নিটাল শ্ৰেণীকোঠা, সকলোৱে মনযোগেৰে শিক্ষকৰ ফালে চাইছে। ক্ৰম'জমে কেনেদৰে মানুহৰ লিংগ নিৰ্ধাৰণ কৰে সেয়া জীৱবিজ্ঞানৰ শিক্ষকগৰাকীয়ে বৰ্ণনা কৰি আছে। "মহিলাৰ দুটা X ক্ৰম'জম থাকে আৰু পুৰুষৰ এটা X আৰু এটা Y ক্ৰম'জম থাকে। যদি XX ক্ৰম'জম Y ক্ৰম'জমৰ সৈতে যোৰা হয়, তেন্তে তাত বহি থকাজনৰ দৰে মানুহ এজনৰ জন্ম হয়," এইবুলি কৈ শিক্ষকজনে এজন শিক্ষাৰ্থীলৈ আঙুলিয়াই দিলে। শিক্ষকজনৰ কথা শুনি শিক্ষাৰ্থীজনে সংকোচবোধ কৰিলে আৰু গোটেই শ্ৰেণীকোঠাত হাঁহিৰ খলকনি উঠিল।
এয়া হৈছে ৰূপান্তৰকামী সম্প্ৰদায়ৰ ওপৰত আধাৰিত 'চাণ্ডকাড়াংগা'ৰ (যুঁজিবলৈ সংকল্পবদ্ধ)ৰ আৰম্ভণি দৃশ্য। নাটকখনৰ প্ৰথম অংশত দেখুওৱা হৈছে যে কেনেকৈ এজন শিক্ষাৰ্থীক শ্ৰেণীকোঠাত সমাজে নিৰ্ধাৰণ কৰা লিংগ ভূমিকাৰ সৈতে খাপ নোখোৱাৰ বাবে অপমান কৰা হয় আৰু উপহাস কৰা হয়। নাটকখনৰ দ্বিতীয় অংশত, হিংসাৰ বলি হোৱা ৰূপান্তৰকামী মহিলা আৰু ৰূপান্তৰকামী পুৰুষৰ জীৱন দেখুওৱা হৈছে।
ট্ৰেঞ্চ ৰাইটছ নাও কালেক্টিভ (টিআৰএনচি)য়ে সমগ্ৰ ভাৰতৰ দলিত, বহুজন আৰু আদিবাসী সম্প্ৰদায়ৰ ৰূপান্তৰকামী লোকসকলৰ হৈ মাত মাতি আহিছে। ২০২২ চনৰ ২৩ নৱেম্বৰত তেওঁলোকে তামিলনাডুৰ চেন্নাইত প্ৰথমবাৰৰ বাবে 'চাণ্ডকাড়াংগা' নাট পৰিৱেশন কৰিছিল। ঘণ্টাজোৰা নাটকখন নজন ৰূপান্তৰকামী লোকৰ এটা গোটে পৰিচালনা, প্ৰযোজনা আৰু পৰিৱেশন কৰিছিল।
টিআৰএনচি-ৰ প্ৰতিষ্ঠাপক গ্ৰেছ বানুৱে কয়, "পৃথিৱীৰ পৰা বিদায় লোৱা ৰূপান্তৰকামী লোকসকলৰ স্মৃতিত ২০ নৱেম্বৰত আন্তৰ্জাতিক ট্ৰেঞ্চজেণ্ডাৰ স্মাৰক দিৱস উদযাপন কৰা হয়। প্ৰায়েই পৰিয়ালৰ অৱহেলাৰ সন্মুখীন হোৱা, সমাজৰ পৰা বহিষ্কৃত হোৱা এই লোকসকলৰ জীৱন সহজ নহয়৷ আনকি বহুতক হত্যা কৰা হয় আৰু বহুতে আত্মহত্যাও কৰে।"




























