'আমাৰ প্ৰতি সকলোৰে কিয় অবমাননাসূচক আচৰণ কৰে? এটাই কাৰণ, আমি তৃতীয় লিংগ, তাৰ মানে এয়ে নেকি যে আমাৰ কোনো সন্মান নাই?' এইদৰে ক্ষোভ আৰু বেদনা প্ৰকাশ কৰিলে শীতলে।
বহু বছৰৰ তিক্ত অভিজ্ঞতাৰ পৰা শীতলে কথাবোৰ কৈ গ'ল। ২২ বছৰ বয়সত আকৌ মনত পেলালে শীতেল- কেনেকৈ স্কুলত, কৰ্মস্থানত, বাটে-পথে, প্ৰায় সকলো ঠাইতে এটা দশক বৈষম্য আৰু নিৰ্যাতনৰ বলি হৈছিল।
প্ৰায় ১৪ বছৰ বসয়ত, ইচালকাৰানজিৰ নেহৰু নগৰত থকা ঘৰত এনে নিৰ্যাতন আৰু বৈষম্যৰ প্ৰথম আৰম্ভ হয়। তেতিয়া তেঁওৰ নাম আছিল অৰবিন্দ। 'মই অষ্টম কি নৱমমান শ্ৰেণীত পঢ়ি থকাৰ সময়ত স্কুললৈ ছোৱালীৰ দৰে পোছাক পিন্ধি যাবলৈ বিচাৰিছিলো। মোৰ কিয় মন গৈছিল মই নাজানিছিলো। ঘৰত থকা সময়ত মই নিজকে আয়নাত চাই থাকো আৰু দেউতাই চিঞৰিবলৈ আৰম্ভ কৰি দিয়েঃ 'তই নুপুংসকৰ নিচিনাকৈ কিয় নিজকে চাই আছ- ঘৰৰ পৰা ওলাই যা, ল'ৰাৰ লগত খেলগৈ।মই যেতিয়া শাৰী পিন্ধিব বিচাৰিলো, আন ছোৱালীৰ দৰে থাকিবলৈ বিচাৰিলো, দেউতাই মোক মাৰিবলৈ ধৰিলে আৰু ক'লে যে মোক মানসিক চিকিৎসালয়ত ভৰ্তি কৰাব। মোক দেউতাই মাৰোতে মই খুব কান্দিছিলো।'
পৰিয়ালৰ মানুহে শীতল (তেঁওৰ অনুৰোধত নাম সলনি কৰা হৈছে)ক আৰোগ্য কৰিবলৈ তান্ত্ৰিকৰ ওচৰলৈ লৈ গৈ পূজা কৰিছিল। 'মাৰ মতে কোনোবাই যাদু-মন্ত্ৰ কৰি মোক এনেকুৱা কৰিছে। দেউতা (ভঙা-চিঙা বস্তুৰ ব্যৱসায় কৰে)ই এটা মূৰ্গীও বলি দিয়ালে। কিন্তু মোৰ মা-দেউতাই বুজি নাপালে যে শাৰীৰিকভাৱে মই পুৰুষ যদিও মানসিকভাৱে নাৰী, তেঁওলোকে মোৰ কথা অলপো নুশুনিলে।'
১৬ বছৰ বসয়ত শীতলে ঘৰৰ পৰা ওলাই গ'ল আৰু ভিক্ষা কৰা আৰম্ভ কৰিলে-সেই কাম তেঁও এতিয়াও কৰি আছে। পুৱা ১০ বজাৰ পৰা সন্ধিয়ালৈকে ভিক্ষা বিচাৰে। পইচা বিচাৰি দোকানলৈও যায়-জয়সিংপুৰ, কোলহাপুৰৰ দৰে ওচৰৰ নগৰলৈ গৈয়ো ভিক্ষা বিচাৰে, দৈনিক ১০০-৫০০ টকা উপাৰ্জন কৰে।বিবাহ উৎসৱ, নামকৰণ, ধৰ্মীয় উৎসৱ বা আন উৎসৱ আদিত গান গাবলৈ আৰু নাচিবলৈ শীতলহঁতক নিমন্ত্ৰণ কৰে, তেঁও আন চাৰি-পাঁচগৰাকীক লগত লৈ যায়, তেতিয়া প্ৰত্যেকেই ২-৩ হাজাৰকৈ টকা পায়।








