খৰিকাজাঁই মানেই যেন হাই-উৰুমি, কোৰ্হাল। পুৱাই যেতিয়া আহি পায়, শব্দ হয় থপ্ ! তাৰমানে মাদুৰাইৰ মাট্টুতৱানী বজাৰত মুকুতা যেন খৰিকাজাঁইৰ কলিবোৰ আহি পালে। “বাঝি, বাঝি (আগবাঢ়, আগবাঢ়),” ফুউচ্ - ফুলবোৰ প্লাষ্টিক এখনত ঢালি দিয়াৰ সময়ত দীঘলীয়া শব্দ হয়। বিক্ৰেতাই সেই আলফুলীয়া ফুলৰ কলিবোৰ লোৰ পাল্লা এখনত দ’ম কৰিছে। ক্লাংক ! প্লালখনে শব্দ কৰিছে - তাৰপিছত কিনোতাৰ প্লাষ্টিক বেগত অতিৰিক্ত এক কিলোগ্ৰাম বকছিছ দিছে। কোনোবাই দাম সুধিছে, কোনোবাই আকৌ চিঞৰি চিঞৰি দৰ কৈছে। তিৰ্পালত ভৰিৰে খচ-মচ শব্দ হৈছে, পুৰণি ফুলবোৰৰ ওপৰেৰে কোনোবা পাৰ হৈছে - চপক চপক শব্দ হৈছে। এজেণ্টে ক্ৰেতা-বিক্ৰেতা দুয়োপক্ষৰ ওপৰত চোকা নজৰ ৰাখিছে, খচ-খচ কৰি নোটবুকখনত কিবা লিখিছে, কোনোবাই চিঞৰিছে “মোক পাঁচ কিলো লাগে…”
মহিলাই আটাইতকৈ ভাল ফুলখিনিৰ বাবে ইখনৰ পিছত সিখন দোকান ঘুৰিছে। তেওঁলোকে হাতত এমুঠি ফুল লৈ আঙুলিৰ ফাঁকেৰে পৰিব দি চাইছে কোনখিনিৰ ভাল ফুল। খৰিকাজাঁইবোৰ এনেকৈ সৰি পৰিছে যেন বৰষুণৰ টোপাল। ফুল বিক্ৰেতা এগৰাকীয়ে গোলাপ আৰু নাৰ্জী ফুলৰ বৰ মনযোগেৰে থোপা বনাইছে, মুখত লৈ থকা হেয়াৰপিনটোৰে সেয়া চুলিত বান্ধি লৈছে। তাৰপিছত ফুলৰ পাচিটো দাঙিছে - খৰিকাজাঁই, গোলাপ, নাৰ্জীফুলৰ ভিনৰঙী সমাহাৰৰ পাচিটো মূৰত লৈ ব্যস্ত বজাৰৰ দিশে আগবাঢ়িছে।
ৰাস্তাৰ কাষত ছাতি এটাৰ অকণমান ছাঁত তেওঁ ফুলবোৰ গুঠিছে আৰু গণি গণি বিক্ৰী কৰিছে। খৰিকাজাঁই ফুলৰ কলিবোৰ সেউজীয়া সূতাডালত বাহিৰৰ ফালে মুখ কৰি ৰখা হৈছে। পাহিবোৰত সুগন্ধ লুকাই আছে। যেতিয়া সি ফুলি উঠিব, গাড়ী এখনৰ ভিতৰত, বেণী এডালত, ভগৱানৰ ফটো এখন আঁৰি থোৱা গজাল এটাত - তাৰ সুগন্ধ চৌদিশ বিয়পিব আৰু সকলোৱে জানিব সেয়া মাদুৰাই মল্লি।
পাৰিয়ে তিনি বছৰত মাট্টুতাৱানী বজাৰখন তিনিবাৰ সাক্ষাৎ কৰিছিল। প্ৰথমবাৰ যোৱা হৈছিল ২০২১ৰ ছেপ্টেম্বৰত, গণেশ দেৱতাৰ জন্মোৎসৱ - বিনায়ক চতুৰ্থীত। সেইবাৰ ফুলৰ ব্যৱসায়ৰ ক্ৰেছ ক’ৰ্ছ কৰাৰ দৰে হৈছিল। বজাৰখন বহিছিল মাট্টুতাৱানী বাছ আস্থানৰ পিছফালে, ক’ভিডৰ বাধা-নিষেধৰ বাবে তালৈ বজাৰখন অস্থায়ীভাবে নিয়া হৈছিল। উদ্দেশ্য আছিল সামাজিক দূৰত্ব বৰ্তাই ৰখা। কিন্তু তাত মানুহৰ ভীৰ নলগাকৈ থকা নাছিল।
মোক পাঠদান কৰাৰ আগেয়ে মাদুৰাই ফ্লাৱাৰ মাৰ্কেট এছ’চিয়েছনৰ সচিবজনে তেওঁ নামটো একপ্ৰকাৰ ঘোষণা কৰিলে: “মোৰ নাম পুকৰই ৰামচন্দ্ৰন। আৰু এয়া,” তেওঁ বজাৰখনলৈ আঙুলিয়াই কয়, “মোৰ বিশ্ববিদ্যালয়।”
ৰামচন্দ্ৰন (৬৩)য়ে পাঁচটাৰো অধিক দশক খৰিকাজাঁইৰ ব্যৱসায় কৰিছে। কিশোৰ কালৰে পৰা তেওঁ এই ব্যৱসায়ত সোমাইছে। “আমাৰ তিনিটা প্ৰজন্মই এই ব্যৱসায় কৰি আহিছে,” তেওঁ কয়। সেয়ে তেওঁ নিজকে পুকৰই বুলি কৈছে, তামিল ভাষাত তাৰ অৰ্থ হৈছে ফুলৰ বজাৰ, ৰামচন্দ্ৰনে মিচিকিয়াই হাঁহি কয, “মই মোৰ কামক সন্মান কৰোঁ, আৰাধনা কৰোঁ মই পিন্ধি থকা এই কাপোৰযোৰৰ পৰা আৰম্ভ কৰি সকলোখিনি মই ইয়াৰ পৰাই পাইছো। আৰু মই কৃষক আৰু বেপাৰী সকলোৱেই উন্নতি কৰাটো বিচাৰো।”
অৱশ্যে এই কাৰবাৰটো ইমান সহজ নহয়। খৰিকাজাঁইৰ ব্যৱসায়টোত দৰ আৰু পৰিমাণৰ উঠা-নমা বহুত বেছি আৰু উঠিলে সাংঘাতিক ধৰণে উঠে আৰু নামিলে নিৰ্দয়ভাবে নামে। তাতে আকৌ কেতিয়াও শেষ হৈ নহা জলসিঞ্চনৰ সমস্যা, খেতিত ব্যয় কৰা টকা, ভৰসা কৰিব নোৱাৰা বৃষ্টিপাতৰ উপৰিও বনুৱাৰো নাটনিৰ আদি নানানটা সমস্যা এই কাৰবাৰত আছে।
ক’ভিড-১৯ লকডাউনে আকৌ এই ব্যৱসায়ক মাধমাৰ শোধালে। অনা-অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে নিৰ্ধাৰিত খৰিকাজাঁইৰ ব্যৱসায় স্তব্ধ হৈ পৰিছিল। খেতিয়ক আৰু এজেণ্ট দুয়োপক্ষই ক্ষতিগ্ৰস্ত হৈছিল। বহু খেতিয়কে ফুলৰ খেতি এৰি পাচলি আৰু মটৰমাহৰ খেতিত ধৰিছিল।
ৰামচন্দ্ৰনে কয় যে তেওঁৰ হাতত সমস্যাৰ সমাধানো আছে। মাল্টিটাস্কাৰ হিচাপে তেওঁ তেওঁৰ খেতি আৰু শস্যৰ ওপৰত নজৰ ৰাখে। তাৰ লগতে ক্ৰেতা আৰু ফুলৰ মালা গঁথাসকল সকলোৰে ওপৰত। তাৰে মাজতে কোনোবাই লেহেম গতিত কাম কৰা দেখি তেওঁ চিঞৰিছে “দেই (ঐ)”। খৰিকাইজাঁইৰ ব্যৱসায় উন্নত কৰাৰ তেওঁ দিয়া সমাধানে খুচুৰা আৰু পাইকাৰী বিক্ৰী দুয়োটাকে সামৰি লৈছে, আৰু নিদানমূলক, তাত মাদুৰাইত থকা চৰকাৰচালিত সুগন্ধীৰ ফেক্টৰি আৰু বাধাহীন ৰপ্তানিৰ কথাও কয়।
“এইখিনি কৰিব পাৰিলে,” তেওঁ উসুকতাৰে কয়, “মাদুৰাই মল্লি মাংগাধা মল্লিযা ইৰুকুম (মাদুৰাইৰ মল্লিৰ উজ্জলতা কেতিয়াও ম্লান নপৰে)।” ইয়াত উজ্জলতাই কেৱল ফুলবিধৰ উজ্জতাকে বুজোৱা নাই, সমৃদ্ধিৰ কথাও কৈছে। ৰামচন্দ্ৰনে এই কথাশাৰী বাৰে বাৰে কৈছে। যেন তেওঁ তেওঁৰ প্ৰিয় ফুলবিধৰ সোণালী ভৱিষ্যত ৰচিছে।
*****
দহমান বাজে মানে খৰিকাজাঁইৰ ব্যৱসায় তুংগত উঠে। হাই-ঊৰুমি বাঢ়ে। চিঞৰ-বাখৰৰ মাজত আমি কথা ক’বলৈ চিঞৰিবলগীয়া হ’ল, ফুলৰ সুগন্ধ বিয়পি পৰাৰ দৰে যেন মানুহৰ হাল্লাই গ্ৰাস কৰিলে।
ৰামচন্দ্ৰনে আমাক চাহ খুৱালে। গ্ৰীষ্মৰ ৰাতিপুৱাৰ উত্তাপৰ সৈতে চাহখিনিৰ উত্তাপ একেই, তাতে শোহা মাৰি তেওঁ আমাক কয় কেনেকৈ কিছুমান খেতিয়কে হাজাৰ টকা পায় আৰু কিছুমানে ৫০ হাজাৰ পৰ্য্যন্ত। “সেইসকল হৈছে বহু একৰ মাটিত খেতি কৰাসকল। কিছুদিনৰ আগতে ফুলৰ দাম এক কিলোগ্ৰামত ১,০০০ টকা হৈছিল, এজন খেতিয়কে ৫০ কিলোগ্ৰাম ফুল আনিছিল। এদিনত ৫০ হাজাৰ টকা, যেন কোনোবাই লটাৰীতহে টকা জিকিছে!”
বজাৰখনৰ কথা কি ক’ব, দৈনিক ব্যৱসায় কিমান হয়? ৰামচন্দ্ৰনে অনুমান কৰি কয় যে ইয়াৰ মূল্য ৫০ লাখৰ পৰা এক কোটি টকাৰ ভিতৰত। "এইখন ব্যক্তিগত বজাৰ। ইয়াত প্ৰায় ১০০ খন দোকান আছে, আৰু প্ৰতিখনেই প্ৰতিদিনে ৫০,০০০ৰ পৰা এক লাখ টকা বিক্ৰী কৰে। আপুনি নিজেই অংকটো কৰি চাওক।"
ব্যৱসায়ীসকলে বিক্ৰীৰ ওপৰত ১০ শতাংশ কমিচন লাভ কৰে বুলি ৰামচন্দ্ৰনে ব্যাখ্যা কৰে। তেওঁ আঙুলিয়াই দিয়ে, “দশক দশক ধৰি এই সংখ্যাৰ কোনো পৰিৱৰ্তন হোৱা নাই। "আৰু ই এটা ৰিস্ক থকা ব্যৱসায়।" যেতিয়া কোনো কৃষকে ধন দিব নোৱাৰে তেতিয়া ব্যৱসায়ীৰো লোকচান হয়। ক’ভিড-১৯ লকডাউনৰ সময়ত সেয়াই হৈছিল।
২০২২ চনৰ আগষ্ট মাহত বিনায়ক চতুৰ্থীৰ ঠিক আগতে আকৌ এবাৰ ফুলৰ বজাৰ সাক্ষাৎ কৰা গ’ল। প্ৰয়োজন অনুসৰিয়েই নিৰ্মিত ফুলৰ বজাৰখন, দুটা বহল পথ, দুয়োফালে দোকানৰ শাৰী শাৰী দোকান। নিয়মীয়া ক্ৰেতাই ক’ত কি কৰিব লাগে সেয়া জানে। লেনদেন চকুৰ পচাৰতে হয়। বস্তা ভৰ্তি ফুল আহি যায় আৰু গুচি যায়। দোকানৰ মাজৰ বাটটোত পুৰণি ফুলৰ দ’ম। গছকত চেপেটা হৈছে, আৰু পুৰণি ফুলৰ বেয়া গোন্ধ আৰু নতুনকৈ বজাৰত অহা ফুলৰ তীব্ৰ সুগন্ধই মনযোগ আকৰ্ষণ কৰিব ৰৈ আছে। কাৰণটো মই পিছত গম পালোঁ, কাৰণ ভাল আৰু বেয়া দুৰ্গন্ধ – আমি অনুভৱ কৰা ধৰণে – কিছুমান ৰাসায়নিক যৌগ ফুলৰ লগত মিহলি হোৱাৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াত সেইয়া হৈছে ইণ্ডোল, যিটো প্ৰাকৃতিকভাৱে খৰিকাজাঁইৰ লগতে মল, ধঁপাতৰ ধোঁৱা আৰু কয়লাৰ তাৰত থাকে।
কম ঘনত্বত ইণ্ডোলৰ গোন্ধ ফুলৰ দৰে, আনহাতে অধিক ঘনত্বত ইয়াৰ গোন্ধ পচা পচা।
*****
ফুলৰ দামৰ মূল চালকসমূহৰ কথা ৰামচন্দ্ৰই বুজাইছে। খৰিকাজাঁই ফুল ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰা ফুল ফুলা আৰম্ভ হয়। "এপ্ৰিল পৰ্যন্ত উৎপাদন ভাল, কিন্তু দাম কম। ১০০ৰ পৰা ৩০০ টকা প্ৰতি কিলোৰ দাম পোৱা যায়। মে' মাহৰ দ্বিতীয়াৰ্ধৰ পৰা বতৰ সলনি হৈ বতাহ ঘন হৈ পৰে। আৰু উৎপাদন বাঢ়ে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহ চিজনৰ মাজৰ সময়। উৎপাদন আধা হয়, মূল্য দুগুণ হয়। এইখিনি সময়তে দৰ কিলোত ১,০০০ৰ ওচৰ চাপে। আৰু বছৰৰ শেষৰ ফালে – নৱেম্বৰ, ডিচেম্বৰত – আপুনি গড় শস্যৰ মাত্ৰ ২৫ শতাংশহে পায়৷ তেতিয়া দামবোৰ কি হ’ব, সেয়া ইশ্বৰেহে জানে। "এক কিলোৰ বাবে তিনি, চাৰি-পাঁচ হাজাৰ টকা নুশুনা কথা নহয়।" থাই মাছাম [১৫ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ] বিয়াৰ বতৰ, আৰু ফুলৰ চাহিদা অতি বেছি হৈ পৰে আৰু যোগান অতি কম।"
মাট্টুতৱানীৰ প্ৰাথমিক বজাৰলৈ, য’ত কৃষকে পোনপটীয়াকৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী আনে – তাত গড় যোগান প্ৰায় ২০ টন অৰ্থাৎ ২০,০০০ কিলো হ’ব বুলি ৰামচন্দ্ৰনে অনুমান কৰে। আৰু ১০০ টন অনান্য ফুল। ইয়াৰ পৰা ফুলবোৰ তাৰ পিছত তামিলনাডুৰ আন জিলা – ডিণ্ডিগুল, থেনি, বিৰুধুনগৰ, শিৱগংগাই, পুৰুক্কোট্টাইৰ বজাৰবোৰলৈ যায়।
কিন্তু ফুল ফুলাই সুষম গ্ৰাফ অনুসৰণ নকৰে বুলি তেওঁ কয়। "এইটো পানীৰ ওপৰত নিৰ্ভৰ কৰে, বৰষুণৰ ওপৰত।" এক একৰ থকা কৃষকে এই সপ্তাহত তাৰ এক তৃতীয়াংশ, পিছৰ সপ্তাহত এক তৃতীয়াংশ হিচাপত পানী দিয়ে, যাতে তেওঁৰ [কিছু পৰিমাণে] স্থিৰ উৎপাদন থাকে। কিন্তু বৰষুণ হ’লে সকলোৰে পথাৰ পানীৰে ভৰি পৰে আৰু ফুলবোৰ একেলগে ফুলি উঠে। "তেতিয়া ফুলৰ দাম একেবাৰে নামি আহে।"
ৰামচন্দ্ৰনৰ ১০০ জন কৃষক আছে যিয়ে তেওঁক খৰিকাজাঁই যোগান ধৰে। তেওঁ কয়, "মই বেছি খৰিকাজাঁই ৰোপণ নকৰো।" "ইয়াৰ বাবে ভালেকেইজন শ্ৰমিকৰ প্ৰয়োজন হয়।" মাত্ৰ ছিঙা আৰু পৰিবহনৰ বাবেই প্ৰতি কিলোত ১০০ টকাৰ বেছি খৰছ কৰিবলগীয়া হয়। তাৰ দুই তৃতীয়াংশ শ্ৰমিকৰ দিওতে যায়। যদি খৰিকাজাঁইৰ দাম কিলোত এশ টকাৰ তললৈ নামি যায় তেন্তে কৃষকসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।
কৃষক আৰু ব্যৱসায়ীৰ মাজৰ সম্পৰ্ক জটিল। তিৰুমংগলম তালুকৰ মেলাউপ্পিলিগুন্দু গাঁৱৰ কঁঠাল খেতিয়ক পি গণপতি (৫১)য়ে ৰামচন্দ্ৰনক ফুল যোগান ধৰে। তেওঁ আঙুলিয়াই দিয়ে যে তেওঁ ডাঙৰ ব্যৱসায়ীসকলৰ ওচৰত “আৰাইকালাম” অৰ্থাৎ আশ্ৰয় লয়। “ফুল ফুলাৰ বতৰ তুংগত উঠাৰ সময়ত মই ফুলৰ বস্তা লৈ বহুবাৰ বজাৰলৈ যাওঁ – ৰাতিপুৱা, দুপৰীয়া, গধূলি। মোৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাত সহায় কৰিবলৈ ব্যৱসায়ীসকলৰ প্ৰয়োজন। পঢ়ক: তেজ-ঘামে ফুলি উঠা সুগন্ধি খৰিকাজাঁই
পাঁচ বছৰ আগতে গণপতিয়ে ৰামচন্দ্ৰনৰ পৰা কেইলাখমান টকা ধাৰ লৈছিল। আৰু তেওঁক ফুল বিক্ৰী কৰি সেই ধাৰ মাৰি আছিল। এনে ক্ষেত্ৰত কমিচন অলপ বেছি – ১০ শতাংশৰ পৰা ১২.৫ শতাংশলৈ বাঢ়ে।
খৰিকাজাঁইৰ দাম কোনে নিৰ্ধাৰণ কৰে? ৰামচন্দ্ৰনে মোক বুজাই দিয়ে। “মানুহে বজাৰখন বনায়। মানুহে টকাখিনি ইহাত-সিহাত কৰে। আৰু বজাৰখন গতিশীল,’ তেওঁ কয়। “কিলোত ৫০০ টকাৰ পৰা দৰ আৰম্ভ হ’ব পাৰে। যদি সেই লটটো দ্ৰুতগতিত আগবাঢ়ি যায়, আমি লগে লগে দাম ৬০০ টকা কৰি দিওঁ। যদি আমি তাৰ চাহিদা বঢ়া দেখিবলৈ পাওঁ, তেন্তে আমি দাম ৮০০ টকা কওঁ।"
যুৱ অৱস্থাত তেওঁ “১০০ ফুলত ২ আনা, ৪ আনা, ৮ আনা” দৰত বিক্ৰী কৰিছিল।
ঘোঁৰাৰ গাড়ীত ফুল কঢ়িয়াই নিয়া হৈছিল। আৰু দিণ্ডিগুল ষ্টেচনৰ পৰা দুখন যাত্ৰীবাহী ৰেলত। “ফুলবোৰ বাঁহ আৰু তাল গছৰ পাতৰ পাচিত পঠিওৱা হৈছিল যিয়ে ফুলবোৰক বায়ু চলাচল কৰি ৰাখিছিল আৰু কুচনৰো কাম কৰিছিল। খৰিকাজাঁইৰ খেতি কৰা কৃষক বহু কম আছিল। আৰু অতি কম সংখ্যক মহিলা কৃষক আছিল।”
শৈশৱৰ সুগন্ধি গোলাপৰ প্ৰতি ৰামচন্দ্ৰ নষ্টালজিক, যাক তেওঁ “পনীৰ গোলাপ [এটা অতি সুগন্ধি গোলাপৰ প্ৰজাতি]” বুলি কয়। “এতিয়া সেইবোৰ বিচাৰি পোৱা নাযায়! ইমানবোৰ মৌমাখিয়ে প্ৰতিটো ফুলৰ চাৰিওফালে ঘূৰি ফুৰিছিল, প্ৰায়ে মৌমাখিয়ে বিন্ধিছিল!” কিন্তু তাৰ মাতত কোনো খং নাই৷ কেৱল আশ্চৰ্য্য।
আৰু অধিক শ্ৰদ্ধাৰে তেওঁ মোক তেওঁৰ ফোনত বিভিন্ন মন্দিৰৰ উৎসৱত দান কৰা ফুলৰ ছবি দেখুৱাইছে, কিদৰে ফুলেৰে পালকিখন সজোৱা হৈছে। তেওঁ ইখনৰ পিছত সিখন ছবি দেখুৱাইছে, ইখনতকৈ সিখন আকৰ্ষণীয় আৰু সুক্ষ্মভাৱে সজোৱা।
কিন্তু তেওঁ অতীতত বাস নকৰে আৰু ভৱিষ্যতৰ প্ৰতি দৃষ্টি স্পষ্ট৷ “উদ্ভাৱন আৰু লাভৰ বাবে আনুষ্ঠানিকভাৱে শিক্ষিত যুৱক-যুৱতীসকলে এই ব্যৱসায়লৈ আগবাঢ়ি অহাটো প্ৰয়োজন।” ৰামচন্দ্ৰনৰ হয়তো কলেজ বা বিশ্ববিদ্যালয়ৰ আড়ম্বৰপূৰ্ণ ডিগ্ৰী নাথাকিবও পাৰে, আৰু তেওঁ কোনো ‘যুৱক’ নহয়। কিন্তু দুয়োৰে বাবে উত্তম ধাৰণা তেওঁৰ পৰাই আহে।
*****
প্ৰথম দৃষ্টিত ফুলৰ সূতা, মালা আৰু সুগন্ধিবোৰ বৈপ্লৱিক ব্যৱসায়িক ধাৰণা যেন নালাগে। কিন্তু সেই ব্যৱসায় গতানুগতিকেই। প্ৰতিডাল মালা একেলগে সৃষ্টিশীল আৰু চতুৰতাভৰা, সেই স্থানীয় ফুলবোৰক নান্দনিকভাৱে ভাল লগা মালালৈ ৰূপান্তৰিত কৰে যিবোৰ পৰিবহণ কৰিব পাৰি, পিন্ধিব পাৰি, প্ৰশংসা কৰিব পাৰি আৰু শেষত পচন সাৰ কৰিব পাৰি।
৩৮ বছৰীয়া এছ জয়াৰাজে প্ৰতিদিনে শিৱগংগাইৰ পৰা মাদুৰাইলৈ বাছত উঠি কামলৈ যায়। মালা গঁথা কাম খুটি-নাতি মাৰি তেওঁ জানে। আৰু প্ৰায় ১৬ বছৰ ধৰি সুন্দৰকৈ এই শিল্পকৰ্ম কৰি আহিছে। যিকোনো ফটোৰ পৰা যিকোনো ডিজাইনৰ মালা তেওঁ বনাব কৰিব পাৰে বুলি সামান্য গৌৰৱেৰে তেওঁ কয়। আৰু তাৰোপৰি নিজেই মৌলিক শৈলীৰে গাঁথি উলিওৱা গোলাপৰ পাহিৰ মালাৰ বাবে তেওঁ ১২০০ৰ পৰা ১৫০০ টকা লয়। সাধাৰণ খৰিকাজাঁইৰ মালাৰ বাবে ২০০ৰ পৰা ২৫০ টকা লয়।
আমি সাক্ষাৎ কৰাৰ দুদিন আগৰ কথা, মালা বনোৱা আৰু ফুল বিক্ৰী কৰা সৰু দোকানীৰ তীব্ৰ নাটনি হৈছিল বুলি ৰামচন্দ্ৰনে কয়। “এই কাম কৰিবলৈ ভালদৰে প্ৰশিক্ষণ লোৱাটো প্ৰয়োজন। পইচা উপাৰ্জনৰ কথা আছে,’ তেওঁ জোৰ দি কয়। “এগৰাকী মহিলাই কিছু টকা বিনিয়োগ কৰি দুই কিলো খৰিকাজাঁই কিনি সূতা লগাই বিক্ৰী কৰাৰ পিছত ৫০০ টকা লাভ কৰিব পাৰে।” ইয়াৰ ভিতৰত মাদুৰাই মল্লী এক কিলো, প্ৰায় ৪,০০০ - ৫,০০০ কলি গাঁথোতে তেওঁৰ সময় আৰু শ্ৰমৰ মূল্য হৈছে ১৫০ টকাও সোমাই আছে। ইয়াৰ উপৰিও, ফুলবোৰক ‘কুৰু’ বা ১০০ টা ফুলৰ থূপ হিচাপে খুচুৰা বিক্ৰী কৰিলে সামান্য আয়ৰ সম্ভাৱনাও থাকে।
ফুলৰ মালা বান্ধিবলৈ গতি আৰু দক্ষতাৰ প্ৰয়োজন। ৰামচন্দ্ৰনে আমাক কথাৰে বুজাবলৈ চেষ্টা কৰিছে। বাওঁহাতেৰে কলৰ আঁহৰ সূতাবোৰ ধৰি সোঁহাতেৰে খৰিকাজাঁইৰ কলিবোৰ তুলি লৈছে, আৰু কলিবোৰ বাহিৰলৈ মুখ কৰি ইটোক সিটোৰ সৈতে সজাই লৈ সূতাডালত গাঁথিছে। পিছৰ শাৰীটোৰ বাবেও একেই শৈলীয়ে আওৰাইছে। তেনেকৈ কৰি গৈছে। আৰু খৰিকাজাঁইৰ মালাডাল দীঘল হৈ গৈ আছে…
বিশ্ববিদ্যালয়ত মালা গথা শিক্ষাৰ কিয় ব্যৱস্থা কৰিব নোৱাৰি, তেওঁ সোধে। ‘এয়া এক বৃত্তিমূলক শিক্ষা হোৱাৰ লগতে জীৱিকাৰ কৌশলো। মই পঢ়ুৱাবও পাৰো। মই কৰেচপণ্ডেণ্ট হ'ব পাৰো...কৌশলখিনি মই জানো।"
ৰামচন্দ্ৰনে আঙুলিয়াই দিয়ে যে, কন্যাকুমাৰী জিলাৰ থোভালাই ফুলৰ বজাৰত কলি গথাটো এক সমৃদ্ধিশালী কুটিৰ উদ্যোগ। "তাৰ পৰা সীয়া ফুলবোৰ আন চহৰ-নগৰলৈ যায়, বিশেষকৈ কেৰালাৰ চুবুৰীয়া অঞ্চলৰ তিৰুৱনন্তপুৰম, কোল্লাম আৰু কোচিনলৈ। এই আৰ্হি কিয় আন ঠাইত কৰিব নোৱাৰি? যদি অধিক মহিলাক প্ৰশিক্ষণ দিয়া হয়, তেন্তে নিশ্চয় সেইটোৱেই হ'ব এটা ভাল ৰাজহৰ আৰ্হি। খৰিকাজাঁইৰ ৰাজ্যত এয়া থাকিব নালাগেনে?"
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত পাৰিয়ে চহৰখনৰ অৰ্থনীতি বুজিবলৈ থোভালাই বজাৰলৈ যাত্ৰা কৰে। নাগাৰকইলৰ পৰা অলপ দূৰৈত থোভালাই চহৰখন পাহাৰ আৰু পথাৰেৰে আগুৰি আছে আৰু ওখ ওখ বায়ুকলেৰে ভৰি আছে। এজোপা প্ৰকাণ্ড নিম গছৰ তলত বজাৰখন বহিছে। খৰিকাজাঁইৰ মালাবোৰ পদুমৰ পাতত ভৰাই থোৱা হয় যিবোৰ কলপাতৰ পাচিত ৰখা হয়। চুবুৰীয়া তামিলনাডুৰ তিৰুনেলভেলী জিলাৰ পৰা আৰু কন্যাকুমাৰীৰ পৰাই ইয়ালৈ খৰিকাজাঁই আহে, আটাইবোৰ ব্যৱসায়ী পুৰুষ, তেওঁ বুজাই দিয়ে। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে প্ৰতি কিলোত ১০০০ টকা দৰ। কিন্তু ইয়াত ডাঙৰ ব্যৱসায়টো হ’ল মহিলাৰ দ্বাৰা গথা ফুলবোৰ। কিন্তু তাতে কোনো মহিলা নাছিল। ক’ত আছে বুলি মই সোধাত পিছফালে থকা ৰাস্তাটোলৈ আঙুলিয়াই মানুহবোৰে মোক কয়, “নিজৰ ঘৰবোৰত”।
তাতেই আমি দেখিবলৈ পাওঁ যে আৰ মীনাই (৮০) ক্ষীপ্ৰতাৰে খৰিকাজাঁই (পিচ্চি বা জাতি মল্লী জাতৰ) ৰ মালা গাথিছে। তেওঁ বিতচকু পিন্ধা নাই৷ মোৰ আচৰিত প্ৰশ্নত তাই ভালেকেই চেকেণ্ডৰ বাবে হাঁহি থাকিল। “ফুলবোৰ মই জানো, কিন্তু ওচৰলৈ নহলৈকে মানুহক মণিব নোৱাৰো।” তেওঁৰ আঙুলিবোৰে অভিজ্ঞতা আৰু প্ৰবৃত্তিৰ দ্বাৰা কাম কৰে।
মীনাৰ নিপুণতাৰ অৱশ্যে মোল কম। পিচ্চি জাতৰ ২০০ গ্ৰাম ফুল মালা গাথিবলৈ তেওঁক ৩০ টকা দিয়া হয়৷ তাত প্ৰায় ২০০০ টা কলি থাকে, আৰু তাই সেই কামটো কৰিবলৈ এঘণ্টা সময় লাগে। মাদুৰাই মল্লী এক কিলো (প্ৰায় ৪,০০০ - ৫,০০০ কলি) সূতাৰে গাঁথি তেওঁৰ ৭৫ টকা উপাৰ্জন হয়। মাদুৰাইত কাম কৰিলে তেওঁ দুগুণ পইচা পালেহেঁতেন৷ থোভালাইত তেওঁ ভাল দিনত ১০০ টকা উপাৰ্জন কৰে, খৰিকাজাঁইৰ তীব্ৰ সুগন্ধভৰা কলিবোৰে এটা লাডু বনাই তেওঁ নিজে কথাখিনি বুজাই কয়।
তাৰ পৰিৱৰ্তে মালাবোৰ ভাল দাম পোৱা যায়। আৰু সেই লাভ কেৱল পুৰুষেই পায়।
মাদুৰাই অঞ্চলত, ৰামচন্দ্ৰনে অনুমান কৰিছে যে প্ৰতিদিনে প্ৰায় ১০০০ কিলো খৰিকাজাঁই ফুলৰ কলি মালালৈ পৰিণত হয়। কিন্তু বৰ্তমান ইয়াৰ যথেষ্ট অসুবিধা আছে। ফুলবোৰ সোনকালে গাথিব লাগে, কাৰণ দুপৰীয়াৰ গৰমত কলিবোৰ ফুলিবলৈ ধৰে। তেতিয়া তেওঁলোকে দাম নাপায় বুলি তেওঁ কয়। "ধৰক, চিপকট (তামিলনাডুৰ ৰাজ্যিক উদ্যোগ প্ৰচাৰ নিগম)ত মহিলা গোটৰ বাবে কিছু ঠাই আবণ্টন কিয় দিয়া নহয়? ইয়াক শীততাপ নিয়ন্ত্ৰিত কৰিব পাৰি, যাতে ফুলবোৰ সতেজ হৈ থাকে, আৰু মহিলাসকলে ক্ষীপ্ৰতাৰে কামটো কৰি দিব পাৰে।" নহয়নে?" আৰু খৰকৈ কাম কৰাটো প্ৰয়োজন, কাৰণ ইয়াক বহিঃৰাজ্যলৈ পঠিয়ালে সেয়া কলিৰ মালা হিচাপেই গৈ পাব লাগিব।
“মই কানাডা আৰু ডুবাইলৈ খৰিকাজাঁই পঠিয়াই পাইছো। কানাডা পাবলৈ ৩৬ ঘণ্টা সময় লাগে। তেওঁলোকে সতেজ মাল পাব লাগিব, নহয়নে?”
ইয়াৰ পৰা আৰম্ভ হয় ফুলৰ পৰিবহনৰ কথা। ই কোনো এখনীয়া ব্যৱস্থা নহয়। ফুলবোৰ অফলোড কৰা হয় বা বিমানেৰে লৈ যোৱাৰ আগতে বহু দূৰ যাত্ৰা কৰিবলগীয়া হয় – চেন্নাই বা কোচি, বা তিৰুৱনন্তপুৰমলৈ। মাদুৰাই খৰিকাজাঁইৰ ৰপ্তানিৰ কেন্দ্ৰ হ’ব লাগিব বুলি তেওঁ জোৰ দিয়ে।
তেওঁৰ পুত্ৰ প্ৰসন্নাই এইখিনিতে মাত দিয়ে। “আমাক এটা ৰপ্তানি কৰিডৰ আৰু গাইডেন্স লাগে। কৃষকসকলক বিপণনত সহায়ৰ প্ৰয়োজন। তাৰোপৰি, ইয়াত ৰপ্তানিৰ বাবে পৰ্যাপ্ত পেকাৰ নাই। আমি কন্যাকুমাৰী, বা চেন্নাইৰ থোভালাইলৈ লগীয়া হয়। প্ৰতিখন দেশৰ বাবে নীতি-নিয়ম আৰু চাৰ্টিফিকেছন ব্যৱস্থা আছে - সেইবোৰৰ ওপৰত কৃষকক নিৰ্দেশনা দিলে সহায় হ’ব,’ তেওঁ জোৰ দি কয়।
তদুপৰি মাদুৰাই মাল্লীৰ ২০১৩ চনৰ পৰাই জিঅ’গ্ৰাফিক ইণ্ডিকেচন (জি আই টেগ) আছে। কিন্তু প্ৰসন্নই ইয়াৰ দ্বাৰা প্ৰাথমিক উৎপাদক আৰু ব্যৱসায়ীসকলক উপকৃত হোৱা দেখা নাই।
"মই আন অঞ্চলৰ পৰা খৰিকাজাঁইক মাদুৰাই মল্লী হিচাপে বিবেচনা কৰাৰ বিষয়ে কেবাবাৰো প্ৰতিনিধিত্ব কৰিছো।”
ৰামচন্দ্ৰনে প্ৰতিজন কৃষকে আৰু ব্যৱসায়ীয়ে কোৱাৰ দৰে কথাখিনিৰ সামৰণি মাৰে: মাদুৰাইত নিজাকৈ সুগন্ধি কাৰখানাৰ প্ৰয়োজন। ৰামচন্দ্ৰনে জোৰ দি কয় যে সেয়া চৰকাৰী হ’ব লাগিব। খৰিকাজাঁইৰ দেশৰ ভ্ৰমণত এই কথা কিমানবাৰ শুনিছো, সেয়া বিবেচনা কৰিলে এনে লাগিব যেন ফুলবোৰ সুগন্ধি সত্তাৰ বাবে ডিষ্টিল কৰিলে সকলো সমস্যাৰ সমাধান হ’ব। এয়াই সকলোৱে বিচাৰিছে।
২০২২ চনত আমি তেওঁৰ সৈতে প্ৰথম কথা পতাৰ প্ৰায় এবছৰৰ পিছত ৰামচন্দ্ৰন আমেৰিকালৈ গুচি যায় য’ত তেওঁ এতিয়া কন্যাৰ সৈতে থাকে। খৰিকাজাঁইৰ ব্যৱসায়ৰ দিশটো তেওঁ এৰি দিয়া নাই। তেওঁক আৰু তেওঁৰ কৰ্মচাৰীসকলক যোগান ধৰা কৃষকসকলে কয় যে তেওঁ ৰপ্তানিৰ সুবিধাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। লগতে তেওঁ তাৰ পৰাই নিজৰ ব্যৱসায় আৰু বজাৰখন সুক্ষ্মভাবে নিৰীক্ষণ কৰে।
*****
এটা প্ৰতিষ্ঠান হিচাপে গঢ় লৈ উঠা বজাৰখনে শতিকাজুৰি এক অতি গুৰুত্বপূৰ্ণ কাম কৰি আহিছে: বাণিজ্যিক বিনিময়ৰ সুবিধা প্ৰদান কৰা কাম, স্বাধীন ভাৰতৰ অৰ্থনৈতিক নীতি নিৰ্ধাৰণৰ ইতিহাসৰ ওপৰত কাম কৰা জেনেভা গ্ৰেজুৱেট ইনষ্টিটিউটৰ ডক্টৰেট গৱেষক ৰঘুনাথ নাগেশ্বৰনে ব্যাখ্যা কৰে। “কিন্তু যোৱা শতিকামানৰ পৰা ইয়াক নিৰপেক্ষ আৰু আত্মনিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠান হিচাপে প্ৰক্ষেপ কৰা হৈছে। আচলতে ইয়াক পাদদেশত ৰখা হৈছে।
“এনে আপাত দৃষ্টিত কাৰ্যক্ষম প্ৰতিষ্ঠান এটাক মুক্ত কৰি দিব লাগিব বুলি ধাৰণাটো স্বাভাৱিক কৰি তোলা হৈছে। আৰু বজাৰে উৎপন্ন কৰা যিকোনো অদক্ষ ফলাফলৰ কাৰণ অপ্ৰয়োজনীয় বা বিপথে পৰিচালিত ৰাষ্ট্ৰৰ হস্তক্ষেপ বুলি কোৱা হয়। বজাৰৰ এই শৈলীকৃত প্ৰতিনিধিত্ব ঐতিহাসিকভাৱে শুদ্ধ নহয়।”
ৰঘুনাথে “তথাকথিত মুক্ত বজাৰ”ৰ ব্যাখ্যা কৰিছে, য’ত “বিভিন্ন অংশীদাৰে বিভিন্ন মাত্ৰাৰ স্বাধীনতা লাভ কৰে।” যদি আপুনি বজাৰৰ লেনদেনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ পায়, তেওঁ কৈছে। “তথাকথিত অদৃশ্য হাতখন আছে, হয়, কিন্তু দেখদেখকৈ বজাৰত নিজৰ শক্তি প্ৰদৰ্শন কৰা হাতৰ মুঠিও আছে। বজাৰৰ কাৰ্য্যকলাপৰ ক্ষেত্ৰত ব্যৱসায়ীসকল কেন্দ্ৰীয়, কিন্তু তেওঁলোক যে শক্তিশালী অংশীদাৰ, সেই কথাটো স্বীকাৰ কৰাটো প্ৰয়োজন, কাৰণ তেওঁলোক মূল্যৱান তথ্যৰ ভঁৰালো।”
ৰঘুনাথে কয় যে কোনোবাই শৈক্ষিক গৱেষণা পত্ৰ পঢ়াৰ প্ৰয়োজন নাই, “তথ্যৰ বিষমতা উপলব্ধি কৰাটোৱে শক্তিৰ এক বৃহৎ উৎস। তথ্যৰ এনে অসমান সুগম্যতা জাতি, শ্ৰেণী আৰু লিংগ কাৰকৰ কাৰণে হৈছে। আমি যেতিয়া ফাৰ্ম আৰু ফেক্টৰীৰ পৰা ভৌতিক সামগ্ৰী কিনো, বা যেতিয়া আমি আমাৰ স্মাৰ্টফোনত এপ ডাউনলোড কৰো, বা যেতিয়া আমি চিকিৎসা সেৱা লাভ কৰো, তেতিয়া আমি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰোঁ, নহয়নে?” তেওঁ প্ৰশ্ন কৰে।
“বস্তু আৰু সেৱাৰ উৎপাদকসকলেও বজাৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰে কাৰণ তেওঁলোকে নিজৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰে। এইখিনিতে ক’ব পাৰি যে এনে কিছুমান উৎপাদক আছে যাৰ নিজৰ উৎপাদনৰ মূল্যৰ ওপৰত বিশেষ নিয়ন্ত্ৰণ নাথাকে কাৰণ তেওঁলোক বাৰিষাৰ আশংকা আৰু বজাৰৰ ৰিস্কৰ সন্মুখীন হ’বলগীয়া হয়। আমি কৃষি সামগ্ৰীৰ উৎপাদক, কৃষকসকলৰ কথা কৈছো।
“আৰু বিভিন্ন শ্ৰেণীৰ কৃষক আছে। গতিকে আমি সবিশেষৰ প্ৰতি গুৰুত্ব দিব লাগিব,’ ৰঘুনাথে কয়। “আৰু প্ৰাসংগিকতালৈও। এই খৰিকাজাঁইৰ পৰাই উদাহৰণ লওঁ আহক। চৰকাৰে পোনপটীয়াকৈ সুগন্ধিৰ কামত জড়িত হ’ব লাগেনে? নে চৰকাৰে বিপণনৰ সুবিধা সৃষ্টি কৰি আৰু মূল্য সংযোজিত সামগ্ৰীৰ বাবে ৰপ্তানি কেন্দ্ৰ স্থাপন কৰি হস্তক্ষেপ কৰিব লাগে, যাৰ ফলত ক্ষেত্ৰখনৰ সৰু সৰু ব্যৱসায়ীয়ে সুবিধা লাভ কৰিব?”
*****
খৰিকাজাঁই এবিধ ব্যয়বহুল ফুল। ঐতিহাসিকভাৱে সুগন্ধি দ্ৰব্য – কলি আৰু ফুল, কাঠ আৰু শিপা, বনৌষধি আৰু তেল - বহুলভাৱে ব্যৱহাৰ কৰা হৈছে; পূজাৰ স্থানত, ভক্তি জগাই তুলিবলৈ; পাকঘৰত, ৰুচি বৃদ্ধি কৰিবলৈ; শোৱা কোঠাত, বাসনা বঢ়াবলৈ। চেণ্ডেল, কৰ্ফূৰ, ইলাইচি, কেশৰ, গোলাপ আৰু খৰিকাজাঁই - এইবোৰ সুকীয়া আৰু চিনাকি সুগন্ধিযুক্ত। যিহেতু এইবোৰ সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু সহজে উপলব্ধ, সেয়েহে ইয়াক ব্যতিক্ৰমী যেন নালাগে। কিন্তু সুগন্ধি উদ্যোগে আপোনাক বেলেগ কথা ক’ব।
সুগন্ধি উদ্যোগৰ কাম-কাজৰ বিষয়ে আমাৰ শিক্ষা মাত্ৰ আৰম্ভ হৈছে।
প্ৰথম আৰু প্ৰাৰম্ভিক পৰ্যায়টো হ’ল ‘কংক্ৰিট’ পৰ্যায়, য’ত খাদ্যৰ গ্ৰেডৰ দ্রাৱক ব্যৱহাৰ কৰি ফুলবোৰ ইয়াৰ সাৰবস্তুৰ বাবে নিষ্কাশন কৰা হয়। ফলত পোৱা নিষ্কাশন অৰ্ধকঠিন আৰু মোমৰ দৰে হয়। সকলো মাম আঁতৰাই গ’লেই ই তৰল ‘এবছল্যুট’ হৈ পৰে, যিটো উপাদানৰ আটাইতকৈ ব্যৱহাৰযোগ্য অনুকূল ৰূপ, কিয়নো ই এলক’হলত দ্ৰৱীভূত হয়।
এক কিলোগ্ৰাম খৰিকাজাঁইৰ ‘এবচল্যুট’ প্ৰায় ৩,২৬,০০০ টকাত বিক্ৰী হয়।
ৰাজা পালানিস্বামী খৰিকাজাঁই চি ই প্ৰাইভেট লিমিটেড (জেচিইপিএল)ৰ সঞ্চালক। খৰিকাজাঁই ছাম্বক কংক্ৰিট আৰু এবছল্যুটকে ধৰি বিভিন্ন ফুলৰ নিষ্কাশনৰ এক বৃহত্তম প্ৰস্তুতকাৰী কোম্পানীটো হৈছে এই জেচিইপিএল। তেওঁ আমাক বুজাইছে যে এক কিলো খৰিকাজাঁই ছাম্বক এবছল্ট পাবলৈ হ’লে এক টন গুন্দু মল্লী (বা মাদুৰাই মল্লী ) ফুলৰ প্ৰয়োজন হয়। চেন্নাইৰ কাৰ্যালয়ত বহি তেওঁ মোক বিশ্বব্যাপী থকা সুগন্ধি উদ্যোগৰ বিষয়ে এক আভাস দিয়ে।
প্ৰথমতে তেওঁ আঙুলিয়াই দিয়ে, “আমি সুগন্ধি মেনুফেক্সাৰ নকৰো। আমি প্ৰাকৃতিক উপাদান উৎপাদন কৰোঁ, যিটো এটা সুগন্ধি বা সুগন্ধি সৃষ্টিৰ ক্ষেত্ৰত যোৱা বহুতো উপাদানৰ ভিতৰত অন্যতম।”
তেওঁলোকে প্ৰচেচ কৰা চাৰিবিধ খৰিকাজাঁইৰ ভিতৰত দুটা প্ৰধান হ'ল: খৰিকাজাঁই গ্ৰেণ্ডিফ্ল'ৰাম ( জাতি মল্লি) আৰু খৰিকাজাঁই চাম্বাক (গুন্দু মল্লী)। ইয়াৰে প্ৰথমটোত ‘এবছল্যুট’ৰ বাবে বলপাৰ্কে দিয়া অফাৰ হৈছে প্ৰতি কিলোগ্ৰামত ৩,০০০ মাৰ্কিন ডলাৰ। গুন্দু মল্লীত থকা ‘এবছল্যুট’ৰ বাবে ই প্ৰতি কিলোত প্ৰায় ৪,০০০ মাৰ্কিন ডলাৰ।
“কংক্ৰিট আৰু এবছল্যুট ভেৰিয়েন্টৰ দাম কেৱল ফুলৰ দামৰ ওপৰত নিৰ্ভৰশীল আৰু ঐতিহাসিকভাৱে ফুলৰ দাম বৃদ্ধি পাইছে। বছৰৰ পিছত বছৰ ধৰি সৰু সৰু বিচ্যুতি হ’ব পাৰে, কিন্তু দীৰ্ঘম্যাদী ৰূপত চালে দামবোৰ কেৱল বৃদ্ধি পাইছে,” ৰাজা পালানিস্বামীয়ে কয়। ৰাজাই কয় যে তেওঁৰ কোম্পানীয়ে বছৰি ১০০০ৰ পৰা ১২০০ টন মাদুৰাই মল্লী (গুন্দু মল্লী বুলিও জনা যায়) প্ৰক্ৰিয়াকৰণ কৰে। সেইটোৱে প্ৰায় ১ৰ পৰা ১.২ টন খৰিকাজাঁই চাম্বাক এবছল্যুটৰ উৎপাদিত হয়, যিটোৱে প্ৰায় ৩.৫ টন খৰিকাজাঁই চাম্বাক এবছল্যুটৰ বিশ্বব্যাপী চাহিদা পূৰণ কৰে। মুঠতে ভাৰতৰ সুগন্ধি উদ্যোগে – য’ত তামিলনাডুৰ ৰাজাৰ দুটা ডাঙৰ কাৰখানা, লগতে আন কেইটামান উৎপাদক অন্তৰ্ভুক্ত – “মুঠ চাম্বাক ফুল উৎপাদনৰ ৫ শতাংশতকৈও কম” ক্ৰয় কৰে।
সেই সংখ্যাটো আচৰিত আছিল, যিহেতু প্ৰতিজন কৃষকে, প্ৰতিজন এজেণ্টে “সুগন্ধীৰ কাৰখানা”ৰ কথা কৈছিল আৰু ব্যৱসায়টোৰ বাবে সেইবোৰ কিমান গুৰুত্বপূৰ্ণ সেইবিষয়ে কৈছিল। কিন্তু ৰাজাই মাথোঁ হাঁহিছে। “আমি এটা উদ্যোগ হিচাপে ফুলৰ অতি সৰু গ্ৰাহক, কিন্তু কৃষকসকলে লাভ কৰাটো নিশ্চিত কৰিবলৈ আৰু নূন্যতম মূল্য বজাই ৰাখিবলৈ আমি মূল ভূমিকা পালন কৰো। কৃষক আৰু ব্যৱসায়ীসকলে অৱশ্যেই বছৰটোৰ ভিতৰত সদায় অধিক দামত বিক্ৰী কৰি ভাল পাব। ই এটা আড়ম্বৰপূৰ্ণ উদ্যোগ, জানেনে - সৌন্দৰ্য্য আৰু সুগন্ধি। তেওঁলোকে ভাবে যে বহুত ভাল লাভ হয়, কিন্তু কথাটো হ’ল, এইখন পণ্যৰ বজাৰ।”
এই কথা-বতৰাৰ মাজেৰ আমি বহু দেশৰ কথা পাতিলো - ভাৰতৰ পৰা ফ্ৰান্সলৈকে, আৰু মাদুৰাই জিলাৰ খৰিকাজাঁই বজাৰৰ পৰা তেওঁৰ গ্ৰাহক সকললৈকে – য’ত আছে বিশ্বৰ কিছুমান আটাইতকৈ ডাঙৰ ডাঙৰ সুগন্ধী নিৰ্মাণকাৰী গোষ্ঠীসমূহ: ডিঅ’, গাৰলেইন, লাচ আৰু বুলগেৰি। কিমান তফাৎ এই দুখন পৃথিৱী, কিন্তু কেনেকৈ সম্পৰ্কিত হৈ আছে - সেইবিষয়ে জানিব পাৰিলো।
ফ্ৰান্স হৈছে সুগন্ধি জগতৰ কেন্দ্ৰস্থল। যোৱা পাঁচ দশকমানৰ পৰাই তেওঁলোকে ভাৰতৰ পৰা খৰিকাজাঁইৰ নিষ্কাশনৰ উৎস বিচাৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে খৰিকাজাঁই গ্ৰেণ্ডিফ্ল’ৰাম, যাক স্থানীয়ভাবে জাতি মল্লী বোলে, সেয়া বিচাৰি আহিছিল, ৰাজাই বুজাইছে। “আৰু ইয়াত, তেওঁলোকে সেইবোৰৰ ভিতৰত বিভিন্ন ফুলৰ জাতি আৰু তাৰে মাজতে বিভিন্ন প্ৰজাতি ভাণ্ডাৰ পাইছিল।”
গুৰুত্বপূৰ্ণ মোৰ আছিল ১৯৯৯ চনত ডিঅ’ৰ গোষ্ঠীৰ পৰা অহা জাড’ মুকলি কৰাটো, সেয়া আছিল আইকনিক ফৰাচী সুগন্ধি। আৰু এই আদৰ্শ ফুলটোত ভাৰতীয় খৰিকাজাঁই ছাম্বাকৰ এটা ডেচ অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াৰ “সতেজ আৰু সেউজীয়া নোটৰ সৈতে,” ৰাজাই ব্যাখ্যা কৰে, “যিটো ট্ৰেণ্ড হৈ পৰিল।” আৰু মাদুৰাই মল্লী – বা ডিঅ’ৰে কোৱাৰ দৰে, “অপুলেণ্ট খৰিকাজাঁই ছাম্বাক” – ফ্ৰান্স আৰু ইয়াৰ বাহিৰলৈকে, সোণৰ আঙঠিৰে আবৃত সৰু সৰু কাঁচৰ বটলত স্থান পালেগৈ।
কিন্তু তাৰ বহু আগতেই ফুলৰ নিয়া হয় মাদুৰাই আৰু ইয়াৰ আশে-পাশে থকা বজাৰৰ পৰা। কিন্তু প্ৰতিদিনে নহয়। বছৰৰ বেছিভাগ সময় খৰিকাজাঁইৰ চাম্বাকৰ দাম অতি বেছি হয় আৰু ইয়াক নিষ্কাষণ কৰোতে বহুত ব্যয় হয়।
ৰাজাই কয়, “এই ফুলৰ বজাৰসমূহত ফুলৰ চাহিদা আৰু যোগানক প্ৰভাৱিত কৰা সকলো কাৰকৰ বিষয়ে আমাৰ স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন। “আমাৰ বজাৰসমূহত নিয়োজিত এজন ক্ৰেতা/সমন্বয়ক আছে আৰু তেওঁলোকে তাত দাম অতি সাৱধানে নিৰীক্ষণ কৰে। আমাৰ হাতত এটা দাম আছে যিটো ব্যৱসায়ৰ বাবে সম্ভৱপৰ আৰু সেই মূল্য, ধৰক, ১২০ টকা নিৰ্ধাৰণ কৰাৰ পিছত তাতেই অপেক্ষা কৰক। মূল্যত আমাৰ কোনো ভূমিকা নাই,’ বজাৰে দৰ নিৰ্ধাৰণ কৰে বুলিও তেওঁ কয়।
“আমি কেৱল ৰৈ বজাৰখন চাই থাকো। আৰু যিহেতু আমাৰ এই পৰিমাণ ক্ৰয় কৰাৰ ১৫ বছৰৰো অধিক অভিজ্ঞতা আছে – কোম্পানীটো নিজেই ১৯৯১ চনত আৰম্ভ হৈছিল – আমি গোটেই ঋতুটোৰ মূল্য অনুমান কৰিব পাৰো। যেতিয়াই বিশাল হাৰত চাহিদাৰ কথা আহে, আমি নিশ্চিতভাৱে ফুলবোৰ বিচাৰো, আৰু আমি আমাৰ ক্ৰয় আৰু উৎপাদন সৰ্বাধিক কৰিবলৈ চেষ্টা কৰোঁ।”
এই আৰ্হিৰ বাবেই তেওঁলোকৰ উৎপাদনৰ ক্ষমতা সাৰ্থক কৰাটো নিয়মীয়া নহয়, ৰাজাই আঙুলিয়াই দিয়ে। “আপুনি প্ৰতিদিনে মানক পৰিমাণ ফুল নাপায়, ই তীখাৰ কাৰখানাৰ দৰে নহয় য’ত লোহাৰ আকৰবোৰ শাৰী পাতি থাকে আৰু আপোনাৰ মেচিনটো গোটেই বছৰটোৰ অহৰহ চলি থাকে। ইয়াত আমি কেৱল ফুলৰ বাবে অপেক্ষা কৰি থাকো। সেয়ে কোনো নিৰ্দিষ্ট লক্ষ্য পূৰণ কৰিব পৰাকৈ আমাৰ সক্ষমতা গঢ়ি তোলা উচিত।”
এবছৰত সেয়া প্ৰায় ২০ৰ পৰা ২৫টা ডাঙৰ দিন, ৰাজাই কয়। “সেই দিনবোৰত আমি প্ৰায় ১২ৰ পৰা ১৫ টন ফুল প্ৰচেছ কৰো, প্ৰতিদিনে। বাকী সময়ত আমি কম পৰিমাণৰ পাওঁ, ১ৰ পৰা ৩ টনলৈকে, কেতিয়াবা আকৌ একোৱেই নাপাওঁ।”
কৃষকসকলে চৰকাৰক সুস্থিৰ মূল্য প্ৰদান কৰিবলৈ এটা কাৰখানা স্থাপন কৰিবলৈ অনুৰোধ কৰিব লাগে বুলি মই সোধা প্ৰশ্নৰ ৰাজাই উত্তৰ দিয়ে। “চাহিদাৰ অনিশ্চয়তা আৰু অস্থিৰতাই হয়তো চৰকাৰক উপাদানৰ ব্যৱসায়ত সোমাবলৈ নিৰুৎসাহিত কৰিব। কৃষক আৰু ব্যৱসায়ীয়ে সম্ভাৱনা দেখিলেও চৰকাৰে তাত ব্যৱসায়িক সম্ভাৱনা নেদেখিবও পাৰে,’ ৰাজাই যুক্তি আগবঢ়ায়। ‘তেওঁলোক আৰু এজন প্ৰতিষ্ঠানহে বঢ়াব। যদিহে তেওঁলোকে বাকী সকলোকে উপাদান উৎপাদন কৰাত বাধা দি একচেটিয়া অধিকাৰ স্থাপন নকৰে, তেন্তে তেওঁলোকেও একেচাম কৃষকৰ পুলৰ পৰা ক্ৰয় কৰি একেচাম ক্ৰেতাক নিষ্কাশিত সামগ্ৰী বিক্ৰী কৰিব।”
সৰ্বোত্তম সুগন্ধি পাবলৈ খৰিকাজাঁই ফুল ফুলাৰ লগে লগে প্ৰক্ৰিয়াকৰণ কৰা হয় বুলি ৰাজাই কয়। “অবিৰত এক ৰাসায়নিক বিক্ৰিয়াই ফুলবিধ ফুলাৰ সময়ত সুগন্ধৰ সৃষ্টিত সহায় কৰে। আকৌ একেটা ফুলেই পচিলে সেই ৰাসায়নিক বিক্ৰিয়াই দুৰ্গন্ধ ওলোৱাত সহায় কৰে।”
প্ৰক্ৰিয়াটো ভালদৰে বুজিবলৈ ৰাজাই মোক চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে মাদুৰাইৰ ওচৰৰ তেওঁৰ সুগন্ধি কাৰখানালৈ নিমন্ত্ৰণ কৰে।
*****
২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মাদুৰাই চহৰত আমাৰ তাত থকা দিনটো আৰম্ভ হয় মাট্টুথাৱানী বজাৰৰ ক্ষন্তেকীয়া ভ্ৰমণৰ সৈতে। এয়া মোৰ তৃতীয় ভ্ৰমণ, আৰু আচৰিত ধৰণে বজাৰখন ভিৰমুক্ত আৰু নিস্তব্ধ। খৰিকাজাঁই খুব কম; কিন্তু ৰঙীন ফুল প্ৰচুৰ পৰিমাণে আছে: গোলাপৰ টোপোলা, ৰজনীগন্ধা আৰু নাৰ্জীফুলৰ বস্তা; ধাৱনম (মিঠা মাৰ্জোৰাম)ৰ দ’ম। যোগান দুৰ্বল হোৱাৰ পাছতো খৰিকাজাঁইৰ দাম হৈছে প্ৰায় ১০০০ টকা। কাৰণ সেই দিনটো শুভ দিন নহয়, ব্যৱসায়ীসকলে কয়।
আমি মাদুৰাই চহৰৰ পৰা চুবুৰীয়া ডিণ্ডিগুল জিলাৰ নিলকট্টই তালুকালৈ গাড়ী চলাই ওলাই আহিলো, ৰাজাৰ কোম্পানীক দুটা প্ৰকাৰৰ খৰিকাজাঁই যোগান ধৰা কৃষকসকলক চাবলৈ – গ্ৰেণ্ডিফ্ল’ৰাম আৰু চাম্বাক৷ আৰু ইয়াতেই মই আটাইতকৈ আচৰিত কাহিনীটো শুনিছো।
এগৰাকী প্ৰগতিশীল কৃষক, মল্লী খেতি কৰাৰ প্ৰায় দুটা দশকৰ অভিজ্ঞতাৰে পুষ্ট মাৰিয়া ভেলাংকানিয়ে মোক কয় যে ভাল উৎপাদনৰ ৰহস্য হ’ল ছাগলীক পুৰণি পাত চোবাবলৈ দিয়া।
“এইটোৱে কেৱল মাদুৰাই মল্লীতহে কাম কৰে,” এক একৰৰ ছভাগৰ এভাগত গজি উঠা তেওঁৰ জোপোহা সেউজীয়া গছৰ ঠাইখনলৈ আঙুলিয়াই দি তেওঁ কয়। তেওঁ বুজাইছে, “উৎপাদন দুগুণ হয়, কেতিয়াবা তিনিগুণ হয়। প্ৰক্ৰিয়াটো বিশ্বাস কৰিব নোৱাৰাকৈয়ে সহজ যেন লাগে – ছাগলীৰ গোট এটাক খৰিকাজাঁইৰ পথাৰখনত এৰি দিলে গোটেই পাত খাই পেলাব। ইয়াৰ পিছত পথাৰখন দহদিন শুকানকৈ থৈ তাৰ পিছত সাৰ দি পোন্ধৰ দিনৰ দিনা নতুন অংকুৰ ওলাব। পঁচিশ দিনলৈকে আপুনি সুন্দৰ ফল পাব।
হাঁহি এটা মাৰি তেওঁ আমাক আশ্বাস দিয়ে যে অঞ্চলটোত ই সাধাৰণ কথা। “ফুলৰ উদ্দীপনা দিবলৈ ছাগলীয়ে চোবোৱাটো পৰম্পৰাগত জ্ঞান। এই নব্য ‘চিকিৎসা’ বছৰত তিনিবাৰকৈ কৰা হয়। এই অঞ্চলৰ ছাগলীবোৰে গৰমৰ দিনত খৰিকাজাঁইৰ পাত খায়। ইফালে সিফালে ঘূৰি কৰি থাকোঁতে পথাৰবোৰত গোবৰ এৰে, ইয়াত এটা পাত আৰু তাত আন এটা পাত টানি ফুৰে। ছাগলী পালকসকলে পইচা নিবিচাৰে। মাত্ৰ চাহ আৰু বড়াই খুওৱা হয়। যদি ৰাতি পথাৰত গোহালিত ৰখা হয়, তেন্তে তেতিয়া কিবা অকণ দিব লাগে। কেইশমান ছাগলীৰ বাবে ৫০০ টকাৰ দৰে কিবা এটা৷ কিন্তু খৰিকাজাঁই খেতিয়কজন যিকোনো ক্ষেত্ৰতে লাভৱান হয়।”
জেচিইপিএলৰ ডিণ্ডিগুল ফেক্টৰী ভ্ৰমণত আৰু অধিক আচৰিত হ’বলগীয়া কথা আছিল। আমাক ঔদ্যোগিক পৰ্যায়ৰ প্ৰচেছিং ইউনিটটোৰ চাৰিওফালে লৈ যোৱা হয়, য’ত ক্ৰেন আৰু পুলি আৰু ডিষ্টিলাৰ আৰু কুলাৰে ‘কংক্ৰিট’ আৰু ‘এবছল্যুট’ৰ বেচ তৈয়াৰ কৰে। আমি ভ্ৰমণ কৰা সময়ত খৰিকাজাঁই নাছিল। ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ফুলবোৰ অতি কম আৰু অতিকৈ ব্যয়বহুল হৈ পৰে; আন আন সুগন্ধিবোৰৰ কামহে কৰা হয়। জিলিকি থকা নিষ্কলংক তীখাৰ মেচিনবোৰে হিচহিচাই উঠে, ইমানেই সৰগীয় সুগন্ধ এটা বিয়পাই দিয়ে যে আমি সকলোৱে উশাহ টানি ল’লো। দীঘলকৈ টানি মিচিকিয়াই হাঁহিলো।
জেচিইপিএলৰ আৰ এণ্ড ডি মেনেজাৰ ভি কাথিৰ’লি (৫১)য়ে ডাঙৰ হাঁহি এটা মাৰি আমাক গোন্ধ ল’বলৈ ‘এবছল্যুট’ৰ নমুনা আগবঢ়াই দিছে। বেতৰ খৰাহীত ফুলৰ টোপোলা, সুগন্ধিৰ বিষয়ে লেমিনেট কৰা কাগজত তথ্য, আৰু ‘এবছল্যুট’ৰ সৰু সৰু বটলত ভৰাই থোৱা দীঘলীয়া টেবুল এখনৰ এঠা মূৰে তেওঁ থিয় হৈ আছে। টেষ্টাৰ ষ্ট্ৰিপবোৰ বিভিন্ন সৰু সৰু বটলত ডুবাই তেওঁ প্ৰতিটো উপাদান আগ্ৰহেৰে পৰীক্ষা কৰে, আৰু প্ৰতিটোৰে সঁহাৰি লিখি থয়।
মিঠা আৰু ইন্দ্ৰীয় জাগ্ৰত কৰা ফ্ৰাংগিপানি আছে, আৰু আছে তীব্ৰ সুগন্ধৰ ৰজনীগন্ধা। ইয়াৰ পিছত তেওঁ দুটা জাতৰ গোলাপ উলিয়াই আনে – এটা আলসুৱা আৰু সতেজ, আৰু আনটো খেৰৰ দৰে গোন্ধ। তাৰ পিছত গোলাপী আৰু বগা পদুম, দুয়োটাৰে গোন্ধ মৃদু আৰু ফুলৰ দৰে; আৰু ভাৰতীয় বিয়া এখনৰ দৰেই গোন্ধোৱা ক্ৰিছেন্থিমাম।
মছলা আৰু বনৌষধি, আচহুৱা আৰু চিনাকি, মেথিৰ গোন্ধ গৰম আঞ্জা এখনৰ দৰে, নৰসিংহৰ পাতৰ গোন্ধ আইতাৰ ৰন্ধা-বঢ়াৰ দৰে। হাইপইণ্টটো হৈছে খৰিকাজাঁই। গোন্ধটো বৰ্ণনা কৰিবলৈ মই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। কাথিৰ’লিয়ে মোক সহায় কৰিছে: “ফ্ল’ৰেল, মিঠা, এনিমেলিক, সেউজীয়া, ফ্ৰুইটি, সামান্য চামৰাৰ দৰে,” তেওঁ প্ৰায় উশাহ নোলোৱাকৈ কয়। তোমাৰ প্ৰিয় গোন্ধটো কি, মই তেওঁক সুধিলো। কিবা এটা ফুলৰ নাম ল’ব বুলি মই আশা কৰিলো।
“ভেনিলা” তেওঁ হাঁহিলে। তেওঁ আৰু তেওঁৰ দলটোৱে কোম্পানীটোৰ চিগনেচাৰ ভেনিলা এচেন্সৰ ওপৰত গৱেষণা কৰি বিকশিত কৰিছে। যদি তেওঁ সুকীয়া সুগন্ধী তৈয়াৰ কৰে তেন্তে তেওঁ মাদুৰাই মল্লী ব্যৱহাৰ কৰিব৷ সুগন্ধি আৰু প্ৰসাধন সামগ্ৰীৰ বাবে উন্নতমানৰ উপাদান প্ৰস্তুত কৰাত তেওঁ আগশাৰীত থাকিব খোজে।
কাৰখানাটোৰ পৰা অলপ দূৰৈত, মাদুৰাই চহৰৰ ঠিক বাহিৰত, সেউজীয়া মাজত, সেউজীয়া পথাৰত কৃষকসকলে নিজৰ খৰিকাজাঁই গছবোৰৰ যত্ন লয়। ফুলবোৰৰ হয়তো যিকোনো ঠাইত গৈ অন্ত পৰিব - হিমশীতল কাঁচৰ বটলৰ ভিতৰত, পূজাস্থলীৰ ভিতৰত, বিয়াত, বেতৰ টোপোলা এটা, ফুটপাথত, বগা কুণ্ডলীত, সৰগীয়া সুগন্ধীৰে, কেৱল জেচমিনেহে সেয়া কৰিব পাৰে।
এই গৱেষণামূলক অধ্যয়ন আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ ২০২০ চনৰ গৱেষণা পুঁজি কাৰ্যসূচীৰ অংশ হিচাপে কৰা হৈছে ।
অনুবাদ: পংকজ দাস