এয়া স্বাধীনতা, প্ৰতিৰোধ আৰু সৰৱ হোৱাৰ গীত। গৰ্বাৰ সুৰত গোৱা এই গীত সঁচা অৰ্থত গ্ৰামাঞ্চলৰ মহিলাৰ কণ্ঠ, যিয়ে পৰম্পৰাগত সামাজিক কাঠামো আৰু কৰ্তৃত্বশীল নীতিৰ বিৰুদ্ধাচৰণ কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাই।

কচ্ছত গোৱা বিভিন্ন ভাষাৰ ভিতৰত অন্যতম গুজৰাটী ভাষাত লিখা এই লোকগীত গাঁৱৰ মহিলাই কচ্ছৰ মহিলা বিকাশ সংগঠনৰ দ্বাৰা আয়োজিত এক কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সময়ত লিখিছে। মহিলাক নিজৰ অধিকাৰৰ প্ৰতি সজাগ কৰি তুলিবলৈ এই কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল।

এই গীতটো কেতিয়া লিখা হৈছিল আৰু কোনে লিখিছিল, তাৰ সঠিক সময় উলিওৱাটো টান। কিন্তু এই লোকগীতটো শুনিলে, নিঃসন্দেহে ক’ব পাৰি যে এয়া সম্পত্তিৰ ওপৰত নিজৰ সমান অধিকাৰ বিচাৰি মাত মতা মহিলাৰ মজবুত কণ্ঠ।

কি প্ৰসংগ আৰু প্ৰয়োজনত এই গীতকেইটা ৰচনা কৰা হৈছিল সেয়া আমি নাজানিলেও আমাৰ হাতত ২০০৩ চনৰ আশে-পাশে মহিলাই ভূ-স্বামী আৰু জীৱিকা সন্দৰ্ভত গুজৰাটত, বিশেষকৈ কচ্ছ অঞ্চলত আয়োজিত আলোচনা আৰু কৰ্মশালাৰ লিপিবদ্ধ ৰূপ আছে। সেই সময়ত মহিলাৰ অধিকাৰক লৈ সজাগতা বৃদ্ধিৰ অভিযানত প্ৰায়ে কৃষিৰ উৎপাদিত সামগ্ৰীত মহিলাৰ অৰিহণা আৰু মাটিৰ অধিকাৰৰ অভাৱৰ বিষয়টোক লৈ চৰ্চা হৈছিল। অৱশ্যে আমি স্পষ্টকৈ কৈ দিব নোৱাৰো যে এই আলোচনাৰেই ফলস্বৰূপে এই গীত ৰচনা কৰা হ’ল।

যাহওক, এই গীত তেতিয়াৰে পৰা কচ্ছ অঞ্চলৰ উপৰিও তাৰ বাহিৰলৈকো গৈছে। এই যাত্ৰাত, কেতবোৰ পংক্তি নতুনকৈ যোগ দিয়া হৈছে, যিটো সততে লোকগীতৰ ক্ষেত্ৰত ঘটে, কিছু সালসলনি কৰি তাৎক্ষণিক দৰ্শকক আকৰ্ষিত কৰিব পৰাকৈ সজাই তোলা হৈছে। ইয়াত নক্ষত্ৰ তালুকৰ নন্দুবা যাদেজাই গোৱা এই গীতটো আগবঢ়োৱা হৈছে।

এইটো সুৰবাণী নামে কচ্ছী মহিলা বিকাশ সংগঠন পৰিচালিত সমবায় অনাতাঁৰ কেন্দ্ৰই ২০০৮ত বাণীবদ্ধ কৰা ৩৪১ টা গীতৰ মাজৰ এটা। কে.এম.ভি.এছ.ৰ যোগেদি গীতৰ এই সংগ্ৰহ পাৰিয়ে পাইছিল। এই গীতবোৰত অঞ্চলটোৰ সাংস্কৃতিক, ভাষিক আৰু সাংগীতিক বৈচিত্ৰ সোমাই আছে। এই সংগ্ৰহে কচ্ছৰ সাংগীতিক পৰম্পৰা ধৰি ৰখাত সহায় কৰিছে, যি পৰম্পৰা বৰ্তমান লুপ্ত হোৱাৰ দিশে গৈ আছে।

নক্ষত্ৰৰ নন্দুবা যাদেজাই লোকগীতটি পৰিবেশন কৰা শুনিব পাৰে

Gujarati

સાયબા એકલી હું વૈતરું નહી કરું
સાયબા મુને સરખાપણાની ઘણી હામ રે ઓ સાયબા
સાયબા એકલી હું વૈતરું નહી કરું
સાયબા તારી સાથે ખેતીનું કામ હું કરું
સાયબા જમીન તમારે નામે ઓ સાયબા
જમીન બધીજ તમારે નામે ઓ સાયબા
સાયબા એકલી હું વૈતરું નહી કરું
સાયબા મુને સરખાપણાની ઘણી હામ રે ઓ સાયબા
સાયબા એકલી હું વૈતરું નહી કરું
સાયબા હવે ઘરમાં ચૂપ નહી રહું
સાયબા હવે ઘરમાં ચૂપ નહી રહું
સાયબા જમીન કરાવું મારે નામે રે ઓ સાયબા
સાયબાહવે મિલકતમા લઈશ મારો ભાગ રે ઓ સાયબા
સાયબા હવે હું શોષણ હું નહી સહુ
સાયબા હવે હું શોષણ હું નહી સહુ
સાયબા મુને આગળ વધવાની ઘણી હામ રે ઓ સાયબા
સાયબા એકલી હું વૈતરું નહી કરું
સાયબા મુને સરખાપણાની ઘણી હામ રે ઓ સાયબા
સાયબા એકલી હું વૈતરું નહી કરું

অসমীয়া

মই আৰু অকলে গেবাৰি নেখাটোঁ, মোৰ বঙহৰ দেউ
মই আপোনাৰ মানৰে হ’ব খোজোঁ,
এতিয়াৰে পৰা সদায়েই, মোৰ বঙহৰ দেউ
মই আৰু অকলে গেবাৰি নেখাটোঁ, মোৰ বঙহৰ দেউ
আপোনাৰ দৰেই মই শ্ৰম কৰোঁ পথাৰত
কিন্তু পথাৰ আছে আপোনাৰ নামত
অ’ মাটিবোৰ যে আপোনাৰ নামত আছে, মোৰ বঙহৰ দেউ
মই আৰু অকলে গেবাৰি নেখাটোঁ, মোৰ বঙহৰ দেউ
মই আপোনাৰ মানৰে হ’ব খোজোঁ,
এতিয়াৰে পৰা সদায়েই, মোৰ বঙহৰ দেউ
মই আৰু অকলে গেবাৰি নেখাটোঁ, মোৰ বঙহৰ দেউ
মই মনে মনে আৰু ঘৰত বহিও নেথাকোঁ
মই আৰু জিভাত লেকাম নলগাওঁ
প্ৰতি একৰত মই মোৰ নাম বিচাৰোঁ
সম্পত্তিৰ দলিলত মই মোৰ ভাগ বিচাৰিম
মাটি-বাৰীৰ কাগজত মই মোৰ ভাগ বিচাৰিম, মোৰ বঙহৰ দেউ
মই আৰু শোষিত নহওঁ, মোৰ বঙহৰ দেউ
সহিও নেথাকোঁ, না আৰু নসহোঁ
মই উধাব খোজো আৰু বহু কিবাকিবি কৰিব খোজোঁ
মই আৰু অকলে গেবাৰি নেখাটোঁ, মোৰ বঙহৰ দেউ
মই আপোনাৰ মানৰে হ’ব খোজোঁ,
এতিয়াৰে পৰা সদায়েই, মোৰ বঙহৰ দেউ
ওহোঁ, মই আৰু অকলে গেবাৰি নেখাটোঁ৷


PHOTO • Priyanka Borar

গীতৰ প্ৰকাৰ : প্ৰগতিশীল

গীতৰ কথা : মুক্তিৰ গান

গীতঃ

গীতৰ শিৰোনাম : ছায়াবা , একলি হুন বাইতাৰু নহী কৰুন

গীতিকাৰ : দেৱল মেহতা

গায়ক : নক্ষত্ৰ তালুকৰ নন্দুবা যাদেজা

ব্যৱহৃত বাদ্যযন্ত্ৰ : হাৰমনিয়াম, ড্ৰাম, টেম্বৰিন

বাণীবদ্ধকৰণৰ চন : ২০০৫, কে.এম.ভি.এছ. ষ্টুডিঅ’

প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু ভাৰতীবেন গ’ৰলৈ তেওঁৰ সহায়ৰ বাবে ধন্যবাদ

কবিতাৰ অনুবাদ: ৰুবী বৰুৱা দাস
টেক্সট্ অনুবাদ: পংকজ দাস

Pratishtha Pandya

प्रतिष्ठा पांड्या पारीमध्ये वरिष्ठ संपादक असून त्या पारीवरील सर्जक लेखन विभागाचं काम पाहतात. त्या पारीभाषासोबत गुजराती भाषेत अनुवाद आणि संपादनाचं कामही करतात. त्या गुजराती आणि इंग्रजी कवयीत्री असून त्यांचं बरंच साहित्य प्रकाशित झालं आहे.

यांचे इतर लिखाण Pratishtha Pandya
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

यांचे इतर लिखाण Priyanka Borar
Translator : Rubee Barooah Das

Rubee Barooah Das is a senior journalist working in the field of development. She also considers herself as a student of literature and translation. She can be reached at [email protected]

यांचे इतर लिखाण Rubee Barooah Das
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das