প্ৰথমে বৰষুণৰ অভাৱ, তাৰপিছত আবতৰত মুষলধাৰ বৰষুণে চত্ৰা দেৱীৰ শস্যখিনি নষ্ট কৰি পেলালে। “আমি বাজৰাৰ খেতি কৰিছিলো আৰু ভালেই হৈছিল। কিন্তু খেতিত যেতিযা পানীৰ প্ৰয়োজন হ’ল, তেতিয়া বৰষুণ নহ’ল। শস্য চপাবৰ সময়ত বৰষুণ দিলে আৰু সোপাকে শস্য নষ্ট হৈ গ’ল,” ৰাজস্থানৰ কৰৌলি জিলাৰ খিৰখিৰি গাঁৱৰ ৪৫ বৰ্ষীয় খেতিয়কজনে কয়।
কৰৌলিৰ অৰ্থনীতি ঘাইকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু জিলাখনৰ প্ৰায়ভাগ লোক হয় কৃষক নহয় কৃষিশ্ৰমিক হিচাপে নিয়োজিত (২০১১ৰ লোকপিয়ল)। ৰাজ্যখন অতীজৰে পৰা পানীৰ সংকটত ভুগি আছে আৰু ঘাইকৈ বৰ্ষানিৰ্ভৰ খেতিয়েই তাত কৰা হয়।
মীনা সম্প্ৰদায়ৰ (ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) চত্ৰা দেৱীয়ে কয় যে তেওঁ যোৱা ১০ বছৰত বৰষুণৰ ৰেহৰূপ সলনি হোৱা লক্ষ্য কৰিছে। ৰাজস্থান দেশখনৰ ভিতৰতে আয়তন হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্য আৰু ৭০ শতাংশ বাসিন্দা কৃষি আৰু পশুপালনৰ ওপৰত নিৰ্ভৰশীল।
বৃষ্টিপাতৰ ৰেহৰূপ সলনি হোৱাৰ ফলত খিৰখিৰিৰ খেতিয়কসকলে জীৱিকাৰ বাবে গাখীৰ বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। কিন্তু বতৰৰ পৰিৱৰ্তনে পশুধনৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে আৰু পশুধনৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা কমিছে। “আমাৰ গৰুটোৱে যোৱা ৫-১০ দিন ধৰি ভালকৈ খোৱা নাই,” চত্ৰা দেৱীয়ে কয়।
মহাত্মা গান্ধী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষয়িত্ৰী অনুপ সিং মীনা (৪৮)য়ে ভবিষ্যতক লৈ শংকিত। “গাওঁখনৰ ভবিষ্যত যেতিয়া মই কল্পনা কৰোঁ, গাওঁখনৰ বৰ্ষানিৰ্ভৰ খেতিৰ ভালেখিনি পৰিৱৰ্তন দেখো। ভবিষ্যত ঘোপমৰা অন্ধকাৰ যেন লাগে।”
খিৰখিৰি গাওঁখনক লৈ নিৰ্মিত এইখন তথ্যচিত্ৰই অনিয়মীয়া হৈ পৰা বতৰৰ পৰিপ্ৰেক্ষিতত খেতিমাটিৰ ওপৰত নিৰ্ভৰশীলজনৰ জীৱন-জীৱিকাৰ সংকটৰ ওপৰত আলোকপাতৰ যত্ন কৰিছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি