ফাটিমা বানোৱে কবিতা এটা আবৃত্তি কৰি আছিলঃ “ওপৰত পাংখা চলে, তলত কণমানি শোৱে,” তেওঁ হিন্দীতে কবিতাটো পঢ়ি গৈছে। “শোৱা বাচা শোৱা, ৰঙা পালেংখনতে শোৱা…” সকলোৱে তাইৰ পিনে চাইছে যদিও ৰাজাজী ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰৰ বন গুজ্জৰ বস্তিৰ পাঠগ্ৰহণৰ আবেলি বেলাত কবিতা পাঠ কৰি থকা ন বছৰীয়া ফাটিমাই কাৰো নজৰত নপৰাৰ চেষ্টা কৰিছে।

তবচ্চুম বিবিৰ ঘৰৰ চোতালতে তেওঁলোকৰ সিদিনাৰ ‘স্কুল’খন বহিছিল। ৫ৰ পৰা ১৩ বছৰীয়া ছাত্ৰ-ছাত্ৰীকেইজন এখন ডাঙৰ ডাঠ কাপোৰত বহি লৈছে, কিছুমানৰ হাতত বহীও আছে। তবচ্চুমৰ এহাল সন্তান। সিহঁতো তাত বহিছে। তেওঁৰ দৰে এই বস্তিটোৰ প্ৰায় সকলোৱে ম’হ চৰায় আৰু গাখীৰ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰে।

এই স্কুলখন কুনাও চৌড় বস্তিটোত ২০১৫ৰ পৰা ইঘৰ-সিঘৰ কৰি চলি আছে। সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৯.৩০ৰ পৰা আবেলি ১২.৩০লৈ স্কুলখন চলে, কেতিয়াবা বন্ধ থাকে, কেতিয়াবা খোলে। ২০২০ৰ ডিচেম্বৰত মই সাক্ষাৎ কৰোতে ফাটিমা বানোৱে কবিতা আবৃত্তি কৰি আছিল। তাত ১১ জনী ছোৱালী আৰু ১৬ জন ল’ৰা আছিল।

বন গুজ্জৰৰ কেইগৰাকীমান তৰুণ যুৱকেই তেওঁলোকৰ শিক্ষক। উত্তৰাখণ্ডৰ পাওৰি গাৰ্হাৱাল জিলাৰ যমকেশ্বৰ ব্লকৰ অন্তৰ্গত প্ৰায় ২০০ টা পৰিয়াল থকা কুনাও চৌড় বস্তিত দীৰ্ঘদিন ধৰি শৈক্ষিক ব্যৱধান এই তৰুণচামে দূৰ কৰাৰ চেষ্টা চলাই আহিছে (ৰাজ্যখনৰ কুমাওন আৰু গাৰ্হাৱাল অঞ্চলত ৭০ হাজাৰৰ পৰা ১ লাখ বন গুজ্জৰ সম্প্ৰদায়ৰ লোকে বাস কৰে, সামূহিক কৰ্মীয়ে অনুমান কৰি কয়। তেওঁলোকক উত্তৰাখণ্ডত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভূক্ত কৰা হৈছে আৰু অনুসূচিত জনজাতি হিচাপে স্বীকৃতি দিয়াৰ বাবে তেওঁলোকে দাবী জনাই আহিছে।) ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত থকা তেওঁলোকৰ বস্তিবোৰত ঘৰবোৰ কেঁচা, পঁজাঘৰ। তেওঁলোকক স্থায়ী ঘৰ সজাটো বন বিভাগে নিষিদ্ধ কৰি থৈছে, শৌচালয়ৰ ব্যৱস্থা নাই আৰু বনৰ জান-জুৰিয়ে তেওঁলোকৰ পানীৰ উৎস।

The ‘school’ has been assembling intermittently in the Kunau Chaud settlement since 2015 – either in the yard or in a large room in a house
PHOTO • Varsha Singh
The ‘school’ has been assembling intermittently in the Kunau Chaud settlement since 2015 – either in the yard or in a large room in a house
PHOTO • Varsha Singh

কুনাও চৌড় বস্তিৰ কাৰোবাৰ ঘৰৰ ডাঙৰ কোঠাত নাইবা চোতালতে এই স্কুলখন ২০১৫ৰ পৰা চলি আহিছে

কুনাও চৌড় গাওঁখন সংৰক্ষিত বনাঞ্চলৰ ভিতৰত অৱস্থিত, পকা ৰাস্তাৰ পৰা বহু দূৰত। বিভিন্ন কাৰণত এই অঞ্চলত শিক্ষা-দীক্ষাৰ নিয়মিত সুবিধা গঢ় লৈ উঠা নাই। চৰকাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়খনত (৫ম মানলৈ) আৰু চৰকাৰী ইণ্টাৰ-কলেজখন (দ্বাদশ মানলৈ) প্ৰায় তিনি কিলোমিটাৰ দূৰত। স্কুলকেইখনত বনৰীয়া জীৱ-জন্তু যেনে নাহৰফুটুকী বাঘ, হাতী আৰু হৰিণা আদি চৰি ফুৰে। স্কুলখন পাবলৈ বিন নদী (গংগাৰ উপনৈ)ৰ অগভীৰ পানী পাৰ হৈ যাব লাগে। বাৰিষাৰ দিনত, জুলাই আৰু আগস্ত মাহত পানী বাঢ়ে আৰু ল’ৰা-ছোৱালীহঁতে স্কুল যাবলৈ এৰে নাইবা মাক-দেউতাকে সিহঁতক ৰাস্তা পাৰ কৰাই স্কুললৈ লৈ আনে।

বহুতেই স্কুলত নাম লিখোৱা নাই। কাগজ-পত্ৰ নোহোৱাৰ বাবে তেওঁলোকে নাম লগাব পৰা নাই। দৰ্খাস্ত কৰি চৰকাৰী কাগজ পোৱাটো বনাঞ্চলৰ ভিতৰুৱা বস্তিবোৰৰ গুজ্জৰ পৰিয়ালৰ কাৰণে দীঘলীয়া আৰু কষ্টকৰ কাম। কুনাও চৌড়ৰ পৰিয়ালবোৰে কয় যে তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰৰ জন্মৰ প্ৰমাণপত্ৰ নাই (বস্তিতে তেওঁলোকৰ জন্ম), আধাৰ কাৰ্ডো নাই। (২০২১ৰ মে’ত উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে বন গুজ্জৰসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ বাবে কমিটি এখন গঠন কৰাৰ বাবে নিৰ্দেশ দিছিল)

বহু পৰিয়ালত ঘৰৰ ডাঙৰ ল’ৰাই গৰু-ম’হ চৰোৱা কামত দিনটোৰ বেছিভাগ সময় কটায়। তেওঁলোকৰ মাজৰে এজন হৈছে জাইটুন বিবিৰ ১০ বছৰীয়া সন্তান ইমৰান আলী। দহ বছৰীয়া ইমৰানে পৰিয়ালৰ ছটা ম’হ চৰায়। তেওঁক চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হৈছিল আৰু ২০২১ৰ আগস্তত ৬ষ্ঠ মানত নাম লগাই দিয়া হয় যদিও তেওঁৰ শিক্ষালাভ প্ৰত্যাহ্বানেৰে ভৰা। “মই ৰাতিপুৱা ৬ বজাতে উঠি ম’হকেইটাক দানা দিওঁ আৰু গাখীৰ খীৰাও। তাৰপাছত সিহঁতক পানী খুৱাবলৈ লৈ যাওঁ আৰু সিহঁতক খেৰ দিও,” তেওঁ কয়। ইমৰাণৰ দেউতাকে গাখীৰ বিক্ৰী কৰে আৰু মাকে ঘৰৰ কাম-বন চম্ভালে, তাৰ মাজতে ম’হকেইটাও চায়।

ইমৰানৰ দৰে বহুতো ল’ৰা-ছোৱালী দিনটোৰ বেছিভাগ সময় ঘৰৰ বিভিন্ন কামত ব্যস্ত হৈ থাকে বাবে তেওঁলোকৰ শিক্ষাৰ ওপৰত প্ৰভাৱ পৰে। “ম’হবোৰ চোৱাচিতা কৰাত আমাক ল’ৰা-ছোৱালীহঁতে সহায় কৰি দিয়ে,” বানো বিবিয়ে কয়। “সিহঁতে ম’হবোৰক পানী খুৱাবলৈ আৰু চৰাবলৈ লৈ যায়। ৰন্ধা-বঢ়াৰ বাবে হাবিৰ পৰা খৰি লুৰুকি অনাতো সিহঁতে সহায় কৰি দিয়ে।” তেওঁৰ ১০ বছৰীয়া ল’ৰা ইয়াকুব ইণ্টাৰ-কলেজখনৰ ৭ম শ্ৰেণীত পঢ়ে, কিন্তু ৫ৰ পৰা ৯ বছৰৰ ভিতৰৰ দুই জীয়াৰী আৰু এক পুত্ৰই বস্তিৰ ‘অনানুষ্ঠানিক’ স্কুলখনলৈ যায়। “আমাৰ ল’ৰা-ছোৱালীহঁতে পঢ়িব পাৰিলে বৰ ভাল কথা হ’ব,” তেওঁ কয়। “কিন্তু আমি এইখন অৰণ্যতে থাকিব লাগিব (আৰু এই কামবোৰো চলাই যাব লাগিব)।”

In many families, older children spend their days watching over cattle. Among them is Zaitoon Bibi’s (left) 10-year-old son Imran Ali (extreme right)
PHOTO • Varsha Singh
In many families, older children spend their days watching over cattle. Among them is Zaitoon Bibi’s (left) 10-year-old son Imran Ali (extreme right)
PHOTO • Varsha Singh

বহু পৰিয়ালৰ ডাঙৰ ল’ৰাবোৰে দিনটোৰ বেছিভাগ সময় গৰু-ম’হ চৰোৱা কামতে কটায়। তাৰে মাজৰ এজন হৈছে জাইটুন বিবিৰ (বাওঁফালে) দহ বছৰীয়া ল’ৰা ইমৰান আলী (একেবাৰে সোঁফালে)

দীৰ্ঘদিন ধৰি সম্প্ৰদায়টোৰ যাযাবৰী প্ৰব্ৰজনেও শিক্ষাত হেঙাৰ হৈ আহিছিল। কিন্তু এতিয়া প্ৰায়ভাগ বন গুজ্জৰ পৰিয়ালে গ্ৰীষ্মকালত ওখ ভূমি বিচাৰি নাযায় আৰু বছৰটো একেটা বস্তিতে থাকে বুলি স্থানীয় বন অধিকাৰ সমিতিৰ সদস্য ছৰাফৎ আলীয়ে কয়। কুনাও চৌড়ত প্ৰায় ২০০ টা পৰিয়াল থাকে, তাৰে কেৱল ৪ কি ৫ টা পৰিয়ালেহে এতিয়াও পৰ্বতলৈ (উত্তৰাক্ষী বা ৰুদ্ৰপ্ৰয়াগ জিলালৈ) যায়, তেওঁ হিচাপ কৰি কয়।

অতিমাৰী, ২০২০ৰ দীৰ্ঘদিনীয়া লকডাউন, আকৌ ২০২১ৰ লকডাউনে তেওঁলোকক শিক্ষাৰ দিশত আগবঢ়াত আৰু অলপ জটিলতাৰ সৃষ্টি কৰিলে। “আমাৰ স্কুলখন (চৰকাৰী প্ৰাথমিক বিদ্যালয়) লকডাউনৰ কাৰণে বন্ধ। এতিয়া আমি নিজে পঢ়ো (আৰু বস্তিৰ স্কুলখনত পঢ়ো),” ইমৰানে ২০২০ত মোক কৈছিল।

২০২০ৰ মাৰ্চত যেতিয়া লকডাউন আৰম্ভ হয়, ঘৰুৱাকৈ পাঠদান কৰা হৈছিল। “আমি ল’ৰা-ছোৱালীহঁতক বহীত গৃহকৰ্ম লিখি দি ৩-৪ দিন পিছত চাবলৈ আহিছিলো আৰু নতুন বিষয় এটা পঢ়াই গৈছিলো (৩-৪ টা শিশুক এজনৰ ঘৰত গোটাই লৈ),” তেওঁলোকৰ ৩৩ বছৰীয়া শিক্ষক মহম্মদ ছামচাদে কয়। তেওঁৰ লগত মহম্মদ মীৰ হামজা (২৬) আৰু আফতাব আলী (২০)য়ে লগ লাগি এইখন অস্থায়ী স্কুলত পঢ়ায়।

২০১৭ত তেওঁলোকে আন তৰুণচামৰ লগ লাগি বন গুজ্জৰ জনজাতি যুৱ সংগঠন প্ৰতিষ্ঠা কৰে। সমগ্ৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশ লগ লাগি এই সংগঠনৰ ১৭৭ গৰাকী সদস্য (ছগৰাকী মহিলা) আছে। সংগঠনটোৱে তেওঁলোকৰ সম্প্ৰদায়ৰ শিক্ষা আৰু বন অধিকাৰৰ বিষয়ত কাম কৰি আহিছে। হামজায়ে দূৰশিক্ষণৰ যোগেদি ছ’চিয়েল ৱৰ্কৰ স্নাতকোত্তৰ ডিগ্ৰী পঢ়ি আছে। ছামচাদে দেৰাডুনৰ কলেজৰ পৰা বি.কম. ডিগ্ৰী লাভ কৰিছে আৰু আফতাবে চৰকাৰী ইণ্টাৰ-কলেজখনৰ পৰা দ্বাদশ উত্তীৰ্ণ হৈছে। বস্তিটোৰ আনসকলৰ দৰে তেওঁলোকৰ মাক-দেউতাকৰো ম’হপালনেই উপাৰ্জনৰ ঘাই উৎস।

For long, the Van Gujjar community’s nomadic migrations were also an impediment to education. But now, says Sharafat Ali
PHOTO • Varsha Singh
a member of the local Forest Rights Committee, most Van Gujjars no longer go to the highlands in the summer.
PHOTO • Varsha Singh

বাওঁফালেঃ দীৰ্ঘদিন ধৰি সম্প্ৰদায়টোৰ যাযাবৰী প্ৰব্ৰজনো তেওঁলোকৰ সন্তানৰ শিক্ষাত হেঙাৰ হৈ আহিছিল। কিন্তু এতিয়া প্ৰায়ভাগ বন গুজ্জৰ পৰিয়ালে গ্ৰীষ্মকালত ওখ ভূমি বিচাৰি নাযায়। সোঁফালেঃ “আমাৰ ল’ৰা-ছোৱালীহঁতে পঢ়িব পাৰিলে বৰ ভাল কথা হ’ব,” বানো বিবিয়ে কয়

ল’ৰা-ছোৱালীক পঢ়াশালিলৈ নিয়াটো ইয়াত টান কাম হৈ পৰে, কিয়নো কোনোদিনেই স্কুললৈ গৈ নোপোৱা বহুতো মাক-দেউতাকে শিক্ষাৰ গুৰুত্ব বুজি নাপাইছিল আৰু এই কথা বুজি পাবলৈও তেওঁলোকৰ বৰ কষ্ট হৈছিল।

শিক্ষিতসকলে কাচিৎহে সংস্থাপন লাভ কৰে, জীৱিকাৰ আন উপায়ো সীমিত। বনাঞ্চলৰ মাটিত বন গুজ্জৰসকলে খেতি কৰা বন বিভাগে নিষিদ্ধ কৰি থৈছে। প্ৰায়ভাগ পৰিয়ালৰে ৫ৰ পৰা ২৫ টালৈকে ম’হ আৰু কিছুমানৰ গৰু আছে আৰু গাখীৰৰ ব্যৱসায় আছে। ঋষিকেশত থকা বেপাৰীয়ে (বস্তিটোৰ পৰা দহ কিলোমিটাৰমান দূৰত) গুজ্জৰ পৰিয়ালৰ পৰা গাখীৰ কিনে। কিমানটা গৰু-ম’হ আছে তাৰে ওপৰত ভিত্তি কৰি এটা পৰিয়ালে ২০,০০০ৰ পৰা ২৫,০০০ টকা মাহে গাখীৰ বিক্ৰী কৰি উপাৰ্জন কৰে। কিন্তু এই আয়ৰ অধিকাংশ একেবোৰ বেপাৰীৰ পৰা দানা কিনোতে যায় আৰু পুৰণি ধাৰ মাৰোতে যায় (বিশেষকৈ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ আগৰ প্ৰব্ৰজনৰ মাহবোৰত ধাৰ বাঢ়ে)।

যুৱ সংগঠনটোৰ সঞ্চালক মীৰ হামজাই অনুমান কৰে যে কুনাও চৌড় বস্তিৰ ১০ শতাংশ শিশুৱেও সংগঠিত শিক্ষাব্যৱস্থাত পঢ়া-শুনা অব্যাহত ৰাখিব পৰা নাই। “শিক্ষাৰ অধিকাৰৰ আইন থকা স্বত্ত্বেও শিক্ষা সংক্ৰান্ত চৰকাৰী বিভিন্ন আঁচনিয়ে এই সম্প্ৰদায়টোক ঢুকি পোৱাত অক্ষম হৈছে কিয়নো আমাৰ বস্তিটো কোনো গাওঁ পঞ্চায়তৰ সৈতে সংযুক্ত নহয় (যিটোৱে আঁচনিৰ সুবিধা পোৱাৰ বাবে যোগ্য কৰি তোলে)।” ইয়াৰে বাসিন্দাসকলে কুনাও চৌড় বস্তিটোক ৰাজহ গাঁৱৰ মৰ্য্যাদা দিয়াৰ দাবী জনাই আহিছে।

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন (২০০৯) ৰ অধীনত ২০১৫-১৬ত দুৰ্গম অঞ্চলত বাস কৰা বন গুজ্জৰ পৰিয়ালবোৰৰ ওচৰলৈ আনুষ্ঠানিক শিক্ষা লৈ যাবলৈ কুনাও চৌড়কে ধৰি কিছুমান বস্তিত অনা-আবাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ (এনআৰএছটিচি) গঢ়ি তোলা হৈছিল।

Mohamad Shamshad (left), along with Mohamad Mir Hamza, are the mainstays of the basti school’s local posse of teachers.
PHOTO • Varsha Singh
Mohamad Shamshad (left), along with Mohamad Mir Hamza, are the mainstays of the basti school’s local posse of teachers.
PHOTO • Varsha Singh

মহম্মদ মীৰ হামজাৰ সৈতে মহম্মদ ছামচাদ (বাওঁফালে)য়ে বস্তিৰ এই স্থানীয় স্কুলত পঢ়ায়

সেইটো শিক্ষায়তনিক বৰ্ষত কুনাও চৌড়ৰ ৩৮ টা শিশুৱে এই স্থানীয় স্কুললৈ গৈছিল, যমকেশ্বৰৰ খণ্ড শিক্ষা বিষয়া শৈলেন্দ্ৰ আমোলিয়ে কয়। ২০১৯ৰ আন এক অনুমোদনৰ পিছত সেই বছৰৰ জুন মাহৰ পৰা আৰম্ভ হোৱা পাঠদানত ৯২ জন শিক্ষাৰ্থী আছিল, তাৰপিছত আহিল ২০২০ৰ মাৰ্চৰ লকডাউন। ২০২১-২২ শিক্ষায়তনিক বৰ্ষতো কুনাও চৌড়ৰ কাৰণে ৬ৰ পৰা ১২ বছৰ বয়সৰ ৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এনআৰএছটিচিৰ অধীনত পাঠদানৰ অনুমতি দিয়া হৈছে, বিষয়া শৈলেন্দ্ৰই কয়।

তথাপি আনুষ্ঠানিক শিক্ষাৰ ওপৰত এতিয়াও বন গুজ্জৰসকলৰ বিশেষ আস্থা নাই বুলি তেওঁ কয়। এনআৰএছটিচিৰ অধীনত ২০১৫-১৬ত পঞ্জীভূক্ত বহুতো শিশুৰ ২০২১-২২ত পুনৰাই পঞ্জীয়ন কৰা হয় যদিও এয়া সেই ব্যৱধান দূৰ কৰাৰ কাৰণে কৰা হৈছে বুলি তেওঁ কয়।

যাহওঁক, হামজা আৰু আন স্থানীয় শিক্ষকসকলে কয় যে এনআৰএছটিচি শ্ৰেণীবোৰ (২০১৫-১৬ আৰু ২০১৯ত) অনিয়মীয়া আছিল আৰু নিৰীক্ষণৰ কোনো ব্যৱস্থা নাছিল। শিক্ষকসকল প্ৰায়ে অনুপস্থিত থাকিছিল। তেওঁলোক আন গাঁৱৰ আৰু সম্প্ৰদায়ৰ আছিল আৰু বস্তিৰ শিক্ষাৰ সমস্যাটোৰ সুক্ষ্ম দিশবোৰ তেওঁলোকে অনুধাৱন কৰিব পৰা নাছিল।

এনআৰএছটিচিৰ নিৰ্দেশাৱলী অনুযায়ী আঁচনিখন যিটো বস্তি বা যিখন গাঁৱত অনুমোদিত হৈছে, স্থানীয় শিক্ষিত যুৱকক তাতে পাঠদানৰ সুযোগ পাব লাগে আৰু মাহে ৭,০০০ টকা বেতন তেওঁলোকে পাব লাগে। কিন্তু ২০১৫-১৬ত কুনাও চৌড়ত পাঠদান আৰম্ভ হওঁতে বস্তিটোত কোনো স্নাতক ডিগ্ৰী থকা যুৱক-যুৱতী নাছিল। সেয়ে আন এখন গাঁৱৰ এজনক শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। মীৰ হামজা এতিয়া স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত আৰু ছামচাদৰ এতিয়া বি.কম. ডিগ্ৰী আছে যদিও তেওঁলোকক এতিয়াও সেই চাকৰি দিয়া নাই বুলি তেওঁলোকে অভিযোগ কৰে।

The ‘informal’ classes serve as add-on tuitions for older enrolled students and as preparation time for younger kids still to reach school
PHOTO • Varsha Singh

অনানুষ্ঠানিক পাঠদানে আগতে নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত টিউশ্যনৰ কাম কৰে আৰু স্কুললৈ নোযোৱা সৰুবোৰক স্কুললৈ সাজু কৰে

কিন্তু এনআৰএছটিচি ছেচনবোৰত সৃষ্টি হোৱা ব্যৱধানবোৰ দূৰ কৰিবলৈ পৰিচালনা কৰা এই ‘অনানুষ্ঠানিক’ পাঠদানে চৰকাৰী ইণ্টাৰ-কলেজলৈ যোৱা পুৰণি ছাত্ৰ-ছাত্ৰীৰ বাবে অতিৰিক্ত টিউশ্যন হিচাপে কামত আহে আৰু সৰুবোৰক স্কুললৈ সাজু কৰে (প্ৰাথমিক বিদ্যালয়লৈ যোৱা আৰু কেতিয়াও নামভৰ্তি নকৰাসকলৰ বাবে) যাতে তেওঁলোকে ৬ষ্ঠ মানত নাম লগাব পাৰে। স্থানীয় শিক্ষকে খৰছ উলিয়াবলৈ গাইপতি ছাত্ৰ-ছাত্ৰীৰ পৰা ৩০-৩৫ টকাকৈ লয়, যদিও এই পৰিমাণ ভিন্ন হ’ব পাৰে আৰু বাধ্যতামূলক নহয়।

শিক্ষকসকলে সম্প্ৰদায়টোৰ শিশুহঁতৰ শিক্ষাৰ কাৰণে মাক-দেউতাকক পতিয়ন নিয়াবলৈ কষ্ট বহু কষ্ট কৰিবলগীয়া হৈছিল যদিও বহুবছৰ ধৰি কাম কৰি অহাৰ ফলত পৰিস্থিতি সলনি হ’বলৈ ধৰিছে।

“আমি আমাৰ ল’ৰা-ছোৱালীয়ে লিখিব আৰু পঢ়িব জনাটো বিচাৰো। জংগলৰ জীৱনটো বৰ কষ্টকৰ,” জাইটুন বিবিয়ে কয়। “আমাৰ দৰে তেজক পানী কৰা পৰিশ্ৰম তেওঁলোকে কৰিব নোৱাৰিব। আমি কোনোৱেই পঢ়া-শুনা নকৰিলো। আমাৰ সন্তানহঁতক আমাৰ দৰে হোৱাটো আমি নিবিচাৰো।”

মহম্মদ ৰফিয়েও তেওঁৰ ৫ৰ পৰা ১১ বছৰীয়া তিনি সন্তানে পঢ়া-শুনা কৰাটো বিচাৰে। তেওঁৰ ১১ বছৰীয়া সন্তান য়াকুবে চৰকাৰী স্কুলখনত ৭ম মানত নাম লগাইছে। তেওঁৰ আন দুই সন্তান বস্তিৰ স্কুললৈ যায়। “বাহিৰৰ দুনীয়াখন দেখি আমি অনুভৱ কৰো যে আমাৰ ল’ৰা-ছোৱালীহঁত শিক্ষিত হোৱাটো উচিত,” ৰফিয়ে কয়।

Initially, few girls would turn up for the basti classes, but the situation is changing, with Ramzano (left) and Nafeesa Bano (centre) among those who now attaned. Right: Rafeeq, a Van Gujjar child, at the learning centre
PHOTO • Varsha Singh
Initially, few girls would turn up for the basti classes, but the situation is changing, with Ramzano (left) and Nafeesa Bano (centre) among those who now attaned. Right: Rafeeq, a Van Gujjar child, at the learning centre
PHOTO • Varsha Singh
Initially, few girls would turn up for the basti classes, but the situation is changing, with Ramzano (left) and Nafeesa Bano (centre) among those who now attaned. Right: Rafeeq, a Van Gujjar child, at the learning centre
PHOTO • Varsha Singh

আৰম্ভণিতে বস্তিৰ পাঠগ্ৰহণৰ বাবে অহা কন্যাশিশুৰ সংখ্যা তেনেই কম আছিল। কিন্তু পৰিস্থিতি সলনি হৈছে। এতিয়া ৰামজানো (বাওঁফালে) আৰু নাফিছা বানো (মাজত) স্কুললৈ আহে। সোঁফালেঃ শিক্ষণ কেন্দ্ৰটোত বন গুজ্জৰ সম্প্ৰদায়ৰ ৰফিক

ছৰাফৎ আলীৰ দুই সন্তান সাত বছৰীয়া নৌশাদ আৰু পাঁচ বছৰীয়া জীয়াৰী আশাও বস্তিৰ স্কুলখনতে পঢ়ে। “যোৱা পাঁচটা বছৰত গ্ৰীষ্মকালত জন্তুবোৰ পৰ্বতলৈ নিয়া (ওখ পৰ্বতলৈ) এৰিলো,” তেওঁ কয়। “আমাৰ ল’ৰা-ছোৱালীয়ে যাতে পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে, তাৰবাবে আমি একে ঠাইতে থাকো। সিহঁতে ভাল শিক্ষা লাভ কৰাটো আমি বিচাৰো। সমাজত সিহঁতে আনবোৰৰ দৰেই জীয়াই থাকিব পোৱা উচিত। সিহঁতেও চাকৰি পাব লাগে।”

এই কঠোৰ পৰিশ্ৰমে বন গুজ্জৰসকলৰ বেলেগ বেলেগ বস্তিত ফল দিছে, ছামচাদে কয়। “২০১৯ত আমাৰ সংগঠনৰ যোগেদি পাঁচটা বন গুজ্জৰ পৰিয়ালৰ প্ৰায় ৪০ টা শিশুৱে ৬ষ্ঠ মানত নাম লিখাব পাৰিছিল। কিছুমান ল’ৰা আনকি কেইজনীমান ছোৱালীয়েও (যদিওবা কুনাও চৌড়ৰ পৰা এতিয়ালৈকে কোনো নাই) ১০ম মান পাবলৈ ধৰিছে, কেইজনমানে দ্বাদশ শ্ৰেণী পৰ্য্যন্ত পাইছে।”

আৰম্ভণিতে খুব কম কন্যাসন্তানক বস্তিৰ পাঠগ্ৰহণৰ বাবে মাক-দেউতাকে পঠিয়াইছিল। “মাক-দেউতাকৰ সৈতে আমি কথা পাতিবলগীয়া হৈছিল। যোৱা ৩-৪ টা বছৰত পৰিস্থিতি সলনি হৈছে।” প্ৰায় ১২ বছৰ বয়সীয়া ৰামজানো কুনাও চৌড়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ এগৰাকী, যিয়ে এইটো বিদ্যায়তনিক বছৰত ৬ষ্ঠ মানত নামভৰ্তি কৰিব পাৰিছে। পৰিয়ালৰ তেঁৱেই একমাত্ৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা সদস্য, মেট্ৰিক ডেওনাখনো তেওঁ পাৰ হ’ব বিচাৰে বুলি মোক কয়।

কবিতা আবৃত্তি কৰি থকা ন বছৰীয়া ফাটিমা বানোও হয়তো এদিনাখন তেওঁলোকৰ মাজৰে এগৰাকী হ’ব। এদিনাখন হয়তো তায়ো নিজৰ সম্প্ৰদায়ৰ শিক্ষাৰ অনিশ্চিত শিলাময় বাট বাই চৰকাৰী স্কুলত ভৰি থ’ব।

অনুবাদ: পংকজ দাস

Varsha Singh

Varsha Singh is an independent journalist based in Dehradun, Uttarakhand. She covers the Himalayan region’s environment, health, gender and people’s issues.

Other stories by Varsha Singh
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das