মানুহে ভাবে আমি ধনী আৰু ডাঙৰ কৃষক, দাদাচাহেব সাপিকে কয়। 'দুৰৰ পৰা আমাৰ খেতিৰ ছায়া-জালিবোৰ দেখি তেঁওলোকৰ মনলৈ এই ভাৱ আহে। কিন্তু সেয়া দুৰৈৰ পাহাৰহে। ওচৰলৈ আহিলেহে আমাৰ খেতিৰ ৰুঢ় বাস্তৱ উপলব্ধি কৰিব পাৰিব। ঋণৰ বোজাত আমি পোত গৈ আছো। সেইবোৰ পৰিশোধ কৰাত আমি অপাৰগ হৈছো।’

নাচিকত ২০ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা কৃষকৰ সমদলত দাদাচাহেবে নীৰৱে খোজ দিছিল। তেঁওৰ লগত আছিল ৰাজেন্দ্ৰ ভাগৱত। আদিবাসী আৰু উপান্ত কৃষকৰ সংখ্যাগৰিষ্ঠ প্ৰতিবাদী সমদলটোত তেঁওলোক দুজন আছিল তেনেই পৃথক। (২১ ফেব্ৰুৱাৰীৰ দিনা মাজনিশা মৰ্চাৰ আয়োজক অখিল ভাৰতীয় কিষাণ সভাই চৰকাৰী প্ৰতিনিধিৰ সৈতে দীঘলীয়া আলোচনাৰ অন্তত চৰকাৰে কৃষকৰ সকলো সমস্যা সমাধান কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।)

এয়া তৰল সংকট, এয়া পানীৰ সংকট, এয়া বজাৰৰ সংকট। আমি আৱদ্ধ হৈ পৰিছো,’ দাদাচাহেব সাপিকে কয়

৫১ত ভৰি দিয়া সাপিক আৰু দুকুৰি বয়স পাৰ কৰা ভাগৱতে (৪১) আহমেদনগৰৰ সংগমাৰ তালুকৰ শুকাই ফাঁট মেলা পাঁচ একৰকৈ মাটিত খেতি কৰে। দুয়োজনেই দুই একৰকৈ মাটিত ছায়া-জালি দিছে। এই ছায়া-জালিবোৰ বাঁহেৰে বনোৱা ছালিৰ ওপৰত দিয়া হয়। এই ছায়া-জালিয়ে শিল-বৰষুণ, প্ৰচণ্ড বৃষ্টিপাত, কীট-পতংগ আৰু প্ৰখৰ ৰ’দ আদিৰ পৰা শস্যক সুৰক্ষা দিয়াৰ লগতে আদ্ৰতা বজাই ৰখাতো সহায় কৰে। জালিৰ তলত থকা শস্য আৰু গছপুলিত পানীৰ নলত ফুটা কৰি টোপ টোপকৈ নিঃসৰিত হোৱা পদ্ধতিত পানী যোগান ধৰা হয়।

ছায়া-জালিৰ বাবে প্ৰতি একৰ মাটিত ১৫ৰ পৰা ২০ লাখ টকাৰ প্ৰয়োজন হয়। তাৰ বিপৰীতে পলি-গৃহৰ কাৰণে ৪০ৰ পৰা ৫০ লাখ টকা খৰছ হয়, সাপিক আৰু ভাগৱতে হিচাপ দিলে। পলি-গৃহবোৰৰ জকা তীখা আৰু নলাকৃতিৰ সামগ্ৰীৰে তৈয়াৰ কৰা হয়। জকাটো পলিথিনেৰে ঢাকি থোৱা থাকে। ফুল, বিশেষকৈ গোলাপ আৰু ডেইজি ৰপ্তানীৰ বাবে উৎপাদন কৰাৰ বাবে উত্তৰ আৰু পশ্চিম মহাৰাষ্ট্ৰত পলি-ঘৰ সজা হয়।

এটা দশক পূৰ্বে ৰাজ্য চৰকাৰ আৰু বেংকে এনে আৰ্হিৰ প্ৰচাৰ কৰিছিল। খৰাং পৰা অঞ্চলবোৰত বিভিন্ন উদ্দীপনামূলক সাহায্যৰ সুবিধাৰে আৰ্হিবোৰ কৃষকে আদৰি লোৱাৰ হেতু আঁচনিৰ প্ৰচাৰ কৰা হৈছিল। সংগমাৰ বৃষ্টি-ছাঁ মণ্ডলৰ জলসংকটত পৰা অঞ্চল। জলবায়ুৰ অনিশ্চয়তা আৰু খৰাং বতৰৰ পৰা শস্যক ৰক্ষণাবেক্ষণ দি কৃষিজাত উৎপাদন বৃদ্ধিৰ বাবে এই প্ৰযুক্তি ফলপ্ৰসু বুলি প্ৰচাৰ চলোৱা হয়।

A decade ago, the state and banks began promoting shade-nets and poly-houses in dry areas. After initial profits, farmers ran into bad weather
PHOTO • Jaideep Hardikar

এটা দশক পূৰ্বে ৰাজ্য চৰকাৰ আৰু বেংকে শুষ্ক অঞ্চলবোৰত ছায়া-জালি আৰু পলি-গৃহৰ আৰ্হিৰ প্ৰচাৰ কৰিছিল। প্ৰাৰম্ভিক মুনাফা লভাৰ পিছত কৃষকবোৰ কু-ঋণত পৰিল

দুয়োজন কৃষকে আঠ বছৰ পূৰ্বে ছায়া-জালি লগাইছিল। প্ৰথম দুটা বছৰত ঠিকেই লাভ হ’ল, এক একৰ মাটিৰ পৰা দুই একৰ মাটিলৈ দুয়োৱে ছায়া-জালি সম্প্ৰসাৰিত কৰিলে। '২০০৯-১০ত আমি থকা অঞ্চলটোত ছায়া-জালিৰ সংখ্যা দুগুণ হোৱাৰ সময়তে দামী পাচলি যেনে কেপচিকাম আদিৰ লগতে ফুলৰ মূল্য ভালে আছিল। কিন্তু এতিয়া মূল্যৰ অৱনমন ঘটিছে (এয়া অতিৰিক্ত যোগান আৰু পৰিৱৰ্তিত বজাৰৰ কাৰণে ঘটিছে) আৰু পানী ক’তোৱেই পাবলৈ নাই,’ ভাগৱতে কয়।

পাঁচ বছৰ একেৰাহে তেঁও আৰু সাপিকে তেঁওলোকৰ কেপচিকামৰ খেতিত লোকচানৰ সমুখীন হ’ল। কিন্তু নিজৰ লোকচানৰ কথা ক’বলৈ তেঁওলোকে সংকোচবোধ কৰে। 'মুকলিত এনেদৰে ওলাই অহাটো টান,’ ভাগৱতে কয়। 'বন্ধুবৰ্গ আৰু আত্মীয়ই আমাক ঋণী বুলি গম পালে আমাৰ সামাজিক স্থিতি লাঘৱ হ’ব বুলি ভয় হয়। কিন্তু এইবাৰ আমাৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰোৱাৰ সময় আহি পৰিছে।’

'এনেদৰে খেতিত ছায়া-জালি নাইবা পলিৃ-গৃহ লগোৱা আহমেদনগৰ জিলা আৰু অইন বহু ঠাইৰ বহু কৃষকে ঋণৰ বোজা বব নোৱাৰা হৈছে, ফলত বহুতে প্ৰকল্প বিসৰ্জনো দিছে,’ দাদাচাহেবে কয়। চিৰ্দিৰ নিকটৱৰ্তী কানকুৰি গাঁৱত (দাদাচাহেবৰ তাতেই ঘৰ) বহুতৰে তলি উদং হৈ গৈছে আৰু বেংকৰ পৰা আৰু ঋণো নাপায়। 'এয়া তৰল সংকট, এয়া পানীৰ সংকট, এয়া বজাৰৰ সংকট। আমি আৱদ্ধ হৈ পৰিছো। পৰিয়াল চলাবলৈ মোৰ পেঞ্চন আছে (তেঁও নৌবিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী), কিন্তু আনবোৰৰ একো নাই...’।

Sapike (left) and Bhagwat (right) are not marginal cultivators, but like many other shade-net farmers, they are reeling under debt
PHOTO • Jaideep Hardikar

সাপিক (বাওফালে) আৰু ভাগৱত (সোঁফালে) উপান্ত কৃষক নহয়, কিন্তু আন বহুতো ছায়া-জালি দিয়া কৃষকৰ দৰে তেঁওলোকো ঋণত ডুবিছে

মৰ্চাৰ আয়োজক অখিল ভাৰতীয় কিষাণ সভাই ১৩ ফেব্ৰুৱাৰীত আহমেদনগৰত ছায়া-জালি আৰু পলি-গৃহ থকা কৃষকৰ সৈতে কৰা আলোচনাৰ অন্তত সিদ্ধান্তলৈ আহে যে বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ কৰাব লাগিব, তাৰ পিছতেই দুয়োজনে শেহতীয়া প্ৰতিবাদত যোগদান কৰে।

সাপিক আৰু ভাগৱত দুয়োজনৰে ২০ লাখৰ পৰা ৩০ লাখ পৰ্যন্ত বেংকৰ ঋণ আছে। তেঁওলোকৰ দৰে আন বহুতৰে আকৌ তাতোকৈ বেছি ঋণ আছে যিবোৰ পৰিশোধ কৰাৰ সামৰ্থ তেঁওলোকৰ নাই। ঋণ ৰেহাইৰ আঁচনিৰ ভিতৰত ছায়া-জালি দিয়া আৰু পলি-গৃহ সজাসকলকো অন্তৰ্ভুক্ত কৰা হওঁক বুলি ৰাজ্য চৰকাৰলৈ কিষাণ সভাই দিয়া তেঁওলোকৰ দাবীৰ চনদত উল্লেখ আছে।

চৰকাৰেও ২১ ফেব্ৰুৱাৰীৰ নিশা আশ্বাস দিলে যে সমস্যাবোৰৰ সমাধানৰ বাবে চিন্তা-চৰ্চা কৰা হ’ব। 'সমস্যা সমাধানৰ কাৰণে প্ৰথমতে আমি সমস্যাগ্ৰস্ত কৃষকৰ সমীক্ষা কৰিব লাগিব,’ মহাৰাষ্ট্ৰৰ জলসম্পদ মন্ত্ৰী গিৰিশ মহাজনে কয়। কিষাণ সভাৰ নেতাৰ সৈতে তেঁও আলোচনাত বহে আৰু কৃষকৰ সমস্যাৰ বুজ লয়, তাৰপিছত প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰা হয়।

'বৰ্তমানৰ ঋণ ৰেহাইৰ আঁচনিখন আমাৰ একো কামত নাহে’, দাদাচাহেবে কয়। 'বেংকৰ ওচৰত আমাৰ ধাৰ বহুত। ধাৰ মাৰিবলৈ আমাৰ হাতত পইচা থকা হ’লে এনেকৈ ৰাজপথলৈ ওলাই আহিবলগীয়া নহ’লহেঁতেন,’ তেঁও কয়। মাটি বিক্ৰী কৰি পেলালেও তেঁওলোকে ঋণ শুজিব নোৱাৰিব বুলি তেঁও কয়। 'আমি মুখ মেলিছো যাতে অইনেও সাহস পায় আৰু আমাৰ কাৰ্যসূচীত যোগ দিয়ে। আমাৰ দাবীৰ চনদ লৈ চৰকাৰৰ দুৱাৰডলিত থিয় দিয়াৰ বিকল্প থকা হেতুকে চিপজৰী লোৱাৰ কোনো অৰ্থ নাই।’

অনুবাদ: পংকজ দাস

Jaideep Hardikar

जयदीप हर्डीकर नागपूर स्थित पत्रकार आणि लेखक आहेत. तसंच ते पारीच्या गाभा गटाचे सदस्य आहेत.

यांचे इतर लिखाण जयदीप हर्डीकर
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

यांचे इतर लिखाण Pankaj Das