সোমবাৰে সদৰ চহৰখনৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পুৱা খোলাৰ কেইমিনিটমান পিছতে সুনীতাই নিজৰ স্বামীৰ সৈতে তাত উপস্থিত হয়। এগৰাকী এএনএম-য়ে সুনীতাক প্ৰসূতি ৱাৰ্ডলৈ নিয়াৰ ঠিক পিছতেই দম্পত্তিহালে স্বাস্থ্যকেন্দ্ৰ এৰি যায়। “ইয়াত কেনেকৈ প্ৰসৱ কৰোৱা হ’ব, ঠাইখন বহুত লেতেৰা,” সুনীতাই ৰিক্সা এখনত উঠি যাবলৈ ধৰাৰ সময়ত কৈ যায়।

“তাইৰ আজি প্ৰসৱৰ দিন, এতিয়া আমি ব্যক্তিগত চিকিৎসালয়লৈ যাব লাগিব,” ৰিক্সাখন যোৱাৰ সময়ত তেওঁৰ স্বামী অমৰ দত্তই কয়। সুনীতাই সেই স্বাস্থ্যকেন্দ্ৰটোতে তৃতীয়টো সন্তান জন্ম দিছিল। কিন্তু এইবাৰ তাই চতুৰ্থটো সন্তানৰ বাবে আন হস্পিতাললৈ যাবলগীয়া হৈছে।

কালিৰ জটিল প্ৰসৱ এটা কৰোৱাৰ সময়ত মজিয়াত লগা তেজৰ দাগবোৰ চাফা কৰিবলৈ আছে, পুৱা ১১ বজাত সদৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চাফাইকৰ্মীজন আহি পোৱা নাই।

“মই মোৰ স্বামীয়ে মোক লৈ যোৱালৈ অপেক্ষা কৰিছো। মোৰ ডিউটি শেষ হৈছে। ৰাতিৰ ডিউটি আছিল আৰু কোনো ৰোগী নাছিল যদিও মই মহৰ উৎপাতত শুব পৰা নাছিলো,” ৪৩ বছৰ বয়সীয়া পুষ্পা দেৱীয়ে কয় (নাম সলনি কৰা হৈছে)। পুষ্পাই বিহাৰৰ দাৰভাঙা জিলাৰ সদৰ চহৰখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত এএনএম নাৰ্ছ হিচাপে কাম কৰে। তেওঁ এএনএমৰ বাবে ৰখা চকীখনত বহি কাৰ্য্যালয়ৰ ভিতৰতে আমাৰ লগত কথা পাতিলে। চকীখনৰ পিছফালে থকা মেজখনত কিছু কাগজ সিঁচৰিত হৈ আছে আৰু কাঠৰ বিচনা এখন আছে। এই বিচনাখনতে পুষ্পাই অশান্তিত ৰাতি কটাইছে।

এসময়ৰ গুলপীয়া আঠুৱাখন মলিন হৈ পৰিছে, সহজেই মহ-ডাঁহ সোমাব পৰাকৈ আঠুৱাখনত যেনিয়ে-তেনিয়ে ফুটা আছে। বিচনাখনৰ তুলি-গাৰু আদি মেৰিয়াই এফালে থৈ দিয়া আছে, পিছদিনা ৰাতিৰ ডিউটি থকা এএনএমগৰাকীয়ে সেইখন ব্যৱহাৰ কৰিব।

Sunita Dutta (in the pink saree) delivered her third child at the Sadar PHC (right), but opted for a private hospital to deliver her fourth child
PHOTO • Jigyasa Mishra
Sunita Dutta (in the pink saree) delivered her third child at the Sadar PHC (right), but opted for a private hospital to deliver her fourth child
PHOTO • Jigyasa Mishra

গুলপীয়া শাড়ী পৰিহিতা সুনীতা দত্তই তেওঁৰ তৃতীয়টো সন্তান সদৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোত ( সোঁফালে ) প্ৰসৱ কৰোৱাইছিল যদিও চতুৰ্থ প্ৰসৱৰ বাবে ব্যক্তিগত হস্পিতাল বাচি ল লে

“আমাৰ কাৰ্য্যালয় আৰু শোৱা ঠাই একেখনেই। ঠিক এনেকুৱাই,” টোকাবহী এটাৰ ওপৰত জমা হোৱা মহকেইটামান খেদি পুষ্পাই কয়। পুষ্পাৰ স্বামী ৪৭ বৰ্ষীয় কিষাণ কুমাৰে কাৰ্য্যালয়টোৰ পৰা ৫ কিলোমিটাৰ দূৰত, দাৰভাঙা চহৰত এখন সৰু দোকান দিয়ে। তেওঁলোকৰ একমাত্ৰ সন্তান, ১৪ বৰ্ষীয় অমৰীশ কুমাৰে ব্যক্তিগত বিদ্যালয় এখনত ৮ম মান পঢ়ি আছে।

মাহেকত গঢ়ে ১০ৰ পৰা ১৫ গৰাকী প্ৰসূতিৰ প্ৰসৱ সদৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত কৰোৱা হয় বুলি পুষ্পাই কয়। ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱ বঢ়াৰ আগতে সেই সংখ্যা প্ৰায় দুগুণ আছিল। স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰসৱকোঠাত দুখন প্ৰসৱ টেবুল আৰু প্ৰসৱোত্তৰ সেৱা (পিএনচি)ৰ ৱাৰ্ডত মুঠ ছখন বিচনা আছে, তাৰে এখন ভাঙিছে। এই বিচনাকেইখনৰ “চাৰিখন ৰোগীয়ে আৰু দুখন মমতাই ব্যৱহাৰ কৰে।” মমতাৰ বাবে শুবলৈ আন কোনো ঠাই নাই।

মমতাসকল হৈছে বিহাৰৰ চৰকাৰী হস্পিতাল আৰু স্বাস্থ্যকেন্দ্ৰবোৰৰ প্ৰসূতি ৱাৰ্ডৰ চুক্তিবদ্ধ স্বাস্থ্যকৰ্মী। এনে কৰ্মী কেৱল বিহাৰতে আছে। তেওঁলোকে মাহে ৫,০০০ টকা উপাৰ্জন কৰে, কেতিয়াবা তাতোকৈ কম। তেওঁলোকে চোৱাচিতা বা সহায় কৰা প্ৰতিটো প্ৰসৱৰ বাবদ ৩০০ টকাৰ বানচ পায়। কিন্তু দৰমহা আৰু বানচ মিলাই নিয়মিতভাৱে মাহে ৬০০০ টকাৰ বেছি পোৱাটো তেনেই কঠিন। এই স্বাস্থ্যকেন্দ্ৰটোত দুগৰাকী মমতা আছে আৰু ৰাজ্যখনত কৰ্মৰত মুঠ মমতাৰ সংখ্যা ৪,০০০ৰো অধিক।

স্বাস্থ্যকেন্দ্ৰটোত মমতা হিচাপে কাম কৰা বেবী দেৱী (নাম সলনি কৰা হৈছে) আহি পোৱাৰ পিছত পুষ্পাৰ অপেক্ষাৰ অন্ত পৰিল। “ধন্যবাদ যে তাই আহি পালে, এতিয়া মই যাব পাৰো। দিনত বেবীৰ চিফট্ পৰিছে। আনগৰাকী এএনএমো সোনকালেই আহি পাব,”পুৰণি চেলফোন এটা টিপি সময়টো চাই তেওঁ কয়। সময় চাবলৈ তেওঁৰ স্মাৰ্টফোন নাই। এই স্বাস্থ্যকেন্দ্ৰটোত আন চাৰিগৰাকী এএনএম-য়ে কাম কৰে। তেওঁৰ লগতে আন ৩৩ গৰাকী সেই ব্যৱস্থাটোত জড়িত হৈ আছে যিসকলক জিলাখনৰ ভালেমান গাওঁ সামৰি লোৱা উপ স্বাস্থ্যকেন্দ্ৰসমূহৰ সৈতে সম্পৰ্কৰক্ষাৰ দায়িত্ব দিয়া হৈছে। স্বাস্থ্যকেন্দ্ৰটোত ছজন ডাক্তৰ আছে আৰু স্ত্ৰীৰোগ বিশেষজ্ঞৰ পদটো খালি হৈ আছে। কেন্দ্ৰটোত কোনো চিকিৎসা কাৰিকৰী লোক নাই, সেই কাম বাহিৰৰ পৰা কৰোৱা হয়। দুজন চাফাইকৰ্মী আছে।

বিহাৰত এএনএম এগৰাকীয়ে চাকৰিত সোমাওতে মাহে ১১,৫০০ টকা পায়, একুৰি বছৰমান চাকৰি কৰা পুষ্পাই তাৰ তিনিগুণ পায়।

৫২ বৰ্ষীয় মমতা, বেবী দেৱী মুখত ২০ চেণ্টিমিটাৰমান দীঘল দাতুন (টুথব্ৰাছ হিচাপে ব্যৱহাৰ কৰা নিমগছৰ ঠাৰি) এডাল লৈ স্বাস্থ্যকেন্দ্ৰটোত উপস্থিত হ’ল। “বাইদেউ, আজি একেবাৰে দৌৰি দৌৰি আহিছো,” পুষ্পালৈ বুলি তেওঁ কয়।

আজিৰ দিনটো কি বেলেগ? তাইৰ ১২ বছৰীয়া নাতিনী, অৰ্চনা (নাম সলনি কৰা হৈছে) তেওঁৰ লগত কামলৈ আহিছে। গুলপীয়া-হালধীয়া ৰঙৰ ফ্ৰক এটা পিন্ধা নিমজ মুগাৰঙী ছালৰ আৰু সোণালী-মূগা চুলিত বেণী গাঁথি অহা অৰ্চনাই তাইৰ আইতাকৰ পিছে পিছে খোজ কাঢ়িছে, হাতত তাইৰ এটা প্লাষ্টিক বেগ য’ত বোধহয় দুয়োজনৰ দুপৰীয়াৰ আহাৰ আছে।

Mamta workers assist with everything in the maternity ward, from delivery and post-natal care to cleaning the room
PHOTO • Jigyasa Mishra

প্ৰসূতি ৱাৰ্ডত , প্ৰসৱৰ পৰা আৰম্ভ কৰি প্ৰসৱোত্তৰ যতন আৰু কোঠা চাফা কৰা পৰ্যন্ত সকলো কামতে মমতাই সহায় কৰে

মমতা কৰ্মীসকলক মাতৃ আৰু নৱজাতকৰ যত্ন লোৱাৰ দায়িত্ব দিয়া হয়। কিন্তু বেবী দেৱীয়ে প্ৰসৱৰ পৰা আৰম্ভ কৰি প্ৰসোৱোত্তৰ কালৰ সেৱালৈকে, প্ৰসূতি ৱাৰ্ডৰ সকলো কামতে সহায় কৰি দিয়ে। “মাতৃ আৰু সদ্যোজাতৰ চোৱাচিতা কৰাটো মোৰ দায়িত্ব, কিন্তু আশা বাইদেউৰ লগত সন্তান প্ৰসৱকালত সহায় কৰো আৰু চাফাইকৰ্মী ছুটীত থাকিলে বিচনা আৰু প্ৰসৱকক্ষ চাফাই আদি সকলো কাম কৰো,” টেবুলৰ ধূলিবোৰ চাফা কৰি থকা বেবীয়ে কয়।

স্বাস্থ্যকেন্দ্ৰটোত একমাত্ৰ মমতা হিচাপে কাম কৰি থকা সময়ত তেওঁ অধিক উপাৰ্জন কৰিব পাৰিছিল বুলি বেবীয়ে আমাক কয়। “আগতে মই ৫,০০০ৰ পৰা ৬,০০০ টকা মাহে পাইছিলো, কিন্তু আন এগৰাকী মমতা তেওঁলোকে নিয়োগ কৰাৰ ফলত মোৰ বানচ প্ৰসৱৰ কামত ৫০ শতাংশ হৈ পৰিল, প্ৰতিজনে ৩০০ টকা পোৱা হ’লো। বিশ্ব মহামাৰী আৰম্ভ হোৱাৰ পৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰসৱৰ সংখ্যা কমি আহিল, এতিয়া আমি মাহে খুব বেছি ৩,০০০ টকা পোৱা হৈছো, তাতোকৈ কমো হ’ব পাৰে। সেই ৩০০ টকাৰ বানচ পোৱা দুবছৰহে হৈছে, ২০১৬ চনলৈ সেয়া মাত্ৰ ১০০ টকা আছিল।”

স্বাস্থ্যকেন্দ্ৰটোত আন প্ৰায়ভাগ দিনত আশাকৰ্মীসকলৰ আহ-যাহ থাকে। তেওঁলোকে ওচৰৰ গাওঁবোৰৰ পৰা গৰ্ভৱতী মহিলাক তেওঁলোকৰ তত্ত্বাৱধানত প্ৰসৱৰ কাৰণে তালৈ লৈ আহে। সুনীতা আৰু তেওঁৰ গিৰীয়েকৰ সৈতে কোনো অহা নাছিল আৰু এই প্ৰতিবেদক থকালৈকে কোনো চকুত পৰা নাছিল। বোধকৰো ক’ভিড-১৯ বিশ্ব মহামাৰীৰ প্ৰত্যাৱৰ্তনৰ পিছত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰবোৰত ৰোগীৰ সংখ্যা কমি অহা পৰিস্থিতিকে ই দৰ্শাইছে। যাহওঁক, প্ৰসৱৰ বাবে অহা মহিলাসকল প্ৰায়ে আশাকৰ্মীৰ লগতে আহে।

আশা মানে হৈছে স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী, তেওঁলোকেই ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাটোৰ সৈতে গ্ৰামাঞ্চলৰ সংযোগ স্থাপন কৰে।

বিহাৰত প্ৰায় ৯০,০০০ আশাকৰ্মী আছে। সমগ্ৰ দেশখনত কৰ্মৰত ১০ লাখ আশাকৰ্মীৰ দ্বিতীয় বৃহৎ সংখ্যক আশাকৰ্মী এইখন ৰাজ্যত নিয়োজিত। তেওঁলোকক চৰকাৰে ‘স্বেচ্ছাসেৱক’ বুলি অভিহিত কৰিছে, এই নামটোৰ অজুহাত লৈয়ে চৰকাৰে তেওঁলোকক পাৰিতোষিকৰ নামত নগণ্য মজুৰি দি আহিছে। বিহাৰতো তেওঁলোকে মাহে ১,৫০০ টকা পায়, আৰু তাৰ লগতে প্ৰতিটো কামৰ বিনিময়ত, বিশেষকৈ হস্পিতালত কৰোৱা প্ৰসৱ, টিকাকৰণ, ঘৰে ঘৰে গৈ স্বাস্থ্য খতিয়ান লোৱা, পৰিয়াল পৰিকল্পনা আৰু আন বহুতো কামৰ বাবে অতিৰিক্ত ‘বানচ’ পায়। এই সকলো কাম কৰি তেওঁলোকৰ প্ৰায়ভাগে মাহিলী গঢ়ে ৫,০০০ৰ পৰা ৬,০০০ টকা পায়। সদৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু তাৰে ভালেমান উপস্বাস্থ্য কেন্দ্ৰৰ সৈতে ২৬০ গৰাকী আশাকৰ্মী জড়িত হৈ আছে।

Left: The mosquito net and bedding in the office where ANMs sleep. Right: A broken bed in the post-natal care ward is used for storing junk
PHOTO • Jigyasa Mishra
Left: The mosquito net and bedding in the office where ANMs sleep. Right: A broken bed in the post-natal care ward is used for storing junk
PHOTO • Jigyasa Mishra

বাওঁফালেঃ কাৰ্য্যালয়তে থকা আঠুৱা আৰু বেডিং , এএনএম সকলে শোৱে সোঁফালেঃ প্ৰসৱোত্তৰ কালৰ যতনৰ ৱাৰ্ডত থকা ভঙা বিচনা , ভগা - চিগা বস্তু ৰখাৰ বাবে সেইখন ব্যৱহাৰ কৰা হয়

প্লাষ্টিকৰ বেগটোৰ পৰা খোৱাবস্তুখিনি উলিয়াই ল’বলৈ বেবীয়ে নাতিনীজনীক ক’লে আৰু কথাখিনি অব্যাহত ৰাখিলে। “ইয়াত ঠাই, বিচনা আৰু সুবিধাৰ অভাৱ থকা বুলি আমি সদায়ে অনুভৱ কৰো। কিন্তু আমি ভাল সুবিধা বিচাৰিলে আমাক বদলি কৰাৰ ভাবুকি দিয়ে। বাৰিষাৰ দিনত পানী জমা হোৱাটোৱে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰে। বহুবাৰ এনেকুৱা হয় যে দুৰৱস্থা দেখিয়ে প্ৰসৱৰ কাৰণে অহা প্ৰসূতি অহাবাটে ঘূৰি যায়,” তেওঁ কয়। “তাৰপিছত তেওঁলোক ব্যক্তিগত হস্পিতাললৈ যায়।”

“মোৰ লগত আহক, আপোনাক প্ৰসৱোত্তৰ যতনৰ ৱাৰ্ডটো দেখুৱাও,” এইবুলি প্ৰতিবেদকজনক তেওঁ হাতত ধৰি টানি নিয়াদি লৈ গ’ল। “চাওক, প্ৰসৱোত্তৰ কালৰ সেৱাৰ বাবে এইটোৱেই একমাত্ৰ কোঠা। আমাৰ আৰু ৰোগীৰ কাৰণে এইখিনিয়েই।” ৱাৰ্ডটোত ছখন বিচনা আছে, তাৰ লগতে থকা এখন বিচনা পুষ্পাৰ দৰে এএনএম সকলে কাৰ্য্যালয়ত ব্যৱহাৰ কৰে আৰু আনখন প্ৰসূতি ৱাৰ্ডৰ বাহিৰত থোৱা আছে। “এই দুখন বিচনা প্ৰায়ে মমতাসকলে ব্যৱহাৰ কৰে। নৈশ চিফটত যেতিয়া আটাইবোৰ বিচনাতে ৰোগী থাকে, তেতিয়া আমি বেঞ্চ জোৰা দি শুবলগা হয়। কেতিয়াবা এনেকুৱা দিনো আহে য’ত আনকি আমাৰ এএনএম বাইদেউহঁতেও মজিয়াত শুবলগীয়া হয়।”

কোনো জ্যেষ্ঠ কৰ্মচাৰীয়ে আমাৰ কথা-বতৰা শুনি আছে নেকি উমান ল’বলৈ বেবীয়ে ইফালে-সিফালে চাই কৈ গ’ল, “আমাক গৰম পানীৰ কাৰণে কোনো ব্যৱস্থা কৰি দিয়া নহ’ল। বাইদেউৱে (এএনএম) বহুদিন ধৰি সেই ব্যৱস্থাৰ কৰি দিয়াৰ বাবে অনুৰোধ জনাই আহিছে, কিন্তু একো ফল ধৰা নাই। আমাৰ কাষতে থকা চাহৰ দোকানীজনীয়ে ব্যৱস্থা কৰি দিয়ে। আপুনি ইয়াৰ পৰা বাহিৰলৈ ওলালে গেটখনৰ সোঁফালে এখন সৰুকৈ চাহৰ দোকান পাব। এগৰাকী মহিলা আৰু তেওঁৰ ছোৱালীজনীয়ে সেইখন চলায়। প্ৰয়োজন সাপেক্ষে ষ্টীলৰ পাত্ৰ এটাত তেওঁ আমালৈ গৰম পানী আনি দিয়ে। আমি প্ৰতিবাৰেই তেওঁক কিবা এটা পাৰিশ্ৰামিক দিওঁ। সাধাৰণতে ১০ টকা।”

সেই সামান্য টকাৰে তেওঁ কেনেকৈ চলিব? “আপুনি কি ভাৱে?” বেবীয়ে সোধে। “চাৰিজনীয় পৰিয়াল এটাৰ বাবে ৩,০০০ টকা পৰ্যাপ্ত নে? পৰিয়ালটোত ময়েই একমাত্ৰ উপাৰ্জনকাৰী। মই মোৰ ল’ৰা, বোৱাৰী আৰু এইজনী ছোৱালী (নাতিনী)ৰ সৈতে থাকো। ৰোগীয়ে আমাক কিবা এটা দিয়ে। এএনএম, আশা.... সকলোৱে লয়। আমিও এনেদৰে অকণমান টকা পাওঁ। কেতিয়াবা প্ৰসৱে প্ৰতি ১০০ টকা পাওঁ। কেতিয়াবা আনকি ২০০ টকা। আমি ৰোগীসকলক জোৰ নিদিও। আমি সুধিলে তেওঁলোকে হাঁহিমুখে দিয়ে। বিশেষকৈ যেতিয়া ল’ৰাসন্তান জন্ম পায়।”

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিকৰ স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই।

অনুবাদঃ পংকজ দাস

Jigyasa Mishra

जिज्ञासा मिश्रा, उत्तर प्रदेश के चित्रकूट ज़िले की एक स्वतंत्र पत्रकार हैं.

की अन्य स्टोरी Jigyasa Mishra
Illustration : Priyanka Borar

प्रियंका बोरार न्यू मीडिया की कलाकार हैं, जो अर्थ और अभिव्यक्ति के नए रूपों की खोज करने के लिए तकनीक के साथ प्रयोग कर रही हैं. वह सीखने और खेलने के लिए, अनुभवों को डिज़ाइन करती हैं. साथ ही, इंटरैक्टिव मीडिया के साथ अपना हाथ आज़माती हैं, और क़लम तथा कागज़ के पारंपरिक माध्यम के साथ भी सहज महसूस करती हैं व अपनी कला दिखाती हैं.

की अन्य स्टोरी Priyanka Borar
Editor : P. Sainath

पी. साईनाथ, पीपल्स ऑर्काइव ऑफ़ रूरल इंडिया के संस्थापक संपादक हैं. वह दशकों से ग्रामीण भारत की समस्याओं की रिपोर्टिंग करते रहे हैं और उन्होंने ‘एवरीबडी लव्स अ गुड ड्रॉट’ तथा 'द लास्ट हीरोज़: फ़ुट सोल्ज़र्स ऑफ़ इंडियन फ़्रीडम' नामक किताबें भी लिखी हैं.

की अन्य स्टोरी पी. साईनाथ
Series Editor : Sharmila Joshi

शर्मिला जोशी, पूर्व में पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए बतौर कार्यकारी संपादक काम कर चुकी हैं. वह एक लेखक व रिसर्चर हैं और कई दफ़ा शिक्षक की भूमिका में भी होती हैं.

की अन्य स्टोरी शर्मिला जोशी
Translator : Pankaj Das

पंकज दास, पीपल्स आर्काइव ऑफ़ रूरल इंडिया के लिए असमिया भाषा के ट्रांसलेशंस एडिटर के तौर पर काम करते हैं. गुवाहाटी में रहने वाले पंकज लोकलाइज़ेशन एक्सपर्ट की भूमिका में यूनिसेफ़ के लिए भी कार्यरत हैं. वह नियमित तौर पर idiomabridge.blogspot.com पर ब्लॉग भी लिखते हैं.

की अन्य स्टोरी Pankaj Das