নাগৰাজ বন্দনৰ নাকত ঘৰত বনোৱা ৰাগিৰ গোন্ধটো এতিয়াও লাগি আছে। সৰু থাকোতে তেওঁ সদায়েই কাঁহিখনত ৰাগিৰ বাবে আগ্ৰহেৰে বাট চাই থাকিছিল।
পাঁচটা দশক পিছত এতিয়া আৰু ৰাগি কালি নামে ব্যঞ্জনবিধৰ আগৰ তুলনাত সোৱাদ নাইকিয়া হৈছে। “আগৰ দৰে ৰাগিৰ সোৱাদ নাই, সুগন্ধও নাই,” ৰাগি কালি এতিয়া কাচিৎহে বনোৱা হয় বুলি উল্লেখ কৰি তেওঁ কয়।
নাগৰাজ ইৰুলা সম্প্ৰদায়ৰ (তামিলনাডুত অনুসূচিত জনজাতি হিচাপে সূচীবদ্ধ)। ঘৰ নিলগিৰিৰ বোক্কাপুৰম চুবুৰীত। তেওঁৰ ঘৰখন আগতে দেউতাকহঁতে কৰা মিলেট যেনে ৰাগি (ফিংগাৰ মিলেট), চোলাম (জোৱাৰ - সৰু সৰু গুটিৰ এবিধ খাদ্যশস্য), কাম্বু (পাৰ্ল মিলেট) আৰু চামই (লিটল মিলেট) আদিৰে ভৰি পৰিছিল। তাৰে কিছু পৰিয়ালে খোৱাৰ বাবে ৰাখে, বাকীখিনি বজাৰত বিক্ৰী কৰে।
ডেকা বয়সত যেতিয়া নাগৰাজে খেতিৰ কাম চম্ভালিবলৈ ল’লে, তেওঁ দেখিলে যে দেউতাকে খেতি কৰোঁতে যিমান শস্য চপাইছিল, তাতকৈ বহুগুণে উৎপাদন কমিছে। তেওঁ তথাপিও ৰাগি খেতি অব্যাহত ৰাখিলে, লগতে দুই একৰ মাটিত বীন আৰু বেঙেনাৰ খেতি কৰিবলৈ ল’লে।
আন খেতিয়কেও সেই পৰিৱৰ্তন লক্ষ্য কৰিছে। মাৰিয়ে (তেওঁ নামটোহে উল্লেখ কৰাটো বিচাৰে) কয় যে তেওঁৰ দেউতাকে ১০-২০ বস্তা ৰাগি পাইছিল। কিন্তু ৪৫ বৰ্ষীয় খেতিয়ক মাৰিয়ে কয় যে তেওঁ এতিয়া সেই দুই একৰ খেতিমাটিৰ পৰা মাত্ৰ ২-৩ বস্তাহে ৰাগি উৎপাদন কৰিব পাৰিছে।
নাগৰাজ আৰু মাৰিৰ অভিজ্ঞতা চৰকাৰী তথ্যৰ সৈতেও মিলে। সেই তথ্য অনুযায়ী নিলগিৰিৰ ৰাগি খেতি ১৯৪৮-৪৯ৰ ১,৩৬৯ৰ হেক্টৰৰ পৰা ১৯৯৮-৯৯ত ৮৬ হেক্টৰলৈ কমিছে।
২০১১ৰ লোকপিয়ল মতে মিলেটৰ খেতি জিলাখনৰ মাত্ৰ এক হেক্টৰ মাটিতহে হৈছে।











