‘‘ছুটী, জিৰণি, কামৰ কোনো ধৰণৰ নিৰ্দিষ্ট সময়ৰ কথা ইয়াত আহিয়েই নপৰে।’’

শ্বেইখ চালাউদ্দিন হায়দৰাবাদৰ কেব কোম্পানী এটাৰ গাড়ীচালক। ৩৭ বছৰীয়া চালাউদ্দিন স্নাতক ডিগ্ৰীধাৰী যদিও নাম ক’ব নোখোজা কোম্পানীটোৰ চুক্তিপত্ৰখন তেওঁ কোনোদিন পঢ়া নাই। “সেইখন ঢেৰ আইনী পৰিভাষাৰে ভৰি আছে।” চুক্তিপত্ৰখন কেৱল তেওঁ ডাউনলোড কৰা এপটোত আছে, তেওঁৰ হাতত ফিজিকেল কপি নাই।

“কোনো চুক্তিপত্ৰ স্বাক্ষৰ কৰা হোৱা নাছিল,” ডেলিভাৰী এজেণ্ট ৰমেশ দাসে (নাম সলনি কৰা হৈছে) কয়। কলকাতাৰ এগৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক ৰমেশে কোনো আইনী গেৰাণ্টি বিচাৰি থকা নাছিল, তেওঁ বিচাৰিছিল যে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ নিজ গাওঁ বাহা ৰুনাৰ পৰা আহি কিমান সোনকালে তেওঁ কাম এটা পাব পাৰে। “কোনো ধৰণৰ পেপাৰৱৰ্ক নাই। আমাৰ আই.ডি. (পৰিচয়) এপটোত আছে – সেয়াই একমাত্ৰ চিনাক্তকৰণ। আমাক বিক্ৰেতাৰ যোগেদি (তৃতীয় পক্ষৰ যোগেদি আউটচ’ৰ্ছ কৰা হৈছে) নিযুক্তি দিয়া হৈছে,” তেওঁ বুজাই কয়।

ৰমেশে প্ৰতিটো পাৰ্চেলত ১২ৰ পৰা ১৪ টকা পায় আৰু ৪০ৰ পৰা ৪৫ টা পাৰ্চেল দিব পাৰিলে তেওঁ দিনে প্ৰায় ৬০০ টকা কমিচন পায়। তাত “তেলৰ খৰছ, বীমা, চিকিৎসা সুৰক্ষা, আন কোনো ভাত্তা নাই,” তেওঁ কয়।

Left: Shaik Salauddin, is a driver in an aggregated cab company based out of Hyderabad. He says he took up driving as it was the easiest skill for him to learn.
PHOTO • Amrutha Kosuru
Right: Monsoon deliveries are the hardest
PHOTO • Smita Khator

বাওঁফালে: শ্বেইখ চালাউদ্দিন হায়দৰাবাদৰ এটা কেব কোম্পানীৰ গাড়ীচালক। গাড়ী চলোৱাটো আটাইতকৈ সহজ কৌশল হেতুকে তেওঁ সেইটোকে বাচি ল’লে। সোঁফালে: বাৰিষাৰ দিনত পাৰ্চেল ডেলিভাৰ কৰাটো টান হৈ পৰে

তেওঁ তিনি বছৰ আগতে বিলাসপুৰৰ পৰা ৰায়পুৰলৈ গুছি অহাৰ পিছত সাগৰ কুমাৰে জীয়াই থাকিবলৈ দুটা জীৱন কটাবলগীয়া হৈছে। ২৪ বছৰীয়া সাগৰে চত্তিশগড়ৰ ৰাজধানী চহৰৰ অফিছ বিল্ডিং এটাত পুৱা ১০ৰ পৰা সন্ধিয়া ৬ বজালৈ ছিকিউৰিটি গাৰ্ড হিচাপে কাম কৰে আৰু তাৰপাছত ৰাতি ১২ বজালৈকে চুইগিত অৰ্ডাৰ ডেলিভাৰী কৰি ফুৰে।

বেংগালুৰুৰ এখন বিখ্যাত ৰেষ্টোৰাঁৰ সন্মুখত হাতৰ মুঠিত ম’বাইল ফোন লৈ চুইগি ডেলিভাৰী এজেণ্টৰ দীঘলীয়া লানি লাগিছে। পৰৱৰ্তী অৰ্ডাৰটো আহিলে ম’বাইলটো বাজি উঠিব, সেই মাতটো শুনালৈ সুন্দৰে বাহাদুৰ বিস্তে অপেক্ষা কৰিছে। ৮ম শ্ৰেণীতে পঢ়া এৰা বাহাদুৰে নতুনকৈ শিকা ভাষাটোত নিৰ্দেশনাবোৰ পঢ়িবলৈ অসুবিধা পাইছে।

“মই ইংৰাজীতে পঢ়ো, কেনেবাকৈ পঢ়ি লওঁ। বেছি পঢ়িবলগীয়া নাথাকে... ফাৰ্ষ্ট ফ্ল’ৰ, ফ্লেট ৱান এ...” সিমানখিনিয়ে। আৰু তেওঁৰ হাতত কোনো চুক্তিপত্ৰ নাই আৰু মুখখন দেখুৱাবলৈকো কোনো ‘অফিছ’ নাই। ‘‘ছুটী, বেমাৰৰ নামত ছুটী, একোৱেই নাই।

সমগ্ৰ দেশখনত বিয়পি থকা, মহানগৰৰ পৰা আৰম্ভ কৰি সৰু চহৰলৈ, এই শ্বেইখ, ৰমেশ, সাগৰ আৰু সুন্দৰৰ দৰে ভাৰতত অস্থায়ী (গিগ কৰ্মী) কৰ্মীৰ সংখ্যা ৭৭ লাখ। এয়া ২০২২ত নিতি আয়োগে প্ৰকাশ কৰা তথ্য।

Left: Sagar Kumar moved from his home in Bilaspur to Raipur to earn better.
PHOTO • Purusottam Thakur
Right: Sunder Bahadur Bisht showing how the app works assigning him his next delivery task in Bangalore
PHOTO • Priti David

বাওঁফালে: সাগৰ কুমাৰে ভাল আয়ৰ আশাত বিলাসপুৰৰ পৰা ৰায়পুৰলৈ আহি থিতাপি লাগিছিল। সোঁফালে: সু্ন্দেৰ বাহাদুৰ বিস্তে এপটো দেখুৱাইছে, কেনেকৈ এপটোৱে তেওঁক বেংগালুৰুত পৰৱৰ্তী ডেলিভাৰী ক’ত আছে সেয়া দেখুৱাই দিয়ে

তেনে লোকৰ ভিতৰত কেবচালক, খাদ্য আৰু পাৰ্চেল ডেলিভাৰ কৰা লোক, আনকি ঘৰতে মেকআপৰ কাম কৰা লোকো অন্তৰ্ভুক্ত। এই কৰ্মবলত আছে ডেকা ল’ৰা-ছোৱালীবোৰ, যাৰ ফোনটোৱেই কৰ্মস্থল, কামৰ বিৱৰণ ফোনতে আহে আৰু কামৰ সুৰক্ষা সাধাৰণ হাজিৰা কৰা মানুহ এজনৰ দৰেই অনিশ্চিত। যোৱা কেইটামান মাহত ব্যয় কমোৱাৰ নামত অতিকমেও দুটা এনে কোম্পানীয়ে হাজাৰ হাজাৰ লোকক কামৰ পৰা উলিয়াই দিছে।

১৫ৰ পৰা ২৯ বছৰ বয়সৰ চামৰ কৰ্মীৰ মাজত নিবনুৱাৰ হাৰ ১৮.৫ শতাংশ হোৱা বুলি পিৰিয়ডিক লেবাৰ ফ’ৰ্চ চাৰ্ভে (জুলাই-ছেপ্টেম্বৰ, ২০২২)ত প্ৰকাশ পাইছে, তাত কোৱা হৈছে যে আইনী আৰু ঠিকাভিত্তিক কামৰ নেতিবাচক দিশৰ পৰোৱাই নকৰি কেৱল কামৰ সন্ধানত হাবাথুৰি খোৱা শ্ৰমিকৰ সংখ্যা বাঢ়িছে।

“মই কুলি হিচাপে আৰু কাপোৰ-বেগ আদিৰ দোকানত কাম কৰিছো। চুইগিৰ (ডেলিভাৰী)ৰ বাবে মোক এখন বাইক আৰু ফোন এটা লাগে। মই আৰু এনেকৈ মোৰ দেহাই টানিব নোৱাৰা গধুৰ বোজা দাঙিব নালাগে বা তেনে কোনো কাম কৰিবলগীয়া নহয়,” সাগৰে কয়। ৰায়পুৰত সন্ধিয়া ৬ বজাৰ পিছত খাদ্য আৰু আন বস্তু ডেলিভাৰ কৰি তেওঁ দিনে ৩০০ৰ পৰা ৪০০ টকা উপাৰ্জন কৰে, কেতিয়াবা উৎসৱৰ বতৰত ৫০০ টকালৈকে পায়। তেওঁৰ আই.ডি.খনৰ ম্যাদ ২০৩৯লৈ আছে, কিন্তু তাত তেওঁৰ ব্লাড গ্ৰুপ আৰু ইমাৰ্জেন্সি ফোন নম্বৰটো নাই। সেইবোৰ আপডেট কৰিবলৈ তেওঁৰ হাতত সময় নাই বুলি তেওঁ কয়।

কিন্তু আনবোৰৰ দৰে নহৈ, সাগৰে দিনত কৰা ছিকিউৰিটি গাৰ্ডৰ কামটোত তেওঁ মাহে ১১ হাজাৰ টকা পায় আৰু লগত চিকিৎসা বীমা আৰু ভবিষ্যনিধিও আছে। এই সুস্থিৰতা আৰু চুইগিৰ পৰা অহা অতিৰিক্ত আয়েৰে তেওঁ সঞ্চয় কৰিব পাৰিছে। “মই এটা কামেৰে আগতে পইছা বচাব পৰা নাছিলো, ঘৰলৈ পইচা পঠিয়াব পৰা নাছিলো, ক’ৰনাৰ কাৰণে লগা ধাৰ মাৰিব পৰা নাছিলো। এতিয়া মই সামান্য ৰাহি কৰিব পৰা হৈছো।”

Sagar says, ‘I had to drop out after Class 10 [in Bilaspur]because of our financial situation. I decided to move to the city [Raipur] and start working’
PHOTO • Purusottam Thakur

সাগৰে কয়, ‘আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা বেয়া হোৱা কাৰণে দশমমানতে (বিলাসপুৰৰ পৰা) পঢ়া এৰিবলগীয়া হৈছিল। মই চহৰলৈ আহি (ৰায়পুৰ) কিবা এটা কৰাৰ সিদ্ধান্ত লৈছিলো’

বিলাসপুৰত সাগৰৰ পিতৃ সাইৰামে চহৰত এখন পাচলিৰ দোকান চলায় আৰু তেওঁৰ মাক সুনীতাই সাগৰ সৰু দুই ভায়েক, ৬ বছৰীয়া ভৱেশ আৰু এবছৰীয়া চৰণৰ যত্ন লয়। পৰিয়ালটো চত্তিশগড়ৰ দলিত সম্প্ৰদায়ৰ। “আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থাৰ কাৰণে দশমমানতে পঢ়া এৰিবলগীয়া হৈছিল। মই চহৰলৈ আহি কাম কৰাৰ সিদ্ধান্ত লৈছিলো,” তেওঁ কয়।

হায়দৰাবাদৰ এপ-ভিত্তিক কেব চালক শ্বেইখে কয় যে তেওঁ গাড়ী চলোৱাটোৱে সহজ পালে কাৰণে সেইটো কামতে ধৰিলে। তিনি কন্যা সন্তানৰ পিতৃ শ্বেইখে কয় যে তেওঁ নিজৰ সময়খিনি ভগাই লৈছে। তেওঁ বেছিভাগ ৰাতিয়ে কেব চলায়, কিয়নো “ৰাতি ট্ৰেফিক কম থাকে আৰু পইচাও সামান্য বেছি পোৱা যায়।” শ্বেইখে মাহে ১৫ৰ পৰা ১৮ হাজাৰ টকা উপাৰ্জন কৰে।

কলকাতালৈ প্ৰব্ৰজন কৰা ৰমেশো এপ-ভিত্তিক ডেলিভাৰী ব্যৱসায়ত যোগ দিবলৈ আগ্ৰহী হৈ পৰিছিল, কিয়নো সেয়া আছিল সোনকালে আয় কৰিব পৰা এটা বাট। তেওঁৰ দেউতাক ঢুকোৱাৰ পিছত পৰিয়ালক আৰ্থিকভাবে সহায় কৰাৰ বাবে ১০ম শ্ৰেণীত পঢ়া এৰি তেওঁ ওলাই আহিছিল। “মই বিভিন্ন কাম কৰিছিলো, দোকানতো কাম কৰিছিলো,” যোৱা ১০ বছৰৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ কয়।

তেওঁ কলকাতাৰ যাদৱপুৰত ডেলিভাৰী কৰি থকা সময়ত ট্ৰেফিক চিগনেলত ৰৈ দিব লাগিলে তেওঁৰ চিন্তা লাগে। “মই সদায় লৰালৰিতে থাকো। ইমান স্পীডত চাইকেল চলাও... সকলো কাম সময়ত কৰিবলৈ গৈ উদ্বিগ্নতা বাঢ়ে। বাৰিষাৰ দিনকেইটা আমাৰ বহুত বেছি কষ্ট হয়। আমি জিৰণি নলওঁ, খাদ্য, স্বাস্থ্য সকলো টাৰ্গেট পুৰণ কৰাৰ চিন্তাত এৰিবলগীয়া হয়,” তেওঁ কয়। ডাঙৰ বেগত পাৰ্চেল লৈ ফুৰোতে পিঠিৰ বিষ হয়। “আমি সকলো ধৰণৰ গধুৰ বস্তু কঢ়িয়াও। ডেলিভাৰী কৰা প্ৰতিজন লোকৰ পিঠিৰ বিষ আছে। কিন্তু আমাৰ স্বাস্থ্যৰ বাবে কোনো সুবিধা (বীমা) নাই,” তেওঁ যোগ দিয়ে।

Some delivery agents like Sunder (right) have small parcels to carry, but some others like Ramesh (left) have large backpacks that cause their backs to ache
PHOTO • Anirban Dey
Some delivery agents like Sunder (right) have small parcels to carry, but some others like Ramesh (left) have large backpacks that cause their backs to ache
PHOTO • Priti David

কিছুমান ডেলিভাৰী এজেণ্ট যেনে সু্ন্দেৰে (সোঁফালে) সৰু সৰু পাৰ্চেল নিব লাগে, কিন্তু ৰমেশৰ (বাওঁফালে) দৰে এজেণ্টৰ পিঠিত লোৱা বেগটো প্ৰকাণ্ড, তেনে বেগ কঢ়িয়াই পিঠিৰ বিষ হয়

বেংগালুৰুত এই কৰ্মবলক সোমাবলৈ সুন্দৰে চাৰি মাহ আগতে স্কুটাৰ এখন কিনিবলগীয়া হৈছে। তেওঁ সপ্তাহত ৫ৰ পৰা ৭ হাজাৰ টকা উপাৰ্জন কৰিব পাৰে বুলি কয়। তাৰে তেওঁ স্কুটাৰখনৰ কিস্তি, পেট্ৰ’ল, ৰুমৰ ভাৰা আৰু ঘৰুৱা খৰছৰ নামত ৪,০০০ টকা যায়।

আঠটা ভাই-ভনীৰ আটাইতকৈ সৰু সুন্দৰেই খেতিয়ক আৰু দিনহাজিৰা কৰা পৰিয়ালটোৰ মাজৰ এজন, যিয়ে নেপালৰ পৰা ইমান হাজাৰ কিলোমিটাৰ বাট অতিক্ৰম কৰি কামৰ সন্ধানত আহিছে। “মই কিনা মাটি এচিটাৰ ধাৰ মাৰিব আছে, সেইখিনি পৰিশোধ নকৰালৈকে মই কাম কৰি যাম,” তেওঁ কয়।

*****

“বাইদেউ, আপুনি গাড়ী চলাব জানেনে?”

শৱনমবানু ছেহাদালি শ্বেইখ এই প্ৰশ্নটোৰ প্ৰায়ে সন্মুখীন হয়। আহমেদাবাদৰ ২৬ বছৰীয়া কেবচালক শৱনমবানুৱে চাৰিবছৰ ধৰি গাড়ী চলাই আহিছে আৰু এনে লিংগবৈষম্যৰ প্ৰশ্ন উপেক্ষা কৰিব পৰা হৈছে।

Shabnambanu Shehadali Sheikh works for a app-based cab company in Ahmedabad. A single parent, she is happy her earnings are putting her daughter through school
PHOTO • Umesh Solanki
Shabnambanu Shehadali Sheikh works for a app-based cab company in Ahmedabad. A single parent, she is happy her earnings are putting her daughter through school
PHOTO • Umesh Solanki

শৱনমবানু ছেহাদালি শ্বেইখে আহমেদাবাদৰ এপ-ভিত্তিক কেব কোম্পানী এটাত কাম কৰে। সন্তানৰ একমাত্ৰ অভিভাৱক হিচাপে তেওঁ নিজৰ জীয়াৰীক স্কুলত পঢ়ুৱাব পৰাক লৈ তেওঁ সুখী

তেওঁৰ গিৰীয়েক শোকাৱহ দুৰ্ঘটনা এটাত ঢুকোৱাৰ পিছত তেওঁ এই কামত ধৰিছিল। “মই অকলে ৰাস্তাও পাৰ হৈ পোৱা নাছিলো,” তেওঁ সেই দিনবোৰৰ কথা মনত পেলায়। শৱনমবানুৱে এটা চিমুলেটৰত প্ৰশিক্ষণ লৈ তাৰপাছত ৰাস্তাত অনুশীলন কৰে আৰু ২০১৮ত এটি সন্তানৰ মাতৃগৰাকীয়ে এখন গাড়ী ভাৰাত লৈ এপ-ভিত্তিক কোম্পানীটোত কাম কৰিবলৈ লয়।

“এতিয়া মই হাইৱেত গাড়ী চলাব পাৰো,” তেওঁ মিচিকীয়াই হাঁহি কয়।

নিবনুৱাৰ তথ্যই কয় যে মহিলাই কাম হেৰুওৱাৰ সম্ভাৱনা ২৪.৭ শতাংশ বেছি। শৱনমবানু এইক্ষেত্ৰত ব্যতিক্ৰম আৰু নিজৰ উপাৰ্জনেৰে নিজৰ জীয়ৰীজনীক পঢ়ুৱাব পৰাক লৈ তেওঁ গৌৰৱান্বিত।

লিংগভিত্তিক নতুনত্বৰ সৈতে তেওঁৰ কেবৰ যাত্ৰীবোৰ অভ্যস্ত হৈ পৰাৰ পিছতো ২৬ বছৰ বয়সীয়া শৱনমবানুৰ সমস্যা শেষ হোৱা নাই, “ৰাস্তাত টয়লেটবোৰ দূৰে দূৰে আছে। পেট্ৰ’ল পাম্পত সেইবোৰ তলা লগাই থয়। ছাবি খুজিবলৈ লাজ লাগে, পেট্ৰ’ল পাম্ববোৰত পুৰুষেই বেছি থাকে।” ভাৰতত গিগ ইকনমিত মহিলা শ্ৰমিক শীৰ্ষক এক অন্বেষণমূলক অধ্যয়নত কোৱা হৈছে যে টয়লেটৰ সুবিধা নথকাৰ উপৰিও মহিলা কৰ্মীয়ে লিংগভিত্তিক বেতনৰ ব্যৱধান আৰু নিম্ন সুৰক্ষা-নিৰাপত্তাত কাম কৰিবলগীয়া হয়।

On the road, the toilets are far away, so if she needs to find a toilet, Shabnambanu simply Googles the nearest restrooms and drives the extra two or three kilometres to reach them
PHOTO • Umesh Solanki

‘ৰাস্তাত টয়লেটবোৰ দূৰ দূৰে আছে,’ সেয়ে টয়লেট এটা বিচাৰোতে শৱনমবানুয়ে গুগল কৰি নিকটৱৰ্তী টয়লেটটো বিচাৰি উলিয়ায় আৰু দুই-তিনি কিলোমিটাৰ অতিৰিক্ত বাট গাড়ীখন চলাবলগীয়া হয়

পেচাৱ ৰখাব নোৱাৰা অৱস্থা হ’লে শৱনমবানুয়ে গুগলত নিকটৱৰ্তী টয়লেট বিচাৰে আৰু দুই-তিনি কিলোমিটাৰ অতিৰিক্ত বাট গাড়ীখন চলাবলগীয়া হয়। “পানী কমকৈ খোৱাৰ বাদে আন একো উপায় নাই। কিন্তু পানী কমকৈ খালে আকৌ এই গৰমত মূৰ আচন্দ্ৰাই কৰে। চকুৰে একো নেদেখা হৈ যাও। গাড়ীখন কিছু সময়ৰ বাবে ৰখাই অপেক্ষা কৰোঁ,” তেওঁ যোগ দিয়ে।

কলকাতাত ইটো ঠাইৰ পৰা সিটো ঠাইলে দৌৰাদৌৰি কৰি থাকোতে ৰমেশ দাসৰ বাবেও এয়া এক সমস্যা। “দিনটোৰ লক্ষ্য পূৰণ কৰাৰ দৌৰাদৌৰিত এইবোৰ (টয়লেটলৈ যোৱা) উপেক্ষা কৰিবলগীয়া হৈ পৰে,” তেওঁ দুশ্চিন্তাৰে কয়। “এই ধৰক পেচাৱ কৰা লাগিল, ইফালে একেটা সময়তে ৰাইডৰ ৰিকুৱেষ্ট এটাও আহি পৰিল, সেই ৰিকুৱেষ্টটো প্ৰত্যাখান কৰিবলৈ তেওঁ বহুবাৰ ভাবিব লাগিব,” তেলাংগনা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ ইউনিয়ন (টি.জি.পি.ডব্লিউ.ইউ.)ৰ প্ৰতিস্থাপক সচিব শ্বেইখে কয়।

অৰ্ডাৰ বা ৰাইড এটা নাকচ কৰা মানে এপত আপুনি তললৈ নামি যায় আৰু তাৰবাবে জৰিমনা ভৰিব লাগে, ড্ৰপ হয় বা চাইডলাইন কৰা হয়। আপুনি কেৱল ব্যক্তিবিহীন এণ্টিটি এটাত টিকট ৰেইজ কৰিব পাৰে আৰু ভালৰ বাবে আশা কৰিব পাৰে।

নিতি আয়োগে ‘ইণ্ডিয়াচ ৰোডমেপ ফৰ এছ.ডি.জি. ৮’ শীৰ্ষক প্ৰতিবেদনত কৈছে যে “ভাৰতৰ প্ৰায় ৯২ শতাংশ কৰ্মশক্তি অসংগঠিত খণ্ডত নিয়োজিত হৈ আছে... আৱশ্যকীয় সামাজিক সুৰক্ষা তেওঁলোকে নাপায়...” ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য – ৮য়ে আন সমস্যাৰ লগতে “শ্ৰমিকৰ অধিকাৰ সুৰক্ষা আৰু নিৰাপদ আৰু নিৰাপত্তাযুক্ত কৰ্মপৰিৱেশৰ বাবে উদগনি যোগোৱা”ত গুৰুত্ব আৰোপ কৰিছে।

Shaik Salauddin is founder and president of the Telangana Gig and Platform Workers Union (TGPWU)
PHOTO • Amrutha Kosuru

শ্বেইখ চালাউদ্দিন তেলাংগনা গিগ এণ্ড প্লেটফৰ্ম ৱৰ্কাৰ্ছ ইউনিয়ন (টি.জি.পি.ডব্লিউ.ইউ.)ৰ প্ৰতিস্থাপক তথা সচিব

সংসদে সামাজিক সুৰক্ষাৰ বিধি ২০২০ত গৃহীত কৰিছিল আৰু গিগ তথা প্লেটফৰ্মৰ কৰ্মীৰ বাবে সামাজিক সুৰক্ষাৰ আঁচনি যুগুতোৱাৰ বাবে কেন্দ্ৰ চৰকাৰক আহ্বান জনাইছিল। এই কৰ্মদল তিনিগুণ বাঢ়ি ২০২৯-৩০ত প্ৰায় ২ কোটি ৩৫ লাখ হ’ব বুলি অনুমান কৰা হৈছে।

*****

এই ষ্ট’ৰিৰ সময়ত কথা পতা বহুতো কৰ্মীয়ে ‘মালিক’ৰ পৰা স্বাধীনতা লাভৰ এক অনুভৱ পোৱা বুলি কয়। পাৰিৰ সৈতে কথা পতাৰ প্ৰথম মিনিটতে সুন্দৰে কিয় বেংগালুৰত তেওঁ আগতে কাপোৰৰ দোকানত চেলচমেনৰ কাম কৰাতকৈ এই কামটো পচন্দ কৰে, তাকে কয়। “মই নিজেই নিজৰ মালিক। মই মোৰ নিজৰ খুচিমতে কাম কৰিব পাৰো আৰু যেতিয়া মন যায় কামটো এৰিব পাৰো।” কিন্তু ঋণখিনি পৰিশোধ কৰাৰ পিছত তেওঁ আন কিবা কাম বিচাৰিব, যিটো বেছি সুস্থিৰ আৰু কম ব্যস্ততাপূ্ৰ্ণ হ’ব, সেই লৈ তেওঁ নিশ্চিত।

শম্বুনাথৰ ঘৰ ত্ৰিপুৰাত, তেওঁৰ বেছি কথা ক’বলৈ সময় নাই। তেওঁ খাদ্যৰ পাৰ্চেল পালেই ওলাই যাবলৈ ৰৈ থকা জমেটো আৰু চুইগিৰ ডেলিভাৰী এজেণ্টবোৰৰ সৈতে একেলগে পুণেৰ এখন ব্যস্ত আৰু জনপ্ৰিয় ৰেষ্টোৰাঁৰ সন্মুখত অপেক্ষাৰত। তেওঁ চাৰিবছৰ ধৰি পুণেত আছে আৰু ভালদৰে মাৰাঠী ভাষা ক’ব পাৰে।

সু্ন্দৰৰ দৰে তেঁৱো মলত কৰা ১৭ হাজাৰ টকীয়া কামটোতকৈ এই কামটো বেছি ভাল পায়। “এই কামটো ভাল। মই ফ্লেট এটা ভাৰাত লৈছো আৰু আমি (তেওঁৰ বন্ধু)ৰ সৈতে একেলগে থাকো। মই দিনে হাজাৰ টকা উপাৰ্জন কৰো,” শম্ভুনাথে কয়।

Rupali Koli has turned down an app-based company as she feels an unfair percentage of her earnings are taken away. She supports her parents, husband and in-laws through her work as a beautician
PHOTO • Riya Behl
Rupali Koli has turned down an app-based company as she feels an unfair percentage of her earnings are taken away. She supports her parents, husband and in-laws through her work as a beautician
PHOTO • Riya Behl

ৰুপালী কোলিয়ে এপ-ভিত্তিক কাম এটা নকৰিলে, তেওঁ ভাবে যে তেওঁৰ উপাৰ্জনৰ ভাল অংশ এটা অন্যায়ভাবে কোম্পানীয়ে লৈ যায়। তেওঁ কাম কৰি তেওঁৰ পৰিয়াল, গিৰীয়েক আৰু শাহু-শহুৰক সহায় কৰে

সেয়া আছিল ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ সময়ত হোৱা লকডাউনৰ কথা, তেতিয়াই ৰূপালীয়ে বিউটিচিয়ান হিচাপে তেওঁৰ বিদ্যা কামত খটুৱাবলৈ লয়। “মই কাম কৰি থকা পাৰ্লাৰখনত আমাৰ দৰমহা আধা কাটিছিল, সেয়ে মই ফ্ৰীলান্স কৰিবলৈ থিৰাং কৰিলো।” তেওঁ প্ৰথমে এপ-ভিত্তিক কামটোত সোমাৱাৰ কথা ভাবিছিল যদিও পিছলৈ নিজেই সেয়া নকৰিবলৈ সিদ্ধান্ত ল’লে। “মই কষ্ট কৰিম আৰু প্ৰসাধনৰ সামগ্ৰী আনিম, অহা-যোৱাৰ নামত খৰছ কৰিম। তাৰপাছত কিয় মই ৪০ শতাংশ কোম্পানীক দিম? মই  ১০০ শতাংশ লাগি ৬০ শতাংশ পোৱাটো নিবিচাৰো।”

৩২ বছৰীয়া ৰূপালী মুম্বাইৰ মধ আইলেণ্ডৰ আন্ধেৰী তালুকৰ মাছমৰীয়া সম্প্ৰদাৰ মহিলা। তেওঁ স্বতন্ত্ৰ বিউটিচিয়ান হিচাপে মাক-দেউতাক, গিৰীয়েক, শাহু-শহুৰেকক সহায় কৰে। “মই মোৰ নিজৰ ঘৰ আৰু বিয়াৰ খৰছ এই কাম কৰি উলিয়াইছো,” তেওঁ কয়। তেওঁৰ পৰিয়ালটো কোলি সম্প্ৰদায়ৰ, মহাৰাষ্ট্ৰত বিশেষভাবে পিছপৰা শ্ৰেণী (এছ.বি.চি.) হিচাপে অন্তৰ্ভুক্ত।

ৰূপালীয়ে লগত আঠ কিলোগ্ৰাম মান ওজনৰ এটা ট্ৰলী আৰু পিঠিত তিনি কিলো মানৰ এটা বেগ লৈ ফুৰে। এপইণ্টমেণ্ট পোৱাৰ মাজত তেওঁ ঘৰুৱা কামবোৰ কৰে, পৰিয়ালৰ বাবে তিনিসাজ ভাত বনায় আৰু কয়, “নিজৰ মনৰ নিজেই মালিক হ’ব লাগে।”

এই ষ্ট’ৰিটোৰ বাবে হায়দৰাবাদৰ পৰা অম্ৰুতা কছুৰু, ৰায়পুৰৰ পৰা পুৰুষোত্তম ঠাকুৰ, আহমেদাবাদৰ পৰা উমেশ সোলাংকি , কলকাতাৰ পৰা স্মিতা খাটৰ , বেংগালুৰুৰ পৰা প্ৰীতি ডেভিদ , পুণেৰ পৰা মেধা কালে , মুম্বাইৰ পৰা ৰিয়া বেহেলে প্ৰতিবেদন যুগুতাইছে, সম্পাদনাত সহায় কৰিছে মেধা কালে, প্ৰতিষ্ঠা পাণ্ড্যা, জশুৱা বোধিনেত্ৰা, সংৱিতি আয়াৰ, ৰিয়া বেহেল আৰু প্ৰীতি ডেভিদে।

প্ৰচ্ছদ আলোকচিত্ৰ : প্ৰীতি ডেভিদ

অনুবাদ: পংকজ দাস

Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das