প্ৰথমবাৰ যেতিয়া ১৮ বৰ্ষীয় সুমিতে (নাম সলনি কৰা হৈছে) জিলা চৰকাৰী হস্পিতাল এখনত বুকুৰ পুনৰ্গঠনৰ শল্যচিকিৎসাৰ বিষয়ে সুধিবলৈ গৈছিল, হস্পিতাল কৰ্তৃপক্ষই তেওঁক তাত অগ্নিদগ্ধ হোৱা ৰোগী হিচাপে ভৰ্তি হোৱাৰ পৰামৰ্শ দিছিল।

জন্মপ্ৰদত্ত দেহটোৰ পৰিৱৰ্তন ঘটাই নিজে যিটো দেহত তেওঁলোক খাপ খায়, সেই দেহটো পোৱাৰ বাবে যি এক শল্যচিকিৎসাৰ উপায় আছে, সেই উপায় সাধনৰ বাবে ভাৰতৰ ৰূপান্তৰকামী লোকে চিকিৎসাৰ আইনী মেৰপেচৰ মাজেৰে পাৰহ’বলগীয়া হয়। কিন্তু মিছা কথা কোৱাৰ পিছতো সি কামত নিদিয়।

সুমিতে তেওঁৰ ‘টপ চাৰ্জাৰি’, হস্পিতালত যিটো নাম সাধাৰণতে মুখে মুখে কোৱা হয়, সেই শল্য চিকিৎসাৰ বাবে কাগজ-পাতি ঠিক-ঠাক কৰা, শেষ হৈ নহা মনস্তাত্ত্বিক মূল্যায়ন, চিকিৎসা পৰামৰ্শ আৰু ঋণকে ধৰি লাখৰো অধিক ব্যয়, পৰিয়ালৰ সৈতে সম্পৰ্কৰ তিক্ততা আৰু তেওঁৰ পূৰ্বতে থকা বক্ষস্থলৰ প্ৰতি অপৰিৱৰ্তিত অসন্তুষ্টিৰ আঠোটা বছৰ পাৰ কৰিবলগীয়া হ’ল। ৰোহটকৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ হিছাৰস্থিত ব্যক্তিগত খণ্ডৰ হস্পিতাল এখনত সেয়া কৰা হ’ল।

অপাৰেচনৰ ডেৰ বছৰ পাৰ হৈ গ’ল, ২৬ বৰ্ষীয় সুমিতে এতিয়াও পিঠি কুঁজা কৰি খোজ কাঢ়ে। চাৰ্জাৰিৰ আগৰে পৰা এই অভ্যাস তেওঁৰ থাকি গ’ল। তেতিয়া তেওঁৰ বক্ষস্থল আছিল লজ্জা আৰু সংকোচবোধৰ কাৰণ।

ভাৰতত এনেকৈ কিমান ব্যক্তি আছে যিয়ে জন্মতে লৈ অহা লিংগ পৰিচয়ৰ সলনি কৰি আন লিংগ পৰিচয় বিচাৰে, তাৰ কোনো শেহতীয়া পৰিসংখ্যা নাই। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সহযোগত কৰা এক অধ্যয়নত ভাৰতত ৰূপান্তৰকামী ব্যক্তিৰ সংখ্যা ২০১৭ চনত ৪.৮৮ লাখ বুলি উল্লেখ কৰা হৈছে।

২০১৪ৰ ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ বনাম কেন্দ্ৰ চৰকাৰ গোচৰত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দিছিল। তাত সৰ্বোচ্চ ন্যায়ালয়খনে “তৃতীয় লিংগ”ৰ স্বীকৃতি দিছিল আৰু “স্ব-চিনাক্তকৃত” লিংগ পৰিচয় দাঙি ধৰাৰ অধিকাৰৰো স্বীকৃতি দিছিল। তদুপৰি ভাৰত চৰকাৰক তেওঁলোকৰ স্বাস্থ্যসেৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। পাঁচ বছৰ পিছত ৰূপান্তৰকামী ব্যক্তিৰ (অধিকাৰৰ সুৰক্ষা) আইন, ২০১৯ য়ে উক্ত সম্প্ৰদায়ৰ লোকসকলক সামগ্ৰিক ৰূপত চিকিৎসা সাহায্য যেনে জেণ্ডাৰ-এফাৰ্মেচন চাৰ্জাৰি, হৰমনৰ থেৰাপী আৰু মানসিক স্বাস্থ্য সেৱা আদি যোগানত চৰকাৰৰ ভূমিকা সবল কৰাৰ বাবে নিৰ্দেশ দিয়ে।

PHOTO • Ekta Sonawane

মহিলা হিচাপে সুমিতে জন্ম লৈছিল হাৰিয়ানাৰ ৰোহটক জিলাত। তিনিবছৰ বয়সতে সুমিতে ফ্ৰক পিন্ধিবলগীয়া হওঁতে অসহজ অনুভৱ কৰাৰ কথা এতিয়াও তেওঁৰ মনত আছে

এই আইনবোৰ অহাৰ আগতে বহুতৰে লিংগ পৰিৱৰ্তনৰ শল্যচিকিৎসা (জেণ্ডাৰ-এফাৰ্মিং চাৰ্জাৰি বুলিও জনা যায়) নাকচ কৰা হৈছিল। এনে শল্যচিকিৎসাত মুখমণ্ডলৰ চাৰ্জাৰি, আৰু ‘ওপৰৰ’ নাইবা ‘তলৰ’ চাৰ্জাৰি য’ত বুকু আৰু জননাংগৰ অস্ত্ৰোপচাৰ কৰা হয়, সেয়া কৰাবলগীয়া হ’ব পাৰে।

সুমিতো তাৰে মাজৰে এজন আছিল যিয়ে এই শল্য চিকিৎসাৰ সুবিধা লাভ নকৰিলে, আঠ বছৰ ধৰি ৰৈ থাকিল। আনকি ২০১৯ৰ পিছতো তেওঁ অপেক্ষা কৰিবলগীয়া হ’ল।

হাৰিয়ানাৰ ৰোহটক জিলাৰ দলিত পৰিয়াল এটাত জন্ম পোৱা সুমিত তেওঁৰ তিনি ভাই-ভনীৰ বাবে মাক-বাপেকৰ দৰে আছিল। সুমিতৰ পিতৃ এগৰাকী প্ৰথম প্ৰজন্মৰ চৰকাৰী চাকৰিয়াল আছিল। তেওঁ প্ৰায়ভাগ সময়তে পৰিয়ালৰ পৰা আঁতৰি আছিল। তেওঁৰ পৰিয়ালৰ সম্পৰ্ক ইমান ভাল নাছিল। তেওঁৰ ককা এগৰাকী দিনহাজিৰা কৰা লোক আছিল, সুমিত সৰু থাকোতেই তেওঁ ঢুকাইছিল। পৰিয়ালৰ ঘৰুৱা দায়িত্ব সুমিতৰ ওপৰত পৰিছিল, কিয়নো ঘৰখনৰ দায়িত্ব ঘৰৰ ডাঙৰজনীৰ ওপৰত ন্যস্ত থকাটো সামাজিক দস্তুৰ আছিল। কিন্তু সুমিতৰ লিংগ পৰিচয়ৰ সৈতে সেয়া আছিল সম্পূৰ্ণ বিপৰীত কথা। “পুৰুষ হিচাপে মই সকলোখিনি দায়িত্ব পালন কৰিছিলো,” তেওঁ কয়।

তিনি বছৰ বয়সতেই, সুমিতৰ মনত আছে যেতিয়া তেওঁক ফ্ৰক এটা পিন্ধিবলৈ দিয়া হৈছিল, তেওঁ সংকোচবোধ কৰিছিল। ভাগ্যে হাৰিয়ানাৰ ক্ৰীড়া পৰম্পৰাই তেওঁক কিছু ৰেহাই দিলে। কিয়নো তাত লিংগভেদে পোচাক পিন্ধিবলগীয়া নহয়। “ডাঙৰ হৈ অহাৰ লগে লগে মই যি পোচাক পিন্ধিব বিচাৰিছিলো, সেয়াই পিন্ধিছিলো। মোৰ চাৰ্জাৰি (শীৰ্ষ অংশৰ) হোৱাৰ আগতেও মই পুৰুষ হিচাপেই থাকিছিলো,” সুমিতে কয়, অৱশ্যে তেওঁ এতিয়াও সামান্য অসহজবোধ নকৰা নহয়।

সুমিতে ১৩ বছৰমান বয়সত তেওঁ যিধৰণে নিজকে বিচাৰে, সেইধৰণে শৰীৰটো উপস্থাপন কৰিবলৈ ধৰিলে। “মই ক্ষীণকায় আছিলো আৰু বক্ষস্থলৰ বৃদ্ধি তেনেকৈ হোৱা নাছিল। কিন্তু সেই সামান্য বৃদ্ধিয়ে মোক অস্তস্তিত পেলাইছিল,” তেওঁ কয়। কিন্তু তেওঁ যি অসুবিধাৰ (নিজৰ লিংগ পৰিচয় আৰু দৈহিক লিংগৰ বৈপৰীত্যৰ বাবে যি সমস্যাৰ ব্যক্তিয়ে সন্মুখীন হয়) সন্মুখীন হৈছিল, সেয়া বুজাব পৰাকৈ তেওঁৰ হাতত তেনে তথ্য নাছিল।

এজন বন্ধুৱে তেওঁক সেইক্ষেত্ৰত সহায় কৰিলে।

সেই সময়ত সুমিতে পৰিয়ালৰ সৈতে ভাৰাঘৰত থাকিছিল। ভাৰাঘৰৰ মালিকৰ ছোৱালীজনী তেওঁৰ বন্ধু হৈ পৰিছিল। ছোৱালীজনীৰ লগত ইণ্টাৰনেট আছিল আৰু তেওঁ বিচৰাধৰণে বক্ষস্থলৰ চাৰ্জাৰিৰ তথ্য তেওঁ উলিওৱাত সহায় কৰি দিছিল। এনেকৈ তেওঁ স্কুলত আন ৰূপান্তৰকামী পুৰুষে একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাৰ বিষয়ে জানিবলৈ পালে। হস্পিতাললৈ যোৱাৰ সাহস গোটোৱাৰ আগতে কৈশোৰ অৱস্থাৰ যুৱকজনে আগন্তুক কেইটামান বছৰ অনলাইন আৰু বন্ধুবৰ্গৰ যোগেদি তথ্য গোটাবলৈ ধৰিলে।

২০১৪ চনৰ কথা। সুমিতৰ বয়স তেতিয়া ১৮ বছৰ। তেওঁ দ্বাদশৰ দেওনা পাৰ হৈছিল ওচৰৰে বালিকা বিদ্যালয় এখনৰ পৰা। তেওঁৰ পিতৃ কামলৈ বুলি গৈছিল, মাক ঘৰত নাছিল। তেওঁ অকলে, কোনো প্ৰশ্ন সন্মুখীন নোহোৱাকৈ, কাৰো সহায় অবিহনে ৰোহটক জিলা হস্পিতাললৈ অকলে ওলাই গৈছিল আৰু স্তন আঁতৰোৱাৰ অস্ত্ৰোপচাৰ প্ৰক্ৰিয়াৰ বিষয়ে ডাক্তৰৰ পৰামৰ্শ বিচাৰিলে।

PHOTO • Ekta Sonawane

ৰূপান্তৰিত পুৰুষৰ বাবে বিকল্প সীমিত। তেওঁলোকৰ শল্য চিকিৎসাৰ বাবে অতিকৈ কুশলী পেছাদাৰী চিকিৎসকৰ প্ৰয়োজন য’ত স্ত্ৰীৰোগ-বিশেষজ্ঞ, মূত্ৰবিজ্ঞান বিশেষজ্ঞ আৰু পুনৰ্গঠন সম্পৰ্কীয় প্লাষ্টিক চাৰ্জনৰ প্ৰয়োজন

তেওঁ পোৱা উত্তৰবোৰ সিমান সন্তোষজনক নাছিল।

তেওঁক কোৱা হৈছিল যে অগ্নিদগ্ধ হোৱা ৰোগী হিচাপে ভৰ্তি হ’লেহে তেওঁৰ বক্ষস্থলৰ শস্যচিকিৎসা কৰাব পৰা যাব। এয়া অস্বাভাবিক নাছিল। কিয়নো চৰকাৰী হস্পিতালত এনে চাৰ্জাৰি অগ্নিদগ্ধ হোৱা ৰোগীৰ ক্ষেত্ৰতহে কৰিবপৰা গৈছিল, য’ত ৰাস্তাত হোৱা দুৰ্ঘটনা অন্তৰ্ভুক্ত আছিল। কিন্তু সুমিতক কাগজতে মিছা লিখিবলৈ কোৱা হৈছিল। অগ্নিদগ্ধ হোৱা ৰোগী হিচাপে পঞ্জীয়ন কৰিবলৈ কোৱা হৈছিল। তেওঁ বিচৰা চাৰ্জাৰিৰ কথা তাত উল্লেখো নাছিল। চৰকাৰী হস্পিতালত বক্ষস্থলৰ পুনৰ্গঠনৰ বাবে ৰেহাই থকা স্বত্ত্বেও তেওঁক কোৱা হৈছিল যে এই শল্য চিকিৎসাৰ বাবে তেওঁ একো পইচা আদায় দিব নালাগে।

এনেকৈয়ে আশা বুকুত বান্ধি সুমিতে আগন্তুক ডেৰটা বছৰ হস্পিতাললৈ তাঁত বাতি কৰি থাকিল। সেইখিনি সময়ত তেওঁ বুজি পালে যে চিকিৎসাৰ আন এক ধৰণৰ মূল্যও তেওঁ আদায় দিবলগীয়া হৈছিল, সেয়া হৈছে মানসিক মূল্য।

“ডাক্তৰবোৰ বৰ সমালোচনাত্মক আছিল (হস্পিতালত)। তেওঁলোকে মোক বিভ্ৰান্তিত ভোগা বুলি কৈছিল। প্ৰশ্ন কৰিছিল, ‘কিয় এই চাৰ্জাৰি কৰিব বিচাৰিছা?’ আৰু ‘এনেকৈ তুমি যিকোনো মহিলাৰ লগত থাকিব পাৰিবা।’ তেওঁলোকৰ ছয়-সাতজনৰ এনেকৈ উপৰ্যুপৰি প্ৰশ্নত মই ভয় খাইছিলো, সংকুচিত হৈ পৰিছিলো,” সুমিতে মনত পেলায়।

“৫০০-৭০০ প্ৰশ্নৰে ভৰা প্ৰপত্ৰবোৰ পূৰণ কৰাৰ কথা মোৰ মনত পৰে।” প্ৰশ্নবোৰ আছিল ৰোগীৰ চিকিৎসা আৰু পৰিয়ালৰ ইতিবৃত্তি সম্পৰ্কে, ৰোগীৰ মনস্তাত্ত্বিক অৱস্থা, আসক্তি যদি আছে, সেই বিষয়ে। কিন্তু কুমলীয়া মনৰ সুমিতক সেই প্ৰশ্নবোৰে অসহজ কৰি তুলিছিল। “তেওঁলোকে বুজি পোৱা নাছিল যে মোৰ নিজৰ দেহটোত মই সুখী হ’ব পৰা নাছিলো, বুজা নাছিল যে সেইটো কাৰণতে মই চাৰ্জাৰি কৰাব বিচাৰিছো,” তেওঁ কথাখিনি এনেকৈ সামৰিছিল।

অনুকম্পাৰ অভাৱ আছিল। তাতোকৈ বেছি অভাৱ আছিল ভাৰতৰ ৰূপান্তৰকামী লোকক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ বাবে প্ৰয়োজনীয় কৌশলৰ, যি কৌশল জেণ্ডাৰ এফাৰ্মেটিভ শল্যচিকিৎসা চমুকৈ জিএএছ-ত অতিকৈ প্ৰয়োজন।

পুৰুষৰ পৰা মহিলালৈ ৰূপান্তৰৰ শল্যচিকিৎসাত ঘাইকৈ দুটা (স্তন সংস্থাপন আৰু ভেজিন’প্লাষ্টি) শল্যচিকিৎসাৰ প্ৰয়োজন হয়। কিন্তু মহিলাৰ পৰা পুৰুষলৈ ৰূপান্তৰৰ শল্যচিকিৎসা প্ৰক্ৰিয়া তাতোকৈ বহু জটিল। মুঠ সাতটা গুৰুতৰ শল্যচিকিৎসা এই প্ৰক্ৰিয়াত কৰা হয়। প্ৰথম দুটা হৈছে ‘টপ’ চাৰ্জাৰি, য’ত স্তন আঁতৰোৱা হয় বা বক্ষস্থল পুনৰ্গঠন কৰা হয়।

“মই যেতিয়া পঢ়ি আছিলো (২০১২ মানৰ কথা), তেতিয়া চিকিৎসা পাঠ্যক্ৰমত এনে চিকিৎসা প্ৰক্ৰিয়াৰ উল্লেখেই নাছিল। প্লাষ্টিক চাৰ্জাৰিৰ পাঠ্যক্ৰমত লিংগীয় পুনৰ্গঠন বিধিৰ বিষয়ে আছে, সেয়া কোনো আঘাত নাইবা দূৰ্ঘটনা সন্দৰ্ভতহে। কিন্তু সময়বোৰ সলনি হৈছে,” নতুন দিল্লীৰ ছাৰ গংগা ৰাম হস্পিতালৰ প্লাষ্টিক চাৰ্জাৰি বিভাগৰ  উপাধ্যক্ষ ডা. ভীম সিং নন্দাই কয়।

PHOTO • Ekta Sonawane

২০১৯ৰ ৰূপান্তৰকামী ব্যক্তি আইনখনে ৰূপান্তৰকামী ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা চিকিৎসা অন্তৰ্ভুক্তকৰণৰ বাবে চিকিৎসা পাঠ্যক্ৰম পুনৰীক্ষণৰ আহ্বান জনাইছিল। কিন্তু পাঁচটা বছৰৰ পিছতো চৰকাৰৰ ফালৰ পৰা এছআৰএছ ভাৰতীয় ৰূপান্তৰকামী সম্প্ৰদায়ৰ বাবে সুগম্য আৰু আৰ্থিকভাবে ব্যয়সাধ্য হৈ উঠাৰ বাবে বহল পৰিসৰত চেষ্টা চলোৱা দেখা নগ’ল

এইক্ষেত্ৰত মাইলৰ খুঁটি আছিল ২০১৯ৰ ৰূপান্তৰকামী ব্যক্তি আইনখন। তাত ৰূপান্তৰকামী ব্যক্তিৰ সৈতে খাপ খোৱাকৈ চিকিৎসা পাঠ্যক্ৰম পুনৰীক্ষণ আৰু গৱেষণাৰ কথা কোৱা হৈছিল। কিন্তু পাঁচটা বছৰৰ পিছতো চৰকাৰৰ ফালৰ পৰা এছআৰএছ ভাৰতীয় ৰূপান্তৰকামী সম্প্ৰদায়ৰ বাবে সুগম্য আৰু আৰ্থিকভাবে ব্যয়সাধ্য হৈ উঠাৰ বাবে বহল পৰিসৰত চেষ্টা চলোৱা দেখা নগ’ল। চৰকাৰী হস্পিতালেও এছআৰএছ বহুলাংশে এৰাই চলি থাকিল।

বিশেষকৈ ৰূপান্তৰকামী পুৰুষৰ বাবে বিকল্প সীমিত। তেওঁলোকৰ ক্ষেত্ৰত এছআৰএছ কৰোঁতে স্ত্ৰীৰোগ বিশেষজ্ঞ, ইউৰ’লজিষ্ট আৰু এগৰাকী প্লাষ্টিক চাৰ্জনকে ধৰি অতি কুশলী শল্যচিকিৎসকৰ গোট এটাৰ প্ৰয়োজন হয়। “এইক্ষেত্ৰত বিশেষ দক্ষতা আৰু প্ৰশিক্ষণ থকা চিকিৎসা বিশেষজ্ঞৰ সংখ্যা এইটো অঞ্চলত তেনেই আঙুলিৰ মুৰত লিখিব পাৰি, চৰকাৰী হস্পিতালততো নাই বুলিবই পাৰি,” তেলাংগনা হিজৰা ইণ্টাৰচেক্স ট্ৰান্সজেণ্ডাৰ সমিতিৰ সদস্য তথা সমাজকৰ্মী ৰূপান্তৰিত পুৰুষ কাৰ্তিক বিত্তু কন্দিয়াই কয়।

ৰূপান্তৰিত ব্যক্তিৰ বাবে ৰাজহুৱা মানসিক স্বাস্থ্য সেৱাৰ অৱস্থাও সমানেই হতাশাজনক। দৈনন্দিন কাম-কাজৰ সৈতে মোকাবিলা কৰাৰ সুবিধা হোৱাৰ উপৰিও যিকোনো জেণ্ডাৰ এফাৰ্মেচনৰ প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হোৱাৰ পূৰ্বে পৰামৰ্শদান এক আইনী প্ৰয়োজনীয়তা। ৰূপান্তৰকামী লোকসকলে লিংগ পৰিচয়ৰ বিসংগতিৰ প্ৰমাণপত্ৰ আৰু মনোবিজ্ঞানী বা মনোৰোগ বিশেষজ্ঞৰ পৰা তেওঁলোক এছআৰএছ-ৰ বাবে যোগ্য বুলি নিশ্চিত কৰা মূল্যায়ন প্ৰতিবেদন ল’ব লাগে। চৰ্তসমূহৰ ভিতৰত জ্ঞাত সন্মতি, আৰোপিত লিংগ পৰিচয়েৰে জীয়াই থকা কাল, জেণ্ডাৰ ডিছফ’ৰিয়াৰ স্তৰ, বয়সৰ প্ৰয়োজনীয়তা আৰু বিবেকৰ নিশ্চয়তা হিচাপে সম্যক মানসিক স্বাস্থ্যৰ মূল্যায়ন। সপ্তাহত এবাৰ মনোবিজ্ঞানী বা মনোৰোগ বিশেষজ্ঞৰ সৈতে চৰ্তাৱলী সম্পৰ্কত পৰামৰ্শদানৰ এই প্ৰক্ৰিয়াটোত অতিকমেও এটা ছেচনৰ পৰা সৰ্বাধিক চাৰিটা ছেচনৰ প্ৰয়োজন হ’ব পাৰে।

২০১৪ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ এটা দশক পাৰ হৈ যোৱাৰ পিছত সম্প্ৰদায়টো এক সিদ্ধান্তত উপনীত হ’ব পাৰিছে যে অন্তৰ্ভুক্তিকৰণ, সহানুভূতিশীল মানসিক স্বাস্থ্য সেৱা দৈনন্দিন জীৱনৰ সৈতে মোকাবিলা কৰিবলৈ হওক বা লিংগ পৰিচয় পৰিৱৰ্তন যাত্ৰা আৰম্ভ কৰা হওক, এই সকলোতে অতিকৈ জৰুৰী। কিন্তু সেয়া বাস্তৱায়িত হ’বলৈ এতিয়াও বহুদূৰ বাট।

“জিলা চিকিৎসালয়ত শীৰ্ষ অস্ত্ৰোপচাৰৰ বাবে দুবছৰ ধৰি মোৰ কাউন্সেলিং চলিল,”সুমিতে কয়। অৱশেষত ২০১৬ চনৰ কোনো এটা সময়ত তেওঁ যাবলৈ এৰিলে। “এটা সময়ত আপুনি ভাগৰি পৰাটো স্বাভাৱিক।”

জেণ্ডাৰ এফাৰ্মেচনৰ ইচ্ছাই তেওঁৰ হতাশ আৰু ভাগৰুৱা মনটোত উদ্যম দিলে। তেওঁ কেনে অনুভৱ কৰে, তেনে অনুভৱ হোৱাটো স্বাভাৱিক নেকি, এছআৰএছ-ৰ লগত কি কি কথা সাঙুৰ খাই আছে আৰু ভাৰতৰ ক’ত ক’ত তেওঁ ইয়াৰ সুবিধা ল’ব পাৰিব, সেইবিষয়ে তেওঁ নিজেই বিচাৰ-খোচাৰ কৰিবলৈ ল’লে।

এইখিনি কাম তেওঁ গোপনে কৰিছিল। কিয়নো তেতিয়াও তেওঁ পৰিয়ালৰ সৈতে থাকিছিল। তেওঁ হেনা শিল্পী আৰু দৰ্জী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। উপাৰ্জনৰ কিছু অংশ তেওঁ কৰিম বুলি মন বান্ধি লোৱা শীৰ্ষ চাৰ্জাৰিৰ বাবে জমা কৰিবলৈ ধৰিলে।

PHOTO • Ekta Sonawane
PHOTO • Ekta Sonawane

তিনিটাকৈ কাম কৰা স্বত্ত্বেও সুমিতে পইচাৰ হিচাপ মিলাব নোৱাৰা হৈছে। নিয়মীয়া কাম তেওঁ নাপায় আৰু এতিয়াও ৯০ হাজাৰ টকাৰ ধাৰ লাগি আছে

২০২২ চনত সুমিতে পুনৰ্বাৰ চেষ্টা কৰিছিল। বন্ধু এজনৰ সৈতে ৰোহটকৰ পৰা হাৰিয়ানাৰ হিছাৰ জিলালৈ এশ কিলোমিটাৰতকৈও অধিক দূৰত্ব যাত্ৰা কৰিছিল। বন্ধুজনো এগৰাকী ৰূপান্তৰিত পুৰুষ। তাত তেওঁ সাক্ষাৎ কৰা প্ৰাইভেট মনোবিজ্ঞানীজনে দুটা ছেচনত কাউন্সেলিং শেষ কৰি ২৩০০ টকা লয় আৰু আগন্তুক দুসপ্তাহৰ ভিতৰত তেওঁ শীৰ্ষ অস্ত্ৰোপচাৰৰ বাবে যোগ্য হৈ উঠিব বুলি জনায়।

চাৰিদিনৰ বাবে হিছাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল। অস্ত্ৰোপচাৰকে ধৰি তেওঁৰ থকা-মেলা মিলাই হস্পিতালৰ বিল হৈছিল প্ৰায় এক লাখ টকা। “ডাক্তৰ আৰু অন্যান্য কৰ্মচাৰীসকল অতি দয়ালু আৰু নম্ৰ আছিল। চৰকাৰী চিকিৎসালয়ত যিখিনি অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছিলো, তাৰ সম্পূৰ্ণ বিপৰীত অভিজ্ঞতা হৈছিল তাত,” সুমিতে কয়।

কিন্তু সেই সুখকৰ অভিজ্ঞতা বেছিদিন নিটিকিল।

ৰোহটকৰ দৰে সৰু চহৰ এখনত শীৰ্ষ অস্ত্ৰোপচাৰ কৰাটো একধৰণে সকলোকে নিজৰ লিংগ পৰিচয়ৰ ৰাজহুৱা জাননী দিয়াৰ লেখীয়াই। এয়া এলজিবিটিকিউআইএ+ সম্প্ৰদায়ৰ বেছিভাগ মানুহৰে ক্ষেত্ৰতে ঘটে। সুমিতৰ লিংগ পৰিচয় গোপন হৈ নাথাকিল। সকলোৱে তেওঁৰ সেই নতুন পৰিচয়ৰ কথা গম পালে। ইফালে পৰিয়ালে তেওঁক এলাগী কৰিলে। অস্ত্ৰোপচাৰৰ কিছুদিন পিছত ৰোহটকৰ ঘৰলৈ উভতি আহি তেওঁ দেখিলে যে তেওঁৰ বয়-বস্তুবোৰ ঘৰৰ বাহিৰত পেলাই দিয়া হৈছে। “মোক ঘৰৰ মানুহে ঘৰ এৰি যাবলৈ ক’লে। কোনো ধৰণৰ মানসিক কিম্বা আৰ্থিক সহায়ৰ কথা তেওঁলোকে নুলিয়ালে। মোৰ মানসিক অৱস্থা সেই সময়ত কি আছিল কোনেও কেৰেপকে নকৰিলে।” শীৰ্ষ অস্ত্ৰোপচাৰৰ পিছতো আইনৰ চকুত সুমিত এগৰাকী মহিলা আছিল যদিও পৰিয়ালৰ সম্পত্তিৰ ওপৰত দাবী কৰিব বুলি পৰিয়ালৰ লোকৰ মাজত উদ্বেগৰ সৃষ্টি হ’ল। “কিছুমানে আনকি মই কাম এটাত সোমাই পুৰুষ হিচাপে সমাজে আশা কৰা ধৰণে পৰিয়ালৰ দায়িত্ব পালন কৰিব লাগে বুলিও পৰামৰ্শ দিছিল।”

এছআৰএছ-ৰ পিছত ৰোগীক কেইমাহমানৰ বাবে কোনোধৰণৰ কঠোৰ পৰিশ্ৰম নকৰাৰ পৰামৰ্শ দিয়া হয়। জটিলতাই দেখা দিব পাৰে হেতুকে চিকিৎসালয়ৰ কাষতে থকাৰো পৰামৰ্শ দিয়া হয়। এনে পৰিস্থিতিত ৰূপান্তৰিত ব্যক্তিৰ ওপৰত আৰ্থিক বোজা আহি পৰে, থকা-মেলা আৰু খোৱা-বোৱাৰ সমস্যা আহি পৰে। এনে ঘটে বিশেষকৈ কম আয়ৰ বা প্ৰান্তীয় শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত। সুমিতে এনেক্ষেত্ৰত প্ৰতিবাৰে হিছাৰৰ পৰা অহা-যোৱা কৰিবলৈ তিনি ঘণ্টা সময়ৰ লগতে ৭০০ টকা খৰছ কৰিবলগীয়া হ’লহেঁতেন। তেওঁ অতিকমেও দহবাৰ এনেকৈ অহা-যোৱা কৰিছিল।

শীৰ্ষ অস্ত্ৰোপচাৰৰ পিছত ৰোগীয়ে বুকুত বাইণ্ডাৰ নামেৰে জনাজাত টান কাপোৰো মেৰিয়াই ৰাখিবলগীয়া হয়। “ভাৰতৰ উষ্ণ জলবায়ুত, আৰু যিহেতু (বেছিভাগ) ৰোগীৰ এয়াৰ কণ্ডিচনাৰৰ সুবিধা নাথাকে - এই সকলোবোৰ চাই-চিতি ব্যক্তিয়ে শীতকালত অস্ত্ৰোপচাৰ কৰাটো পছন্দ কৰে,” ডাঃ ভীম সিং নন্দই বুজাই কয়। লগতে তেওঁ কয় যে ঘামৰ ফলত অস্ত্ৰোপচাৰৰ চিলাইৰ ঠাইত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

সুমিতৰ অস্ত্ৰোপচাৰ হৈছিল আৰু উত্তৰ ভাৰতৰ মে’ মাহৰ উৎকট গৰমৰ দিনত তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিয়া হৈছিল। “সময়খিনি (তাৰ পিছৰ সপ্তাহবোৰ) বৰ নিষ্ঠুৰ আছিল। যেনে কোনোবাই মোৰ বুকুখন মুছৰি পেলাইছে। বাইণ্ডাৰটোৱে চলাচলত অসুবিধাৰ সৃষ্টি কৰিছিল,” তেওঁ মনত পেলায়। “মই মোৰ ৰূপান্তিৰত পৰিচয় লুকুৱাই ৰাখি ভাৰাঘৰ ল’ব বিচাৰিছিলো যদিও মোক ছয়জন ঘৰৰ মালিকে নাকচ কৰিছিল। অস্ত্ৰোপচাৰৰ পিছত এমাহো জিৰণি ল’ব পৰা নাছিলো,” সুমিতে কয়। শীৰ্ষ অস্ত্ৰোপচাৰৰ ৯ দিন পিছত আৰু মাক-দেউতাকে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ চাৰিদিন পিছত সুমিত দুটা কোঠাৰ ভাৰাৰুম এটালৈ গুচি গ’ল। তাত অন্ততঃ তেওঁৰ পৰিচয় কি, সেয়া কাকো কৈফিয়ৎ দি ফুৰিব নালাগে।

এতিয়া সুমিত এগৰাকী হেনা শিল্পী, দৰ্জী আৰু চাহ দোকান এখনৰ সহায়ক। ৰোহটকত তেওঁ কায়িক শ্ৰমো কৰে। তেওঁ কোনোমতে মাহত ৫ৰ পৰা ৭ হাজাৰ টকা পায়। তাৰে সৰহভাগ পইচা তেওঁৰ ভাৰা, খাদ্য-পাতি, ৰন্ধন গেছৰ পইচা, বিদ্যুতৰ মাচুল আৰু ধাৰ পৰিশোধত যায়।

বক্ষস্থলৰ অস্ত্ৰোপচাৰৰ বাবে সুমিতে দিয়া ১ লাখ টকাৰ ৩০,০০০ তেওঁ ২০১৬-২০২২ চনৰ ভিতৰত জমা কৰা পইচা। বাকী ৭০ হাজাৰ টকাৰ কিছু অংশ তেওঁ পাঁচ টকা সুতত সুদখোৰৰ পৰা আৰু কিছু টকা বন্ধুবৰ্গৰ পৰা গোটাইছিল।

PHOTO • Ekta Sonawane
PHOTO • Ekta Sonawane

বাওঁফালে: সুমিতে তেওঁৰ শীৰ্ষ চাৰ্জাৰিৰ বাবে পইচা গোটাবলৈ হেনা শিল্পী আৰু দৰ্জী হিচাপে কাম কৰিছিল। সোঁফালে: সুমিতে ঘৰত হেনাৰ আৰ্হি অনুশীলন কৰিছে

২০২৪ চনৰ জানুৱাৰী মাহতো সুমিতৰ ধাৰ সুত সহিতে ৯০,০০০ টকা হৈছে। প্ৰতিমাহে ৪ হাজাৰ টকা তেওঁ সুত দিব লাগে। “মই যি সামান্য উপাৰ্জন কৰোঁ, সেইখিনিৰে সুত-মূলো আদায় দিম আৰু জীৱিকা নিৰ্বাহো কৰিম – কেনেকৈ এয়া সম্ভৱ হৈ উঠিব, ভাবি নাপাও। নিয়মীয়াকৈ কামো নাথাকে,” সুমিতে কয়। তেওঁক প্ৰায় দশকজোৰা কষ্টকৰ, অকলশৰীয়া আৰু ব্যয়বহুল পৰিৱৰ্তনৰ যাত্ৰাই মানসিক আৰু আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰিছে। উদ্বিগ্নতাৰে ভৰা সুমিতে ৰাতি টোপনি মাৰিব নোৱাৰে। “বুকুখন সোপা মাৰি ধৰে। অকলশৰীয়া অৱস্থাত ঘৰত মোৰ উদ্বিগ্নতা বাঢ়ে। ভয় আৰু অকলশৰীয়া অনুভৱে হেঁচা মাৰি ধৰে। আগতে এনেকুৱা হোৱা নাছিল।”

তেওঁৰ পৰিয়ালবৰ্গই এটা বছৰৰ মূৰত এতিয়া তেওঁৰ সৈতে কথা পাতিবলৈ লৈছে। তেওঁ বিচাৰিলে কেতিয়াবা পইচা দি সহায় কৰে।

সুমিতে নিজকে সগৌৰৱে ৰূপান্তৰিত পুৰুষ বুলি ক’বপৰা হোৱা নাই। ভাৰতৰ সৰহভাগেই এনেকৈ নিজকে মানসিকভাবে প্ৰস্তুত কৰি তুলিব পৰা নাই, দলিত মানুহৰ ক্ষেত্ৰত ই আৰু দূৰৰ কথা। মানুহে তেওঁক ‘আচল পুৰুষ নহয়’ বুলি কোৱাৰ ভয়ে তেওঁক খেদি ফুৰে। এতিয়া বক্ষযুগল নথকা বাবে তেওঁ যিকোনো ধৰণৰ কায়িক শ্ৰম কৰিবপৰা হৈছে। কিন্তু আন দৃশ্যমান পুৰুষসুলভ চিন, যেনে মুখমণ্ডলৰ ডাঢ়ি-চুলি বা গলগলীয়া মাত নথকাৰ বাবে তেওঁক প্ৰায়ে সন্দেহজনক চকুৰ মানুহে চায়, যিটোৱে তেওঁৰ বাবে মানসিক চাপৰ সৃষ্টি কৰে। লগতে তেওঁৰ জন্মৰ সময়ত দিয়া নামটো – সেইটো তেওঁ এতিয়াও আইনগতভাৱে সলনি কৰিব পৰা নাই।

তেওঁ এতিয়াও হৰমন প্ৰতিস্থাপন চিকিৎসাৰ বাবে সাজু হৈ উঠা নাই। এই চিকিৎসাৰ পাৰ্শ্চক্ৰিয়াক লৈ তেওঁ নিশ্চিত নহয়। “আৰ্থিকভাৱে সবল হৈ উঠিলে মই এইখিনিও কৰিম,” সুমিতে কয়।

তেওঁ এখোজ এখোজকৈ আগবাঢ়িছে।

শীৰ্ষ চাৰ্জাৰিৰ ছমাহ পিছত সুমিতে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত নিজকে ৰূপান্তৰিত পুৰুষ হিচাপে পঞ্জীয়ন কৰিছে। পঞ্জীয়ন কৰা হেতুকে তেওঁ ৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃত ৰূপান্তৰিত ব্যক্তিৰ প্ৰমাণপত্ৰ আৰু পৰিচয়পত্ৰ লাভ কৰিছে। উপান্ত শ্ৰেণীৰ লোকৰ বাবে জীৱিকা আৰু উদ্যমীতাৰ সমৰ্থন আঁচনি (চমুকৈ স্মাইল )ৰ অধীনত তেওঁ সেৱাৰ সুবিধা লাভ কৰিব পাৰিব। য’ত ভাৰতৰ ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত স্বাস্থ্য বীমাৰ অধীনত ৰূপান্তৰিত ব্যক্তিৰ জেণ্ডাৰ এফাৰ্মেচন চাৰ্জাৰিৰ সেৱা ৰূপান্তৰিত ব্যক্তিলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

“সম্পূৰ্ণ ৰূপান্তৰণৰ বাবে মই আৰু কি চাৰ্জাৰি কৰাব লাগিব, সেইবিষয়ে নাজানো,” সুমিতে কয়। “সেইখিনি মই লাহে লাহে কৰাম। মোৰ নামটো নথি-পত্ৰত সলনিও কৰিবলগীয়া আছে। এয়া মাত্ৰ আৰম্ভণিহে।”

এই ষ্ট’ৰিটো যৌন আৰু লিংগভিত্তিক হিংসা (এছ.জি.বি.ভি.) অতিক্ৰমী বাচি অহাজনৰ সামাজিক, আনুষ্ঠানিক আৰু গাঁথনিগত বাধাসমূহৰ ওপৰত গুৰুত্ব দি প্ৰস্তুত কৰা দেশজোৰা প্ৰতিবেদনৰ এক অংশ। ডক্টৰ্ছ ৱিদাউট ব’ৰ্ডাছৰ ইণ্ডিয়াৰ দ্বাৰা সমৰ্থিত এক প্ৰকল্পৰ অংশ।

পৰিচয় সুৰক্ষিত ৰাখিবলৈ জীৱিতজনৰ লগতে পৰিয়ালৰ সদস্যৰ নাম সলনি কৰা হৈছে।

অনুবাদ: পংকজ দাস

Ekta Sonawane

Ekta Sonawane is an independent journalist. She writes and reports at the intersection of caste, class and gender.

Other stories by Ekta Sonawane
Editor : Pallavi Prasad

Pallavi Prasad is a Mumbai-based independent journalist, a Young India Fellow and a graduate in English Literature from Lady Shri Ram College. She writes on gender, culture and health.

Other stories by Pallavi Prasad
Series Editor : Anubha Bhonsle

Anubha Bhonsle is a 2015 PARI fellow, an independent journalist, an ICFJ Knight Fellow, and the author of 'Mother, Where’s My Country?', a book about the troubled history of Manipur and the impact of the Armed Forces Special Powers Act.

Other stories by Anubha Bhonsle
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das