“আমাক খাদ্যৰ পেকেট দিব নালাগে, ৰেচনৰ দোকানৰ পৰা সেয়া আমি কিনিব পাৰো। এই বানপানীৰ কিবা এটা সমাধান দিয়ক!” চেম্মানজেৰিত গোট খোৱা মহিলাৰ মাজৰ পৰা এগৰাকীয়ে কয়।
চেন্নাই চহৰৰ পৰা ৩০ কিলোমিটাৰ দূৰৰ কাঞ্চিপুৰম জিলাৰ পুৰণি মহাবালিপুৰম পথৰ কাষৰ অঞ্চলটো ২০২০ৰ ২৫ নৱেম্বৰত বানপানীৰ দ্বাৰা বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছিল।
এই নামনি অঞ্চলত বাস কৰা লোকৰ বাবে এই বানপানী কোনো নতুন কথা নহয়। ২০১৫ত যেতিয়া চেন্নাইখন পানীত বুৰ গৈছিল আৰু ব্যৱস্থাপনা ভালদৰে হোৱা নাছিল, তেতিয়াও চেম্মানজেৰি ডুব গৈছিল। কিন্তু তাৰ পিছৰ বৰ্ষবোৰত চুবুৰীয়া ঠাইত অন্ততঃ ৰাস্তা-ঘাট আৰু ষ্টৰ্ম ৱাটাৰ ড্ৰেইনবোৰ এইবাৰ ভালদৰে সাজু কৰা হৈছে।
চেম্মানজেৰি ( চেম্মানচেৰি বুলিও কোৱা হয়)ৰ লোকে চৰকাৰৰ বিভিন্ন নগৰাঞ্চলৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে নিজৰ ঘৰ-মাটি এৰি এই ঠাইত সংস্থাপিত হোৱাৰ কাৰণে হয়তো চেম্মানজেৰি হাউছিং ব’ৰ্ডৰ অন্তৰ্গত অঞ্চলত তেওঁলোকক খুব এটা গুৰুত্ব দিয়া নহয়। ইয়াৰে ভালেমান বাসিন্দ চেন্নাই চহৰৰ অনাময় কৰ্মী, অটোৰিক্সা চালক বা অসংগঠিত খণ্ডত নিয়োজিত আন কৰ্মী।
নিৱাৰ ঘূৰ্ণীবতাহে তামিলনাডু গ্ৰাস কৰা সময়ত কুৰালোৰত ২৫০ মি.মি. আৰু বৰষুণৰ পানী চেন্নাইত ১০০ মি.মি. পৰ্যন্ত বৃষ্টিপাত হয়, বৰষুণৰ পানী হোৰাহোৰে চেম্মানজেৰিত সোমায় আৰু ৰাস্তা-ঘাট উপচি পৰে। বাহিৰত দুফুট আৰু বাহিৰত এফুট পানী হয়।
পাৰিয়ে ২৭ নৱেম্বৰত চেম্মানজেৰি সাক্ষাৎ কৰিছিল। তাৰে আগদিনা ঘূৰ্ণীবতাহে চেন্নাইৰ দক্ষিণ উপকূল পাৰ কৰিছিল, পুডুচেৰি পাইছিল (২৫ নৱেম্বৰৰ ৰাতি ১১ বাজি ১৫ মিনিটত)। তিনিজনৰ মৃত্যু হৈছিল, ১.৩৮ লাখ লোক গৃহহীন হৈছিল। ১৫,৫০০ হেক্টৰ খেতিপথাৰ নষ্ট হৈছিল (স্থানীয় বাতৰি কাকতৰ প্ৰতিবেদন অনুসৰি) আৰু উপকূলীয় চহৰ-নগৰ জলমগ্ন হৈছিল।
চেম্মানজেৰিৰ ৩০ হাজাৰ বাসিন্দাৰো একেই অৱস্থা হৈছিল। পানী ঘৰত সোমাইছিল, বয়-বস্তু নষ্ট হৈছিল। ভালেকেইদিনলৈ বিদ্যুতৰ সংযোগ নাছিল আৰু চুবুৰীয়াৰ প্ৰথম মহলাত গৈ আশ্ৰয় ল’বলগীয়া হৈছিল। শৌচাগাৰ পানীৰে ভৰি পৰিছিল, নলা-নৰ্দমাৰ ওপৰেৰে পানী বৈছিল। সাপ-বেং আৰু বৃশ্চিক ঘৰৰ ভিতৰত ঘূৰি ফুৰিছিল।
এয়া কেনেকৈ হ’ব পালে? কেৱল নিম্নভূমি হোৱাৰ বাবেই হোৱা বুলি ক’ব নোৱাৰি। পানী ওলাই যোৱাৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবেও পৰিস্থিতি বহুদিনলৈ ভাল হোৱা নাছিল। স্থানীয় জলাশয়বোৰো উপচি পৰিছিল, ৰাজ্যখনৰ জলাশয়বোৰৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হৈছিল, তেনেকৈয়ে সঘনে তাত পানী হয়। তাৰোপৰি প্ৰায় ১০ ফুট ওখ দেৱালেৰে বোধকৰো নিম্ন আয়ৰ মানুহবোৰক জগতখনৰ পৰা লুকুৱাই ৰখাৰ চেষ্টাৰ কাৰণেও পানী কোনোফালে যাব নোৱাৰা অৱস্থা হয়।
সেয়ে প্ৰতিবাৰ ধাৰাসাৰ বৰষুণ হ’লেই ৰাস্তাবোৰ নদীলৈ পৰিৱৰ্তিত হয়, বাহনবোৰ হৈ পৰে নাও। কাপোৰৰ জালেৰে ল’ৰা-ছোৱালীবোৰে মাজ ৰাস্তাত মাছ ধৰে। মাকহঁতে ঘৰৰ বয়-বস্তু সামৰি-সুতৰি পাঁচ লিটাৰৰ বাল্টি এটাৰে পানী সিচি থকাৰ ব্যৰ্থ চেষ্টাত দিনটো কটায়।
“আমাৰ ইয়াত প্ৰতিবছৰে চুনামী আহে, কোনেও আমাক দেখা নকৰে, কেৱল আমাৰ ভোটহে বিচাৰে,” মহিলাগৰাকীয়ে কয়। “আমি চেন্নাইৰ উৰুৰ কুপ্পাম, ফ’ৰশ্ব’ৰ ইষ্টেট আৰু আন অঞ্চলৰ পৰা ২০০৫ত ইয়ালৈ আহিছিলো। যিয়ে আমাক বিস্থাপিত কৰিছিল, কৰ্তৃপক্ষ আৰু ৰাজনীতিবিদ, তেওঁলোকে বৰ বৰ ঘৰত আৰামাৰে আছে। আৰু আমালৈ চাওকচোন!”
মহিলা আৰু শিশুবোৰে এক ফুট পানীত থিয় দি এটাই চিন্তা কৰে - কেনেকৈ পানী ওলাই যোৱাৰ বাট বিচাৰি পায়।
অনুবাদ: পংকজ দাস