অনুবাদ: ৰিমঝিম বৰঠাকুৰ
T


South Goa, Goa
|TUE, MAY 23, 2023
গোৱাৰ মহিলা কুলিসকল
মাড়গাঁৱৰ মহিলা কুলিসকলে কষ্ট সহিব পাৰে, সমাজত মূৰ দাঙি চলে, অৱশ্যে এই জীৱিকা আদৰিবলৈ নতুনচাম আগ্ৰহী নহয়
Author
Translator

Sonia Filinto
কুলিৰ কাম কৰা ভডেলসকল হৈছে ঘাইকৈ দক্ষিণ গোৱাৰ মাড়গাওঁ চহৰত নিয়োজিত মহিলাসকল। কংকানি ভাষাত ‘ভডেল’ মানে কুলি। পৰিয়াল এটাৰ জীয়েকেই হওঁক বা বোৱাৰী, সকলোৱেই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বৃত্তিৰে জীৱিকা নিৰ্বাহ কৰি আহিছে

Sonia Filinto
কিন্তু বৰ্তমান প্ৰজন্মৰ ছোৱালীৰ মাজত কাৰোৰে কুলি হোৱাৰ হাবিয়াস নাই। মাৰিয়া বৰ্গেছে কয়, "আমাৰ ছোৱালীকেইজনী এই কামটোৰ প্ৰতি আগ্ৰহী নহয়, অলপ পঢ়া-শুনা কৰি অফিচ-কাছাৰীত কাম কৰিবলৈ বিচাৰে।" মাড়গাওঁ বজাৰত এতিয়া মাত্ৰ প্ৰায় এক ডজনমান ভডেলেহে কাম কৰে, তেওঁলোকৰ আটাইকেইজনৰ বয়স ৫০ বছৰৰ ওপৰৰ। যদিও ভডেলসকলে তাহানিতে গোৱাৰ অন্যান্য বজাৰত কাম কৰিছিল, কিন্তু তেনে তথ্য খুব কম, ঘাইকৈ লোকগীতত উল্লেখ থকা কাৰণেহে আন বজাৰতো এসময়ত তেওঁলোকৰ উপস্থিতিৰ উমান পোৱা যায়

Sonia Filinto
মহিলাসকলে মাড়গাওঁ চহৰৰ কাষৰীয়া নগৰ আৰু গাঁও যেনে বৰদা আৰু ফাটোৰ্ডাৰ পৰা দৈনিক বাছেৰে অহা-যোৱা কৰে। তেওঁলোকে ৰাতিপুৱা ঘৰুৱা কাম-বন অটাই বিভিন্ন সময়ত, পুৱা ৪ বজাৰ পৰা ৰাতিপুৱা ১০ বজাৰ ভিতৰত বজাৰত উপস্থিত হয়। পুনৰ সন্ধিয়া ৬:৩০ বজাৰ ভিতৰত তেওঁলোক নিজ নিজ ঘৰলৈ বুলি ৰাওনা হয়

Sonia Filinto
মাড়গাওঁৰ ভডেলসকল পৰম্পৰাগতভাৱে ৰোমান কেথলিক আছিল। তেওঁলোক হৈছে কুনৱিসকল – গোৱাৰ থলুৱা বুলি বিবেচনা কৰা জনজাতীয় সম্প্ৰদায়। এলপাইন আলমেইদাই তেওঁ পিন্ধা পোছাকজোৰ সাধাৰণ কুনৱি শৈলাত মেৰিয়াই লৈছে। কিন্তু কাপোৰ আৰু ৰং পৰম্পৰাগত হৈ থকা নাই। তেনে পোচাক এতিয়া উৎপাদন কৰা নহয়

Sonia Filinto
ভডেল মহিলাসকলে সাধাৰণতে মাড়গাওঁ বজাৰৰ আটাইতকৈ পুৰণি দোকানবোৰৰ বাহিৰৰ এটা গলিত লগ হয়। এইটো লেণ্টৰ খ্ৰীষ্টান ঋতু – কৃচ্ছ্ৰসাধনৰ সময় – বজাৰৰ গতিও লেহেমীয়া। ব্যৱসায়ৰ বাবে এই বতৰ একেবাৰে অনুকূল নহয়, যাৰ বাবে অন্ততঃ মহিলাসকলে শান্তিত উশাহটো ল’ব পাৰে

Sonia Filinto
নব্বৈৰ দশকৰ শেষৰ ফালে কোংকান ৰে’লপথৰ প্ৰৱৰ্তনৰ ফলত চুবুৰীয়া ৰাজ্যৰ পৰা প্ৰব্ৰজিত শ্ৰমিকসকল আহিছিল, যাৰ ফলত মহিলাসকলৰ উপাৰ্জনত প্ৰভাৱ পৰিছিল – সস্তীয়া শ্ৰম আৰু বলিষ্ঠ ডেকাসকলৰ সৈতে প্ৰতিযোগিতা কৰাটো কঠিন হৈ পৰিছিল। মহিলাসকলৰ বাবে কামৰ নাটনিয়ে দেখা দিছিল। কামৰ অভাৱত তেওঁলোকৰ ভৰি দুখনে অলপ আৰাম পাইছিল। কিন্তু স্থানীয় বণিকসকলে ভডেলৰ ওপৰত বিশ্বাস ৰাখে। তেওঁলোকৰ তত্বাৱধানত দোকান খোলা ৰাখি বেংকলৈ পঠিয়াই বৃহৎ পৰিমাণৰ ধন জমা কৰিবলৈ কুণ্ঠাবোধ নকৰে

Sonia Filinto
ভডেলসকলে দিনে ৫০ ৰ পৰা ২০০ টকাৰ ভিতৰত কিবা এটা পৰিমাণ উপাৰ্জন কৰে। যিহেতু ২০১৫ চনত বস্তুবোৰ যেনেদৰে আছে, এটা মজলীয়া আকাৰৰ শ্বপিং বেগ কঢ়িয়াই নিলে ৩ টকা লাভ হ'ব, ষ্টীলৰ আলমাৰী এটা কঢ়িয়াই নিলে ৫০ টকা আহিব, যিটো জড়িত মহিলাৰ সংখ্যাৰে ভাগ কৰা হ’ব, আৰু ৫০ কিলোগ্ৰামৰ সামগ্ৰী কঢ়িয়াই নিলে তেওঁলোকে ২০ টকা উপাৰ্জন কৰিব

Sonia Filinto
দোকানৰ মালিকসকলৰ লগতে ক্ৰেতাসকলে বিভিন্ন সামগ্ৰী আৰু গধুৰ বোজা কঢ়িয়াবলৈ ভডেলসকলক লগায়। এলপাইন আলমেইডাই নিজৰ ঘৰৰ বাবে সাপ্তাহিক বজাৰ কৰিবলৈ যোৱাৰ সময়ত স্থানীয় ব্যৱসায়ীসকলৰ গেলামালৰ বস্তুৰে ভৰা টোপোলাবোৰো কঢ়িয়াই সেৱা আগবঢায়

Sonia Filinto
গোৱাৰ দোকানবোৰ আবেলি ১ বজাৰ পৰা আবেলি ৩:৩০ বজালৈ বন্ধ থাকে, সেই সুযোগতে মহিলাসকলে দোকানবোৰৰ শ্বাটাৰ নমাই থোৱা অৱস্থাতে তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে

Sonia Filinto
ভডেল মহিলা এগৰাকীৰ সৈতে মেকুৰী এটাইও পেট পুৰাইছে

Sonia Filinto
চিকুন টোপনিৰ সময়ত

Sonia Filinto
ভডেলসকলৰ আটাইতকৈ জ্যেষ্ঠ ৰীতা কামাৰা - বয়স প্ৰায় ৭০ বছৰ। তেওঁ দৈনিক ধঁপাতৰ গুৰি শুকান টেণ্ডু পাতেৰে মেৰিয়াই বিড়ি বনাই হুপি থাকে

Sonia Filinto
ডাক্তৰৰ পৰামৰ্শত কেইগৰাকীমান ভডেলে চশমা পিন্ধিছে যদিও কামৰ সময়ত সেয়া পিন্ধি থকাটো অসুবিধা। পলিন আলমেইডাই কয়, “চশমা পিন্ধিলে মই কাম কৰিবলৈ অসুবিধা পাওঁ,” দিনটোৰ শেষত ঘৰলৈ উভতা বাটতহে তেওঁ লাহেকৈ চশমাযোৰ পিন্ধে

Sonia Filinto
২০১১ চনত পৰ্তুগীজ শাসনৰ পৰা মুক্তি পোৱাৰ ৫০ বছৰ উদযাপনৰ বাবে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে, গোৱা চৰকাৰে সেই ভডেলসকলৰ সেৱাক স্বীকৃতি দিছিল। স্বীকৃতি দিয়া হৈছিল, যিসকলে ২৫ বছৰতকৈও অধিক সময় ধৰি এই কাম কৰি আহিছে। তেওঁলোকক ২৫ হাজাৰ টকাৰ এককালীন সাহায্যও আগবঢ়োৱা হৈছিল। যদিও মহিলাসকলে জ্যেষ্ঠ নাগৰিকৰ বাবে চৰকাৰী পেঞ্চন আঁচনিৰ বাবে আবেদন কৰিব পাৰে, কিন্তু ভডেলসকলে শ্ৰমিক হিচাপে গৌৰৱবোধ কৰে, সেই কাৰণে চাগে তেওঁলোকে পেঞ্চন বিচাৰিবলৈ সংকোচ কৰে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/গোৱাৰ-মহিলা-কুলিসকল

