everyday-lives-of-queer-people-as

Jan 17, 2024

আমি অদ্ভুত, আমি বিচিত্ৰ, আমি কুইয়াৰ

লিংগীয় পৰিচয়, লিংগীয় অভিব্যক্তি, যৌনতা আৰু যৌন অভিমুখতাৰ নানাৰঙী বৰ্ণালীৰ মাজত কুইয়াৰ ব্যক্তিৰ অৱস্থান। সাধাৰণতে তেওঁলোকক লেচবিয়ান, সমকামী, উভয়কামী, ৰূপান্তৰকামী, কুইয়াৰ, মিশ্ৰলিংগীয়, অকামী আদি নানা পৰিচয়েৰে একত্ৰ কৰি এলজিবিটিকিউআইএ+ সম্প্ৰদায় বুলি কোৱা হয়। সামাজিক আৰু আইনী প্ৰেক্ষাপটত সম্পূৰ্ণ গ্ৰহণযোগ্যতাৰ দিশে আগবঢ়াৰ ক্ষেত্রত তেওঁলোকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে। মৌলিক অধিকাৰৰ বাবেও তেওঁলোকে যুঁজিবলগীয়া হোৱা দিশটো এই প্ৰতিবেদনসমূহৰ যোগেদি তুলি ধৰা হৈছে। ব্যক্তিগত আৰু পেছাগত, উভয় পৰিসৰতে সামাজিক স্বীকৃতি, ন্যায়বিচাৰ, পৰিচিতিৰ দাবী তথা সুনিশ্চিত এক ভৱিষ্যত গঢ়াৰ বাবে তেওঁলোকে প্ৰতিদিনে যুঁজিবলগীয়া হৈ আহিছে। ইয়াৰে কিছুমান প্ৰতিবেদনৰ যোগেদি স্বতন্ত্ৰতাৰে তেওঁলোকে জীয়াই থকাৰ যুঁজখনত আগুৱাই যোৱাৰ সময়ত ব্যক্তি বা সমূহ হিচাপে তেওঁলোকে অনুভৱ কৰা আনন্দৰ মুহূৰ্তও তুলি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

PARI Translations, Assamese