লোকৰ কথা নুশুনিবা,
বাটত নাঙল নাচাঁচিবা


Darrang, Assam
|TUE, JAN 07, 2025
দৰঙত নাঙল-যুৱলিৰ সপোন দেখা এজন সূতাৰ
খেতিৰ এনে সঁজুলি চাগে নাই যিটো হানিফ আলিয়ে সাজিব নোৱাৰে - নাঙল, জবকা, যুৱলি, দলিমৰাকে ধৰি খেতিৰ বিভিন্ন সঁজুলি তেওঁ তৈয়াৰ কৰে। নিখুঁতকৈ নিজৰ কাম কৰা অভিজ্ঞ কাৰুশিল্পীগৰাকীয়ে কয় যে ট্ৰেক্টৰৰ আধিক্যই তেওঁৰ শিল্পৰ চাহিদা নাইকিয়া কৰি পেলাইছে
Author
Editor
Translator
লোকৰ কথাত কাণ নিদি নিজৰ কাম একাণপতীয়াকৈ নকৰিলে নিখুঁতকৈ কোনো এটা কামেই সমাধা কৰিব নোৱাৰি। তাতে যদি আপুনি নাঙল চাঁচি আছে, তেন্তে লোকৰ কথা শুনা মানেই কাম পণ্ড। নাঙল এখন চাঁচি চাঁচি বনাওতে ইমানেই মনযোগ দিবলগীয়া হয়।
এনেকুৱাই সুক্ষ্ম মনযোগেৰে নিপুণতাৰে নাঙল-যুৱলিকে আদি কৰি খেতিৰ বিভিন্ন সঁজুলি তৈয়াৰ কৰি উলিওৱা অভিজ্ঞ কাৰুশিল্পী হানিফ আলি এই কথাত একমত। নামনি অসমৰ দৰং জিলাৰ তেওঁৰ ঘৰৰ আশে-পাশে প্ৰায় দুই-তৃতীয়াংশ অঞ্চল খেতিপথাৰ। এইজন কাৰুশিল্পীগৰাকীয়ে অঞ্চলটোত খেতিপথাৰত প্ৰয়োজন হোৱা বিভিন্ন সঁজুলি তৈয়াৰ কৰি আহিছে।
“মই সকলো ধৰণৰ কৃষি সঁজুলি যেনে নাংগল (নাঙল), চংগো (মৈ), যুৱাল (যুৱলি), হাত নাংলে (জবকা), নাংলে (জবকা), ঢেঁকী, ইতামাগুৰ (দলিমৰা), হাৰপাত (কৰনি) আদি বিভিন্ন সঁজুলি সাজো,” তেওঁ কৈ যায়।
তেওঁ দৰ্জা-খিৰিকী আৰু বিচনা আদি তৈয়াৰ কৰিবলৈ কাঠল (অসমীয়াত কঁঠাল) গছৰ কাঠ ব্যৱহাৰ কৰিবলৈ ভাল পায়। হানিফে কয় যে তেওঁ কাঠৰ এটা টুকুৰাও পেলনিত যোৱাটো নিবিচাৰে, সেয়েহে কঠালৰ কাঠৰ টুকুৰা এটাৰ পৰা যিমান পাৰে সিমান সঁজুলি সাজি উলিয়ায়।
নাঙল সজা কামটো বৰ নিখুঁতভাবে কৰিবলগীয়া কাম। “মই চিন দি লোৱা কাঠ টুকুৰাৰ কোনো এটা অংশও এক আঙুলো হেৰ-ফেৰ নোহোৱাকৈ কাটিব লাগে, নহ’লে গোটেই কাঠৰ টুকুৰাটো অথলে যাব,” নহ’লে প্ৰায় ২৫০ৰ পৰা ৩০০ টকাৰ লোকচান হ’ব পাৰে বুলি তেওঁ কয়।

Mahibul Hoque

Mahibul Hoque
তেওঁৰ গ্ৰাহক হৈছে জিলাখনৰ উপান্ত শ্ৰেণীৰ খেতিয়ক যাৰ ঘৰত গৰু বা ম’হ আছে। তেওঁলোকে নিজৰ খেতিমাটিত একাধিক খেতি কৰে। ফুলকবি, বন্ধাকবি, বেঙেনা, ওলকবি, মাটৰমাহ, জলকীয়া, পানীলাও, ৰঙালাও, গাজৰ, তিতাকেৰেলা, বিলাহী, তিয়হ আদিৰ খেতি কৰে। তাৰ লগতে কৰে সৰিয়হ আৰু ধানৰ খেতি।
“কাৰোবাক নাঙল লগা থাকিলে মোৰ ওচৰলৈকে আহে,” তিনিকুৰি বছৰ বয়স পাৰ কৰা অভিজ্ঞতাপুষ্ট শিল্পীগৰাকীয়ে কয়। “১৫-২০ বছৰ আগতে অঞ্চলটোত মাত্ৰ দুখন ট্ৰেক্টৰ আছিল, মানুহে নাঙেলেৰে হাল বাইছিল,” তেওঁ পাৰিক কয়।
তিনিকুৰি বয়সৰ মুকদ্দছ আলি এগৰাকী পুৰণি খেতিয়ক যিয়ে এতিয়াও মাজে-সময়ে নাঙল ব্যৱহাৰ কৰে। “মই এতিয়াও মোৰ নাঙলখন মেৰামতি কৰাবলৈ হানিফৰ ওচৰলৈ আহো। তেঁৱেই নিখুঁতকৈ নাঙলখন মেৰামতি কৰিব পাৰে। দেউতাকৰ দৰে হানিফৰো হাতখন এই কামত বৰ ভাল।”
নতুনকৈ এখন বনাব নে নাই, সেই কথাক লৈ অৱশ্যে তেওঁ নিশ্চিত নহয়। “বলধ গৰু বৰ মহঙা হৈ পৰিছে আৰু খেতিপথাৰত কাম কৰা মানুহ পাবলৈ টান। তাৰোপৰি নাঙলেৰে মাটি চহ কৰোঁতে ট্ৰেক্টৰতকৈ বহুত বেছি সময় লাগে,” মানুহে কামৰ হেঁচা কমাবলৈ কিয় নাঙলৰ ঠাইত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ ব্যৱহাৰ কৰিবলৈ লৈছে, সেইকথা বুজাই তেওঁ কয়।

Mahibul Hoque

Mahibul Hoque
*****
হানিফ দ্বিতীয় প্ৰজন্মৰ কাৰুশিল্পী। তেওঁ সৰুকালিতে কাঠৰ সঁজুলি বনোৱা কাম শিকিছিল। “মই কেইদিনমানহে স্কুললৈ গৈছিলো। মোৰ মা বা দেউতাৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ নাছিল, মইও স্কুললৈ যোৱা নাছিলো,” তেওঁ কয়
সেই অঞ্চলৰ সন্মানীয় কাৰুশিল্পী হলু শ্বেইখ, তেওঁ পিতৃক খুব কম বয়সৰ পৰাই তেওঁ সহায় কৰিবলৈ লৈছিল। “বাবায়ে চাৰা বস্তিৰ জন্যে নাংগল বানাইত’। নাংগল বানাবৰ বা ঠিক কৰবাৰ জন্যে আংগৰ বাৰিত আইতো সব খেতিয়ক (গাঁৱৰ সকলোৰে বাবে আমাৰ দেউতাই নাঙল বনাইছিল। প্ৰতিজন খেতিয়কে নাঙল বনাবলৈ বা মেৰামতি কৰাবলৈ আমাৰ ঘৰলৈ আহিছিল)।”
তেওঁ দেউতাকক সহায় কৰা সময়ত দেখিছিল যে তেওঁ বিভিন্ন অংশত প্ৰথমে দাগ দি লয়। নিৰ্ভুল জোখত দাগ দিলেহে নিখুঁতকৈ নাঙল এখন হৈ উঠিব। “কোনখিনিত ফুটা কৰিব লাগিব, আপুনি জানিব লাগিব। মুৰিকাঠ (নাঙলৰ গা অংশ)ৰ সৈতে সঠিক কোণত ডিলামাৰি (ঈহমাৰি বুলিও কয়)ডাল ফুটা কৰি শাল মাৰি ভৰাব লাগিব,” কাঠৰ টুকুৰা এটা চাঁচি থকাৰ মাজতে হানিফে কয়।
তেওঁ কয় যে নাঙলখনৰ ভাঁজটো খুব বেছি হ’লে কোনেও সেইখন নিকিনিব, কিয়নো সেই নাঙলেৰে মাটি চহালে সেই মাটি ফালৰ ফালে বেছিকৈ আহিব আৰু চহোৱা কামটো কঠিন হৈ পৰিব।
এই সুক্ষ্ম কথাবোৰ সোমাই থকাৰ বাবেই তেওঁ দেউতাকক এইবুলি ক’বলৈ এবছৰ লাগিল যে তেওঁ চিন্তা কৰিব নালাগে, কিমান জোখত দাগ দিব লাগে, তেওঁ জনা হৈছে।

Mahibul Hoque

Mahibul Hoque
বাওঁফালে: অভিজ্ঞ বাঢ়ৈজনে কঁঠালৰ কাঠত কাম কৰিবলৈ ভাল পায়, সেই কাঠ তেওঁ দৰ্জা-খিৰিকী আৰু বিচনা আদি তৈয়াৰ কৰিবলৈকো ব্যৱহাৰ কৰে। হানিফে কয় যে তেওঁ কাঠৰ এটা টুকুৰাও পেলনিত যোৱাটো নিবিচাৰে, সেয়েহে কঁঠালৰ কাঠৰ টুকুৰা এটাৰ পৰা যিমান পাৰে সিমান সঁজুলি সাজি উলিয়ায়। সোঁফালে: কাঠৰ কুন্দাটো ক’ত ক’ত কাটিব আৰু ফুটা কৰিবলৈ ক’ত দাগ দিব, সেয়া হানিফে দেখুৱাইছে
তাত হলু মিস্ত্ৰী বুলি মানুহে জনা তেওঁৰ পিতৃক তেওঁ তেনেকৈয়ে সহায় কৰিবলৈ লয়। তেওঁৰ পিতৃ হলু মিস্ত্ৰীয়ে এফালে দোকানো চলাইছিল আৰু আনফালে হুইতেৰ (বাঢ়ৈৰ কাম, বিশেষকৈ নাঙল বনোৱাত পাকৈত লোকক দিয়া স্থানীয় নাম - অসমীয়াত সূতাৰ) কাম কৰিছিল। তেওঁলোকে কেনেকৈ কান্ধত ভাৰ বান্ধি খেতিৰ সঁজুলি লৈ ঘৰে ঘৰে গৈছিল, সেয়া মনত পেলাই কয়।
দেউতাকৰ লগত কেইবছৰমান এনেকৈ কাম কৰাৰ পিছত তেওঁৰ বয়স হৈ অহা দেখি এটা সময়ত হানিফৰ ওপৰত তেওঁৰ ভনীয়েককেইজনীৰ বিয়াৰ দায়িত্ব আহি পৰিল। “মানুহে আমাৰ ঘৰটো চিনি পাইছিল আৰু দেউতাই অৰ্ডাৰ লৈ কাম কৰিব নোৱাৰা হৈ অহাত মই নাঙল বনোৱা কামত হাত দিলো।”
তেনেকৈয়ে চাৰিটা দশক পাৰ হৈ গ’ল। এতিয়া হানিফে ঘৰত অকলে থাকে আৰু ৩ নং বৰুৱাজাৰ গাঁৱত তেওঁৰ দৰে বহু বংগমূলীয় মুচলমান অধ্যূষিত অঞ্চলটোত তেওঁৰ এটা কোঠাৰ ঘৰটোৱে তেওঁৰ কৰ্মশালা। অঞ্চলটো দলগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত। তেওঁৰ এটা কোঠাৰ ঘৰটোত আচবাব বুলিবলৈ আছে এখন সৰু বিচনা, কেইপদমান বাচন-বৰ্তন - এটা চৰু, এটা কেৰাহী, কেইখনমান ষ্টীলৰ থাল আৰু এটা গিলাচ।
“আমাৰ অঞ্চলটোত মোৰ দেউতা আৰু মোৰ কামৰ প্ৰয়োজন আছে,” তেওঁৰ চুবুৰীয়া বহু খেতিয়কৰ প্ৰসংগত তেওঁ কয়। পাঁচটা পৰিয়ালৰ চোতালখনত হানিফ বহি আছে। পাঁচোটা পৰিয়ালৰ ঘৰ বুলিবলৈ এটা এটা কোঠা। আন চাৰিটা ঘৰ তেওঁৰ ভনীয়েক, তেওঁৰ সৰুটো ল’ৰা আৰু ভতিজাহঁতৰ। তেওঁৰ ভনীয়েকে নিজৰ ঘৰৰ খেতিপথাৰৰ লগতে গাঁৱৰ আন লোকৰ খেতিপথাৰত দিনহাজিৰা কৰে। তেওঁৰ ভতিজাকেইটাই প্ৰায়ে দাক্ষিণাত্য অঞ্চললৈ কামৰ বাবে প্ৰব্ৰজন কৰে।
হানিফৰ নটা সন্তান যদিও কোনো এটাইও চাহিদা কমি অহা এই শিল্পৰ সৈতে জড়িত নহয়। “আমাৰ পৰম্পৰাগত নাঙল এখন দেখিবলৈনো কেনে, সেয়া নতুন প্ৰজন্মই চিনিকে নাপাব,” মুকদ্দছ আলিৰ ভতিজা আফাজ উদ্দিনে কয়। জলসিঞ্চনৰ সুবিধা নথকা ছবিঘা খেতিমাটিৰ গৰাকী ৪৮ বৰ্ষীয় খেতিয়কজনে ১৫ বছৰ আগতেই নাঙল ব্যৱহাৰ কৰিবলৈ এৰিছে।

Mahibul Hoque

Mahibul Hoque
*****
“মই চাইকেল চলাই গাঁৱৰ মাজেৰে গৈ থাকোতে ভাঁজ থকা ডালৰ ডাঙৰ গছ দেখিলে গৃহস্থক কৈ থও যে গছডাল কটাৰ সময়ত মোক যাতে খবৰ দিয়ে। মই কওঁ যে ভাঁজ থকা মজবুত ডালেৰে ভাল নাঙল বনাব পৰা যায়,” স্থানীয় লোকৰ মাজত পৰিচিতি থকা হানিফে কয়।
কাঠৰ স্থানীয় বেপাৰীয়ে ভাঁজ থকা মজবুত গা-গছ পালে তেওঁক খবৰ দিয়ে। নাঙল বনাবলৈ তেওঁক সাত ফুট দীঘল আৰু ৩x২ ইঞ্চি বহল শাল (shorea robusta), চিচু (Indian rosewood), তিতাচঁপা (Michelia champaca), শিৰীষ (albezia lebbeck) বা আন স্থানীয়ভাবে উপলব্ধ গছৰ কুন্দা লাগে।
“গছডাল ২৫-৩০ বছৰ পুৰণি হ’লে তাৰ পৰা বনোৱা নাঙল, যুৱলি আৰু জবকা আদি বেছিদিন টিকে। কুন্দাবোৰ সাধাৰণতে গা-গছ বা মজবুত ডালৰ হয়,” দুটা অংশত কাটি থোৱা গছৰ ডাল এটা পাৰিক দেখুৱাই তেওঁ কয়।
আগষ্টৰ মাজভাগত পাৰিয়ে তেওঁক দেখা কৰাৰ সময়ত তেওঁ নাঙল বনাবলৈ কুন্দা এটা নিৰ্দিষ্ট আকাৰত কাটি আছিল। “মই যদি নাঙল এখনৰ উপৰি দুখন হাতনাইংগেল (জবকা) বনাব পাৰো, তেন্তে কুন্দাটোৰ পৰা অতিৰিক্ত ৪০০-৫০০ টকা উপাৰ্জন কৰিব পাৰিম,” ২০০ টকাৰে কিনি অনা কোণীয়া কু্ন্দাটোলৈ আঙুলিয়াই দি তেওঁ কয়।
“এটা কুন্দা যিমান পাৰি সিমান সদব্যৱহাৰ কৰিবলৈ মই চেষ্টা কৰোঁ। কেৱল সেয়াই নহয়, খেতিয়ক এজনে যিদৰে বিচাৰে সেইদৰে খেতিৰ সঁজুলি গঢ় দিব লাগে,” তেওঁ কয়। চাৰিটা দশকৰো অধিক কাল নাঙল বনোৱা কামত জড়িত হানিফে জানে যে সাধাৰণতে খেতিয়কে নাঙলৰ ফালটোৰ অংশ ১৮ ইঞ্চি (যাতে নাঙলখন অধিক সুস্থিৰ হৈ থাকে) আৰু গা অংশটো ৩৩ ইঞ্চি থকাটো বিচাৰে।

Mahibul Hoque

Mahibul Hoque

Mahibul Hoque

Mahibul Hoque
উপযুক্ত কুন্দা এটা পালে তেওঁ পূবে বেলি উঠাৰ আগতেই কটা, টুকুৰা কৰা, চঁচা, আকাৰ দিয়া আৰু ভাঁজ দিয়া সঁজুলিবোৰ মেলি লৈ কাম আৰম্ভ কৰে। তেওঁৰ সঁজুলি হৈছে কেইটামান বটালি, এখন চাঁচ, কেইখনমান কৰত, এখন কুঠাৰ, এখন ৰেন্দা আৰু কেইডালমান ৰড - এইকেইপদ সঁজুলি তেওঁ ঘৰৰ ভিতৰত চাং এখনত ৰাখে।
কৰতৰ গদিটোৰে তেওঁ কাঠডালৰ সঠিক স্থানত দীঘলীয়াকৈ চিন দি লয় য’ত তেওঁ জোখত কৰতেৰে কাটিব পাৰে। দীঘ-পুতল আদি তেওঁ হাতেৰে জোখে। চিন দি লোৱাৰ পিছত তেওঁ নিজৰ ৩০ বছৰ পুৰণি কুঠাৰেৰে কাঠডাল কাটে। “তাৰপিছত মই তেচ্চা (চাঁচ - কুঠাৰৰ দৰেই এবিধ সঁজুলি)ডালেৰে কাঠৰ অসমান অংশবোৰ মিহি কৰোঁ,” পাকৈত সূতাৰজনে কয়। ফালৰ অংশটো তেওঁ বৰ সাৱধানে চাঁচে, যাতে হাল বাওতে মাটিখিনি ফালৰ দুয়োকাষে ওলাই যায় আৰু হালখন সুষমভাবে আগবাঢ়ে।
“নাঙলৰ ফালৰ অংশটোৰ ছয় ইঞ্চি থাকে, আৰু ক্ৰমে চিঁয়া হৈ যোৱা অংশটোত ডেৰৰ পৰা দুই ইঞ্চি থাকে,” তেওঁ কয়। ফালৰ অংশটো ৮ৰ পৰা ৯ ইঞ্চি মোটা থাকে আৰু কাষকেইটা মুৰৰ ফালে চিয়া হৈ যোৱা অংশটোত দুই ইঞ্চি থাকেগৈ।
নাঙলৰ ফালটো লোৰে বনোৱা হয় আৰু ইয়াৰ দৈৰ্ঘ্য ৯-১২ ইঞ্চি হয় আৰু পথালিয়ে ডেৰ-দুই ইঞ্চি থাকে। ফালৰ দুয়োমুৰে ধাৰ থাকে। “দুয়োমুৰে এইকাৰণেই ধাৰ কৰা হয়, যাতে এটা মুৰে ধাৰ কমি গ’লে ফালখন ঘুৰাই আনটো মুৰ ব্যৱহাৰ কৰিবপৰা যায,” হানিফে কয়। তেওঁ ঘৰৰ পৰা তিনি কিলোমিটাৰমান দূৰৰ বেচিমাৰী বজাৰৰ স্থানীয় কমাৰৰ পৰা ফাল কিনি আনে।
এটা কুন্দা কাটি আৰু চাঁচি চাঁচি নাঙলৰ আকাৰ দিওতে জিৰণি নোলোৱাকৈ কৰিলে অতিকমেও পাঁচ ঘণ্টা লাগে। তাৰপিছত আকৌ তাক হাত-ৰেন্দা মাৰি মিহি কৰিব লাগে।
নাঙলৰ মূল অংশ সাজি উলিওৱাৰ পিছত সূতাৰৰ কাম হৈছে যিটো অংশত ডিলামাৰিডাল লগোৱা হ’ব, সেই অংশটোত ফুটা কৰা। হানিফে কয়, “ইছ (ঈহমাৰি বা ডিলামাৰি)ডাল যিমান মোটা, সিমানখিনি জোখতহে ফুটাটো কৰাৰ যত্ন কৰা হয়, যাতে হাল বাওতে সেইডাল ঢিলা হৈ নপৰে। ফুটাটো সাধাৰণতে ডেৰৰ পৰা দুই ইঞ্চি বহল কৰা হয়।”

Mahibul Hoque

Mahibul Hoque

Mahibul Hoque

Mahibul Hoque
নাঙল এখনৰ উচ্চতা সলনি কৰিব পৰাকৈ হানিফে প্ৰতিখন নাঙলৰ ওপৰভাগত পাঁচৰ পৰা ছটা যুৱলি লগাবপৰা ঘাট ৰাখে যাতে খেতিয়কে কিমান দকৈ চহাব, সেই অনুসাৰে নাঙলখন লগাব পাৰে।
কাঠকটা মেচিন ব্যৱহাৰ কৰাটো মহঙা আৰু ভাগৰো লাগে, হানিফে কয়। “মই যদি ২০০ টকাৰ কুন্দা এটা কিনো, ১৫০ টকা আকৌ কটা মানুহজনক দিব লাগিব।” নাঙল এখন বনাবলৈ তেওঁক প্ৰায় দুটা দিন লাগে আৰু এখন নাঙলত খুব বেছি তেওঁ ১,২০০ টকা পায়।
কিছুমানে তেওঁৰ ওচৰলৈ পোনে পোনে নাঙল-যুৱলি বিচাৰি আহে যদিও হানিফে নিজে বনোৱা সামগ্ৰী দৰঙৰ দুখন সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ যায় - এখন লালপুল বজাৰ আৰু আনখন বেচিমাৰী বজাৰ। “নাঙলৰ লগতে আন আন আনুষংগিক সঁজুলিৰ বাবদ এজন খেতিয়কে ৩,৫০০ৰ পৰা ৩,৭০০ টকা দিব লাগে,” বাঢ়ি অহা দামৰ বাবে তেওঁৰ পৰা কিয় খেতিয়কে নাঙল নিকিনি আনৰ পৰা ভাড়াত নিয়া হৈছে, সেয়া বুজাই তেওঁ কয়। “মাটি চহ কৰাৰ পৰম্পৰাগত পদ্ধতিৰ ঠাই ট্ৰেক্টৰে লৈছে।”
কিন্তু হানিফ ৰৈ যোৱা নাই। দ্বিতীয়দিনা আকৌ তেওঁ চাইকেলখন লৈ নাঙল আৰু মুঠি বোজাই কৰি ফেৰি কৰিবলৈ ওলাইছে। “ট্ৰেক্টৰে যেতিয়া খেতিমাটিবোৰ নষ্ট কৰি পেলাব…তেতিয়া মানুহবোৰ আকৌ নাঙল বনোৱাজনৰ ওচৰলৈ ঘূৰি আহিব,” তেওঁ কয়।
এই প্ৰতিবেদন মৃণালিনী মুখাৰ্জী ফাউণ্ডেচন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/in-darrang-ploughing-a-lonely-furrow-as

