“মৃদু খং দৰ্শাবলৈ চকুকেইটা ইষৎ ডাঙৰকৈ মেলা থাকিব…তীব্ৰ খং দৰ্শাবলৈ চকু বৰ বহলকৈ খোলা থাকিব, ভ্ৰুকুটিও দাং খাই থাকিব। আনন্দৰ ক্ষণৰ মিচিকীয়া হাঁহিৰ বাবে গালত সৰু খোল পৰিব।”

এইবোৰ সুক্ষ্ম দিশসমূহত গুৰুত্ব আৰোপ কৰাৰ বাবেই দিলীপ পাটনায়ক ঝাৰখণ্ডৰ চৰাইকেড়া ছাউ নৃত্যৰ এজন সুনিপুণ মুখাশিল্পী। “মুখাখনে চৰিত্ৰটোৰ প্ৰতিফলন ঘটাব লাগিব,” তেওঁ কয়। “চৰাইকেড়া মুখাবোৰ আন ছাউ শৈলীতকৈ পৃথক, কিয়নো ই নৱৰস অৰ্থাৎ নবিধ আৱেগক মূৰ্ত ৰূপ দিয়ে, আন ছাউ শৈলীত এয়া নাই।”

প্ৰস্তুতিৰ বিভিন্ন পৰ্য্যায়ত থকা মুখাবোৰ তেওঁৰ কৰ্মশালাখনত সজাই থোৱা আছে। প্ৰত্যেকখন মুখাই অনন্য - কোনোবাখনৰ চকুকেইটা বহলকৈ মেলা আছে, পেঞ্চিলেৰে ভ্ৰুকুটি অঁকা আছে, মুখৰ উজ্জ্বল বৰণ। আটাইবোৰ মুখাই একো একোটা আৱেগৰ বহিৰ্প্ৰকাশ।

এইবিধ শিল্পত নৃত্য আৰু সামৰিক কলা মিশ্ৰিত হৈ থাকে। মুখা পিন্ধা নৃত্যশিল্পীসকলে ৰামায়ণ আৰু মহাভাৰতৰ লগতে স্থানীয় লোকশিল্পৰ কাহিনী ৰূপায়ণ কৰে। দিলীপে আটাইবোৰ মুখাই প্ৰস্তুত কৰে, কিন্তু তেওঁ প্ৰিয় মুখা হৈচে কৃষ্ণৰ মুখা, কিয়নো, “খং-ৰাগ দেখুৱাবলৈ আপুনি চকু ডাঙৰ কৰি, ভ্ৰুকুটি দঙাকৈ মুখা বনাই দেখুৱাব পাৰে, কিন্তু দুষ্টালিভৰা মুখা এখন বনোৱাটো ইমান সহজ কাম নহয়।”

দিলীপ নিজে এগৰাকী নৃত্যশিল্পী, সেইগুণে তেওঁক মুখা বনোৱাত সহায় কৰিছে। শিশু অৱস্থাত তেওঁ ছাউ নৃত্যশিল্পীৰ দল এটাৰ অংশ আছিল। ছাউ উৎসৱৰ সময়ত স্থানীয় শিৱ মন্দিৰত হোৱা নৃত্য-গীতৰ অনুষ্ঠান চাই তেওঁ শিকিছিল। কৃষ্ণৰ নৃত্য তেওঁৰ আটাইতকৈ প্ৰিয় আছিল। তেওঁ এতিয়া ঢোল বজায় আৰু চৰাইকেড়া ছাউ গোট এটাৰ তেওঁ সদস্য।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

চৰাইকেড়া জিলাৰ টেনটুপ’চি গাঁৱৰ নিজ ঘৰত (বাওঁফালে) দিলীপ পাটনায়ক। তেওঁ টেনটুপ’চিৰ শিৱ মন্দিৰৰ কাষত অনুষ্ঠিত ছাউ পৰিৱেশনত ঢোল বজায় (সোঁফালে)

দিলীপ টেনটুপ’চি গাঁৱত নিজৰ চাৰিজনী জীয়ৰী আৰু পত্নীৰ লগত থাকে। ঝাৰখণ্ডৰ চৰাইকেড়া জিলাৰ এইখন গাঁৱত এহাজাৰমান লোকৰ বসতি আছে। খেতিপথাৰৰ মাজত থকা তেওঁলোকৰ দুটা কোঠাৰ ঘৰটোৰ চোতালখন আহল-বহল। সেয়াই তেওঁৰ কৰ্মশালা। ঘৰৰ সন্মুখৰভাগত মাটিৰ দম, ঘৰটোৰ বিপৰীতে এডাল নিমগছ, তাৰ তলতেই তেওঁ ভাল বতৰত বহি কাম কৰে।

“মই সৰু থাকোতে পিতাই (কেশৱ আচাৰ্য্য)য়ে মুখা বনোৱা চাই থাকিছিলো,” তৃতীয় প্ৰজন্মৰ শিল্পী দিলীপে কয়। “তেওঁ যিকোনো চৰিত্ৰৰ বাবে মাটিৰ মুখা তৈয়াৰ কৰিব পাৰিছিল।” তেওঁ কয় যে চৰাইকেড়াৰ ৰাজ পৰিয়ালে তেওঁলোকক এইবিধ শিল্পৰ বাবে পৃষ্ঠপোষকতা আগবঢ়াইছিল। মুখা বনোৱাৰ বাবে তাত গাঁৱে গাঁৱে তেতিয়া প্ৰশিক্ষণ কেন্দ্ৰ আছিল, তেওঁৰ পিতৃ আছিল শিক্ষক।

“যোৱা ৪০ বছৰ ধৰি মই এনে মুখা বনাই আহিছো,” ৬৫ বৰ্ষীয় দিলীপে কয়। তেওঁ এই বাপতি সাহোন পৰম্পৰাক জীয়াই ৰখা মুষ্টিমেয় কেইগৰাকীমান শিল্পীৰ এগৰাকী। “বহু দূৰ-দুৰণিৰ পৰা মানুহে শিকিবলৈ আহে। আমেৰিকা, জাৰ্মানী, ফ্ৰান্সৰ পৰা মানুহ আহে…” তেওঁ দূৰ-দুৰণিৰ ঠাইৰ নামবোৰ কয়।

ওড়িশাৰ সৈতে এইখন ৰাজ্যৰ সীমান্তৱৰ্তী স্থানত অৱস্থিত চৰাইকেড়া নৃত্য আৰু গীতৰ আগ্ৰহীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান। “চৰাইকেড়া আটাইবোৰ ছাউ নৃত্যৰ মাতৃস্বৰূপ। ইয়াৰ পৰাই ছাউ নৃত্য ময়ুৰভঞ্জ (ওড়িশা) আৰু মানভূম (পুৰুলিয়া)লৈ বিয়পিছে,” চৰাইকেড়া ছাউ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ৬২ বৰ্ষীয় গুৰু তপন পাটনায়কে কয়। তেওঁ বুজাই কয় যে চৰাইকেড়া ৰয়েল ছাউ গোটেই আছিল প্ৰথমটো এনে গোট যিয়ে ভাৰতৰ বাহিৰত গৈ এই নৃত্য পৰিৱেশন কৰিছিল। ১৯৩৮ত গোটটোৱে সমগ্ৰ ইউৰোপত এই নৃত্য পৰিৱেশন কৰিছিল। তেতিয়াৰে পৰা গোটটোৱে বিশ্বৰ চুক-কোণলৈ এই শিল্পবিধক লৈ গৈছে।

কিন্তু ছাউ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰশংসিত হ’লেও এইবিধ শিল্পৰ অত্যাৱশ্যকীয় অংশ - মুখা বনোৱা শিল্পীৰ সংখ্যা টুটি আহিছে। “স্থানীয় লোকে এইবিধ শিল্প শিকিব নিবিচাৰে,” কোনোমতে বাচি থকা শিল্পবিধৰ ভৱিষ্যতৰ কি হ’ব সেয়া চিন্তা কৰা দিলীপৰ মাতটো কথাখিনি কওঁতে গধুৰ হৈ পৰে।

*****

চোতালত বহি থকা দিলীপে তেওঁৰ সঁজুলি-পাতিখিনি ভালদৰে সজাই ৰাখিছে আৰু কাঠৰ ফ্ৰেম এটাত সাৱধানে মাটি থৈছে। “আমি আঙুলিৰে মুখাখন তিনিটা ভাগত ভগাই লওঁ - এভাগ চকুৰ কাৰণে, এভাগ নাক আৰু আনভাগ মুখৰ কাৰণে,” তেওঁ বুজাই কয়।

চাওক: চৰাইকেড়া ছাউ মুখা বনোৱাৰ পদ্ধতি

‘চৰাইকেড়া আটাইবোৰ ছাউ নৃত্যৰ মাতৃস্বৰূপ। [...] এয়া মোৰ পৰম্পৰা। মই জীয়াই থকালৈকে ইয়াক অব্যাহত ৰাখিম’

পানীত হাতখন ভিজাই লৈ তেওঁ নৱৰস (নবিধ আৱেগ) - শৃংগাৰা (শৃংগাৰ), হাস্য, কৰুণা ৰস, ৰৌদ্ৰ, বীৰ, ভয়ানক, বিভৎস, অদ্ভূত আৰু শান্ত ৰস সনা মুখা বনোৱাত ব্যস্ত হৈ পৰিল।

ছাউৰ বিভিন্ন শৈলীৰ মাজত কেৱল চৰাইকেড়া আৰু পুৰুলিয়া ছাউতহে মুখা ব্যৱহাৰ কৰা হয়। “চৰাইকেড়া ছাউৰ আত্মা হৈছে তাৰ মুখাবোৰ, সেইবোৰ অবিহনে ছাউ সম্ভৱ নহয়,” মাটি মাৰি মুখা বনাবলৈ হাতদুখন ক্ষীপ্ৰতাৰে চলি থকাৰ মাজতে দিলীপে কয়।

এবাৰ মাটিৰ মুখাখন বনাই উঠাৰ পাছত দিলীপে তাত ৰাখ (গৰুৰ গোবৰৰ গুড়ি) ছটিয়ায়, যাতে সাঁচটো মুখখনৰ পৰা সহজে এৰুৱাই আনিব পৰা যায়। তাৰপাছত তেওঁ লায়ি (আটাৰে বনোৱা আঠা)ৰে কাগজৰ ছটা তৰপ তাত আঠা লগায়। তাৰপিছত মুখাখন দুই-তিনিদিনৰ বাবে ৰ’দত শুকুৱাই সাৱধানে কাটি এৰুওৱা হয়। তাৰপাছত বৰ নিঁখুতকৈ ৰং কৰা হয়। “চৰাইকেড়া মুখাবোৰ দেখিবলৈ বৰ ধুনীয়া,” দিলীপে গৌৰৱেৰে কয়। তেওঁ সেই অঞ্চলটোৰ ৫০ খন গাঁৱলৈ মুখা যোগান ধৰে।

অতীতত ফুল, পাত আৰু নদীৰ শিল আদিৰ পৰা সংগৃহীত প্ৰাকৃতিক ৰঙেৰে মুখাবোৰ ৰং কৰা হৈছিল যদিও আজিকালি কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয়।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

দিলীপে তেওঁৰ আঙুলিৰে মুখাখনত তিনিটা ভাগ জুখি লয় - ‘চকুৰ বাবে এটা ভাগ, এটা ভাগ নাকৰ বাবে আৰু তৃতীয়টো ভাগ মুখৰ বাবে।’ কাঠৰ সঁজুলি এবিধ ব্যৱহাৰ কৰি তেওঁ চকুকেইটা আঁকে, সাৱধানে ভিন্ন আৱেগৰ বাবে সুকীয়াকৈ আঁকিবলগীয়া হয়

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: এবাৰ মৃণ্ময় মুখাখন বনাই উঠাৰ পাছত দিলীপে তাত ৰাখ (গৰুৰ গোবৰৰ ছাঁই) ছটিয়ায়, যাতে সাঁচটো মুখখনৰ পৰা সহজে এৰুৱাই আনিব পৰা যায়। তাৰপাছত তেওঁ লায়ি (আটাৰে বনোৱা আঠা)ৰে কাগজৰ ছটা তৰপ তাত আঠা লগায়। মুখাখন তাৰপিছত দুই-তিনিদিনৰ বাবে ৰ’দত শুকুৱাই সাৱধানে কাটি এৰুওৱা হয়। সোঁফালে: চৰাইকেড়া মুখা বনোৱা অন্তিমকেইজন শিল্পীৰ এজন দিলীপে মুখাবোৰত নৱৰসৰ ৰস অনুযায়ী চকু, ওঠ আৰু গাল কাটি নিঁখুতকৈ ৰং কৰে

*****

“মুখাখন এবাৰ পিন্ধাৰ পাছত শিল্পীজন সেই চৰিত্ৰত সোমাই পৰে,” বিগত ৫০ বছৰ ধৰি ছাউ পৰিৱেশন কৰি অহা শিল্পী তপনে কয়। “আপুনি যদি ৰাধাৰ চৰিত্ৰ ৰূপায়ণ কৰি আছে, তেন্তে ৰাধাৰ বয়স আৰু দেখাত কেনে হ’ব সেয়া চাব লাগিব। মহাভাৰতৰ মতে ৰাধা বৰ ধুনীয়া আছিল। সেয়ে আমি ৰাধাৰ মুখা বনাওতে ৰাধাৰ ওঠ, গাল আদি সুন্দৰকৈ গঢ়িবলগীয়া হয়, যাতে মুখাখন ৰাধাৰ লেখীয়া হয়।”

তেওঁ কৈ যায়, “এবাৰ মুখাখন পিন্ধাৰ পাছত আপুনি আপোনাৰ দেহ আৰু গলৰ অংগী-ভংগীৰে সেই বিশেষ চৰিত্ৰৰ আৱেগ ফুটাই তুলিব লাগিব।” নৃত্যশিল্পীগৰাকীৰ দেহটো দুটা ভাগত ভগোৱা হয়: অংগ (গলৰ তলৰ অংশ) আৰু উপাংগ (শিৰ)। উপাংগত চকু, নাক, কাণ আৰু মুখখন পৰে যিখিনি মুখাখনে আগুৰি ৰাখে। শিল্পীয়ে দেহৰ অংগ আৰু উপাংগৰে চৰিত্ৰ এটাৰ আৱেগ প্ৰকাশ কৰে।

নৃত্যশিল্পী এগৰাকীয়ে মুখা পিন্ধি উচুপি উঠাৰ অভিনয় কৰিলে মৌখিক অভিব্যক্তি দৰ্শকে মুখাখন থকাৰ বাবে দেখা নাপায়। সেই আৱেগ কেনেদৰে ফুটাই তোলা হয়, সেয়া পাৰিক দেখুৱাবলৈ তপন কলিতাই তেওঁৰ গলটো বাওঁফালে হলাই দুয়োখন হাতৰ মুঠি মুখৰ ওচৰলৈ আনে আৰু তেওঁৰ মূৰটো আৰু দেহৰ ওপৰৰ অংশ আৰু বেছি বাওঁফাললৈ হলাই দিয়ে, দেখাত এনেকুৱা লাগে যেন কোনোবাই দুখ পাইছে আৰু দুখতে আনফালে চাইছে।

লোককৃষ্টিত উল্লেখ থকা অনুযায়ী মূল যিগৰাকী নৃত্যশিল্পী আছিল, তেওঁ মানুহৰ আগত এনেকৈ নৃত্য পৰিৱেশন কৰিবলৈ লাজ কৰিছিল, সেয়ে তেওঁ মুখাৰে মুখখন ঢাকি লৈছিল। “এনেকৈয়ে পৰিকান্দা (সামৰিক কলা)লৈ মুখা আহিল,” তপনে বুজাই কয়। আৰম্ভণিতে মুখাবোৰ বাঁহৰ আছিল, চকুদুটাৰ বাবে তাত দুটা ফুটা ৰখা হৈছিল। সময় বাগৰাৰ লগে লগে পৰম্পৰা সলনি হ’ল। দিলীপে কয় যে শৈশৱত তেওঁলোকে ৰঙালাওৰ খোলাৰে মুখা বনাই খেলিছিল।

ছাউৰ উৎপত্তিক লৈ আন এটা কাহিনীও আছে, সেয়া হৈছে ছাৱান্নি মানে সামৰিক ছাউনি। তাৰপৰাই এই সামৰিক কলাসদৃশ সঞ্চলনবোৰ আহিছে। কিন্তু তপনে এইক্ষেত্রত একমত নহয়: “ছাউ আহিছা ছায়াৰ পৰা,” নৃত্যশিল্পীসকল তেওঁলোকে ৰূপায়ণ কৰা চৰিত্ৰৰ ছাঁৰ দৰে বুলি ব্যাখ্যা কৰি তেওঁ কয়।

এই নৃত্য পাৰম্পৰিকভাৱে পুৰুষে পৰিৱেশন কৰি আহিছে। অৱশ্যে যোৱা বছৰকেইটাত কিছুসংখ্যক মহিলাইও ছাউ গোটত ভাগ লৈছে যদিও চৰাইকেড়াৰ শিল্পীসকল ঘাইকৈ পুৰুষেই।

PHOTO • Ashwini Kumar Shukla
PHOTO • Ashwini Kumar Shukla

বাওঁফালে: নৱৰস (নবিধ আৱেগ) - শৃংগাৰা (শৃংগাৰ), হাস্য, কৰুণা ৰস, ৰৌদ্ৰ, বীৰ, ভয়ানক, বিভৎস, অদ্ভূত আৰু শান্ত ৰস দৰ্শোৱা চৰাইকেড়া মুখাবোৰ দিলীপৰ ঘৰৰ বাৰান্দাত সজাই থোৱা আছে। এই নৱৰসেই মুখাবোৰক অনন্য কৰি তোলে। সোঁফালে: দিলীপে বনোৱা কিছুমান বিখ্যাত মুখা আৰু তেওঁ পৰিচালনা কৰা কেইখনমান কৰ্মশালাৰ ফটো দেখুৱাইছে

মুখা বনোৱাৰ ক্ষেত্রতো কথাটো একেই। ছাউ ম্যে মহিলা নহী…য়হী পৰম্পৰা চলা আ ৰহা হ্যে, মাস্ক মেকিং কা সাৰা কাম হম খুদ কৰতে হ্যে (ছাউ শিল্পত মহিলাসকল জৰিত নাই…এয়াই পৰম্পৰা, মুখা বনোৱা কাম আমি নিজেই কৰি আহিছো),” দিলীপে কয়, লগতে যোগ দিয়ে, “মোৰ ল’ৰাটো থাকিলে সি লাগি দিয়ে।”

তেওঁৰ পুত্ৰ দীপকে তেওঁৰ পিতৃৰ পৰা মুখা বনোৱা শিকিছিল। কিন্তু ২৫ বৰ্ষীয় দীপকে আইটি ফাৰ্ম এখনত কাম কৰিবলৈ ধনবাদত থাকিবলৈ লৈছে আৰু মুখা বনোৱাতকৈ বেছি টকা উপাৰ্জন কৰিব পাৰিছে।

কিন্তু মূৰ্তি বনাবলৈ হ’লে গোটেই পৰিয়ালটোৱে লাগি দিবলগীয়া হয়। মূৰ্তি বনোৱাৰ ক্ষেত্রত দিলীপৰ পত্নী সংযুক্তাই কয় যে তেঁৱেই গোটেইখিনি কাম কৰিবলগীয়া হয়। “সাঁচা বনাতে হ্যে, মিত্তি তেইয়াৰ কৰতে হ্যে, পেইণ্টিং ভি কৰতে হ্যে। লেকিন মুখৌতা মে লেডিজ কুছ নহী কৰতি হ্যে (আমি সাঁচ বনাও, মাটি সাজু কৰোঁ, অঁকা কামখিনিও কৰোঁ। কিন্তু মুখা বনোৱাৰ ক্ষেত্রত মহিলাৰ কৰিবলগীয়া একো নাথাকে)।”

২০২৩ত দিলীপে ৫০০ৰ পৰা ৭০০ মুখা বনাই প্ৰায় এক লাখ টকা উপাৰ্জন কৰিছিল। তাৰে ৩ৰ পৰা ৪ হাজাৰ টকা তেওঁৰ ৰং-তুলিকা আৰু কাপোৰত খৰছ হৈছিল। মুখা বনোৱাটো তেওঁৰ “অংশকালীন কাম” বুলিহে তেওঁ কয়, এতিয়া তেওঁৰ মূল জীৱিকা হৈছে মূৰ্তি বনোৱা, য’ত তেওঁৰ তিনিৰ পৰা চাৰিলাখ টকা খৰছ হয়।

তেওঁ বিভিন্ন ছাউ নৃত্যকেন্দ্ৰৰ পৰা কমিচনৰ ভিত্তিত মুখা বনায় আৰু চৰাইকেড়া ছাউ কেলেণ্ডাৰৰ অতিকৈ গুৰুত্বপূৰ্ণ উৎসৱ এপ্ৰিল মাহত অনুষ্ঠিত চৈত্ৰ পৰৱ বা বসন্ত উৎসৱৰ সময়ত হোৱা চৈত্ৰ মেলাত বিক্ৰীও কৰে। এই মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্য্যটক আহে। ডাঙৰ মুখাবোৰৰ মূল্য ২৫০ৰ পৰা ৩০০ টকা, ক্ষুদ্ৰবোৰ এশ টকাত বিক্ৰী হয়।

দিলীপে স্পষ্ট কৰি কয় যে পইচাৰ বাবে তেওঁ কাম কৰি থকা নাই। “এয়া মোৰ পৰম্পৰা। জীয়াই থকা দিনলৈ মই এই পৰম্পৰা অব্যাহত ৰাখিম।”

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন চমুকৈ এম.এম.এফ.ৰ এক ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Ashwini Kumar Shukla

ଅଶ୍ୱିନୀ କୁମାର ଶୁକ୍ଳା ଝାଡ଼ଖଣ୍ଡରେ ରହୁଥିବା ଜଣେ ନିରପେକ୍ଷ ସାମ୍ବାଦିକ ଏବଂ ସେ ନୂଆଦିଲ୍ଲୀର ଭାରତୀୟ ଗଣଯୋଗାଯୋଗ ପ୍ରତିଷ୍ଠାନ (୨୦୧୮-୧୯)ରୁ ସ୍ନାତକ ଶିକ୍ଷା ହାସଲ କରିଛନ୍ତି। ସେ ୨୦୨୩ର ପରୀ ଏମଏମ୍ଏଫ୍ ଫେଲୋ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Ashwini Kumar Shukla
Editor : PARI Desk

ପରୀ ସମ୍ପାଦକୀୟ ବିଭାଗ ଆମ ସମ୍ପାଦନା କାର୍ଯ୍ୟର ପ୍ରମୁଖ କେନ୍ଦ୍ର। ସାରା ଦେଶରେ ଥିବା ଖବରଦାତା, ଗବେଷକ, ଫଟୋଗ୍ରାଫର, ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା ଓ ଅନୁବାଦକଙ୍କ ସହିତ ସମ୍ପାଦକୀୟ ଦଳ କାର୍ଯ୍ୟ କରିଥାଏ। ସମ୍ପାଦକୀୟ ବିଭାଗ ପରୀ ଦ୍ୱାରା ପ୍ରକାଶିତ ଲେଖା, ଭିଡିଓ, ଅଡିଓ ଏବଂ ଗବେଷଣା ରିପୋର୍ଟର ପ୍ରଯୋଜନା ଓ ପ୍ରକାଶନକୁ ପରିଚାଳନା କରିଥାଏ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ PARI Desk
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das