“আমাৰ ব্যৱসায় ইতিমধ্যে বেয়া হৈ আছিল,” দিল্ৰীৰ উত্তম নগৰ অঞ্চলৰ কুমাৰ জগমোহনে কয়। কাঠ আৰু কাঠৰ গুড়িৰে চলা অগ্নিশালবোৰ বন্ধ কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষই এবছৰ আগতে জাৰী কৰা এক নিৰ্দেশনাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই কথা কয়। “এইটো কাৰণতে কিছুমান কুমাৰে কম সংখ্যক সামগ্ৰী প্ৰস্তুত কৰিছে, কিছুমান কেৱল বিক্ৰেতা হৈ পৰিছে আৰু কিছুমানে এই কাম এৰিয়ে দিছে। এতিয়া আকৌ এই মহামাৰী আৰু লকডাউনে এই ব্যৱসায়ৰ বতৰ পৰা সময়তে (মাৰ্চৰ পৰা জুলাইলৈ) আহি আমাক মাধমাৰ শোধাইছে।”

জগমোহনৰ (প্ৰচ্ছদ আলোকচিত্ৰখনত)ৰ বয়স ৪৮ বছৰ। তেওঁ যোৱা তিনিটা দশক ধৰি কুমাৰৰ কাম কৰিছে। “ভাল কথা এটা শুনিছিলো যে মানুহে ফ্ৰীজৰ পানী খাবলৈ এৰি মটকা (কলহ)ৰ পানী খাবলৈ লৈছে, সেয়ে মটকাৰ চাহিদা বাঢ়িছে (ক’ভিড-১৯ক লৈ উদ্বিগ্ন হৈ পৰাৰ ফলত)। কিন্তু লকডাউনত আমাৰ হাতত মাটি নথকাত আমি বেছি সামগ্ৰী সাজু ৰাখিব নোৱাৰিলো।” সাধাৰণতে এজন কুমাৰে ২-৩ দিনত পৰিয়ালৰ সহায় লৈ ১৫০ৰ পৰা ২০০ মটকা বনাব পাৰে।

এতিয়া কলনিটোৰ ৰাস্তাৰ কাষত আপুনি কেৱল মাটিৰ দম পাব। কিন্তু এটা সময়ত কুমাৰৰ কলনিবোৰত কুমাৰৰ চকা আৰু পাত্ৰৰ শব্দ শুনিবলৈ পালেহেঁতেন। চোতালত আৰু কৰ্মস্থলীৰ মুকলি ঠাইত শ শ পাত্ৰ, চাকি, মূৰ্তি আৰু অনান্য সামগ্ৰী শুকাবলৈ থৈ দিয়া দেখিলেহেঁতেন। শুকোৱাৰ পিছত ভাতীত দিয়াৰ আগতে তাত গেৰুৱা ৰং (টেৰাকোটা সামগ্ৰীত প্ৰাকৃতিক ৰং দিবলৈ ৰঙামাটিৰ তৰলৰ লেপ দিয়া হয়) দিয়া হয়। ভাতীবোৰ হৈছে পাৰম্পৰকিভাৱে নিৰ্মিত মাটিৰ অগ্নিশাল, সাধাৰণতে ঘৰৰ ছাদত থাকে। বাহিৰত বিভিন্ন সামগ্ৰী দৰ্শক আৰু ক্ৰেতাৰ কাৰণে সুন্দৰকৈ সজাই ৰখা হয়।

ওচৰৰে প্ৰজাপতি চুবুৰী বা কুম্ভাৰ গ্ৰাম হৈছে প্ৰায় ৪০০ৰ পৰা ৫০০ পৰিয়ালৰ ঘৰ, চুবুৰীটোৰ প্ৰধান হৰকিষাণ প্ৰজাপতিয়ে কয়। “উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা অহা বহু সহায়ক আৰু কুমাৰ ইয়াত কাম নথকাত ঘৰলৈ উভতি গৈছে,” ৬৩ বছৰ বয়সীয়া প্ৰজাপতিয়ে কয়, তেওঁ ১৯৯০ত ৰাষ্ট্ৰীয় বঁটা আৰু ২০১২ত চৰকাৰৰ শিল্পীগুৰু বঁটা লাভ কৰিছিল।

Narendra Prajapati (left): "...this virus has hit our work hard'. In Uttam Nagar, Ramrati and Rekha (right) have have been working on diyas but 'the joy is missing'
PHOTO • Courtesy: Narendra Prajapati
Narendra Prajapati (left): "...this virus has hit our work hard'. In Uttam Nagar, Ramrati and Rekha (right) have have been working on diyas but 'the joy is missing'
PHOTO • Srishti Verma
Narendra Prajapati (left): "...this virus has hit our work hard'. In Uttam Nagar, Ramrati and Rekha (right) have have been working on diyas but 'the joy is missing'
PHOTO • Srishti Verma

নৰেন্দ্ৰ প্ৰজাপতি (বাওঁফালে) ‘এই ভাইৰাছে আমাৰ কামত তীব্ৰ আঘাত দিছে।’ উত্তম নগৰত ৰামৰাতি আৰু ৰেখাই (সোঁফালে) চাকিৰ কাম কৰিছে কিন্তু ‘মনৰ আনন্দ নাই’

“এয়া গণেশ চতুৰ্থীৰ সময় আৰু যেতিয়া দেৱালীৰ কাৰণে কাম আৰম্ভ হয়, তেতিয়া সকলো ব্যস্ত হৈ পৰে,” তেওঁ যোগ দিয়ে। “এইবছৰ বজাৰক লৈ সকলো অনিশ্চয়তাত আছে আৰু মানুহে তেওঁলোকৰ সামগ্ৰী কিনিব নে নাই তাকো লৈ সন্দেহ আছে। ইমান পইচা খৰচ কৰিব নে নাই তাকে লৈ সন্দেহ হয় (মূৰ্তি আৰু আন সামগ্ৰী প্ৰস্তুত কৰি)। মই কুমাৰবোৰক কাম কৰি থকা দেখিছো, কিন্তু সকোলৱে আশা এৰি দিছে...”

প্ৰজাপতিৰ পত্নী ৰামৰাতি (৫৮) আৰু তেওঁলোকৰ জীয়ৰী ৰেখা (২৮)য়ে চাকিৰ কাম কৰি আছে, “কিন্তু,” তেওঁ কয়, “সেই আনন্দ নাই।” উত্তম নগৰৰ কুমাৰ পৰিয়ালৰ মহিলাসকলে সাধাৰণতে মাটি সাজু কৰে আৰু মণ্ড বনায়, চাকি আদি বনায় আৰু পাত্ৰবোৰত ৰং কৰি খাঁজ কাটি সুসজ্জিত কৰে।

“লকডাউনৰ আৰম্ভণিৰ মাহকেইটাত কোনো কাম নাইকিয়া হৈ গৈছিল (মাৰ্চ-এপ্ৰিল), মাটি নোপোৱাত এনে হৈছিল। যি দুপইচা আছিল, সেইৰেই ঘৰ চলাইছিলো,” ৪৪ বছৰ বয়সীয়া সীতা দেৱীয়ে কয়। তেওঁৰ কাম হৈছে কেঁচা মাটিখিনি গুড়ি কৰা, চালনীৰে পৃথক কৰা আৰু সেয়া পিটিকি তাৰপৰা মণ্ড বনোৱা। এই আটাইবোৰ কাম হাতেৰে কৰা হয়।

তেওঁৰ পৰিয়ালৰ মাহিলী আয় ১০ৰ পৰা ২০ হাজাৰ টকা, তেওঁ কয়। এতিয়া এপ্ৰিলৰ পৰা জুনলৈ সেয়া ৩ৰ পৰা ৪ হাজাৰ টকা হৈ পৰিছে। তেতিয়াৰে পৰা লকডাউন লাহে লাহে শিথিল হোৱাত ক্ৰেতা লাহে লাহে আহিবলৈ ধৰিছে।

লকডাউনে যে এনেকৈ ইমান এটা প্ৰভাৱ পেলাইছে, তাকে লৈ শীলা দেৱীৰ যি চিন্তা, সেই একেই চিন্তা গোটেই কলনিটোকে ভাৰাক্ৰান্ত কৰিছে। কুমাৰৰ চকাৰ শব্দতকৈ এতিয়া লকডাউনৰ প্ৰভাৱক লৈ মানুহৰ চিন্তাৰ বোজা বেছি। “২২ আগষ্টৰ দিনা গণেশ চতুৰ্থী আছে,” ২৯ বৰ্ষীয় কুমাৰ নৰেন্দ্ৰ প্ৰজাপতিয়ে কয়। “কিন্তু এই ভাইৰাছে আমাৰ কামত তীব্ৰ আঘাত দিছে। তেওঁ প্ৰতিবছৰে যদি ১০০ টা গণেশৰ মূৰ্তি সাজে, এইবাৰ কেৱল ৩০ টা মানহে বিক্ৰী হৈছে। মাটি আৰু ইন্ধন (কাঠ আৰু কাঠৰ গুড়ি)ৰ দাম লকডাউনত বাঢ়ি গৈছে। এক ট্ৰলী (ট্ৰেক্টৰৰ আকাৰৰ)ৰ দাম ৬০০০ টকা আছিল, এতিয়া ৯০০০ টকা হৈছে।” (উত্তম নগৰলৈ মাটিৰ পাত্ৰৰ বাবে প্ৰয়োজন হোৱা মাটি ঘাইকৈ হাৰিয়ানাৰ ঝাজৰ জিলাৰ পৰা আহে।)

'Many potters and helpers from UP and Bihar have gone back to their villages...,' says Harkishan Prajapati (left), the  colony's pradhan
PHOTO • Rekha Prajapati
'Many potters and helpers from UP and Bihar have gone back to their villages...,' says Harkishan Prajapati (left), the  colony's pradhan
PHOTO • Srishti Verma

‘উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহু কুমাৰ আৰু সহায়ক নিজ নিজ গাঁৱলৈ উভতি গৈছে...’ কলনিটোৰ প্ৰধান হৰকিষাণে কয়

“চৰকাৰে স্থানীয় ব্যৱসায় উন্নত কৰাৰ কথা কয়, কিন্তু আমাৰ ভাতীবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ভাতী নহ’লে আমাৰ কাম কেনেকৈ চলিব?” নৰেন্দ্ৰই প্ৰশ্ন কৰে। “ভাতীবোৰ বন্ধ কৰি আমাৰ আয়ৰ মুধা মাৰিলে সমাধান ওলাব নেকি?” পাৰম্পৰিকভাবে নিৰ্মিত মাটিৰ ভাতী এতিয়া বিতৰ্কিত। সেইটো বনাওতে ২০ৰ পৰা ২৫ হাজাৰ টকা খৰছ হয়। তাৰে বিকল্প হিচাপে গেছৰ ভাতী এটাত ১ লাখ টকা লাগে। প্ৰজাপতি কলনিৰ বহু কুমাৰে ইমান টকা খৰছ কৰিব নোৱাৰে।

“তেওঁলোকে আনকি ন্যূনতম বৰঙনিও দিব নোৱাৰে,” ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণৰ (২০১৯ৰ এপ্ৰিলৰ) নিৰ্দেশনাৰ বিৰুদ্ধে আপিল কৰিবলৈ উকীল এজন ধৰাৰ বাবে প্ৰতিজন কুমাৰৰ পৰা গাইপতি ২৫০ টকাকৈ তোলাৰ প্ৰসংগত উল্লেখ কৰি হৰকিষাণ প্ৰজাপতিয়ে কয়। কাঠৰ ভাতী সন্দৰ্ভত এক প্ৰতিবেদন দিয়াৰ বাবে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ কমিটিখনক এক প্ৰতিবেদন দাখিল কৰিবলৈ কমিটিখনে নিৰ্দেশ দিছিল। এই প্ৰতিবেদনৰ ভিত্তিত কমিটিখনে ২০১৯ৰ জুলাইত এই সিদ্ধান্তলৈ আহিছিল যে ভাতীবোৰ বব্ধ কৰিব লাগে। ইয়াৰ বিৰুদ্ধে কুমাৰসকলে উচ্চতম ন্যায়ালয়ত এখন আৰ্জি দাখিল কৰিছে।

এই অনিশ্চয়তা লকডাউনৰ ফলত আৰু গভীৰ হৈ পৰিছে আৰু উত্তম নগৰৰ এই মন্দাৱস্থা সমগ্ৰ দেশৰ কুমাৰৰ চুবুৰীবোৰত অনুভূত হৈছে।

“প্ৰতিবছৰ, এইখিনি সময়ত (মাৰ্চৰ পৰা জুনলৈ, বাৰিষাৰ আগতে) আমি আমাৰ গাল্লে (পিগি বেংক), গমলে (ফুলৰ টাব), পানী কে ঘড়ে (পানীৰ পাত্ৰ) আৰু তাৱৰি (চাপাটি বনোৱা তাৱা) সাজু ৰাখো,” কুমাৰ ৰামজু আলীয়ে কেইসপ্তাহমান আগতে মোক কৈছিল। “কিন্তু লকডাউনৰ পিছত মানুহে এনে বস্তু কিনিবলৈ সংকোচ কৰা হৈছে, সেয়ে ক্ৰেতাই সেয়া বেছি নিনিয়ে। প্ৰতিবছৰে ৰমজানৰ এই সময়ত আমি দিনটো জিৰণি লৈ ৰাতি কাম কৰো। গোটেই ৰাতি কুমাৰৰ ভাতীৰ শব্দ শুনিবলৈ পাব। কিন্তু এইবছৰ ৰমজানৰ সময়ত (২৪ এফ্ৰিলৰ পৰা ২৪ তাৰিখলৈ) পৰিৱেশ আগৰদৰে নাছিল...।”

Potter Ramju Ali Kumbhar and son Amad Kumbhar (top left) say: '...getting clay for our work is not so easy now'. Business has slumped for Kachchh's potters, including Kumbhar Alarakha Sumar (top centre) and Hurbai Mamad Kumbhar (top right)
PHOTO • Srishti Verma

কুমাৰ ৰামজু আলী কুম্ভাৰ আৰু তেওঁৰ পুত্ৰ আমাদ কুম্ভাৰ (ওপৰত বাওঁফালে)য়ে কয়: ‘... আমাৰ কামৰ কাৰণে মাটি পোৱাটো এতিয়া ইমান সহজ নহয়,’ কচ্চৰ কুমাৰসকলৰ ব্যৱসায় এতিয়া একেবাৰে মন্দা, ফটোত কুম্ভাৰ আলাৰাখা সুমাৰ (ওপৰত সোঁমাজত) আৰু হুৰবাই মমড কুম্ভাৰ (ওপৰত সোঁফালে)

ৰামজুভাই (৫৬)ৰ ঘৰ আৰু কাম ভুজত, গুজৰাটৰ কচ্চ জিলাত। তেওঁ কচ্চৰ বান্নিত চৈত্ৰৰ (এপ্ৰিল) প্ৰথমটো সোমবাৰত আয়োজিত বাৰ্ষিক হাজিপীৰ মেলাত ২৫ হাজাৰ টকাৰ সামগ্ৰী বিক্ৰী কৰা মনত পেলায়। কিন্তু এইবছৰ লকডাউনৰ কাৰণে মেলাখন বাতিল হৈ গ’ল।

তেওঁ পুত্ৰ কুম্ভাৰ আমাদ (২৭)য়ে যোগ দিয়ে, “হোটেল আৰু খাদ্যৰ ব্যৱসায় লকডাউনৰ সময়ত বন্ধ হৈ যোৱা কাৰণে কুলহাৰ (কাপ) আৰু ৱাড়কি (বাতি) আদি টেৰাকোটাৰ সামগ্ৰীৰ চাহিদা কমি আহিছে। গ্ৰামাঞ্চলৰ বহু কুমাৰে ইয়াত কেৱল মাটিৰ পিয়লা সাজি জীৱিকা উপাৰ্জন কৰে।”

আন এক বিষয়ত নিজৰ মত উত্থাপন কৰি ৰামজুৱে কয়, “এতিয়া আমাৰ কামৰ কাৰণে মাটি অনাটো সহজ কাম হৈ থকা নাই। ইটাৰ ভাতী আমাৰ আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছে, তেওঁলোকে আটাইবোৰ মাটি খান্দি লৈ যায় (ঘাইকৈ হৰিপুৰ এলেকাৰ পৰা) আৰু আমাৰ হাতত একো নাথাকে।”

ৰামজুভাইৰ ঘৰৰ পৰা কেইটামান ঘৰ দূৰত ভুজৰ লখুৰাই এলেকাত বাস কৰা কুম্ভাৰ আলাৰাখা সুমাৰ (৬২) আংশিকভাবে দৃষ্টিহীন। তেওঁ মোক কয়, “ৰেচনৰ দোকানত ধাৰ শুজিবলৈ আৰু আন খৰছ মিলাবলৈ মই সোণৰ চেইন এডাল স্থানীয় বেংক এটাত মৰ্টগেজ কৰিবলগীয়া হৈছে (লকডাউনৰ সময়ত)। মোৰ ল’ৰাকেইটাই কামলৈ যাবলৈ আৰম্ভ কৰাৰ পৰা লাহে লাহে সেই ধাৰ মাৰিবলৈ লৈছো।” তেওঁৰ তিনি পুত্ৰৰ দুটাই নিৰ্মাণখণ্ডৰ শ্ৰমিক আৰু আনজন কুমাৰ। “লকডাউনৰ প্ৰথম মাহকেইঠাত (মাৰ্চৰ পৰা মে’লৈ) মই গল্লে বনাই আছিলো, কিন্তু কিছুদিন পিচত যেতিয়া গোটেইবোৰ ষ্টক এনেয়ে পৰি থাকিল আৰু ঘৰত ৰাখিবলৈ ঠাই নোহোৱা হ’ল, তেতিয়া মই কাম এৰি বহুদিনলৈ বহি থাকিবলগীয়া হ’ল।”

ভুজৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ দূৰত আছে লোড়াই গাওঁ। তাত ৫৬ বছৰ বয়সীয়া কুম্ভাৰ ইছমাইল হুছেইনৰ ঘৰ। তেওঁ কয়, “আমি কাচ্চি চিত্ৰকলাৰ আ্হিত ৰন্ধন আৰু পৰিৱেশন পাত্ৰ আঁকি অলংকৰণ কৰোঁ (পৰিয়ালৰ মহিলাসকলে এই কাম কৰে)। আমি আমাৰ কাম চাবলৈ অহা পৰ্য্যটকৰ পৰা অৰ্ডাৰ পাইছিলো। কিন্তু লকডাউনৰ কাৰণে কোনোৱে যোৱা তিনিটা মাহত আমাৰ ওচৰলৈ অহা নাই...।” এপ্ৰিলৰ পৰা জুন মাহৰ সময়চোৱা, য’ত ইছমাইল ভাইয়ে ১০ হাজাৰ টকা মাহে উপাৰ্জন কৰিব পাৰিছিল, সেইখিনি সময়ত ক্ৰেতাৰ কোনোধৰণৰ উমঘাম নাইকিয়া হোৱাক লৈ তেওঁ কয়। তেওঁ পৰিয়ালৰ কিছু সমস্যা থকা কাৰণে এতিয়াও এই ব্যৱসায়ত পুনৰ ঘুৰি অহা নাই।

In the potter's colony in West Bengal's Panchmura village, local Adivasi communities were the only buyers during the lockdown for traditional votive horses (right)
PHOTO • Srishti Verma
In the potter's colony in West Bengal's Panchmura village, local Adivasi communities were the only buyers during the lockdown for traditional votive horses (right)
PHOTO • Srishti Verma

পশ্চিমবংগৰ পঞ্চমুৰা গাঁৱৰ কুমাৰৰ কলনিটোত স্থানীয় আদিবাসী সম্প্ৰদায়ৰ লোকসকলেই পাৰম্পৰিক চালিকাঅশ্বৰ মুৰ্তিৰ গ্ৰাহক আছিল (সোঁফালে)

এই বছৰটো কিয় পৰিয়ালটোৰ বাবে ভাল নাছিল, তাকে লোড়াইৰ বাসিন্দা কুম্ভাৰ চালেহ মমড়ে (৩১) কয়, “লকডাউনৰ প্ৰথম দিনকেইটাত আমি আমাৰ ভনীজনীক কৰ্কট ৰোগত হেৰুৱালো। আম্মিৰ ক্ষুদ্ৰান্তৰ অস্ত্ৰোপচাৰ হৈছিল, কিন্তু তেঁৱো নাবাচিল... যোৱা পাঁচটা মাহত আমি একো এটা কাম পোৱা নাই।”

তেওঁৰ মাতৃ হুৰাবাঈ মমড় কুম্ভাৰ (৬০)ৰ কুমাৰশিল্পৰ পাৰম্পৰিক কচ্চি চিত্ৰৰ জ্ঞান আৰু কৌশল আছিল অনন্য। যোৱাবছৰ তেওঁ স্বামী মমড় কাকা ঢুকোৱাৰ পিছৰে পৰা তেঁৱেই আছিল পৰিয়ালটোৰ ঘাইখুঁটি।

পশ্চিমবংগৰে বাংকুৰা জিলাৰ পঞ্চমুৰা গাঁৱৰ আন এটা কুমাৰৰ চুবুৰীত বাউলদাস কুম্ভকাৰ (৫৫)য়ে মোক কয়, “যোৱা কেইটামান মাহত গাওঁখন নিজম পৰিছে। লকডাউনৰ কাৰণে কোনো অহা নাই, আমিও ওলাব পৰা নাই। আগতে বহুত মানুহে আমাৰ কাম চাবলৈ আহিছিল, বস্তু কিনিছিল আৰু অৰ্ডাৰ দিছিল। কিন্তু এইবছৰ কোনোবা যে আহিব, মই নাভাবো।” কুমাৰসকলে বিপণন আৰু বিক্ৰীৰ বাবে গঢ়ি তোলা পঞ্চমুৰা মৃৎশিল্পী সমবায় সমিতিৰ ২০০ জন সদস্যৰ মাজত বাউলদাসো আছে।

তালডাংগ্ৰা তালুকৰ একেখন গাঁৱতে জগন্নাথ কুম্ভকাৰ (২৮)য়ে কয়, “আমি ঘাইকৈ মূৰ্তি, বেৰৰ টাইলচ্ আৰু ঘৰৰ আলংকাৰিক সামগ্ৰী গঢ়ো। লকডাউনৰ প্ৰথম দুটা মাহত কোনো অৰ্ডাৰ পোৱা নাছিলো, কেৱল স্থানীয় জনজাতীয় সম্প্ৰদায়ৰ লোকে আমাৰ পৰা বস্তু কিনিছিল, তেওঁলোকে নিজা পচন্দৰ পাত্ৰ, ঘোৰা আৰু উচৰ্গা কৰিবলগীয়া হাতীৰ মূৰ্তিৰ অৰ্ডাৰ দিছিল। বহু কুমাৰে এপ্ৰিলৰ পিছত কাম কৰিবলৈ লৈছিল, আহি থকা উৎসৱৰ বতৰৰ কাৰণে সামগ্ৰী সাজু কৰিছিল, বিক্ৰী হ’ব বুলি আশা কৰিছিল। কিন্তু এইবাৰ পূজাৰ কাৰণে (বাৰ্ষিক দুৰ্গা পূজা) মানসাচালি আৰু দুৰ্গা ঠাকুৰৰ মূৰ্তিৰ অৰ্ডাৰ একেবাৰে সীমিত। এইবাৰ কলকাতা আৰু আন ঠাইবোৰত আনবাৰৰ দৰে পূজাৰ উমঘাম নাই।”

অনুবাদ: পংকজ দাস

Srishti Verma

सृष्टी वर्मा नवी दिल्ली स्थित हस्तकलाकार आणि संशोधक आहेत. त्या सामाजिक संस्थांसोबत काम करतात तसंच भौतिक संस्कृती, सामाजिक अभिकल्प आणि शाश्वतता, व ग्रामीण हस्तकला आणि उपजीविकांचं दस्तावेजीकरण करतात.

यांचे इतर लिखाण Srishti Verma
Editor : Sharmila Joshi

शर्मिला जोशी पारीच्या प्रमुख संपादक आहेत, लेखिका आहेत आणि त्या अधून मधून शिक्षिकेची भूमिकाही निभावतात.

यांचे इतर लिखाण शर्मिला जोशी
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das