‘তেতিয়াৰ দিনত ইমান মহাজন দেখা নাছিলো। এতিয়া দেখোন কৃষকে মেচিন, কীটনাশক দ্ৰব্য, সাৰ আদি কিনিবলৈ টকা ধাৰে ল’বলগীয়া হৈছে,’ বড়গাঁৱৰ সুখলাল চুলিয়াই কয়।

‘আমি গৰুৰ গোবৰ ব্যৱহাৰ কৰিছিলোঁ, মাটিৰ বাবে সেয়া ভাল আছিল আৰু যোগাৰ কৰিবলৈ ধনো নালাগিছিল। কিন্তু তেতিয়া চৰকাৰে প্ৰচাৰ চলাবলৈ ধৰিলে যে ইউৰিয়া আৰু কীটনাশকৰ ব্যৱহাৰে শস্যৰ উপাদন বঢ়াব। আজি ৪০ বছৰ পিছতো প্ৰায়ভাগ খেতিয়কে সেইবোৰ ব্যৱহাৰ কৰে আৰু কীটনাশক-সাৰ আদিৰ নামত ইমান টকা খৰছ কৰে যে মাটি নষ্ট হৈ গৈছে। তাৰ পিছত আকৌ সেয়া মধ্যভোগীৰ হতুৱাই বজাৰত তেনেই কম দৰত বিক্ৰী কৰে। মধ্যভোগীয়ে নিচেই কম দামত কিনি নিয়া উৎপাদিত সামগ্ৰী অত্যাধিক দৰত বিক্ৰী কৰে। সেয়ে কৃষকৰ উপাৰ্জন তেনেই নগণ্য,’ এই বুলি দুখ কৰি সুখলালে কয়।

মধ্যপ্ৰদেশৰ নিৱালি তালুকৰ সকৰ গাঁৱত স্থিত আধাৰশিলা লাৰ্নিং চেণ্টাৰ দৰ্শনৰ সময়ত আমি ৮৩ বৰ্ষীয় খেতিয়ক সুখলালজীক অঞ্জৰ তালুকৰ তেওঁৰ গাঁৱত লগ পাইছিলো। তেওঁক আমি পুত্ৰ বদ্ৰিৰ সৈতে পাইছিলো। বদ্ৰি পেছাত শিক্ষক। আমি তেওঁৰ পৰা জানিব বিচাৰিছিলোঁ যোৱা অৰ্ধশতিকাত শৈশৱ কেনেদৰে সলনি হৈছে। সুখলালজীয়ে তেওঁলোকৰ ভিলাল সম্প্ৰদায়ৰ (এটা অনুসূচীত জনজাতি) নিমাৰি ভাষাত কথা কৈছিল, শিক্ষক বদ্ৰিয়ে সেয়া আমাক অনুবাদ কৰি কৈ গৈছিল।

‘আমি ডাঙৰ হোৱা সময়ত ম’হৰ গাড়ী বা চাইকেল পোৱা নাছিলো। খোজ কাঢ়িয়ে সকলো ঠাইলৈ যাবলগীয়া হৈছিল। মই সাত কিলোমিটাৰ বাট ৪৮ কিলোগ্ৰামৰ বোজা লৈ খোজ কাঢ়ি পাইছিলো। চাইকেল সেই সময়ত বিলাসীতা আছিল। দৰাচলতে গাঁৱলৈ চাইকেল লৈ অহা লোক বুলিলে সাধাৰণতে চৰকাৰী লোকহে আছিল, সিহঁতক দেখি আমি ভয় খাইছিলোঁ!’ সুখলালজীয়ে হাঁহি মাৰি কথাখিনি ক’লে।

Left: Sukhlal Suliya with his family (left to right): son Badri, Badri's sons Deepak and Vijay, and Badri's wife Devaki. Right: With a few of his 17 grandchildren
PHOTO • Ravindar Romde
Left: Sukhlal Suliya with his family (left to right): son Badri, Badri's sons Deepak and Vijay, and Badri's wife Devaki. Right: With a few of his 17 grandchildren
PHOTO • Ravindar Romde

বাওঁফালেঃ পৰিয়ালৰ সৈতে সুখলাল চুলিয়া (বাওঁফালৰ পৰা সোঁফাললৈ) বদ্ৰিৰ দুই পুত্ৰ দীপক আৰু বিজয়, বদ্ৰিৰ পত্নি দেৱকী। সোঁফালেঃ সুখলালৰ ১৭ জন নাতিৰ কেইজনমান

ডেকা বয়সত সুখলালে নিজৰ ১৪ একৰ মাটিত খেতি কৰিছিল আৰু শস্যাচক্ৰ, গৰু-মহ আৰু ঋতুৰ সৈতে তেওঁৰ জীৱনৰ চকৰী ঘুৰিছিল। পৰিয়ালটোৱে শস্য আৰু দানাজাতীয় শস্যৰ পয়োভৰ দেখিছিল। ৰহৰ দাইল, মাটি মাহৰ দাইল, বাজৰা, কণীধান, বাদালি, চাৱাৰিয়া, চানা, ক’লা মাহ, ছয়াবিন, চেপেটা কলাই, শণ গুটি, কপাহ আৰু তিয়ঁহ আদিৰ খেতি পৰিয়ালটোৱে কৰিছিল। পৰিয়ালবোৰে কোনেও কাৰো ওচৰত হাত পাতিবলগীয়া হোৱা নাছিল, নিজৰ বাবে পৰ্যাপ্ত খাদ্যবস্ত নিজেই উৎপাদন কৰি ল’ব পাৰিছিল। ‘আমাৰ ধান-দাইলবোৰ থলুৱা আছিল,’ তেওঁ কয়। এতিয়া সুখলালজীৰ ডাঙৰজন ল’ৰাকে ধৰি সেই অঞ্চলৰ খেতিয়কে মূলতঃ গম আৰু মাকৈৰ খেতিহে কৰে।

সুখলালজীয়ে খেতিৰ কাম এৰা ৩০ বছৰ হ’ল। এতিয়া ৰাজাৰামৰ সৈতে থাকে, মাজে-সময়ে বদ্ৰিৰ তাতেও থাকে। তেওঁৰ পুত্ৰ তিনিজন আৰু ১৭ টা নাতি। এতিয়া কেৱল ৰাজাৰামেহে খেতিৰ কাম কৰে।

সুখলালজীৰ জন্ম এটা যৌথ পৰিয়ালত হৈছিল। ৩০ জনীয়া পৰিয়ালটোৰ সকলো একেলগে থাকিছিল। ‘গোটেই পৰিয়ালটোৰ কাৰণে ঘৰৰ মহিলাসকলে মিলি জোৱাৰ, গম, মাকৈ বা ধান আদি মিলি ২০ কিলোগ্ৰাম শস্যদানা খুন্দিছিল। আমাৰ ঘৰৰ চাৰিটা ম’হৰ পৰা পোৱা গাখীৰৰ পৰা তৈয়াৰ কৰা মাখনেৰে মাকৈৰ ৰুটি আৰু ভগা চাউলৰ গুড়ি (লুথুৰী)আমি খাইছিলো।’

‘তেতিয়া মেচিন নাছিল আৰু সকলো কাম হাতেৰেই কৰা হৈছিল,’ তেওঁ কয়। কুঁহিয়াৰৰ পৰা তেওঁলোকে বাল্টি আকাৰৰ মখা প্ৰস্তুত কৰিছিল আৰু ম’হে টনা শিলৰ শালত বাদাম পেৰা হৈছিল। তাৰপিছত তেলৰ বেপাৰীয়ে আহি সেই তেল উলিয়াই নিছিল। এবাৰত ১২ৰ পৰা ১৫ লিটাৰ পৰ্যন্ত তেল পাইছিল।

‘তেতিয়া মাকৈৰ বাকলি গুচোৱাৰো পাৰম্পৰিক পদ্ধতি আছিল। মাকৈখিনি শুকুৱাই বেগ এটাত ভৰাই শিলত মাৰি বাকলি গুচোৱা হৈছিল। এনে পৰম্পৰাগত পদ্ধতিৰ জ্ঞান হেৰাই গ’ল আৰু সকলোৰে ঠাই মেচিনে অধিকাৰ কৰিলে।’

As a young man, Sukhlalji cultivated his 14-acre farmland, and his life revolved around cropping cycles, cattle and the seasons
PHOTO • Ravindar Romde
As a young man, Sukhlalji cultivated his 14-acre farmland, and his life revolved around cropping cycles, cattle and the seasons
PHOTO • Ravindar Romde

ডেকাকালত সুখলালজীয়ে ১৪ বিঘা মাটিত খেতি কৰিছিল। শস্যাচক্ৰ, গৰু-মহ আৰু ঋতুৰ সৈতে তেওঁৰ জীৱনৰ চকৰী ঘুৰিছিল

সাজ-পোচাক সম্প্ৰদায়ৰ বা গোষ্ঠীৰ নিৰ্দেশ মতে পিন্ধা হৈছিল, সুখলালজীয়ে মনত পেলায়। ‘চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে উজ্বল ৰঙৰ ডাঠ কপাহৰ দামী কাপোৰ পিন্ধিছিল। সাধাৰণ মানুহে বগা পাতল চোলা পিন্ধিছিল। মহিলাৰ কাপোৰবোৰত বগাৰ ওপৰত ডাঙৰকৈ পটি আছিল। ৰং বোলোৱা কাম বিশেষ সম্প্ৰদায়ৰ নিপুণ কাৰিকৰে কৰিছিল।’

গঞাই সপ্তাহত এবাৰমান হাট-বজাৰলৈ গৈছিল আৰু তাতে নিজে উৎপাদন কৰিব নোৱাৰা সামগ্ৰী যেনে কাপোৰ আদি কিনিছিল। ‘আমি ঘি আৰু গুৰ বিক্ৰী কৰিছিলোঁ,’ সুখলালজীয়ে কয়।

‘এতিয়া সিহঁতে (গাঁৱৰ মানুহ) চহৰলৈ (কামৰ বাবে) গ’লে অভিভাৱকৰ সাধ্যৰ ভিতৰৰ বস্তু যেনে চাবোন, খাদ্য তেল আদি নিবিচাৰে,’ সুখলালজীয়ে কয়। ‘ষ্ট’ৰৰ সামগ্ৰীহে সিহঁতে বিচাৰে। ডাঙৰৰ উপদেশ সিহঁতে নুশুনে। শিক্ষা-দিক্ষাৰ বাবে পৰিয়ালে ডাঙৰ ঋণ মুৰ পাতি ল’বলগীয়া হয়, কিন্তু ল”ৰা-ছোৱালীবোৰে (কিছুমানে) মদ্যপান কৰে আৰু নিচাযুক্ত সামগ্ৰী সেৱন কৰে। সিহঁতে অভিভাৱকৰ আগত মিছা মাতে আৰু চিকিৎসাৰ নামত আৰু চিকিৎসালয়ত অধিক টকা খৰছ হয়।’

‘আপুনি আপোনাৰ সন্তানক থাকিবলৈ ক’লে সিহঁত থাকিব জানো? মই গাওঁখন ভাল পাওঁ, কিন্তু তাত আগৰ দৰে প্ৰাণময়তা নাই।’

আমাক উদাৰতাৰে সহায় কৰা আৰু সময় দিয়াৰ বাবে বদ্ৰী, জয়শ্ৰী আৰু অমিত (তেওঁলোকে মূল নামটোহে ব্যৱহাৰ কৰাটো ভাল পায়)ৰ লগতে আমাৰ শিক্ষাগুৰু কমলা মুকুন্দনক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

পাৰিৰ পৰা প্ৰেৰণা পাই বেংগালুৰুৰ চেণ্টাৰ ফৰ লাৰ্নিঙৰ দুগৰাকী মাধ্যমিক শিক্ষাৰ্থীয়ে মধ্যপ্ৰদেশলৈ তেওঁলোকৰ বিদ্যালয়ৰ ভ্ৰমণৰ সময়ত এগৰাকী খেতিয়কৰ সৈতে হোৱা কথা-বতৰা লিপিবদ্ধ কৰে। পাৰিয়ে গ্ৰামীণ ভাৰতৰ বিভিন্ন দিশ সম্পৰ্কে আৰু তেওঁলোকৰ গৱেষণাৰ নথিভুক্তকৰণৰ বিষয়ে নিৰ্দেশনা দিছে।

অনুবাদঃ পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Nia Chari and Akil Ravi

Nia Chari and Akil Ravi are 13-year-old Class 9 students at the Centre for Learning, Bengaluru.

Other stories by Nia Chari and Akil Ravi