নৰসুৰ কাটকাৰিৱাড়িত থকা ৰাজহুৱা মন্দিৰৰ বাহিৰত আবেলি সময়ত আহি উপস্থিত হ’ল কেইখনমান গাড়ী। কোন আহিছে বুলি বিষ্ণু ৱাঘমাৰেই জুমি চালে আৰু কাটকাৰি ভাষাতে কিবা ক’লে। আগন্তুকসকলক আদৰণি জনাবলৈ মন্দিৰৰ ভিতৰৰ পৰা ১৫ জন মান পুৰুষ-মহিলা ওলাই আহিল।
“সৰহকৈ শ্ৰমিক লৈ যোৱাৰ কাৰণে তেওঁলোক ইয়ালৈ আহিছে। এতিয়া তেওঁলোকে বন্দোৱস্তি কৰিবলৈ আলোচনাত বহিব। এই ঠিকাদাৰবোৰে যে তেওঁলোকক ঠগিব, সেই কথা আমাৰ বহুতেই নাজানে। সিহঁতে আমাক শোষণ কৰে আৰু তথাপিও আমি সিহঁতৰ কাম কৰিবলৈ যাওঁ। মই কেতিয়াও ভাতীত কাম কৰিবলৈ নাযাও,” ২১ বছৰীয়া বিষ্ণুৱে ক’লে। তেওঁ কেতিয়াবা ওচৰৰ গাঁৱত এনে ধৰণৰ ভাল নলগা কাম কৰিবলৈ যায়।
মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ সুধাগড় ব্লকৰ নৰসুৰ পঞ্চায়তৰ সৰু গাওঁ নৰসুৰ কাটকাৰি। ইয়াত বসবাস কৰা ৩৬০ ঘৰ কাটকাৰি আদিবাসীৰ প্ৰায় সকলো লোক বিশেষভাৱে স্পৰ্শকাতৰ জনজাতীয় গোষ্ঠীৰূপে তালিকাভুক্ত - তেওঁলোকে প্ৰতিবছৰে দেৱালিৰ পিছত নৱেম্বৰ মাহৰ মাজভাগত প্ৰব্ৰজন কৰে। অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ পোৰা কয়লাৰ ভাতীত তেওঁলোকে কাম কৰাৰ উপৰি মহাৰাষ্ট্ৰৰ চিপলুন, অমৰাৱতী তথা আন ঠাইত কাম কৰে। জুন মাহৰ আৰম্ভণিতে তেওঁলোক নিজৰ গাঁৱলৈ উভতি আহে। এই ভাতীবোৰত বাবুল গছৰ কাঠ পুৰি কয়লা বনোৱা হয়। ৰেস্তোঁৰাবোৰত বাৰবিকিউ আৰু তন্দুৰি বনাবলৈ এই কয়লা ব্যৱহাৰ কৰা হয়।
ট্ৰাকতে লৈ যোৱা শ্ৰমিকসকল মহাৰাষ্ট্ৰৰ ভিতৰৰ ঠাই হ’লে ১৮ ঘণ্টাত গৈ পাব আৰু আন ৰাজ্যৰ পোৰা কয়লাৰ ভাতী পাবলৈ প্ৰায় ৩৮ ঘণ্টাৰ যাত্ৰা কৰিব লাগে। ভাতীৰ ওচৰত কাটকাৰিসকলে মুকলি ঠাইত বাঁহ, খেৰ আৰু কুঁহিয়াৰৰ পেলনীয়া অংশেৰে অস্থায়ী বাসগৃহ তৈয়াৰ কৰি লয়। বিদ্যুৎ অথবা শৌচাগাৰ-স্নানাগাৰ অবিহনে তেওঁলোক তাত থাকে আৰু বন্যজন্তু তথা সাপৰ কাৰণে তেওঁলোক ভীতিগ্ৰস্ত হৈ থাকিবলগীয়া হয়।
স্থানীয় লোকৰ দখলীকৃত অৰণ্যৰ মাটিত সাধাৰণতে বাবুল গছবোৰ গজে। কাঠৰ কাৰণে ঠিকাদাৰে মাটিৰ মালিকৰ লগত বন্দোৱস্ত কৰে। ইয়াৰ বিনিময়ত সেই মাটিবিলাকত খেতি কৰিব পৰাকৈ পৰিস্কাৰ কৰি দিব লাগিব। শ্ৰমিকসকলে বাবুল গছবোৰ কাটে, ভাতী তৈয়াৰ কৰে, তাত বালি ঢালে আৰু বাবুল গছবোৰ পোৰে। তাৰ পিছত শ্ৰমিকসকলে পোৰা কয়লাবিলাক ট্ৰাকত বোজাই কৰিব লাগিব। সকলো মাটিৰ পৰা যেতিয়া বাবুল গছ সম্পূৰ্ণৰূপে কাটি চাফা কৰি পেলোৱা হ’ব, তেতিয়া পৰিস্কাৰ কৰি সেই মাটিত মালিকে খেতি কৰে।
একে পঞ্চায়তৰে থানালে কাটকাৰি গাঁৱৰ ৩৬ বছৰীয় সন্দীপ পাৱাৰে কয়, “ঠিকাদাৰে ২০,০০০-৪০,০০০ টকা আগধন হিচাপে দিয়ে।” পোৰা কয়লাৰ ভাতীৰ স্থান, কামৰ ধৰণ আৰু বন্দোৱস্তিৰ ওপৰত আগধনৰ পৰিমাণ নিৰ্ভৰ কৰে। “আগধন ৰূপে দিয়া এই ধনৰ বাবে আমাৰ মানুহে হামৰাও কাঢ়ে। কেতিয়াবা পৰিয়ালৰ কাৰোবাৰ যদি বিয়া আদি থাকে, তেতিয়া ঠিকাদাৰে ৮০,০০০ টকা পৰ্য্যন্ত দিব লাগিব।”
ভাতীবোৰত এহাল দম্পতীক এটা শ্ৰমিক গোট বুলি ধৰা হয়। প্ৰব্ৰজন কৰা পৰিয়ালৰ আন সদস্যই বস্তা আদি কঢ়িওৱা তথা আন কামত সহায় কৰে। ইয়াৰ ফলত কামৰ গতি বৃদ্ধি পায়। কিন্তু তেওঁলোকক বেলেগে পাৰিশ্ৰমিক দিয়া নহয়। ঠিকাদাৰে প্ৰতিটো পৰিয়ালক প্ৰতি সপ্তাহত খাদ্য আৰু আন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ৪০০ টকা পৰ্য্যন্ত দিয়ে। সাত মাহত মুঠ ১২,০০০ মান হয়। এই ধন মজুৰিৰ অংশ হিচাপে ধৰা হয়, গতিকে এই ধনৰ বাবেও পৰিয়ালটোৱে কাম কৰিব লাগিব।
এই কাম অতি কষ্টকৰ - পূৱা ৭ বজাত আৰম্ভ হয় আৰু নিশা ৯ বজা পৰ্য্যন্ত কৰিব লাগে। ওচৰৰ বজাৰৰ পৰা প্ৰয়োজনীয় খাদ্যসামগ্ৰী আদি ক্ৰয় কৰাৰ কাৰণে সপ্তাহত এদিন কাম বন্ধ থাকে। পুণে জিলাৰ খেড় তালুকৰ এটা ভাতীত এই বছৰ কাম কৰা শশীকান্ত ৱাঘমাৰেই কয়, “আজি মকৰ সংক্ৰান্তি আৰু আমি পূৱাৰে পৰা জিৰণি নোলোৱাকৈ কাম কৰিছো। কেতিয়াবা আমি বহু নিশালৈকে ট্ৰাকত কাঠ বা কয়লা বোজাই কৰিবলগীয়া হয়।”
কামটো অতি কষ্টকৰ, পূৱা ৭ বজাত আৰম্ভ কৰি নিশা ৯ বজা পৰ্যন্ত কৰিবলগীয়া হয়। ‘আজি মকৰ সংক্ৰান্তি আৰু আমি পূৱাৰে পৰা জিৰণি নোলোৱাকৈ কাম কৰিছো। কেতিয়াবা বহু নিশালৈকে ট্ৰাকত কাঠ বা কয়লা বোজাই কৰিব লাগে।’ খেড় তালুকৰ এক কয়লা ভাতীত শশীকান্ত ৱাঘমাৰেই কয়
কাম সম্পূৰ্ণ হোৱাৰ পিছত শ্ৰমিকসকলে কিমান বস্তা ভৰ্তি কৰিলে, তাৰ হিচাপ কৰি মুঠ পাৰিশ্ৰমিকৰ হিচাপ কৰা হয় বুলি ঠিকাদাৰে কয়, মুঠ পাবলগীয়া ধনৰ পৰা আগধন বাদ দিয়া হয়। সেইদিনা ২৪০ কিলোমিটাৰ দূৰৰ আহমদ নগৰ চহৰৰ পৰা গাওঁখনলৈ অহা ঠিকাদাৰ মংগেশ ৰাথোড়ে কয়, “প্ৰতিটো বস্তাত ২৫ কিলো কয়লা থাকে আৰু শ্ৰমিক (দম্পতী)ক প্ৰতিটো বস্তা পূৰোৱাৰ বাবদ ১২০ টকা দিওঁ।”
আন এজন ঠিকাদাৰ নৱনাথ চৱনে অমৰাৱতী জিলাৰ দৰিয়াপুৰ তালুকৰ এটা কয়লা ভাতীত কয় যে প্ৰতি বস্তা কয়লাৰ বাবদ প্ৰযোজ্য পাৰিশ্ৰমিক দিয়া হয়। ২০১৮ত দৰিয়াপুৰৰ কয়লা ভাতীলৈ নৰসুৰ কাটকাৰিৱাড়িৰ ৩৬ টা পৰিয়ালে প্ৰব্ৰজন কৰিছিল। “আমি তেওঁলোকক আগধন দিছিলো। তেওঁলোকে তৈয়াৰ কৰা প্ৰতি বস্তা কয়লাৰ বাবদ ১২০ টকা একোটা পৰিয়ালক দিয়ে। আগধন শেষ নোহোৱা পৰ্য্যন্ত তেওঁলোকে কাম কৰিব লাগিব। তেওঁলোকে আগধনতকৈ বেছি কয়লা বনাব পাৰিলে আমি খোৱা-পিন্ধাৰ বাবদ দিয়া ধন কৰ্তন কৰি অতিৰিক্ত ধন আদায় দিওঁ।”
ভাল বতৰত একোটা শ্ৰমিক পৰিয়ালে ১০০০ বস্তা পৰ্য্যন্ত কয়লা প্ৰস্তুত কৰিব পাৰে। সাধাৰণতে একোটা পৰিয়ালে গঢ়ে ৫০০ বস্তা কয়লা প্ৰস্তুত কৰিব পাৰে। আগধন আৰু ৰেচনৰ বাবদ দিয়া ধন কৰ্তন কৰি ইয়াৰ পৰা ৬০,০০০ টকা থাকে। প্ৰায় সাত মাহ থকাৰ পিছত সাধাৰণতে পৰিয়ালে কোনো অতিৰিক্ত টকা নাপায়। নৰসুৰ কাটকাৰিৱাড়ি আৰু থানালে কাটকাৰিৱাড়িৰ প্ৰায় ৪০ টা পৰিয়ালৰ কোনেও প্ৰতি বস্তাৰ বাবদ ধন পোৱাৰ কথা মনত নপৰে। তেওঁলোক সকলোৱে কয় যে প্ৰায় সাতটা মাহত একোটা পৰিয়ালে গড়ে ৫০০ৰ পৰা ৭০০ বস্তা পৰ্য্যন্ত পোৰা কয়লা উৎপাদন কৰে। কিন্তু কাঠ পুৰি কয়লা বনোৱা কাম শেষ হোৱাৰ পিছত কোনো বছৰতে কোনো পৰিয়ালে অতিৰিক্ত ধন লাভ কৰা নাই।
বাবুল কাঠৰ পোৰা কয়লাৰ ভাতীলৈ প্ৰতি বছৰে অহা ৩২ বছৰীয়া সংগীতা ৱাঘমাৰেই কয়, “আমি বিয়াৰ বাবদ ৭০ হাজাৰ টকাৰ আগধন লৈছিলো। সেই কাৰণে আগধন আৰু ৰেচনৰ বাবদ দিয়া ধন পৰিশোধ কৰিবলৈ আমি কাম কৰিছো।” এই টকাৰ পৰিমাণ প্ৰায় ৮২,০০০ টকা হ’ল, অৰ্থাৎ প্ৰায় ৭০০ বস্তা কয়লা বনোৱাৰ বাবদ পাবলগা পাৰিশ্ৰমিকৰ সমান হ’ল। সেইবাৰ স্বামী আৰু তেওঁ মিলি ১০০০ বস্তা কয়লা বনালে। মই তেওঁক হিচাপটো দেখুৱালো আৰু সুধিলো যে অতিৰিক্ত ৩০০ বস্তাৰ বাবদ ঠিকাদাৰৰ পৰা তেওঁলোকে ৩৮,০০০ টকা পালেনে? তেওঁ ক’লে যে ঠিকাদাৰে এটা ষ্টেৰিঅ’ আৰু দুটা সোণৰ মূদ্ৰা দিলে। ইয়াৰ মূল্য ৫,০০০ টকাৰ সমান হ’ব।
“আপোনাক যদি ৩০,০০০ টকা আগধন দিছে, তেতিয়াও ঠিকাদাৰে আগধন পৰিশোধ হোৱা বুলি নোকোৱা পৰ্য্যন্ত কাম কৰিব লাগিব। এটা পৰিয়ালে যদি মাত্ৰ ২০০ বস্তা কয়লা বনাব পাৰে, তেন্তে পিছৰ বছৰ পাৰিশ্ৰমিক অবিহনে আগধন শেষ নোহোৱা পৰ্যন্ত কাম কৰিব লাগিব,” গাওঁখনৰ সন্মানীয় জ্যেষ্ঠ ব্যক্তি ৭৯ বছৰ বয়সীয়া বাপু হিলমে কয়।
কয়লী ভাতীত থকাৰ সময়খিনিত অত্যধিক শ্ৰম আৰু অপৰ্য্যাপ্ত খাদ্যৰ কাৰণে গাঁৱলৈ উভতি অহাৰ সময়ত ল’ৰা-ছোৱালীবিলাক পুষ্টিহীনতাত ভোগা দেখা যায়। কিছুমান জিলাত অংগনবাদী কৰ্মীসকলে প্ৰতিবছৰে জুন-জুলাই মাহত গৰ্ভৱতী মহিলা, মাতৃদুগ্ধ পান কৰোৱা মাতৃসকল আৰু ২-৬ বছৰ বয়সৰ শিশুসকলক অতিৰিক্তভাৱে কণী আৰু বাদাম যোগান ধৰে।
থানালেৰ ৰাইগড় জিলা পৰিষদ বিদ্যালয় (পঞ্চায়তৰ ভিতৰত এক অনা আদিবাসী গাওঁ)ৰ প্ৰধান শিক্ষক বাবু মহাদিকে কয়, “আমাৰ ইয়াত অধ্যয়ন কৰা ৪০ টা শিশুৰ ২০ টা কাটকাৰি আদিবাসীসকলৰ সন্তান। অক্টোবৰৰ পিছত এইসকল শিশু পিতৃ-মাতৃৰ লগত আন ৰাজ্যলৈ প্ৰব্ৰজন কৰিব আৰু জুন মাহত উভতি আহিব। এই সময়খিনিত স্থানীয় চৰকাৰী বিদ্যালয়ত তেওঁলোক উপস্থিত নাথাকে। তেওঁলোক ঘূৰি অহাৰ পিছত, চৰকাৰৰ যিহেতু অনুত্তীৰ্ণ কৰাৰ নিয়ম নাই, সেয়ে তেওঁলোকক ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিয়া হয়। এনেকৈয়ে তেওঁলোকে এদিন নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হয়। তেওঁলোকে কেৱল আখৰ চিনি পায় (বুনিয়াদী সাক্ষৰতা)। বেছিভাগেই নৱম শ্ৰেণীৰ পৰা উত্তীৰ্ণ নহয় আৰু পঢ়া-শুনা বাদ দিয়ে।”
গাওঁখনত থকা থানালেৰ নিচিনা অনা-কাটকাৰি আদিবাসী পৰিয়ালৰ নিজা মাটি থাকে আৰু তেওঁলোকে বৰ্ষাকালৰ পিছত ৰবিশস্যৰ খেতি কৰে। কিছুমানে তালুকৰ বাহিৰলৈ গৈ দিন মজুৰিৰ কাম বিচাৰে। কিছুমান পৰিয়ালৰ নগৰ-চহৰত কাম কৰা পৰিয়ালৰ সদস্য আছে।
‘আপুনি যদি ৩০,০০০ টকা আগধন হিচাপে লৈছে, তেন্তে ঠিকাদাৰে সেই ধন পৰিশোধ হোৱা বুলি নোকোৱালৈকে কাম কৰিব লাগিব। কামৰ সময়খিনিত কোনো পৰিয়ালে যদি মাত্ৰ ২০০ বস্তা কয়লা উৎপাদন কৰিব পাৰে, তেন্তে পিছৰ বছৰত টকা নোলোৱাকৈ কাম কৰিব লাগিব আৰু আগতে লোৱা ধন পৰিশোধ নোহোৱা পৰ্য্যন্ত কৰি যাব লাগিব,’ গাঁৱৰ জ্যেষ্ঠ সন্মানীয় লোক বাপু হিলমে কয়
নৰসুৰত একোজন পুৰুষ কৃষিশ্ৰমিকে দিনে ৩৫০ টকা আৰু এগৰাকী মহিলা শ্ৰমিকে ২৫০ টকা পৰ্য্যন্ত পাব পাৰে। “কিন্তু ইয়াত কৃষিকাৰ্য্য গোটেই বছৰ নচলে। বৰ্ষাকাল শেষ হোৱাৰ পিছত, ধানখেতি চপোৱা সম্পূৰ্ণ হোৱাৰ পিছত গাঁৱত কাম নোহোৱা হয়। আমাৰ বহুতৰে নিজা মাটিও নাই। সেই কাৰণে আমাৰ পৰিয়ালবোৰে বৰ্ষাকালৰ পিছতে প্ৰব্ৰজন কৰে,” সন্দীপে কয়।
কাটকাৰিসকল আন ঠাইত কাম কৰিবলৈ গুছি যোৱাৰ ফলত কিছুমান আৱশ্যকীয় নথি-পত্ৰ সংগ্ৰহত তেওঁলোকৰ বিলম্ব হয়। জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন জনাই কামৰ কাৰণে প্ৰব্ৰজন কৰাৰ ফলত তহচিলদাৰৰ কাৰ্য্যালয়ত বহুতো গাওঁবাসীৰ আবেদনত ধূলি-বালিৰ চামনি পৰে আৰু প্ৰতিঘৰলৈ গৈ আবেদনকাৰীসকলক মূল্যায়ন কৰিব বিচাৰিলেও ঘৰত মানুহ নাথাকে। একোখন জিলাৰ মহকুমাধিপতিয়ে ইচ্ছ্যু কৰা জাতিৰ প্ৰমাণপত্ৰ অনুসূচিত জনগোষ্ঠীৰ এখন দৰকাৰী নথি, কিয়নো ইয়াৰ ওপৰত ভিত্তি কৰি চৰকাৰী আঁচনি আৰু ৰাজসাহায্য থিৰাং কৰা হয়। ঘৰে ঘৰে গৈ কৰা গুৰুত্বপূৰ্ণ জৰীপৰ সময়ত কাটকাৰিসকল প্ৰায় অনুপস্থিত থাকে, সেয়ে তেওঁলোক হিচাপ বহিৰ্ভূত হৈ থাকি যায়।
গাঁৱত কৰ্মসংস্থানৰ সুযোগ নাই, সেয়ে সাত মাহৰ বাবে গোটেই পৰিয়ালটো আন ঠাইলৈ গৈ কৰা উপাৰ্জন জানো পৰিয়ালৰ আৰ্থিক দীনতা নোহোৱা কৰিব পাৰে? “সংকট বা টকাৰ জৰুৰী প্ৰয়োজনৰ সময়ত শ্ৰমিকসকলে কয়লা ভাতীৰ মালিকৰ পৰা নিজৰ প্ৰয়োজন অনুসৰি আগধন লয়। এমজিএনৰেগাত কাম কৰিলে দৈনিক মজুৰি বেছি পায়, কিন্তু কাম শেষ হোৱাৰ ছমাহৰ পিছত এই ধন শ্ৰমিকৰ বেংকৰ একাউণ্টত সোমায় (দৈনিক ২০১ টকা)। কিছুমান মানুহে ২০১৫ চনত কাম কৰা টকাও পোৱা নাই!” বিষ্ণুৱে কয়। তেওঁ এমজিএনৰেগাৰ ব্লক পৰ্য্যায়ৰ হিচাপ পৰীক্ষক গোটৰ সদস্য।
অঞ্চলটোত যদি বন অধিকাৰ আইন (এফ.আৰ.এ.), ২০০৬ সঠিকভাৱে কাৰ্য্যকৰী কৰা হ’লেও এই মানুহখিনিৰ সহায়ক হ’লহেঁতেন। মূঠ ভৌগোলিক এলেকাৰ প্ৰায় ৫১০০ হেক্টৰ অৰণ্যভূমিৰ নৰসুৰৰ গ্ৰামাঞ্চলৰ মাটিকালি হ’ল ৩৫০০ হেক্টৰ। ইয়াৰ অধিবাসীসকলৰ নিজৰ মাটি নথকাত খেতি কৰিব নোৱাৰে। অৰণ্যভূমি অধিকাৰ আইনৰ অধীনত ব্যক্তিগত বা সমূহীয়া বনাঞ্চল অধিকাৰ প্ৰদান কৰিব পাৰে, এই অধিকাৰ লাভ কৰিলে ইযাৰ কাটকাৰিসকলে খেতি কৰাৰ লগত অৰণ্যজাত কিছুমান সাধাৰণ সম্পদ সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। “বন বিষয়াই খেদি নপঠোৱা পৰ্য্যন্ত আমাৰ কিছুমান মানুহে বনাঞ্চলত খেতি কৰে,” সন্দীপে কয়। “আমাৰ ইয়াৰ কিছুমান মানুহে মাটিৰ পট্টা লাভ কৰি নিজৰ দখলীকৃত অৰণ্যভূমিৰ মালিকানা পাইছে আৰু তেওঁলোকে কামৰ সন্ধানত প্ৰব্ৰজন কৰিবলগীয়া নহয়।”
২০০৯ চনত সন্দীপে এবাৰ পোৰা কয়লাৰ ভাতীত কাম কৰিছিল। কিন্তু তেনে পৰিৱেশত থাকি কাম কৰিবলৈ পুনৰ কেতিয়াও নোযোৱাৰ সিদ্ধান্ত লয়। তেওঁৰ পিতৃ হৰি পাৱাৰে বনাঞ্চল অধিকাৰ আইনৰ অধীনত ৩৩ গুণ্ঠা মাটি (৪০ গুণ্ঠাই এক একৰ হয়)ৰ মালিকানাস্বত্ব লাভ কৰে। সেয়ে তেওঁ প্ৰব্ৰজন নকৰাকৈ থাকিব পাৰে। তেওঁৰ পৰিয়ালে সেই মাটিত ধান তথা শাক-পাচলি আৰু ফুলৰ খেতি কৰে। প্ৰায় এক একৰ নিজৰ মাটি থকা কাৰণে বনাঞ্চলৰ অধিক মাটিত তেওঁলোকে এনেদৰে খেতি কৰিব পাৰে।
থানালে কাটকাৰিৱাড়ি গাঁৱৰ ৬৫ টা পৰিয়ালৰ মাত্ৰ তিনিটা পৰিয়ালে এফ.আৰ.এ.ৰ অধীনত ব্যক্তিগত বনাঞ্চল অধিকাৰ লাভ কৰিছে। প্ৰয়োজনীয় নথি-পত্ৰ নথকা বা আইনী অধিকাৰ সম্পৰ্কে সজাগতাৰ অভাৱত বহুতে এই সুবিধা লাভ কৰিব পৰা নাই।
কাটকাৰিসকলৰ দৰে পিভিটিজিৰ বাবে থকা আধিবাসীৰ বাবে আবণ্টিত আঁচনি আৰু পুঁজিৰ ব্যৱস্থাও ৰাইগড় জিলাৰ পেন তালুকত থকা সংহত জনজাতীয় উন্নয়ন প্ৰকল্প কাৰ্য্যালয়ত আছে। এনেকুৱা বহু আঁচনিৰ ভিতৰত এখন হ’ল যে ইটাৰ ভাতী স্থাপন কৰিবলৈ ১০ জন লোকৰ এটা গোটক তিনিটা কিস্তিত ১০০ শতাংশ ৰাজসাহায্যযুক্ত ৩ (তিনি লাখ) টকা দিয়া হয়। “কাঠ পুৰি কয়লা বনোৱা ভাতীত কাম কৰিবলৈ যোৱাৰ পৰিৱৰ্তে আমি নিজে নিজৰ ইটাভাতী আৰম্ভ কৰিব পাৰো,” সন্দীপে কয়। তেওঁ আন নজনৰ সৈতে এটা ভাতী আৰম্ভ কৰিছে আৰু মাৰ্চৰ পৰা অক্টোবৰলৈ আঠ মাহ ইটাৰ ভাতী চলাই ইয়াত জৰিত ১০ টা পৰিয়ালৰ প্ৰত্যেকে ২০,০০০ টকাকৈ লভ্যাংশ পাইছে। জুনৰ পৰা অক্টোবৰৰ মাজৰ সময়খিনিত কোনোৱে কৃষিকাৰ্য্যত জড়িত হয়।
কিন্তু বহুতো কাটকাৰিয়ে ইটা ভাতী খোলা আঁচনিৰ বিষয়ে নাজানে। সন্দীপৰ সফলতাৰ পিছত ২০১৮ চনত এই তালুকৰ নৰসুৰ কাটকাৰিৱাড়ি আৰু আন এখন কাটকাৰি গাঁৱৰ পৰা মুঠ দুখন আবেদন ইটাভাতী খোলাৰ বাবে প্ৰেৰণ কৰা হৈছিল।
পৰ্য্যটন উদ্যোগেও কিছুমান কামৰ ব্যৱস্থা কৰিছে। সুধাগড় তহচিলৰ পালি নগৰখন অষ্টবিনায়কৰ আঠ গণপতিৰ এটা আৰু ঐতিহাসিক দুৰ্গ তথা গুহাৰ বাবে বিখ্যাত। দুয়োটা ঐতিহাসিক স্থানলৈ যোৱাৰ প্ৰৱেশপথ হ’ল নৰসুৰ। “আমি প্ৰব্ৰজন নকৰো, কাৰণ আমি পামঘৰৰ মালিকৰ অধীনত কাম পাইছো। মজুৰি কম (পুৰুষক ২০০ টকা আৰু মহিলাক ১৫০ টকা দিয়া হয়), অন্ততঃ আমি নিজৰ ঘৰৰ ওচৰত আছো। আমাৰ যদি খুব আৱশ্যক হয়, তেন্তে আমি অলপ আগধন ল’ব পাৰো।” নৰসুৰ পঞ্চায়তৰ বাহিৰামপাৰা আদিবাসীৱাড়িৰ ৫১ বছৰ বয়সীয়া ভিৱা পাৱাৰে কয়।
নিকটৱৰ্তী কাটকাৰি গাঁৱৰ সকলো লোকে আন ঠাইত কাম কৰিবলৈ প্ৰব্ৰজন কৰাৰ সময়ত এই গাঁৱৰ ১২ টা পৰিয়ালে প্ৰব্ৰজন নকৰে। তেওঁলোকৰ এজনে কয়, “আমি যদি এনেকৈ চলিব পাৰো, তেন্তে আমি কেতিয়াও গাওঁ এৰি আন ঠাইত কাম কৰিবলৈ প্ৰব্ৰজন নকৰো।”
অনুবাদ: পংকজ দাস