ব্যস্ততাৰ মাজেৰেই পাৰ হ’ল ২০২৩ বৰ্ষ।
২০২৩ বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত প্ৰায় প্ৰতিদিনেই ভাৰতৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে একাধিক ঘটনা-পৰিঘটনা। লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে ছেপ্টেম্বৰ মাহত লোকসভাত উত্থাপন কৰা হৈছিল মহিলা সংৰক্ষণ বিধেয়ক। অৱশ্যে এই বিধেয়ক কাৰ্যকৰীকৰণৰ বাবে এতিয়াও ২০২৯ চনলৈ অপেক্ষা কৰিব লাগিব দেশবাসীয়ে। ইফালে, নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৱে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনত ভাৰতত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সংখ্যা আছিল ৪৪৫,২৫৬টা। আগষ্ট মাহত উচ্চতম ন্যায়ালয়ে লিংগ কু-সংস্কাৰৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে এখন পুস্তিকা প্ৰকাশ কৰিছিল, য’ত কিছুমান ‘ক্ষতিকাৰক ধাৰণা’ৰ পৰা উদ্ভৱ হোৱা আইনী পৰিভাষাৰ বিকল্প আগবঢ়োৱা হৈছিল। প্ৰায় একে সময়তে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে সমলৈংগিক বিবাহক বৈধ কৰাৰ বিৰুদ্ধে ৰায়দান দিয়ে। আনফালে, চলিত বৰ্ষত ৯ খন গুৰুত্বপূৰ্ণ ৰাজ্যত অনু্ষ্ঠিত হয় বিধানসভা নিৰ্বাচন। এই বছৰটোৰ বেছিভাগ সময়তেই বাতৰিৰ শিৰোনাম দখল কৰে সাম্প্ৰদায়িক আৰু জাতিভিত্তিক হিংসাৰ খবৰে। একেদৰে, ২০২২ চনৰ মাৰ্চৰ পৰা ২০২৩ চনৰ জুলাই মাহৰ ভিতৰত ভাৰতত ১৬৬ গৰাকীৰ পৰা ১৭৪ গৰাকীলৈ বৃদ্ধি পাইছে কোটিপতিৰ সংখ্যা। লক্ষণীয়ভাৱে বিদায়ী বৰ্ষটোৰ প্ৰথম ৯ মাহত ১৫ৰ পৰা ২৯ বছৰীয়া যুৱক-যুৱতীৰ মাজত নিবনুৱাৰ হাৰ আছিল গড়ে প্ৰায় ১৭.৩ শতাংশ।








