাজাৰ ফুট আৰু তাতোকৈ উচ্চতাৰ পৰ্বতাঞ্চলত কিহে তাক জনপ্ৰিয় কৰে?

ডজোমো হৈছে মেথোন আৰু কোট নামে পৰ্বতাঞ্চলৰ মহৰ সংকৰ প্ৰজাতি। তাৰেই মতা সংকৰ জন্তু ডোজো-ক বন্ধ্যা কৰোৱা হয়, সেয়ে গৰখীয়াই মাইকী ডজোমো ভাল পায়। এয়া নতুন কোনো প্ৰজাতি নহয় যদিও অৰ্ধ-যাযাবৰ গাঁৱলীয়া জনগোষ্ঠী ব্ৰোকপাই এনে সংকৰ পশু নিজৰ চৰণীয়া জাকত বেছিকৈ ৰাখিবলৈ লৈছে, যাতে পূৱ হিমালয়ৰ পৰিৱৰ্তিত জলবায়ুৰ সৈতে অভিযোজন কৰিব পাৰে।

পেম্পাৰ ৪৫ টা পশু আছে, তাতে মেথোন আৰু ডজোমোও আছে। গৰখীয়াই কোৱা মতে মেথোন-মহৰ সংকৰ প্ৰজাতিয়ে কম উচ্চতা আৰু বৰ্দ্ধিত উষ্ণতাৰ সৈতে মোকাবিলা কৰিব পাৰে।

এনে ওখ ঠাইৰ চৰণীয়া পথাৰত উষ্ণতা বা ‘উত্তাপ’ দুয়োটাই বাস্তৱত উপলব্ধি কৰিব পাৰি। ইয়াত ৩২ ডিগ্ৰী ছেলচিয়াছৰ দিন নাই। কিন্তু কথাটো হৈছে মেথোনে -৩৫ ডিগ্ৰী ছেলচিয়াছো সহিব পাৰে, কিন্তু তাপমান যদি ১২ বা ১৩ ডিগ্ৰী পাৰ হৈ যায়, তেতিয়াই কষ্ট পাবলৈ ধৰে। আচলতে, মেথোন বুলিয়েই নহয়, জলবায়ুৰ পৰিৱৰ্তন ঘটিলে সমগ্ৰ পৰিস্থিতিতন্ত্ৰই অভিযোজনৰ আখৰা কৰিবলৈ বাধ্য হয়। এনে পৰিৱৰ্তন হিমালয় পৰ্বতমালাত শেহতীয়াকৈ উদ্ভৱ হৈছে।

মনপা জনগোষ্ঠীৰ (২০১১ৰ লোকপিয়ল মতে অৰুণাচলত জনসংখ্যা ৬০ হাজাৰ) অন্তৰ্গত উপ-জনগোষ্ঠী ব্ৰোকপা গৰখীয়াই শতিকা জুৰি মেথোন পালি আহিছে। পাহাৰৰ উচ্চ পাহাৰীয়া এলেকাত থকা চৰণীয়া পথাৰত তেওঁলোকে মেতোন চৰায়। হাড় কঁপোৱা জাৰৰ দিনত তেওঁলোক পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত থাকে আৰু গ্ৰীষ্মকালত ওখ পৰ্বতীয়া এলেকাত উঠে, ৯ হাজাৰৰ পৰা ১৫ হাজাৰ ফুট উচ্চতালৈ।

লাডাখৰ চাংথাং উপত্যকাৰ চাংপাসকলৰ দৰে ব্ৰোকপাসকলেও জলবায়ুৰ সঘন তাৰতম্যৰ চিকাৰ হৈছে। শতিকাজুৰি তেওঁলোকে মেথোন, গৰু-মহ, ছাগলী আৰু ভেড়া আদি পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু মেথোনৰ ক্ষেত্ৰত তেওঁলোক অৰ্থনৈতিক, সামাজিক আনকি আধ্যাত্মিক স্তৰতো জড়িত। এই সম্পৰ্কতে এতিয়া ঘূণে ধৰিছে।

‘মেথোনে গৰমৰ কাৰণে ফেব্ৰুৱাৰীৰ আৰম্ভণি ভাগৰে পৰা অৱসাদ অনুভৱ কৰিবলৈ লয়,’ চন্দৰ গাঁৱৰ এগৰাকী যাযাবৰী মহিলা লেকি চুজুকে কয়। মে’ মাহত পশ্চিম কামেঙৰ ডিৰাঙলৈ মোৰ যাত্ৰাকালত মই তেওঁলোকৰ ঘৰতে আছিলোঁ। ‘যোৱা কিছু বছৰত গ্ৰীষ্মৰ দিন বাঢ়িছে, উষ্ণতাও বাঢ়িছে। মেথোনবোৰ দূৰ্বল হৈ গৈছে,’ চল্লিশোৰ্ধৰ লেকীয়ে কয়।

PHOTO • Ritayan Mukherjee

ডজোমো হৈছে মেথোন আৰু কোট নামে পৰ্বতাঞ্চলৰ মহৰ সংকৰ প্ৰজাতি। অৰ্ধ-যাযাবৰ গাঁৱলীয়া উপ-জনগোষ্ঠী ব্ৰোকপাই এনে সংকৰ পশু নিজৰ চৰণীয়া জাকত বেছিকৈ ৰাখিবলৈ লৈছে, যাতে পূৱ হিমালয়ৰ পৰিৱৰ্তিত জলবায়ুৰ সৈতে অভিযোজন কৰি চলিব পাৰে

চীনৰ তিব্বত স্বায়ত্বশাসিত অঞ্চল, ভূটান আৰু ম্যানমাৰে আগুৰ থকা অৰুণাচল প্ৰদেশৰ পৰ্বতাঞ্চলত তাপমানৰ লগতে সামগ্ৰিকভাৱে জলবায়ুৰ প্ৰকৃতিও সলনি হৈছে, ব্ৰকপাসকলৰ এই অনুভৱ।

‘সকলো বিলম্বিত হ’বলৈ ধৰিছে,’ পেমা ৱাংগেয়ে কয়। ‘গ্ৰীষ্মৰ আগমনত পলম হ’বলৈ ধৰিছে, তুষাৰপাতো দেৰিকৈ পৰিছে, মোচুমী বায়ুৰ প্ৰস্থানত পলম হ’বলৈ ধৰিছে।  ঋতুগত প্ৰব্ৰজন পিছুৱাবলগীয়া হৈছে। ব্ৰোকপাসকল ওখ চৰণীয়া ভূমিবোৰলৈ গৈ দেখিছে তাতে বৰফ তেতিয়াও আছে। তাৰমানে বৰপো পলমকৈ গলিবলৈ লৈচে,’ ৩০ বৰ্ষীয় পেমাই কয়। তেওঁ ব্ৰোকপা সম্প্ৰদায়ৰ নহয় যদিও থেমবাং গাঁৱৰ এগৰাকী সংৰক্ষণ কৰ্মী। তেওঁ বিশ্ব বন্যপ্ৰাণী পূঁজিৰ হৈও কাম কৰে।

এইবাৰ তেওঁৰ লগত ফোনতে কথা পাতিছোঁ। মই যিখন ঠাইলৈ যাওঁ, তাতে ধাৰাসাৰ বৰষুণে বাট-পথ দুৰ্গম কৰি পেলাইছে। কিন্তু এইবছৰ মই মে’ মাহত তালৈ গৈছিলো। চন্দৰ গাঁৱৰ মেথোন ৰখীয়া নাগুলি চোপাৰ সৈতে পাহাৰৰ তিলা এটাত বহি পশ্চিম কামেং জিলাৰ জৈৱবৈচিত্ৰতাৰ প্ৰাচুৰ্য উপভোগ কৰি আছিলোঁ। তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ লোকৰে কামেং আৰু তাৱাং জিলাত বসতি।

‘আমাৰ চৰণীয়া পথাৰ থকা মাগোলৈকে ইয়াৰ পৰা দীঘলীয়া বাট,’ চল্লিশোৰ্ধৰ নাগুলিয়ে কয়। ‘আমি তিনি-চাৰি ৰাতি হাবিৰ মাজেৰে বগাই সেই ঠাই পাওঁ। আগতে (১০-১৫ বছৰমান আগেয়ে), আমি মে’ বা জুন মাহত যাত্ৰাৰম্ভ কৰিছিলোঁ। কিন্তু আজিকালি আমি সোনকালে যাত্ৰা কৰিবলগীয়া হয়, ফেব্ৰুৱাৰী কি মাৰ্চ মাহতে আমি যাও আৰু ২-৩ মাহ পিছত ঘূৰি আহোঁ।’

নাগুলিৰ সৈতে মই এই অঞ্চলটোৰ ভিতৰত আটাইতকৈ উৎকৃষ্ট বাঁহৰ সন্ধানত ঘন কুঁৱলীয়ে আৱৰা হাবিৰ অভ্যন্তৰভাগলৈ দীঘলীয়া যাত্ৰা কৰিছোঁ। তেৱেই আন আন সমস্যা আঙুলিয়াই দিছেঃ ‘আমি মেথোনৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা থলুৱা বনৌষধিবোৰ এতিয়া নগঁজা হৈছে। আমি সিহঁতৰ ৰোগ নিৰাময় কেনেদৰে কৰিম?’

অৰুণাচল স্বাভাৱিকতে এখন বৰ্ষাপ্ৰধান ৰাজ্য। তাত বাৰ্ষিক ৩০০০ মি.মি. বৃষ্টিপাত হয়। কিন্তু যোৱাটো দশকৰ ভালেকেইটা বছৰত বৃষ্টিপাত হ্ৰাস পাইছে। ভাৰতৰ বতৰবিজ্ঞান বিভাগৰ তথ্য মতে দশকটোৰ চাৰিটামান বছৰত বৃষ্টিপাত ২৫ৰ পৰা ৩০ শতাংশ হ্ৰাস পাইছে। আকৌ এই  বছৰ জুলাই মাহত ৰাজ্যখনত মুষলধাৰ বৰষুণে বাট-পথ ভাঙি নিছে, কিছুমান বাট-পথ জলমগ্নও হৈ আছিল।

এই তাৰতম্যৰ অব্যাহত থকাৰ মাজতে আন এবিধ পৰিঘটনাও অব্যাহত আছে, সেয়া হৈছে পৰ্বতাঞ্চলটোৰ একেৰাহে উৰ্ধমূখী হোৱা তাপমান।

PHOTO • Ritayan Mukherjee

পশ্চিম কামেং জিলাৰ উচ্চ পৰ্বাতাঞ্চলৰ ঘাঁহনি পথাৰত মেথোনৰ জাক চৰাই থকা গৰখীয়া নাগুলি চোপাই চাহ খাবলৈ ক্ষন্তেক বিৰতি লৈছে। তাৰ মাজতে তেওঁ প্ৰশ্ন কৰিছে, ‘গ্ৰীষ্মকাল দীঘলীয়া হোৱাৰ ফলত আমি মেথোনৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰা থলুৱা বনৌষধিবোৰ এতিয়া নগজা হৈছে। আমি সিহঁতৰ ৰোগ নিৰাময় কেনেদৰে কৰিম?’

২০১৪ত ৱিচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত পূৰ্বাঞ্চলৰ তীব্বতীয় মালভূমিৰ (অৰুণাচল প্ৰদেশক সামৰি বৃহৎ ভৌগোলিক ক্ষেত্ৰ)ৰ পৰিৱৰ্তিত তাপমান লিপিবদ্ধ কৰা হৈছিল। দৈনিক নিম্ন তাপমান ‘যোৱা ২৪ বছৰত লক্ষ্যণীয় হাৰত বাঢ়িছে’ (১৯৮৪ৰ পৰা ২০০৮ৰ ভিতৰত)। ১০০ বছৰত দৈনিক সৰ্বোচ্চ তাপমান ৫ ডিগ্ৰী ছেলচিয়াছ বাঢ়িছে।

‘আমি অনিশ্চিত জলবায়ুৰ সৈতে যুঁজ দিয়াৰ চেষ্টা কৰি আহিছো,’ ৩০ বৰ্ষীয় গৰখীয়া চেৰিং ডণ্ডাপে কয়। তেওঁক আমি ৰাস্তাত লগ পাইছিলোঁ। ‘আমি আমাৰ প্ৰব্ৰজনৰ সময় দুই-তিনিমাহ প্ৰসাৰিত কৰিবলগীয়া হৈছে। আমি চৰণীয়া পথাৰৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিভংগীৰে পশু চৰাবলগীয়া হৈছে (যাদৃশ্যিক ধৰণে কৰাৰ পৰিৱৰ্তে প্ৰণালীবদ্ধভাৱে)।’

তেওঁৰ দৰে ব্ৰোকপা সম্প্ৰদায়ৰ অধিকাংশ লোকে জলবায়ুৰ পৰিৱৰ্তনৰ বিষয়ে জানে। কিন্তু বিষয়টোৰ আতিগুৰি একো ভালকৈ নাজানে যদিও তাৰ পৰা হ’বপৰা লোকচানৰ বিষয়ে ভালদৰে বুজি পায়। আৰু এয়া উৎসাহজনক কথা যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে যুঁজ দিবলৈ তেওঁলোকে অনুকূল ৰণনীতি প্ৰস্তুত কৰাত লাগিছে, ভালেমান গৱেষকে এই কথা কৈছে। সম্প্ৰদায়টোৰ সমীক্ষা কৰা এটা গোটে ২০১৪ৰ ‘ইণ্ডিয়ান জাৰ্নেল অৱ ট্ৰেডিশ্যনেল নলেজ’ত এই কথাৰেই ইংগিত দিছে। তেওঁলোকৰ গৱেষণা কৰি এই সিদ্ধান্তলৈ আহিছিল যে অৰুণাচলৰ যাযাবৰ ব্ৰোকপা সম্প্ৰদায়টোৰ পশ্চিম কামেঙত থকা ৭৮.৩ শতাংশ আৰু টাৱাঙত থকা ৮১.৬ শতাংশই ‘জলবায়ু পৰিৱৰ্তনৰ বিষয়ে জানিছিল।’ আৰু তাৰে ৭৫ শতাংশই ‘উল্লেখ কৰিছিল যে জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজ দিবলৈ তেওঁলোকে অতিকমেও এটা অভিযোজন কাৰ্যনীতি গ্ৰহণ কৰিছে।’

সেই গৱেষণাত অইন কাৰ্যপন্থাৰো উল্লেখ কৰা হৈছে। যেনে জাকৰ ভিন্নতা নিৰ্ণয়, উচ্চ পৰ্বতাঞ্চললৈ প্ৰব্ৰজন, প্ৰব্ৰজন সময় সলনি কৰা আদি। তেওঁলোকৰ গৱেষণা পত্ৰখনত ‘জলবায়ু পৰিৱৰ্তনৰ ঋণাত্মক প্ৰভাৱ’ৰ সৈতে মোকাবিলা কৰিবলৈ ‘১০ বিধ কাৰ্যপন্থা’ৰ কথা উল্লেখ কৰা হৈছে। অইন কাৰ্যপন্থাৰ ভিতৰত পশুখাদ্যৰ সালসলনি, উচ্চ পৰ্বাতাঞ্চলত থকা অৱক্ষয়প্ৰাপ্ত চৰণীয়া পথাৰৰ পুনৰোজ্জীৱিতকৰণ, চাৰণৰ অভ্যাস সলোৱা, আৰু মহ-মেথোনৰ সংকৰ প্ৰজাতি আদৰি লোৱা আদিৰ কথা উল্লেখ কৰিব পাৰি। তদুপৰি য’ত ঘাঁহ কম, তাতে নতুন পৰিপূৰক খাদ্যৰ প্ৰয়োগ, পশুৰ স্বাস্থ্যসেৱাৰ ন পদ্ধতি, আৰু ৰাস্তা নিৰ্মাণৰ কামত শ্ৰমিক হিচাপে কাম কৰা, সৰু ব্যৱসায় কৰা আৰু ফল-মূল সংগ্ৰহ কৰা আদিৰ কথা উল্লেখ কৰিব পাৰি।

এই পদ্ধতিবোৰে নাইবা তাৰে কোনোবা এটা পদ্ধতিয়ে কাম কৰিব নে নাই আৰু বৃহৎ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব নেকি, সেই কথা জনাৰ কোনো উপায় নাই। কিন্তু তেওঁলোকে কিবা এটা কৰি আছে, আৰু কৰিবই লাগিব। গৰখীয়াসকলে মোক ক’লে যে মেথোনক কেন্দ্ৰ কৰি গঢ়ি উঠা অৰ্থনীতি অৱনমিত হোৱা কাৰণে পৰিয়ালবোৰৰ গঢ় আয় ২০ৰ পৰা ৩০ শতাংশ হ্ৰাস পাইছে। দুগ্ধ উৎপাদন হ্ৰাস পোৱাৰ ফলত ঘিঁ আৰু চুৰপি (মেথোনৰ গাখীৰৰ পৰা কিন্বন কৰি তৈয়াৰ কৰা এবিধ পনীৰ)ৰ উৎপাদনো কমিছে। ডজোমো শক্তিশালী হ’ব পাৰে কিন্তু মেথোনৰ সমান দুগ্ধ উৎপাদন কৰিব নোৱাৰে, ধৰ্মীয় দিশৰ পৰাও গুৰুত্বপূৰ্ণ নহয়।

‘মেথোনৰ জাকবোৰ লাহে লাহে সংকুচিত হ’বলৈ ধৰিছে নাইবা দুৰৱস্থাই দেখা দিছে। একেদৰে ব্ৰোকপাসকলৰ আয়ৰ পৰিমাণো হ্ৰাস পাইছে,’ পেমা ৱাংগে মে’ মাহৰ সেই যাত্ৰাৰ সময়ত কৈছিল। ‘এতিয়া (ব্যৱসায়ীক হাৰত প্ৰক্ৰিয়াকৃত) পেক কৰা পনীৰ স্থানীয় বজাৰত সহজেই উপলব্ধ। সেয়ে চুৰপিৰ বিক্ৰী কমিছে। ব্ৰোকপাসকল এনেদৰে দুয়োফালৰ পৰা ক্ষতিগ্ৰস্ত হৈছে।’

সেইবাৰ মই ঘৰলৈ ওভতাৰ কিছু সময় আগেয়ে মই ১১ বৰ্ষীয় নৌৰবু থুপটেনক লগ পালো। ব্ৰোকপাৰ প্ৰব্ৰজনৰ বাটত থুমৰি চুবুৰীটোত নৌৰবু জাকটোৰ লগতে আছিল। ‘মোৰ ককাৰ সময়ত দিনবোৰ ভাল আছিল,’ নৌৰবুৰ কথাত আত্মপ্ৰত্যয়ৰ ভাৱ এটা জিলিকি উঠিল। হয়তো ডাঙৰৰ কথা শুনি তেওঁৰ মুখৰ পৰা ওলাল, ‘চৰণীয়া পথাৰ বহুত, কিন্তু মানুহ কম। ডাঙৰবোৰে কয় আমাৰ কোনো সীমাও নাই, জলবায়ুক লৈ অসুবিধাও নাই। কিন্তু সুখৰ দিনবোৰ এতিয়া স্মৃতি হৈ ৰৈছে।’

PHOTO • Ritayan Mukherjee

অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং আৰু তাৱাং জিলাৰ মনপা জনজাতিৰ একমাত্ৰ গৰখীয়া উপজাতি ব্ৰোকপাসকলে সাগৰপৃষ্ঠৰ পৰা ৯ৰ পৰা ১৫ হাজাৰ ফুট উচ্চতাত থাকে। তীব্ৰ গতিত সলনি হ’বলৈ ধৰা অপ্ৰত্যাশিত বতৰৰ কাৰণে তেওঁলোকৰ প্ৰব্ৰজনৰ সময় সলনি হোৱা বুলি তেওঁলোকে কয়।

PHOTO • Ritayan Mukherjee

জ্যেষ্ঠ গৰখীয়াই প্ৰব্ৰজনৰ কাৰণে সাজু হোৱাৰ সময়তে এজন ডেকা ল’ৰাই ৰচদ-পাতি মোনাত বান্ধিছে। ‘সকলো বিলম্বিত হৈছে,’ পেমা ৱাংগেয়ে কয়। ‘গ্ৰীষ্মৰ আগমন দেৰিকৈ ঘটিছে। তুষাৰপাত অহাতো পলম হৈছে। ঋতুগত প্ৰব্ৰজন পিছুৱাবলগীয়া হৈছে।’

PHOTO • Ritayan Mukherjee

চন্দৰ গাঁৱৰ বাহিৰত ব্ৰোকপা গৰখীয়াৰ এটা গোট এটাই গৰখীয়া বাট এটাৰ কথা আলোচনা কৰি আছে। পাহাৰৰ ওখ ঠাইবোৰত বৰফ দেৰিকৈ গলিবলৈ ধৰা কাৰণে তেওঁলোকে প্ৰায়ে বাট সলনি কৰিবলগীয়া হৈছে নাইবা আদবাটতে বৰফ গলালৈ অপেক্ষা কৰিবলগীয়া হৈছে

PHOTO • Ritayan Mukherjee

তিনিখনকৈ সুউচ্চ পাহাৰৰ পাছ অতিক্ৰম কৰি পোৱা মাগোৰ চৰণীয়া পথাৰ অভিমুখে ব্ৰোকপা গৰখীয়াৰ এটা দলঃ ‘আগতে আমি মে’ বা জুন মাহত ওলাইছিলোঁ। কিন্তু এতিয়া আমি আগতীয়াকৈ ফেব্ৰুৱাৰী বা মাৰ্চ মাহতে ওলাবলগীয়া হয় আৰু ২-৩ মাহ থাকি পলমকৈ উভতিবলগীয়া হয়’

PHOTO • Ritayan Mukherjee

টাচি চেৰিঙে লগাম গাঁৱৰ হাবিত ডজোমো এজনী খীৰাই আছে। ডজমোই বেছি তাপমানত টিকি থাকিব পাৰে আৰু নিম্ম পৰ্বতভূমিৰ সৈতে অভিযোজন কৰিব পাৰে, কিন্তু দুগ্ধ উৎপাদন আৰু পনীৰৰ গুণাগুণৰ ক্ষেত্ৰত মেথোনৰ লগত ফেৰ মাৰিব নোৱাৰে। তদুপৰি ধৰ্মীয় দিশৰ পৰাও তাৎপৰ্য নাৰাখে। তাতে আকৌ ডজোমোবোৰ আকাৰত সৰু আৰু অলপতে ৰোগে পায়, এনেদৰে ব্ৰোকপাসকলৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে

PHOTO • Ritayan Mukherjee

হাবিৰ পৰা ফল সংগ্ৰহ কৰি উভতাৰ পথতঃ পৰিৱৰ্তনৰ সৈতে ফেৰ মাৰিবলৈ ব্ৰোকপা গৰখীয়াসকলে আয়ৰ অইন ৰাস্তা যেনে পথ নিৰ্মাণৰ শ্ৰমিক হিচাপে, সৰু-সুৰা ব্যৱসায়, ফল সংগ্ৰহ কৰা আদি কামত ধৰিছে- ফল সংগ্ৰহৰ দৰে কামত  বোকাময় ৰাস্তাত বহুদূৰ খোজ কাঢ়ি ঘূৰি ফুৰিব লগা হয়

PHOTO • Ritayan Mukherjee

হাবিৰ পৰা বাঁহ সংগ্ৰহ কৰি অনাৰ দৃশ্যঃ ব্ৰোকপাসকলৰ জীৱন যাপনৰ বাবে লাগতিয়াল অন্যতম আহিলা হৈছে বাঁহ। অস্থায়ী পাকঘৰ সাজিবলৈ আৰু ঘৰুৱা সা-সামগ্ৰী নিৰ্মাণৰ কাৰণে বাঁহ ব্যৱহাৰ কৰা হয়। কিন্তু জীৱন যাপনৰ এই ছন্দ ধীৰে ধীৰে হেৰাই যাবলৈ ধৰিছে

PHOTO • Ritayan Mukherjee

পাহাৰৰ পৰা তললৈ নামোতে মৃত্যুমুখত পৰা ডজো এটাৰ মুৰ এটা হাতত লৈ এজন ব্ৰোকপা গৰখীয়া। সেই সুউচ্চ পাহাৰত খাদ্য তেনেই দুৰ্লভ হেতুকে একোৱেই অপচয় কৰা নহয়

PHOTO • Ritayan Mukherjee

ব্ৰোকপাৰ পাকঘৰত একুৰা জুই সকলো সময়তে থাকে। হাড় কঁপোৱা জাৰৰ দিনত সেই জুইকুৰাই তেওঁলোকৰ লগতে পশুবোৰক গৰম কৰি ৰাখে। ২০১৪ৰ এক অধ্যয়ন মতে ১৯৮৪ আৰু ২০০৮ৰ মাজৰ সময়চোৱাত বৃহত্তৰ অঞ্চলটোত নিম্নতম তাপমান ‘লক্ষণীয় হাৰত বাঢ়িছে’ আৰু দৈনিক গঢ় সৰ্বোচ্চ তাপমান প্ৰতি ১০০ বছৰত ৫ ডিগ্ৰী ছেলচিয়াছ হাৰত বাঢ়িছে

PHOTO • Ritayan Mukherjee

হাতত পাৰম্পৰিক পনীৰ চুৰপিৰ বাতি লৈ নাগুলি চোপা। মেথোনৰ সংখ্যা কমাৰ লগতে বজাৰত উপলব্ধ পেকেটৰ পনীৰৰ ফলত ব্ৰোকপা সম্প্ৰদায়ৰ আয়ৰ অন্য়তম উৎসবিধৰ বজাৰ সংকুচিত হৈছে তথা  উৎপাদন হ্ৰাস পাইছে

PHOTO • Ritayan Mukherjee

চন্দৰৰ ঘৰতঃ লেকি চুজুক আৰু নাগুলি চোপা। ব্ৰোকপা পৰিয়াল এটা একেলগে থাকিলে তেওঁলোকে চৰোৱা জাকটো গোট খুৱাই লয় যাতে চৰোৱাত সুবিধা হয়

PHOTO • Ritayan Mukherjee

লেকি চুজুক আৰু নাগুলি চোপাৰ সৰুজন কণমানি ল’ৰা নৌৰবুই তীব্ৰ বতাহৰ মাজত ছাতি এটা খোলাৰ যত্ন কৰিছে

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporter : Ritayan Mukherjee

रितायन मुखर्जी कोलकाता-स्थित हौशी छायाचित्रकार आणि २०१६ चे पारी फेलो आहेत. तिबेटी पठारावरील भटक्या गुराखी समुदायांच्या आयुष्याचे दस्ताऐवजीकरण करण्याच्या दीर्घकालीन प्रकल्पावर ते काम करत आहेत.

यांचे इतर लिखाण Ritayan Mukherjee
Editor : P. Sainath

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Series Editors : P. Sainath

पी. साईनाथ पीपल्स अर्काईव्ह ऑफ रुरल इंडिया - पारीचे संस्थापक संपादक आहेत. गेली अनेक दशकं त्यांनी ग्रामीण वार्ताहर म्हणून काम केलं आहे. 'एव्हरीबडी लव्ज अ गुड ड्राउट' (दुष्काळ आवडे सर्वांना) आणि 'द लास्ट हीरोजः फूट सोल्जर्स ऑफ इंडियन फ्रीडम' (अखेरचे शिलेदार: भारतीय स्वातंत्र्यलढ्याचं पायदळ) ही दोन लोकप्रिय पुस्तकं त्यांनी लिहिली आहेत.

यांचे इतर लिखाण साइनाथ पी.
Series Editors : Sharmila Joshi

शर्मिला जोशी पारीच्या प्रमुख संपादक आहेत, लेखिका आहेत आणि त्या अधून मधून शिक्षिकेची भूमिकाही निभावतात.

यांचे इतर लिखाण शर्मिला जोशी
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das